অসম
অসমৰ ইতিহাস, ভূগোল, সংস্কৃতি, ব্যক্তিত্ব আৰু প্ৰকৃতি বিষয়ক প্ৰবন্ধ। · ৫,২৭৯ প্ৰবন্ধ
-
বিৰিণাশায়েক গাঁও
বিৰিণাশায়েক (Birinasayek) যোৰহাট জিলাৰ তিতাবৰ মহকুমাত অৱস্থিত এখন গাঁও। গাঁওখনৰ মুঠ মাটিকালি ৩১৬.৮২ হেক্টৰ (৩.১৬৮২ বৰ্গ কি:মি:)। গাঁওখনৰ নিকটৱৰ্তী চহৰ তিতাবৰলৈ ইয়াৰ দূৰত্ব প্ৰায় ১০ কি:মি:। ২০১১ চনৰ লোকপিয়লৰ তথ্য অনুযায়ী বিৰিণাশায়েকৰ মুঠ জনবসতি ১,৭৮০।
-
বীৰঝৰা কন্যা মহাবিদ্যালয়, বঙাইগাঁও
বীৰঝৰা কন্যা মহাবিদ্যালয় হৈছে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চল অসমৰ বঙাইগাঁও জিলাৰ মহিলাৰ উচ্চ শিক্ষানুষ্ঠান আৰু কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় (KKSHOU)ৰ অধীনত সকলোৰে বাবে মুকলি অধ্যয়ন কেন্দ্ৰ।
-
বীৰঝৰা মহাবিদ্যালয়
বীৰঝৰা মহাবিদ্যালয় (ইংৰাজী: Birjhora Mahavidyalaya) হৈছে এখন সহ-শিক্ষা বিজ্ঞান মহাবিদ্যালয়। ইয়াক বীৰঝৰা বিজ্ঞান মহাবিদ্যালয় বুলিও জনা যায়। এই মহাবিদ্যালয়খন ১৯৮৬ চনত বঙাইগাঁওত প্ৰতিষ্ঠা কৰা হৈছিল।
-
বীৰাঙ্গনা মূলাগাভৰু বঁটা
জনজাতীয় সংগঠন টাই আহোম যুৱ পৰিষদ অসম(চমুকৈ টাইপা)ৰ চৰাইদেউ জিলা সমিতিয়ে আহোম কুঁৱৰী তথা মহীয়সী আহোম যুঁজাৰু মহিলা ফ্ৰাচেংমু'ঙ বৰগোহাঁইৰ পত্নী বীৰাংগনা মূলাগাভৰুৰ জীৱনাদৰ্শ, বলিষ্ঠ ভূমিকা আৰু ত্যাগক গভীৰ শ্ৰদ্ধা আৰু উচিত মৰ্যাদাৰে সুঁৱৰি ২০১৩ বৰ্ষৰ পৰা বীৰাংগনা মূলাগাভৰু স্মৃতি বঁটা প্ৰদান কৰি…
-
বীৰেন শৰ্মা
বীৰেন শৰ্মা অসমৰ এগৰাকী চিত্ৰনাট্য লেখক৷ তাৰোপৰি তেওঁ বিশ্বনাথ চাৰিআলিৰ পৰা মুক্তি পোৱা 'অভিযান' নামৰ অসমীয়া চলচ্চিত্ৰখনিৰ কাহিনীৰ লিখক৷
-
বীৰেন্দ্ৰ শৰ্মা
বীৰেন্দ্ৰ শৰ্মা অসমৰ এগৰাকী বিশিষ্ট লোকশিল্পী, দৰঙী ব্যাস সংগীতৰ ওজা, সূত্ৰধাৰী আৰু ভাৱৰীয়া ওজাৰ শিল্পী৷ শেহতীয়াকৈ তেওঁলৈ বিশিষ্ট অৱদনৰ বাবে ২০১৪ বৰ্ষৰ বকুল বনৰ বঁটা প্ৰদান কৰা হৈছে৷ বকুল বনৰ কবি আনন্দ চন্দ্ৰ বৰুৱাৰ স্মৃতিত বকুল বন ন্যাসে প্ৰতিবছৰে এই বঁটা প্ৰদান কৰে৷
-
বুঢ়া-বুঢ়ী থান
বুুুঢ়া-বুঢ়ী থান (Bura-Buri Than) হৈছে অবিভক্ত গোৱালপাৰা জিলাৰ এক এক ধৰ্মীয় পৰ্যটনস্থলী। এই থান ব্ৰহ্মপুত্ৰৰ দাঁতিতে অৱস্থিত।
-
বুঢ়াগোসাঁই আৰু বুঢ়ীগোঁসানীৰ পূজা
বুঢ়াগোসাঁই আৰু বুঢ়ীগোসাঁনী হৈছে অসমীয়া সমাজৰ এক পৰম্পৰাগত দেৱ-দেৱী যাক অসমীয়া হিন্দু লোকসকলে ভগৱান শিৱ আৰু তেওঁৰ অৰ্ধাংগিনী দেৱী পাৰ্বতী ৰূপে পূজা কৰে। বিশেষকৈ অসমৰ গাঁও অঞ্চলত বুঢ়াগোসাঁই-বুঢ়ীগোসাঁনীৰ পূজা-সেৱা বহু শতাব্দী ধৰি প্ৰচলিত হৈ আহিছে।
