অসম
অসমৰ ইতিহাস, ভূগোল, সংস্কৃতি, ব্যক্তিত্ব আৰু প্ৰকৃতি বিষয়ক প্ৰবন্ধ। · ৫,২৭৯ প্ৰবন্ধ
-
অসমৰ সংস্কৃতি (গ্ৰন্থ)
অসমৰ সংস্কৃতি লীলা গগৈৰ দ্বাৰা ৰচিত সংস্কৃতি বিষয়ক গ্ৰন্থ। ১৯৮২ চনত গ্ৰন্থখন প্ৰথম প্ৰকাশ হয়। এই গ্ৰন্থখনৰ পৃষ্ঠা সংখ্যা ২৪৭ আৰু ইয়াৰ পঞ্চম সংস্কৰণ প্ৰকাশ কৰিছে বনলতা প্ৰকাশনে। সৰ্বমুঠ একুৰি দুটা অধ্যায়ত এইখন পুথিতেই অসমীয়া সংস্কৃতিৰ আটাইকেইটা দিশৰ ওপৰত গুৰুত্ব দিয়া হৈছে।
-
অসমৰ সংস্কৃতিত অন্ধবিশ্বাস
"সোমে শণি, পূৱত ৰাশ"- সোমবাৰ আৰু শণিবাৰে পুৱ দিশে যাত্ৰা কৰিব নাপায়। কোনো বিশেষ উদ্দেশ্য লৈ এই দুইদিনত পূৱ দিশত যাত্ৰা কৰিলে উদ্দেশ্য সিদ্ধি নহয় আৰু বিফল মনোৰথে ঘূৰিব লগা হয়। "পিছবাৰীত তেতেলী, আগবাৰীত ঔ, সেইঘৰৰ ভেটি গ'লনে নৌ"- ঘৰৰ পিছফালৰ বাৰীত তেতেলী গছ আৰু আগফালৰ বাৰীত ঔ-টেঙাৰ গছ ৰাখিব নাপায়।
-
অসমৰ সমজিলাসমূহৰ তলিকা
সমজিলা (Co-District) ভাৰতৰ অসম ৰাজ্যৰ জিলা-স্তৰৰ তলৰ এক প্ৰশাসনিক একক। ৰাজ্যখনৰ প্ৰশাসনিক সেৱাসমূহ জনসাধাৰণৰ ওচৰলৈ অধিক সহজে লৈ যোৱা আৰু জিলা সদৰৰ ওপৰত প্ৰশাসনিক চাপ হ্ৰাস কৰাৰ উদ্দেশ্যে অসমত সমজিলা ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে।
-
অসমৰ সমস্যা
ভাৰতবৰ্ষৰ পূবকোণত অৱস্থিত এসময়ৰ প্ৰাগজ্যোতিষপুৰ আজিৰ অসমত বৰ্তমান বিভিন্ন সমস্যাই গা কৰি উঠিছে। দিনে দিনে বৃদ্ধি পাই অহা নানান সমস্যাই অসমৰ উন্নতিত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছে। যাৰ বাবে আজি অসমৰ বুকুত সকলো থকাৰ পিছতো অসম অন্যান্য ৰাজ্যৰ তুলনাত বহু ক্ষেত্ৰতে পিছ পৰি আছে।
-
অসমৰ স্তন্যপায়ী প্ৰাণীসমূহৰ তালিকা
-
অসমৰ স্বৰ্ণ শিল্প
অসমৰ স্বৰ্ণ শিল্পই (Gold crafts of Assam) কামৰূপৰ যুগৰে পৰা অসমৰ অৰ্থনীতিত এক উল্লেখযোগ্য স্থান অধিকাৰ কৰি আহিছে৷ পৌৰাণিক গ্ৰন্থ যেনে অৰ্থশাস্ত্ৰ, কালিকা পুৰাণ বা যোগিনী তন্ত্ৰত প্ৰাচীন অসমৰ সোণ আৰু সোণৰ অলংকাৰৰ বিষয়ে উল্লেখ পোৱা যায়।
-
অসমৰ হাতী দাঁত শিল্প
হাতী দাঁত শিল্প ( Ivory Industries of Assam) পুৰণি অসমৰ কুটীৰ শিল্প সমূহৰ ভিতৰত অন্যতম আছিল৷ সেই সময়ত অসমৰ হাবিত প্ৰচুৰ পৰিমাণে হাতী পোৱা গৈছিল আৰু হাতীৰ দাঁত আৰু হাঁড়েৰে এই শিল্প গঢ়ি উঠিল৷ আহোম যুগৰ অৰ্থনীতিতো ই বিশেষ ভূমিকা পালন কৰিছিল৷ আহোম যুগত বৈদেশিক বাণিজ্যত হাতী দাঁত প্ৰচুৰ পৰিমাণে…
