অসম
অসমৰ ইতিহাস, ভূগোল, সংস্কৃতি, ব্যক্তিত্ব আৰু প্ৰকৃতি বিষয়ক প্ৰবন্ধ। · ৫,২৭৯ প্ৰবন্ধ
-
বৰত উৎসৱ
বৰত উৎসৱ বা বৰত পূজা অসম তিৱা জনগোষ্ঠীৰ লোকসকলে পালন কৰা পাৰম্পৰিক ধৰ্মীয় লোক উৎসৱ। প্ৰাচীন অসমৰ তেতেলীয়া তিৱা ৰাজ্যত প্ৰচলিত এই বৰত উৎসৱ কাতি বিহুৰ আৰম্ভণিতে সৰস্বতী পূজা পালন কৰি প্ৰথম বৰত উৎসৱ পালন কৰি পুহ মাহৰ পূৰ্ণিমা ৰাতি মূল বৰত পূজা কৰি উৎসৱ পালন কৰা হয়।
-
বৰনগৰ মহাবিদ্যালয়
বৰনগৰ মহাবিদ্যালয় বা চমুকৈ বি এন কলেজ অসমৰ বৰপেটা জিলাৰ উচ্চশিক্ষাৰ শিক্ষানুষ্ঠানসমূহৰ অন্যতম। এই মহাবিদ্যালয়খন গৌহাটী বিশ্ববিদ্যালয়ৰ অধিভুক্ত। বৰনগৰ মহাবিদ্যালয়ক NAAC-ৰ B গ্ৰেড প্ৰদান কৰা হৈছে। ২০২৩ বৰ্ষত NAAC B++ গ্ৰেড লাভ কৰে।
-
বৰপেটা আতচবাজী
বৰপেটাৰ আতচবাজী হ'ল বৰপেটাৰ এক উল্লেখযোগ্য পৰম্পৰাগত থলুৱা সামগ্ৰীৰ নিৰ্মাণ কাৰ্য। বৰপেটা আতচবাজীৰ পৰম্পৰাটো অনুমাণিক ঊনবিংশ শতিকাৰ আগভাগৰপৰা চলি আহিছে। সম্ভৱতঃ বিহাৰৰপৰা তথা আতচবাজী নিৰ্মাণৰ জ্ঞান থকা এজন লোকৰপৰা থলুৱা মানুহে আতচবাজী সাজিবলৈ শিকিছিল। পাছলৈ সিয়েই এটা পৰম্পৰাত পৰিণত হ'ল।
-
বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়
বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় (Barpeta Govt. Higher Secondary School) বৰপেটাৰ মৰানদীৰ পাৰত অৱস্থিত এখন বিদ্যালয়। ব্ৰিটিছৰ ৰাজত্বৰ কালত মহকুমাধিপতি শৰৎচন্দ্ৰ বেনাৰ্জী আৰু পেচকাৰ কালীচৰণ মুখাৰ্জীৰ প্ৰচেষ্টাত ১৮৭১ চনত এই বিদ্যালয় স্থাপন হয়।
-
বৰপেটা ৰোড হাউলী মহাবিদ্যালয়
বৰপেটা ৰোড হাউলী মহাবিদ্যালয় চমুকৈ বি.এইচ. কলেজ অসমৰ বৰপেটা জিলাৰ হাউলী নগৰৰ নিচেই কাষত ১৯৬৬ চনত স্থাপিত এখন স্নাতক মহাবিদ্যালয়। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত।
-
বৰপেটীয়া উপভাষা
