অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি (গ্ৰন্থ)

বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱনীভিত্তিক এখন গ্ৰন্থ। গ্ৰন্থখনৰ লিখক হৈছে তিলক দাস। তিলক দাসে গ্ৰন্থখনৰ নাম সাহিত্যিক ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যৰ দ্বাৰা ৰচিত “বিষ্ণু ৰাভা,এতিয়া কিমান ৰাতি” নামৰ কবিতাটোৰ অনুকৰণত ৰাখিছিল।

হালনাগাদ: ২০ জুন ২০২৫ ২০২ শব্দ · ১ মিনিট সংগৃহীত ৬০
সংশোধনৰ পৰামৰ্শ

বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱনীভিত্তিক এখন গ্ৰন্থ। গ্ৰন্থখনৰ লিখক হৈছে তিলক দাস। তিলক দাসে গ্ৰন্থখনৰ নাম সাহিত্যিক ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যৰ দ্বাৰা ৰচিত “বিষ্ণু ৰাভা,এতিয়া কিমান ৰাতি” নামৰ কবিতাটোৰ অনুকৰণত ৰাখিছিল।

গ্ৰন্থখনত বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱন যাত্ৰাক ২৮টা খণ্ডত বৰ্ণোৱা হৈছে। কিতাপখন লিখিবলৈ লওঁতে বিষ্ণুপ্ৰসাদ ৰাভাই এখন চিঠিৰ জৰিয়তে লিখক তিলক দাসক তেওঁৰ জীৱনীখন কেনেদৰে লিখা উচিত তাৰ সম্পৰ্কে আন্দ্ৰে মৌৰইচে কবি পাৰ্শ্বি বিশ্বি শ্যেলীৰ জীৱনৰ ওপৰত লিখা “এৰিয়েল” আৰু আৰভিং ষ্ট’নে চিত্ৰকৰ ভিনচেণ্ট ভেন গ’গৰ জীৱনৰ ওপৰত লিখা “লাষ্ট ফৰ লাইফ”ৰ পৰা আভাস লবলৈ কৈছিল। উক্ত চিঠিখন তিলক দাসে বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি গ্ৰন্থখনৰ আৰম্ভণিতে প্ৰকাশ কৰিছে।১

খণ্ডসমূহ

গ্ৰন্থখনৰ বিভিন্ন খণ্ডসমূহ হ’ল:

  1. আগলিকা
  2. অসমীয়া কৃষ্টি
  3. ধিননং খিতং তাততং
  4. ৰংপুৰ ৰঙে ৰসে ভৰপূৰ
  5. ৰংপুৰৰ পৰা ৰংঘৰলৈ
  6. নৃত্যতি ললিতং হৰিগুণ বলিতং
  7. জীৱনৰ মৌ-কোঁহ
  8. সুন্দৰৰ ৰাজআলিয়েদি
  9. আহে সভাসদ লোক
  10. যাউতিযুগীয়া বনগীত অমিয়া
  11. জীৱনৰ বিবিধ ছন্দেৰে
  12. বৰধেমালিৰ বৰবায়নৰ ৰূপত
  13. কাৰণানীৰপৰা কমলাবাৰীলৈ
  14. মুক্ত বিহংগমৰ দৰে
  15. জনজীৱনৰ আঁহে-আঁহে পাহে পাহে
  16. মুকুতি দেউলৰ বৰ চোতালত
  17. ন-পৃথিৱীৰ নতুন যুগ স্বাগতম
  18. আনন্দ ৰূপং যদ্ বিভাতি
  19. শুনা জনতাৰ কোলাহল শুনা
  20. জনতাৰ সাগৰত সাঁতুৰি-নাদুৰি
  21. বিষ্ণু ৰাভা,এতিয়া কিমান ৰাতি
  22. সমাজ তান্ত্ৰিক বিপ্লৱত
  23. দেহা-বীণৰ তাঁৰ জোকাৰি
  24. সুৰ দেউলৰে শিকলি ৰূপেৰে
  25. জীৱন নাটৰ ভাৱৰীয়া
  26. কলাগুৰু সদানন্দ শিল্পী শিৰোমণি
  27. ৰাগ কল্যাণ, তাল খৰমান
  28. উপসংহাৰ

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ গ্ৰন্থ: বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি - লিখক: তিলক দাস

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি (গ্ৰন্থ)” প্ৰবন্ধৰ সংশোধন ৫১৯৩৭১ (২০ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।