-
অসমৰ ৰাজ্যিক প্ৰতীকসমূহ
অসম চৰকাৰৰ দ্বাৰা স্বীকৃতীপ্ৰাপ্ত চৰকাৰী প্ৰতীকসমূহ তলত উল্লেখ কৰা হ’ল:-
-
অহল্যা গগৈ
অহল্যা গগৈ ভাৰতৰ অসম ৰাজ্যৰ এগৰাকী শিক্ষাবিদ, সাহিত্যিক আৰু সমাজসেৱী। তেওঁ পণ্ডিত কৃষ্ণকান্ত সন্দিকৈৰ কন্যা অহল্যা গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ প্ৰবক্তা আৰু মিলিটাৰী ইঞ্জিনিয়াৰিং ছাৰ্ভিছৰ অধীনৰ এম.আই.ই পাঠ্যক্ৰমৰ অংশকালীন ইনষ্ট্ৰাক্টৰ হিচাপেও কৰ্মৰত আছিল।
-
অৰণ্যৰ গান (কাব্য সংকলন)
অৰণ্যৰ গান নীলমনি ফুকনে অসমীয়া ভাষালৈ অনুবাদ কৰা এলানি কবিতাৰ সংকলন। এই কবিতাসমূহ মূলতঃ ছত্তিশগড়ী, ৱাঞ্চু, চাঁওতাল, মিচিং, মুণ্ডা, কাৰ্বি, গাৰো, কুকি, বড়ো, আঙ্গামী, পৰাজা, কন্যাক আদি বিভিন্ন জনজাতীয় আৰু আদিবাসী ভাষাৰ।
-
অৰুণিমা শৰ্মা
অৰুণিমা শৰ্মা (জন্ম ২৩ আগষ্ট ১৯৮১) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ জি টিভিৰ ছ’প অপেৰা “কছম ছে’’ত ৰাণো বালিৰ চৰিত্ৰত অভিনয় কৰি পৰিচিত হৈ পৰিছিল। ৰাণো বালি তিনিগৰাকী মহিলা মুখ্য মহিলা চৰিত্ৰৰ ভিতৰত অন্যতম আৰু নায়ক বানি ৱালিয়াৰ কনিষ্ঠ ভগ্নী।
-
অৰুণোদয় আঁচনি
অৰুণোদয় আঁচনি (Orunodoi Scheme) হৈছে ২০২০ চনৰ ২ অক্টোবৰ তাৰিখে অসম চৰকাৰৰ দ্বাৰা উন্মোচিত এখন আঁচনি। অৰুণোদয় আঁচনিৰ জৰিয়তে মহিলাসকলৰ স্বাস্থ্য আৰু পৰিপুষ্টিগত অভাৱ পূৰণৰ বাবে আৰু চিকিৎসা সম্বন্ধীয় খৰচৰ বাবে অসম চৰকাৰে আৰ্থিক সাহায্য প্ৰদান কৰে, আৰু এই আঁচনি মহিলা সবলীকৰণৰ ক্ষেত্ৰত এক পদক্ষেপ…
-
অৰুন্ধতী স্বৰ্ণ আঁচনি
অৰুন্ধতী স্বৰ্ণ আঁচনি (Arundhati Gold Scheme) মহিলা সৱলীকৰণৰ বাবে অসম চৰকাৰৰ এক আঁচনি। অসম চৰকাৰে বিত্তীয় বৰ্ষ ২০১৯-২০ চনত আঁচনিখন প্ৰৱৰ্ত্তন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। এই আঁচনিৰ জৰিয়তে বিবাহিত দম্পতীলৈ চৰকাৰে সোণ কিনিবলৈ ৪০ হাজাৰ টকা অনুদান আগবঢ়ায়।
-
অৰ্জুন ভঞ্জন
অৰ্জুন ভঞ্জন বা দধিমথন এখন নাট সাহিত্য। নাটখনৰ লেখক মাধৱদেৱ। নাটকীয় বিন্যাসেৰে এই নাটখন মূলতঃ তিনিটা প্ৰধান ভাগত বিভক্ত- শিশু কৃষ্ণ আৰু মাক যশোদাৰ মাজত বিৰোধ, যমলাৰ্জুন ভংগ আৰু নন্দ যশোদাৰ ঘৰুৱা কোলাহল। ইয়াত শিশু কৃষ্ণৰ ৰসাল কথা উল্লেখ আছে।
-
অৰ্ণৱ, আস্থা আৰু JEC