বৰপেটীয়া উপভাষা (স্থানীয়: ব'ৰপেইটা) হৈছে আধুনিক কামৰূপীয়া উপভাষাৰ এটা আঞ্চলিক উপ-উপভাষা, যি অসমীয়া ভাষাৰ এটা উপভাষা। অসমৰ বৰ্তমানৰ বৰপেটা জিলাৰ নামত নামাঙ্কিত, এই উপভাষাটো কামৰূপীয়াৰ আটাইতকৈ পশ্চিম সীমাৰ উপভাষা। এই উপভাষাৰ ভিতৰতো সমাজভিত্তিক বিভিন্ন বৈচিত্ৰ্য আছে।
-
বৰলা কাই (ধাৰাবাহিক)
বৰলা কাই হৈছে ৰং চেনেল যোগে সস্প্ৰচাৰিত এখন অসমীয়া ভাষাৰ ধাৰাবাহিক। ধাৰাবাহিকখনে দৰ্শকৰ পৰা লাভ কৰে বিপুল সঁহাৰি।
-
বৰাত উৎসৱ
বৰাত উৎসৱ নামনি অসমৰ কামৰূপ, হাজো, নলবাৰী গোৱালপাৰা আদি ঠাইত সধৱা নাৰীসকলে পালন কৰা এক পৰম্পৰাগত লোক-অনুষ্ঠান৷ জেঠ মাহৰ শেষৰ চাৰিদিনৰকে ধৰি আহাৰ মাহৰ তিনিদিনলৈ অৰ্থাৎ মাজত দোমাহীটো ৰাখি জেঠমাহৰ শেষ তিনিদিন আৰু আহাৰ মাহৰ প্ৰথম তিনিদিন, মুঠ সাতদিন ধৰি এই বৰাত উৎসৱ পালিত হয়৷ এই বৰাত উৎসৱ আৰু অসমৰ…
-
বৰাশগুণ
বৰাশগুণ (Griffon Vulture, বৈজ্ঞানিক নাম-Gyps fulvus) 'Accipitridae' পৰিয়ালৰ অন্তৰ্ভুক্ত শগুণৰ এবিধ প্ৰজাতি৷ ইহঁতক পাহাৰী শগুণ নামেৰেও জনা যায়।
-
বৰুৱাচুক (কলিয়াবৰ)
বৰুৱাচুক (Baruahchook) অসমৰ নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ এখন গাঁও। আহোম ৰজা জয়ধ্বজ সিংহৰ দিনতে সুদূৰ কনৌজৰ পৰা অহা ৰামলাল ভাগৱতী নামৰ এজন ব্যৱসায়ীয়ে বণিজৰ উদ্দেশ্যে আহি এই ঠাইতে থাকিবলৈ লয় আৰু তেওঁৰ সতি-সন্ততিৰ পৰাই এই গাঁওখন ঠন ধৰি উঠে।
-
ভঁৰাল (অসম)
ভঁৰাল হৈছে ভৱিষ্যৎ ব্যৱহাৰৰ বাবে সামগ্ৰী, মূলতঃ ধান সংৰক্ষণ কৰা ঠাই। ভঁৰালৰ নিৰ্মাণশৈলী অঞ্চলভেদে আৰু ভিন্ন জনজাতীয় সমাজব্যৱস্থা অনুসৰি সুকীয়া সুকীয়া হয়। ভঁৰাল সম্পৰ্কে বিভিন্ন জনবিশ্বাস,পৰম্পৰা অতীজৰে পৰাই প্ৰচলিত হৈ অহা দেখা যায়।
-
ভগা জখলাত খোজ (আত্মজীৱনীমূলক গ্ৰন্থ)
ভগা জখলাত খোজ (Bhoga Jakhalat Khoj) নামৰ আত্মজীৱনীমূলক গ্ৰন্থখনৰ লেখক আবু চুফিয়ান৷ মুঠ ৪১৬ পৃষ্ঠাৰ গ্ৰন্থখনৰ প্ৰকাশক নিজৰা হাজৰিকা আৰু প্ৰকাশন প্ৰতিষ্ঠান স্পন্দন প্ৰকাশ৷ প্ৰকাশ কাল ২০২১ চন৷ গ্ৰন্থখনত লেখকে তেওঁৰ জীৱনৰ ঘাত-প্ৰতিঘাতৰ কথা ৰোমন্থন কৰি আনুষংগিক পৰিৱেশৰ উপস্থাপনৰ দ্বাৰা জীৱনৰ কথা বৰ্ণনা…