-
বুলন কুমাৰ শইকীয়া
বুলন কুমাৰ শইকীয়া (ইংৰাজী: Bulan Kumar Saikia; ১৯৭৬-২০২৪) অসমৰ এগৰাকী সাংবাদিক, ৰাজনৈতিক সমালোচক, নিৱন্ধকাৰ, কবি, ঔপন্যাসিক আৰু থলুৱা উদ্যোগী৷ অসমত “নাগৰিক সাংবাদিকতা”ক জনপ্ৰিয় কৰাৰ আঁৰৰ ব্যক্তিজন হ’ল বুলন কুমাৰ শইকীয়া৷ ভূ -ৰাজনীতি আৰু উত্তৰ-পূব ভাৰতৰ বিদ্ৰোহী সমস্যাক লৈ ৰচিত তেখেতৰ উপন্যাস দ্য…
-
বুষু ডিমা
বুষু ডিমা হৈছে উত্তৰ পূব ভাৰতৰ অসম ৰাজ্যৰ ডিমাছা কছাৰী জনগোষ্ঠীৰ দ্বাৰা উদযাপিত সৰ্ববৃহৎ আৰু সৰ্বাগ্ৰগণ্য উৎসৱ। ডিমাছাসকল ঘাইকৈ অসমৰ আৰু চুবুৰীয়া নাগালেণ্ড ৰাজ্যৰ অধিবাসী। বুষু ডিবা মূলতঃ এক কৃষিভিত্তিক উৎসৱ।
-
বুৰঞ্জি বিবেকৰত্ন
বুৰঞ্জি বিবেকৰত্ন (ইংৰাজী: Buranji Bibekratna) মণিৰাম দেৱানে দুটা খণ্ডত প্ৰণয়ন কৰা অসম বুৰঞ্জীৰ দ্বিতীয় খণ্ড৷ গ্ৰন্থখনৰ সম্পাদনা হ’ল নগেন শইকীয়া আৰু প্ৰকাশক হ’ল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগ৷
-
বৃত্তিয়াল বণিয়া
বৃত্তিয়াল বণিয়া ভাৰত বৰ্ষৰ অসম ৰাজ্যৰ এটা জনগোষ্ঠীয় সম্প্ৰদায়। এই গোটটোৰ শিপা বুলি ক'লে প্ৰাচীন কালত অসমত (প্ৰাচীন কামৰূপ) পোৱা বণিক সম্প্ৰদায়ৰ পৰাই উদ্ভৱ হৈছে বুলি জনা যায়।
-
বেংতল মহাবিদ্যালয়
বেংতল মহাবিদ্যালয় অসমৰ চিৰাং জিলাৰ বেংতলত অৱস্থিত এখন উচ্চ শিক্ষানুষ্ঠান। এই মহাবিদ্যালয়খন বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনত পাঠদান প্ৰদান কৰে।
-
বেজবৰুৱা অভিধান
বেজবৰুৱা অভিধান (Bezbaroa Abhidhan, ২੦১৯) হ’ল লক্ষ্মীনাথ বেজবৰুৱাৰ শব্দকোষৰ এখন বিশেষ সংকলন৷ গ্ৰন্থখনৰ সংকলক-সম্পাদক হ’ল কৰবী ডেকা হাজৰিকা৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰকাশন শাখাই ২੦১৯ চনত গ্ৰন্থখন প্ৰকাশ কৰে৷
-
বেজবৰুৱা-বিষয়ক ৰচনাপঞ্জী
বেজবৰুৱা-বিষয়ক ৰচনাপঞ্জী (২੦১৩, ইংৰাজী: Bezbaroa-Bishayak Rachanapanji) লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে বিভিন্নজনে লিখা ৰচনা আৰু গ্ৰন্থৰ লগতে বেজবৰুৱাই নিজে লিখা ৰচনা আৰু গ্ৰন্থৰ পঞ্জী৷ গ্ৰন্থখনৰ সম্পাদক নগেন শইকীয়া৷ প্ৰকাশক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰকাশন শাখা৷
-
বেজৰ দৌল
বেজৰ দৌল বা বেজ দৌল (Bezor Doul) ডিব্ৰুগড় জিলাৰ জিলাৰ ধেমেচী অঞ্চলৰ বেজপথাৰত অৱস্থিত ঐতিহাসিক দৌল। ই শিৱসাগৰ জিলাৰ ডিমৌৰ পৰা প্ৰায় ৫ কিলোমিটাৰ নিলগত অৱস্থিত। বেজৰ দৌল আচলতে এটা বিষ্ণু দৌল আৰু অষ্টভূজাকৃতি গৰ্ভগৃহ আৰু এটা ঠেক অন্তৰালৰ সৈতে নিৰ্মিত।