অৰ্ণৱ, আস্থা আৰু জে ই চি (নামটো ষ্টাইলাইজ কৰা হৈছে: অৰ্ণৱ, আস্থা আৰু JEC) যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পটভূমিত অৰ্ণৱ আৰু আস্থা বৰুৱাৰ কাল্পনিক প্ৰেমকাহিনীৰে ৰচিত ইন্দ্ৰাণী শৰ্মাৰ এখন অসমীয়া উপন্যাস। তেওঁৰ ৱেবছাইট www.indranee.org-ত এই উপন্যাসখন ধাৰাবাহিকভাৱে প্ৰকাশ কৰিছিল।
-
অৱতৰণ
অৱতৰণ (Avataran) হৈছে আগন্তুক অসমীয়া ভাষাৰ এখন কল্পবিজ্ঞান চলচ্চিত্ৰ। ছবিখন টিডি ফিল্ম ষ্টুডিঅ’ প্ৰডাকশ্যন্সৰ বেনাৰত, পৰিচালক তৰুনাভ দত্তৰ পৰিচালনা আৰু প্ৰযোজনাত নিৰ্মাণাধীন হৈ আছে।
-
আংৰা (গ্ৰন্থ)
আংৰা চাহ-জনগোষ্ঠীয় জীৱনৰ পটভূমিত ৰচিত বিশ্বজ্যোতি শৰ্মাৰ এখন উল্লেখযোগ্য উপন্যাস। এই উপন্যাসখনত চাহ-জনগোষ্ঠীয় মানৱ জীৱনৰ সুখ-দুখ, হাঁহি-কান্দোন আদি সকলো দিশ প্ৰকট হোৱাৰ লগতে অতীতৰ পৰা বৰ্তমানলৈকে এই লোকসকলৰ যি ক্ৰমবিৱৰ্তন তাক সাৱলীলভাৱে উপস্থাপন কৰিছে। উপন্যাসখনৰ কাহিনীভাগ বাস্তৱ জীৱন আধাৰিত।
-
আউলা পূজা
আউলা পূজা ( Aula Puja) অসমৰ নলবাৰী অঞ্চলৰ কোনো কোনো ঠাইত প্ৰচলিত এক পূজা৷ এই পূজা সম্পূৰ্ণ নাৰীকেন্দ্ৰিক৷ আউলা পূজাত ব্যৱহৃত গীত-পদক “আউলা নাম’’ বোলা হয়৷
-
আকাংক্ষা অসম
আকাংক্ষা অসম শিশুৰ অধিকাৰৰ ক্ষেত্ৰত অৱদান আগবঢ়োৱা স্বেচ্ছাসেৱী প্ৰতিষ্ঠান। ২০১৬ চনত পোন প্ৰথমে গুৱাহাটীৰ মিৰ্জাত কেইজনমান যুৱক-যুৱতীয়ে শিশুৰ অধিকাৰৰ বাবে কাম কৰিবলৈ স্থাপন কৰিছিল। শিশুসকলৰ লগত সংঘটিত বিভিন্ন শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ বিৰুদ্ধে প্ৰতিষ্ঠানটোৱে কাম কৰি আহিছে।
-
আকাশ দীপ্ত ঠাকুৰ
আকাশ দীপ্ত ঠাকুৰ (Akash Dipta Thakur) হৈছে এগৰাকী অসমীয়া গল্পকাৰ। ঠাকুৰ বৰ্তমান যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক হিচাপে কৰ্মৰত। তেজ মঙহ শৰীৰ, বেলিফুলৰ ৰং, সাগ্নিক তেওঁৰ উল্লেখযোগ্য গল্পপুথি। বসুন্ধৰা, মৌচাককে ধৰি বিভিন্ন আলোচনীৰ তেওঁ নিয়মীয়া লিখক।
-
আখৈ তোলা
আখৈ তোলা অসমীয়া লোক-সংস্কৃতিৰ এক মাংগলিক কৰ্ম। এই কৰ্ম বা কাম বিবাহ অনুষ্ঠানৰ সতে জড়িত। বৈদিক প্ৰথাৰে সম্পাদিত বিবাহ অনুষ্ঠানত আখৈ তোলা কাৰ্য কৰা হয়। বৈদিক লজ্জ্বাহোম বা লাজহোম-ৰ ক্ৰিয়াকে অসমীয়া জনসমাজত আখৈ তোলা বুলি কোৱা হয়।
-
আগলি বাঁহৰে লাহৰী গগনা
আগলি বাঁহৰে লাহৰী গগনা (১৯৬৪, ইংৰাজী: Agali Bahare Lahari Gagana) অসমীয়া ভাষাৰ গীতৰ সংকলন৷ ৰচক ড੦ ভূপেন হাজৰিকা৷
-
আগালমাকা