-
ভজো
ভজো (ইংৰাজী: Bhojo) অসমৰ চৰাইদেউ জিলাৰ সোণাৰি মহকুমাৰ অন্তৰ্গত এখন গাঁও। গাঁওখনৰ নাম ২০১১ চনৰ লোকপিয়লৰ নথিত ভজো গাঁও হিচাপে উল্লেখ কৰা হৈছে। গাঁওখন সোণাৰি চহৰৰপৰা প্ৰায় ৫–৬ কিলোমিটাৰ দূৰত অৱস্থিত। ভজো অঞ্চলটো ইয়াত থকা ভজো ৰে’ল ষ্টেচনৰ বাবে বিশেষভাৱে পৰিচিত।
-
ভট্টদেৱৰ গদ্যশৈলী
সাহিত্যৰ দুই প্ৰধান ধাৰা - পদ্য সাহিত্য আৰু গদ্য সাহিত্যৰ ভিতৰত গদ্য সাহিত্যৰ এখন সুকীয়া আসন আছে। পদ্য সাহিত্যত কৈ গদ্য সাহিত্যৰ জন্ম বহু পিছত যদিও, পদ্য সাহিত্যতকৈ গদ্য সাহিত্যৰ পাঠকক প্ৰভাৱিত কৰিব পৰা গুণ বেছি।
-
ভদীয়া নাম
ভদীয়া নামক ভাদ মাহৰ নাম বুলিও কোৱা হয়। ভাদ মাহ অসমৰ বৈষ্ণৱ সমাজৰ বাবে অসমীয়া বাৰমাহৰ এটি পবিত্ৰ মাহ। এই ভাদ মাহতে ভগৱান কৃষ্ণৰ জন্ম হৈছিল বুলি ধাৰণা কৰা হয়। মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ জন্মও এই ভাদমাহতে হৈছিল। সেইবাবে ভাদ মাহক অসমীয়া সমাজে এক পৱিত্ৰ মাহ হিচাপে গণ্য কৰি আহিছে।
-
ভদ্ৰেশ্বৰ ৰাজখোৱা
ভদ্ৰেশ্বৰ ৰাজখোৱা (Bhadreswar Rajkhowa) অসমীয়া সাহিত্যৰ ৰামধেনু যুগৰ পৰাই সাহিত্য ৰচনা কৰা এগৰাকী সাহিত্যিক আৰু সমাজকৰ্মী আছিল।
-
ভবেন্দ্ৰ নাথ ভৰালী
ভবেন্দ্ৰ নাথ ভৰালী অসম গণ পৰিষদ এগৰাকী ৰাজনীতিবিদ। ২০১৬ চনত অসম বিধানসভা নিৰ্বাচনত দেৰগাঁও সমষ্টি পৰা প্ৰথম নিৰ্বাচিত হোৱা ভৰালীয়ে ২০২১ৰ নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী বানী হাজৰিকাক ১২,৪৯৭ ভোটৰ ব্যৱধানত পৰাস্ত কৰি বিধায়ক নিৰ্বাচিত হৈছিল।
-
ভলাগুৰি সত্ৰ (কলিয়াবৰ)
ভলাগুৰি সত্ৰ (Bholaguri Satra) কলিয়াবৰ মহকুমাৰ ছঅঁৰা সত্ৰৰ ভিতৰৰ এখন উল্লেখযোগ্য সত্ৰ। আহোম ৰজা জয়ধ্বজ সিংহৰ দিনতে ১৬৭১ চনত এই সত্ৰখন প্ৰতিষ্ঠা কৰা হয়। ভলাগুৰি সত্ৰৰ পূৰ্বৰ নাম আছিল ভেদেলী ভাণ্ডাৰ বা ভেদেলী ভঁৰাল।
-
ভাগীৰথী (অভিনেত্ৰী)
