অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

বিদুৰভাই (চলচ্চিত্ৰ)

ত্ৰৈলোক্য বৰুৱা বলিন বৰা উদ্দীপনা বৰা হীৰক জ্যোতি বৰদলৈ শৰ্মিষ্ঠা দাস পংকজ মহন্ত বিদুৰভাই (ইংৰাজী: Bidurbhai) হৈছে ২০২৪ চনত মুক্তি লাভ কৰা সুব্ৰত কাকতিৰ দ্বাৰা পৰিচালিত এখন কমেডি-ড্ৰামা প্ৰকাৰৰ অসমীয়া চলচ্চিত্ৰ।

হালনাগাদ: ১ নৱেম্বৰ ২০২৬ ৩৫৩ শব্দ · ২ মিনিট সংগৃহীত ৪৫
সংশোধনৰ পৰামৰ্শ

ত্ৰৈলোক্য বৰুৱা বলিন বৰা উদ্দীপনা বৰা হীৰক জ্যোতি বৰদলৈ শৰ্মিষ্ঠা দাস পংকজ মহন্ত বিদুৰভাই (ইংৰাজী: Bidurbhai) হৈছে ২০২৪ চনত মুক্তি লাভ কৰা সুব্ৰত কাকতিৰ দ্বাৰা পৰিচালিত এখন কমেডি-ড্ৰামা প্ৰকাৰৰ অসমীয়া চলচ্চিত্ৰ। ছবিখনত চুমকি কছাৰী, ত্ৰৈলোক্য বৰুৱা, বলিন বৰা, উদ্দীপনা বৰা, হীৰক জ্যোতি বৰদলৈ, শৰ্মিষ্ঠা দাস, পংকজ মহন্তকে ধৰি ভালেসংখ্যক অভিনয়-শিল্পীয়ে অভিনয় কৰিছে ৷ ছবিখনত ২০২১ চনত মুক্তিলাভ কৰা একেনামৰ ৱেব ছিৰিজৰেই পৰিৱৰ্ধিত এক নতুন কাহিনীৰ চিনেমেটিক উপস্থাপন বুলি বিবেচনা কৰিব পাৰি ৷ ছবিখনে মুক্তিৰ মাত্ৰ কেইটামান দিনৰ ভিতৰতে ৫ কোটিতকৈ অধিক ব্যৱসায় কৰে ৷ ১

কাহিনী

'বিদুৰভাই'ৰ চলচ্চিত্ৰৰ কাহিনীয়ে ২০২১ চনত মুক্তিলাভ কৰা একে নামৰ ৱেব ছিৰিজৰ পৰৱৰ্তী পৰ্যায়ৰ কাহিনীটোকে অনুসৰণ কৰে৷ সাঁচি গছ বিক্ৰী কৰি সহজলভ্য ধন ঘটা চাৰিজন বন্ধু ক্ৰমে দীপ, বলিন, নিতু আৰু উজ্জ্বলৰ পৰৱৰ্তী সময়ৰ জীৱনক কাহিনীটোত দেখুওৱা হৈছে৷ সঠিক জীৱিকাৰ সন্ধান আৰু পৰ্যাপ্ত পৰিমাণৰ ধন আহৰণ-এই দুটা উদ্দেশ্য লৈয়েই চাৰিওজন বন্ধুৱে তেওঁলোকৰ পৰৱৰ্তী পৰিকল্পনা এটা প্ৰস্তুত কৰে৷ এই পৰিকল্পনাৰ ফলস্বৰূপে তেওঁলোকে স্থানীয় বিধায়কৰ কাষ চাপে৷ কাহিনীয়ে এক নতুন মোৰ লয় আৰু তেওঁলোকৰ পৰিকল্পনাও সলাবলগীয়া হয়৷ কাহিনীটোৱে চৰকাৰী স্বাস্থ্য-খণ্ডকে সাঙুৰি একাধিক খণ্ডৰ দুৰ্বল দিশ উন্মোচন কৰিবলৈ চেষ্টা কৰে৷ ২ ৩