আগালমাকা (Agalmaka) হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ গাৰো জনগোষ্ঠীৰ এক কৃষিভিত্তিক লোক উৎসৱ।
-
আগিয়া মহাবিদ্যালয়
আগিয়া মহাবিদ্যালয় (Agia College) নামনি অসমৰ গোৱালপাৰা জিলাৰ অন্তৰ্গত আগিয়া আৰু সোলমাৰীৰ মাজত অৱস্থিত কলা শাখাৰ এখন উচ্চশিক্ষাৰ প্ৰতিষ্ঠান। এই মহাবিদ্যালয়খন ১৯৯৬ চনৰ ২২ আগষ্ট তাৰিখে প্ৰতিষ্ঠা কৰা হৈছে। আৰু ইয়াক ২০২১ চনত প্ৰাদেশিকীকৰণ কৰা হৈছে।
-
আঙঠি পিন্ধোৱা
আঙঠি পিন্ধোৱা অসমীয়া পৰম্পৰাগত বিবাহ অনুষ্ঠানৰ সতে জড়িত এক মাংগলিক কাৰ্য। বিবাহৰ বাবে উপযুক্ত ল'ৰালৈ উপযুক্ত কন্যা এগৰাকী ঠিক কৰাৰ পিছত দৰা বা ল'ৰাপক্ষৰ মানুহ কন্যাঘৰলৈ গৈ আঙঠি পিন্ধোৱা পৰ্বটো সমাপন কৰাৰ নিয়ম। অসমৰ সকলো ঠাইতেই এই পৰম্পৰা আছে যদিও ঠাইভেদে নীতি-নিয়মৰ পাৰ্থক্য পৰিলক্ষিত হয়।
-
আজলি আই (বা-ভগা) থান সত্ৰ
আজলি আই থান (বা ভগা) থান সত্ৰ মাজুলী জিলাৰ মধ্যভাগৰ বৃহত্তৰ শেনচোৱা অঞ্চলত অৱস্থিত মায়ামৰা সম্প্ৰদায়ৰ লোকসকলৰ এক পৱিত্ৰ তীৰ্থস্থান। আনুমানিক প্ৰায় আশীৰ দশকৰ পৰাই অসমীয়া মাঘ মাহৰ প্ৰথমটো দেওবাৰে এই বৃহত্তৰ শেনচোৱা অঞ্চলৰ মায়ামৰা ভকত বৈষ্ণৱসকলে একগোট হৈ নাম-কীৰ্ত্তন কৰি আহিছে।
-
আজিও আহিছিল অৰণ্যখন
আজিও আহিছিল অৰণ্যখন (ইংৰাজী: Ajio Ahisil Aranyakhan) অসমীয়া পাৰিপাৰ্শ্বিক কবিতাৰ এখন সংকলন৷ সংকলনখনৰ কবি সত্যজিৎ গগৈ৷
-
আজিলামু নৃত্য
আজিলামু নৃত্য বা আঞ্জিলামা নৃত্য ছেৰডুকপেন সকলৰ এটি জনপ্ৰিয় নৃত্য। এই নৃত্যত দুজন মানুহে দৈত্যৰ বেশ ধৰি মুখা পিন্ধি, কান্ধলৈকে ওলোমা চুলি মেলি ভয়ংকৰ ভংগিমাত নাচে। ৰজা আৰু ৰাণীৰ পোছাক পিন্ধা দুজন ল’ৰাই এই দৈত্যদুজনৰ লগত যুঁজি ৰণৰ ভঙ্গিমাত নাচে। এয়ে আজিলামু নৃত্য।
-
আঠিয়াবাৰী
ভাৰতৰ অসম ৰাজ্যৰ অন্তৰ্গত বাক্সা জিলাৰ এখন লোকপিয়ল গাঁও আঠিয়াবাৰী। ২০১১ চনৰ ভাৰতৰ লোকপিয়ল অনুসৰি আঠিয়াবাৰী গাঁৱৰ মুঠ জনসংখ্যা ৪,২৩৪ জন, তাৰে পুৰুষ ২,১৪১জন আৰু মহিলা ২,০৯৩জনী আছে।
-
আদ্ভিত্য (চলচ্চিত্ৰ)
আদ্ভিত্য (Advitya) হৈছে অৰিন্দম শৰ্মাৰ দ্বাৰা ৰচিত, পৰিচালিত আৰু কৃষ্ণা ক্ৰাফ্ট প্ৰডাকচন্ছ (ইণ্ডিয়া) প্ৰাইভেট লিমিটেডৰ বেনাৰত ব্ৰজেন্দ্ৰ নাথ শৰ্মাৰ দ্বাৰা প্ৰযোজিত অসমীয়া ছবিজগতৰ ইতিহাসৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ কল্পবিজ্ঞানৰ ভিত্তিত নিৰ্মাণ হোৱা ছুপাৰহিৰো অসমীয়া চলচ্চিত্ৰ।