অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

বাৰ্তাপখিলী

বাৰ্তাপখিলী অসমীয়া ভাষাৰ এখন মাহেকীয়া আলোচনী৷ ভাষা, সাহিত্য, সংস্কৃতি বিষয়ৰ আৰু আঠাইশ বছৰ ধৰি প্ৰকাশ পাই অহা আলোচনীখনৰ ইণ্টাৰনেচনেল ষ্টেণ্ডাৰ্ড ছিৰিয়েল নাম্বাৰ হ’ল ISSN 2249-9865৷

হালনাগাদ: ১৭ ডিচেম্বৰ ২০২২ ২৭৪ শব্দ · ২ মিনিট সংগৃহীত ৪৭
সংশোধনৰ পৰামৰ্শ

বাৰ্তাপখিলী অসমীয়া ভাষাৰ এখন মাহেকীয়া আলোচনী৷ ভাষা, সাহিত্য, সংস্কৃতি বিষয়ৰ আৰু আঠাইশ বছৰ ধৰি প্ৰকাশ পাই অহা আলোচনীখনৰ ইণ্টাৰনেচনেল ষ্টেণ্ডাৰ্ড ছিৰিয়েল নাম্বাৰ হ’ল ISSN 2249-9865৷

ইতিহাস

তামুলপুৰ জিলাৰ এঘাৰ মাইলৰ ব্ৰজেন্দ্ৰ নাথ ডেকা নামৰ যুৱক এজনে গুৱাহাটীৰ আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ পৰা বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত সাহিত্য আলোচনী এখন উলিওৱাৰ সংকল্প লয়৷ প্ৰথমাৱস্থাত ’টেবলয়ড’ আকাৰৰ ১২/১৬ পৃষ্ঠাৰ বাতৰি কাকত দৰে আলোচনীখন প্ৰকাশ পায়৷১ ইয়াৰ বাবে ডেকাই হাতত মূলধন নথকা অৱস্থাতেই লেখকৰ ঘৰে ঘৰে গৈ লেখা সংগ্ৰহ কৰি সেইবোৰ নিজে সম্পাদনা কৰি কোনোবা প্ৰেছত ছপাই প্ৰকাশৰ বাবে সাজু কৰিছিল৷ বাৰ্তাপখিলীৰ প্ৰস্তাৱনা সংখ্যা প্ৰকাশ পাইছিল ১৯৯৫ চনৰ ৭ অক্টোবৰত৷ মাহেকীয়া আলোচনী বাৰ্তাপখিলীৰ নামটো ৰাখিছিল কটন মহাবিদ্যালয়ৰ অধ্যাপক প্ৰয়াত বিমল কুমাৰ ভূঞা আৰু বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ আলোচনীখনৰ প্ৰথম সংখ্যাটো অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ মন্ত্ৰীসভাৰ চতুৰ্থ বৰ্ষপূৰ্তি উপলক্ষ্যত উলিওৱা হৈছিল৷ সাহিত্যিক লক্ষ্যধৰ চৌধুৰীয়ে প্ৰস্তাৱনা সংখ্যাটো উন্মোচন কৰিছিল৷ তাৰ তিনিমাহ পিছৰ পৰা অৰ্থাৎ ১৯৯৬ চনৰ পৰা আলোচনীখন ধাৰাবাহিকভাৱে প্ৰকাশ পাই আহিছে৷ পিছলৈ ২০০০ চনত সম্পাদক ডেকাই বিশাল প্ৰকাশন নামে এটি প্ৰকাশন প্ৰতিষ্ঠান গঢ় দি তাৰ পৰাই আলোচনীখন প্ৰকাশ কৰে৷ ইয়াৰ আগৰ সময়খিনিত তেওঁ বেলেগ বেলেগ প্ৰেছত ছপাই বিতৰণৰ ব্যৱস্থাও নিজেই কৰিছিল৷ ২০১২ চনত বাৰ্তাপখিলীয়ে ইণ্টাৰনেচনেল ষ্টেণ্ডাৰ্ড ছিৰিয়েল নাম্বাৰ লাভ কৰে৷২ ১৯৯৬ চনৰ দ্বিতীয় সংখ্যা অগ্ৰদূত কাকতৰ নকৈ সংলগ্ন অফছেট প্ৰিণ্টিঙত ছপোৱা হৈছিল৷ চিত্ৰশিল্পী পদ্ম সিংহই বেটুপাত অংকন কৰিছিল আৰু তেওঁৰ পৰামৰ্শতে আলোচনীখন দ্বৈত ৰঙৰ (By colour) কৰি পিছলৈ ২০০১ চনত চাৰিটা ৰঙৰ সমাহাৰ ঘটাই দেখনীয়াৰ কৰি শৰাইঘাট প্ৰিণ্টাৰ্চৰ ছপা কৰি আলোচনীখন উলিয়াইছিল৷ ড° যতীন মিপুন মুখ্য সম্পাদক হৈছিল আৰু তেওঁৰ মৃত্যুত খৰ্গেশ্বৰ পেগুৱে সম্পাদনাৰ দায়িত্ব লৈছিল আৰু তেতিয়াৰ পৰাই তেৱেঁই সম্পাদক হৈ আছে৷ ১৯৯৬ চনৰ পৰা এতিয়ালৈ অৰ্থাৎ ২০২২ চনৰ অক্টোবৰ মাহলৈ আলোচনীখন ধাৰাবহিকভাৱে প্ৰকাশ পাই অহাটো এটা ইতিবাচক দিশ৷৩

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ চুতীয়া, চন্দন. (২০২২). বহবাৰম্ভ.... বাৰ্তাপখিলী
  2. ↑ চক্ৰৱৰ্তী, ড° মুকুল. (২০২২). বিহংগম দৃষ্টিত বাৰ্তাপখিলী:সাতাইশ বছৰীয়া বৌদ্ধিক যাত্ৰা. বাৰ্তাপখিলী
  3. ↑ বৰ্মন, প্ৰফুল্ল. (২০২২). বাৰ্তাপখিলীৰ সতাইশ বছৰীয়া ইতিহাসৰ বুৰবুৰণি. বাৰ্তাপখিলী

সম্পৰ্কিত শ্ৰেণী

অসমীয়া আলোচনী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাৰ্তাপখিলী” প্ৰবন্ধৰ সংশোধন ৩৪০৫৯৫ (১৭ ডিচেম্বৰ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।