ভাগীৰথী ( Bhagirathi Bai Kadam)ওৰফে ভাগীৰথী বাই কদম এগৰাকী অভিনেত্ৰী। অভিনেতা বাহাৰুল ইছলামৰ সৈতে বিবাহসূত্ৰে তেওঁ অসমৰ বাসিন্দা। তেওঁৰ জন্ম ১৯৬৩ তেওঁৰ জন্ম হৈছিল মহীশূৰৰ হুন্সুৰ তালুকৰ গাভাদেগেৰেত। কৰ্ণাটকৰ নিনছামৰ পৰা নাটকৰ ডিপ্লমা লৈ তেওঁ অভিনয়কে জীৱনৰ পেছা হিচাপে গ্ৰহণ কৰে।
-
ভাদমহীয়া নাম
ভাদমহীয়া নাম( Bhadomohiya Naam) অসমৰ সত্ৰ বা গাঁও-চহৰ-নগৰত থকা নামঘৰসমূহত অসমীয়া ভাদমাহটোত যতি নপৰাকৈ গোৱা নাম-কীৰ্তন৷ অসমীয়া কেলেণ্ডাৰৰ পঞ্চম মাহটো ভাদ মাহ৷ বছৰৰ আন মাহবোৰৰ তুলনাত ভাদ মাহটো নামঘৰবোৰ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ থাকে৷ এই মাহটো অসমীয়া মানুহে বৰ পৱিত্ৰ মাহ বুলি গণ্য কৰে৷ এই মাহটোতে…
-
ভায়ামামা কৌতুক গোষ্ঠী
ভায়ামামা অসমৰ প্ৰথম কৌতুক গোষ্ঠীসমূহৰ অন্যতম। বিংশ শতিকাৰ ৮০-ৰ দশকৰপৰা এই গোটে কৌতুক অনুষ্ঠান পৰিবেশন কৰিবলৈ লয়। প্ৰথমে মঞ্চত কৌতুক অনুষ্ঠান পৰিৱেশনেৰে আৰম্ভ কৰা এই দলটোৱে পাছলৈ কেইখনমান কৌতুকৰ শ্ৰাৱ্য কেছেট উলিওৱাৰ উপৰিও এখন টিভি ছিৰিয়েল আৰু ভিডিঅ' ছবি নিৰ্মান কৰে।
-
ভাৰণ্ড পক্ষীৰ জাক
ভাৰণ্ড পক্ষীৰ জাক হৈছে উমাকান্ত শৰ্মাৰ দ্বাৰা ৰচিত অসমৰ অন্যতম প্ৰধান জনগোষ্ঠী বড়ো জনজীৱনক প্ৰতিফলিত কৰা এখন অসমীয়া উপন্যাস।
-
ভাৰতীয় বেংক ব্যৱস্থাপনা প্ৰতিষ্ঠান
ভাৰতীয় বেংক ব্যৱস্থাপনা প্ৰতিষ্ঠান বা ইণ্ডিয়ান ইনষ্টিটিউট অৱ বেংক মেনেজমেণ্ট (Indian Institute of Bank Management) অসম গুৱাহাটীত অৱস্থিত এখন স্বায়ত্তশাসিত শৈক্ষিক গৱেষণা, প্ৰশিক্ষণ তথা বেংকিং পৰামৰ্শদাতা প্ৰতিষ্ঠান।
-
ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান গুৱাহাটী
ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান গুৱাহাটী চমুকৈ আই আই এম গুৱাহাটী বা আই আই এম-জি অসমৰ গুৱাহাটীত অৱস্থিত এখন ৰাজহুৱা ব্যাৱসায়িক বিদ্যালয়। ২০২৫ চনত ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান (সংশোধনী) বিধেয়ক, ২০২৫ৰ জৰিয়তে প্ৰতিষ্ঠা কৰা হৈছে।
-
ভাৰতীয় মুদ্ৰা আৰু নোটৰ ইতিহাস