কলা-কুশলী

অভিনয়ত

  • চুমকি কছাৰী (কুসুম)
  • ত্ৰৈলোক্য বৰুৱা (দীপ)
  • বলিন বৰা (বলিন)
  • উদ্দীপনা বৰা (পূৰ্ণিমাৰ চৰিত্ৰত)
  • হীৰক জ্যোতি বৰদলৈ(ডায়মণ্ড চলিহাৰ চৰিত্ৰত)
  • শৰ্মিষ্ঠা দাস (মিনতিৰ চৰিত্ৰত)
  • নিতু খনিকৰ (নিতুৰ চৰিত্ৰত)
  • পংকজ মহন্ত (পৱন বৰদলৈৰ চৰিত্ৰত)
  • স্নিগ্ধা ফুকন (গীতালিৰ চৰিত্ৰত)
  • উজ্জ্বল ৰাজখোৱা (উজ্জ্বলৰ চৰিত্ৰত)

আন কুশলীসকল

  • কলা-নিৰ্দেশনা: মণ্টু গোঁহাই
  • সাজ-সজ্জা; জুৰি কলিতা
  • ৰূপসজ্জা: ৰূপজ্যোতি দত্ত আৰু বিজিয়েতা পাটগিৰি
  • ভিজুৱেল এফেক্টছ: মুকথাং মাছাহাৰী

মুক্তি

'বিদুৰভাই' ছবিখনে ২০২৪ চনৰ ১৯ জুলাই তাৰিখে অসমৰ অধিকাংশ ছবিগৃহতে মুক্তি লাভ কৰে আৰু মুক্তিৰ প্ৰথম দিনটোত মুঠ ১৭৯ টা দৰ্শনী (Show) লাভ কৰে ৷ প্ৰথম তিনিটা দিনত ছবিখনে ১.২৪ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হয় ৷ ৪ পৰৱৰ্তী সময়ত ছবিখনে বৰ্হিৰাজ্যৰ বেংগালুৰুকে ধৰি কেইখনমান চহৰত মুক্তি লাভ কৰে আৰু ইয়াৰ ফলত ছবিখনে দেশৰ ২৪৯ টা দৰ্শনী (Show) লাভ কৰে ৷

সংগীত

ছবিখনৰ সংগীত পৰিচালক আৰু সুৰকাৰ হৈছে প্ৰণয় দত্ত ৷ গীতসমূহ গাইছে প্ৰণয় দত্ত, আচুৰ্য বৰপাত্ৰ আৰু দীক্ষুৱে ৷

বিতৰ্ক

চলচ্চিত্ৰখনৰ কিছু সংলাপৰ বিৰুদ্ধে ৰাজ্যিক ট্ৰান্সজেণ্ডাৰ কল্যাণ ব’ৰ্ড, অসমৰ সহযোগী উপাধ্যক্ষই আপত্তি দৰ্শায়।৫৬

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ মিশ্ৰ, বৰষা. (৩১ জুলাই ২০২৪). Bidurbhai Box Office Collection: চৰ্চাত ‘বিদুৰভাই’! বৰ্তমানলৈ কিমান উপাৰ্জন কৰিলে ছবিখনে. অসম টিভি
  2. ↑ Bhuyan, Kalpajyoti. (July 22, 2024). “Bidurbhai”: A Hilarious Social Commentary with Uneven Humor. Northeast Now
  3. ↑ Bidurbhai. IMDB
  4. ↑ (24 july 2024). Assamese Film 'Bidurbhai' Sets New Record with Rs 1.24 Crore Opening Weekend Collection. Sentinal
  5. ↑ "Assam queer activist criticizes offensive dialogues in satirical comedy 'Bidurbhai" - India Today NE
  6. ↑ Kalita himadree 2024 "Portraying pain with care: The importance of sensitive storytelling" - The Assam tribune

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰচলচ্চিত্ৰ২০২৪ বৰ্ষৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিদুৰভাই (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৫৮৪৩৮৭ (৩ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।