-
বেঞ্জামিন ফ্ৰেংকলিন (গ্ৰন্থ)
বেঞ্জামিন ফ্ৰেংকলিন (Benjamin Frenklin) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন জীৱনী গ্ৰন্থ। প্ৰথমবাৰ ১৯৯৬ চনৰ জানুৱাৰী মাহত ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনৰ পৰা প্ৰকাশ হোৱা গ্ৰন্থখন লেখক বৰগোহাঞিয়ে সত্যজিৎ ভূঞালৈ আগবঢ়াইছে।
-
বেতবাৰী (মৌজা)
বেতবাৰী (Betbari) হৈছে শিৱসাগৰ জিলাৰ এক অন্যতম বৃহৎ মৌজা। অসমৰ বিভিন্ন প্ৰান্তত কেইবাখনো বেতবাৰী আছে যদিও দিচাংপৰীয়া এইখন বেতবাৰীৰ কথা সুকীয়া। প্ৰবল পৰাক্ৰমী আহোম ৰাজতন্ত্ৰৰ দুখনকৈ ৰাজধানী গড়গাঁও (হেমেনাবাৰী) আৰু ৰংপুৰ (কলঞ্চুপাৰ) ৰ নিচেই কাষৰীয়া এইখন বেতবাৰীৰ ইতিহাস অতি চহকী।
-
বেদনাৰ উল্কা
বেদনাৰ উল্কা হৈছে বিশিষ্ট অসমীয়া কবি অম্বিকাগিৰী ৰায়চৌধুৰীৰ কবিতা সংকলন। এই গ্ৰন্থখন প্ৰথমবাৰৰ বাবে ১৯৬৪ চনত প্ৰকাশ পাইছিল।
-
বৈঠকী
বৈঠকী বৰপেটা সত্ৰ আৰু আশ-পাশৰ ঠাই যেনে, সুন্দৰীদিয়া সত্ৰ, ভবানীপুৰ, গজিয়া, বাৰাদি, পাটবাউসী সত্ৰ আদি ঠাইত প্ৰচলিত এক থলুৱা অনুষ্ঠান। ই বৰপেটাৰ “বিয়া’’ অনুষ্ঠানৰ সৈতে সম্পৃক্ত। এটা সময়ত বৈঠকীক বাদ দি বিয়া নহৈছিলেই প্ৰায়। বৈঠকী মানে ’গীত-মাত’ৰ অনুষ্ঠান বা মজলিচ্।
-
বৈৰাগী বিহংগ
বৈৰাগী বিহংগ (Boiragi Bihanga) তথ্যচিত্ৰকাৰ তথা লেখক মানিক বড়াই ৰচনা কৰা এখন অসমীয়া উপন্যাস। বিস্ময় প্ৰকাশনৰ বেনাৰত প্ৰকাশ পোৱা উপন্যাসখনৰ প্ৰথম প্ৰকাশ হৈছিল ১৯৮৩ চনৰ জুলাই মাহত। উপন্যাসৰূপে প্ৰকাশ পোৱাৰ আগেয়ে ই বিস্ময় আলোচনীত ধাৰাবাহিক ৰূপত প্ৰকাশ পাইছিল।
-
ব্ৰহ্মপুত্ৰ (গ্ৰন্থ)
ব্ৰহ্মপুত্ৰ (২੦১৮, ইংৰাজী: Brahmaputra) হ’ল ব্ৰহ্মপুত্ৰ নদীৰ বিষয়ে অসমীয়া ভাষাত যোগেন্দ্ৰনাথ শৰ্মাই ৰচনা কৰা এখন গ্ৰন্থ৷ গ্ৰন্থখন ২੦১৮ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰকাশন শাখাই ‘জ্ঞান-বিচিত্ৰা গ্ৰন্থমালা’ৰ অধীনত প্ৰকাশ কৰে৷
-
ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্য
ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্য হৈছে কবি আৰু সাহিত্যিক অজিৎ বৰুৱাৰ অন্যতম কেন্দ্ৰীয় আৰু আধুনিকতাবাদী কাব্যসংকলন। গ্ৰন্থখন ১৯৮৯ চনত প্ৰকাশ পাইছিল, যিয়ে অসমীয়া আধুনিক কবিতাৰ পৰিসৰত গভীৰ প্ৰভাৱ বিস্তাৰ কৰে।
-
ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড
ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড চমুকৈ বিচিপিএল ভাৰতৰ অসমত ডিব্ৰুগড় জিলাৰ লেপেটকটাত অৱস্থিত এক ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান। ঐতিহাসিক অসম চুক্তি অসম গেছ ক্ৰেকাৰ প্ৰকল্প হিচাপে অন্তৰ্ভুক্ত থকা বিচিপিএল নিৰ্মাণৰ কাৰ্য ২০০৭ চনৰ ৯ এপ্ৰিলত তদানীন্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে আৰম্ভ কৰিছিল আৰু ইয়াক…
-
ব্ৰহ্মপুত্ৰ মহোৎসৱ
ব্ৰহ্মপুত্ৰ মহোৎসৱ ভাৰতৰ অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়াত প্ৰতি বছৰে অনুষ্ঠিত হোৱা এক উৎসৱ। এই উৎসৱত অঞ্চলটোৰ সাংস্কৃতিক ঐতিহ্যক উদযাপন কৰা হয়, সংগীত, প্ৰতিভা প্ৰদৰ্শন, আৰু প্ৰদৰ্শনীৰ জৰিয়তে।
-
ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱ
ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱ (Brahmaputra Literary Festival) অসমৰ গুৱাহাটী চহৰত অনুষ্ঠিত হোৱা বাৰ্ষিক সাহিত্য উৎসৰ। সমগ্ৰ ভাৰত আৰু বিদেশৰ পাঠক আৰু সাহিত্যিকসকলৰ মাজত পাৰস্পৰিক ক্ৰিয়া-কলাপ আৰু ধাৰণা বিনিময়ৰ মঞ্চ হিচাপে ৰাষ্ট্ৰীয় গ্ৰন্থ ন্যাস আৰু অসম চৰকাৰে যৌথভাৱে এই উৎসৱৰ আয়োজন কৰি আহিছে।
-
ব্ৰহ্মপুত্ৰ স্নাতক মহাবিদ্যালয়
ব্ৰহ্মপুত্ৰ স্নাতক মহাবিদ্যালয় (Brahmaputra Degree College) অসমৰ লখিমপুৰ জিলাৰ,বকুলগুৰি নামৰ ঠাইত অৱস্থিত। এইখন এখন সাধাৰণ ডিগ্ৰী কলেজ। এই মহাবিদ্যালয়খন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সৈতে সংযুক্ত হৈ আছে।
-
ব্ৰহ্মপুত্ৰ: দ্য আহোম ছন ৰাইজেছ - ১
ব্ৰহ্মপুত্ৰ: দ্য আহোম ছন ৰাইজেছ - ১ (Brahmaputra: The Ahom Son Rises -1) ঐতিহাসিক কাহিনী আধাৰিত ইংৰাজী ভাষাৰ এখন উপন্যাস। উপন্যাসৰ লেখকদ্বয় হৈছে কুলদীপ যাদৱ আৰু এছ এছ ৰাজামৌলীৰ পিতৃ তথা ৰাজ্যসভাৰ সাংসদ বিজয়েন্দ্ৰ প্ৰসাদ। বিজয়েন্দ্ৰ প্ৰসাদে আৰআৰআৰ চলচ্চিত্ৰৰ চিত্ৰনাট্যও ৰচনা কৰিছিল।
-
ব্ৰহ্মপুত্ৰৰ পাৰ উৎসৱ
ব্ৰহ্মপুত্ৰৰ পাৰ উৎসৱ (Brahmaputra Beach Festival) হৈছে গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ নদীৰ বালিচৰত অনুষ্ঠিত হোৱা এক মুকলি আকাশৰ উৎসৱ। এই উৎসৱটো প্ৰতিবছৰে মাঘ বিহু উপলক্ষ্যে জানুৱাৰী মাহত অনুষ্ঠিত কৰা হয়। এই উৎসৱৰ মূল লক্ষ্য হৈছে অসমৰ পৰম্পৰাগত সংস্কৃতি, হস্তশিল্প, আৰু স্থানীয় খেল-ধেমালিক জনপ্ৰিয় কৰা।
-
বৰডুবি
বৰডুবি (Podiceps cristatus) জলচৰ চৰাইৰ এটা জাত। এই চৰাইটোৰ বৈশিষ্ট্য হৈছে ইয়াৰ সুকীয়া ৰূপ, ইয়াৰ আকৰ্ষণীয় ক'লা আৰু বগা পাখি। লগতে এই চৰায়ে প্ৰজননৰ সময়ত কৰা সমন্বিত নৃত্য আৰু প্ৰদৰ্শন (courtship display)ও যথেষ্ট বৈশিষ্ট্যপূৰ্ণ।