ভাৰতীয় টকা (চিহ্ন:; ক’ড: INR) হৈছে ভাৰতৰ চৰকাৰী মুদ্ৰাৰ নাম। ভাৰতীয় মুদ্ৰাৰ মুখ্য নাম হৈছে ৰুপীয়া, ইংৰাজীত Rupee (ৰুপী), কিন্তু অসমীয়াত টকা, বাংলাত টাকা আৰু ওড়িয়াত টঙ্কা বুলি কোৱা হয়। 'মূল প্ৰবন্ধ: ভাৰতীয় টকা, ভাৰতীয় টকাৰ চিহ্ন'
-
ভীমকান্ত কোঁৱৰ
ভীমকান্ত কোঁৱৰ (ইংৰাজী: Bhimkanta Konwar, ১৯৪০-২০২২) অসমৰ এজন শিক্ষাবিদ, সমাজ সংগঠক আৰু গান্ধীবাদী নেতা। তেওঁ ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ আছিল৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা কোঁৱৰে ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ…
-
ভুই মাগা
ভুই মাগা অথবা ভালুক মাগা পৰ্ব পূৰ্বৰ পৰাই হাজং জনগোষ্ঠীৰ মাজত প্ৰচলিত হৈ আহিছে ভালুক মাগা অথবা ভুই মাগা উৎসৱ। এই উৎসৱ সম্প্ৰতি অথবা পৰ্বৰ প্ৰচলন ক্ৰমশ: লুপ্তপ্ৰায় অৱস্থাত। এই উৎসৱটি আঘোণৰ সোণোৱালী পথাৰৰ সোণগুটিবোৰ চপোৱা অথবা ধান কটা সময়ত হে কেৱল উপস্থাপন বা পালন কৰি অহা এটি উৎসৱ আছিল।
-
ভুৱন মোহন দাস
ড৹ ভুৱন মোহন দাস (জন্ম: ১৯৩১-২০০৮) এজন আন্তজাৰ্তিক নৃতত্ত্ববিদ, নৃতত্ত্ব বিষয়ক পাঠ্যপুথিৰ লেখক, বিজ্ঞান সাহিত্যৰ লেখক, প্ৰবন্ধকাৰ, সংকলক আৰু অধ্যাপক। তেখেত উত্তৰ-পূৱ ভাৰতৰ এগৰাকী আন্তজাৰ্তিক খ্যাতিসম্পন্ন নৃতত্ত্ববিদ।
-
ভূপেন শৰ্মা
ভূপেন শৰ্মা (Bhupen Sharma) এজন বিশিষ্ট ঔপন্যাসিক আৰু গল্পকাৰ। জীৱন আৰু জগতৰ প্ৰতি সজীৱ সঁহাৰিৰে চিৰন্তন প্ৰমূল্য আৰু মানৱতাৰ অনুসন্ধানেই ভূপেন শৰ্মাৰ প্ৰধান বক্তব্য। ১৯৭৪ চনত সাহিত্য প্ৰকাশে আয়োজন কৰা উপন্যাস প্ৰতিযোগিতাত উড্ডীন উত্তৰীয় নামৰ উপন্যাসখন শ্ৰেষ্ঠ বিবেচিত হৈছিল।
-
ভূষণ দ্বিজ
ভূষণ দ্বিজ (জন্ম ১৫০৮ খ্ৰীষ্টাব্দ) অতীতৰ কামৰূপৰ বৰপেটাৰ দিগা নগৰ, বৰনগৰত জন্মগ্ৰহণ কৰা সাহিত্যিক আছিল। গুৰু চৰিত আৰু শংকৰ চৰিত নামৰ জীৱনী গ্ৰন্থৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত আছিল। ভূষণ দ্বিজ শংকৰদেৱৰ শিষ্য চক্ৰপাণিৰ নাতি আছিল।