অৰ্জুন ভঞ্জন বা দধিমথন এখন নাট সাহিত্য। নাটখনৰ লেখক মাধৱদেৱ। নাটকীয় বিন্যাসেৰে এই নাটখন মূলতঃ তিনিটা প্ৰধান ভাগত বিভক্ত- শিশু কৃষ্ণ আৰু মাক যশোদাৰ মাজত বিৰোধ, যমলাৰ্জুন ভংগ আৰু নন্দ যশোদাৰ ঘৰুৱা কোলাহল। ইয়াত শিশু কৃষ্ণৰ ৰসাল কথা উল্লেখ আছে।
বৈশিষ্ট্য
অৰ্জুন ভঞ্জন নাটক খনৰ অন্য নাম দধিমথন। এইখন মাধৱদেৱৰ প্ৰথম নাট। ইয়াৰ কাহিনী শ্ৰীমদ্ভগৱতগীতাৰ দশম স্কন্ধৰ।১ বৈশিষ্ট্যৰ দিশেৰে অৰ্জুন ভঞ্জনেই মাধৱ দেৱৰ একমাত্ৰ পূৰ্ণাংগ নাট। তেওঁৰ অন্যান্য নাটক সমূহক নাট নুবুলি ঝুমুৰা বুলিহে কোৱা হয়। নাটকীয় বিন্যাসৰে এই নাটকখন মূলতঃ তিনিটা প্ৰধান ভাগত বিভক্ত। প্ৰথম ভাগ- শিশুকৃষ্ণ আৰু মাক যশোদাৰ মাজত বিৰোধ, দ্বিতীয় ভাগ- যমলাৰ্জুন ভংগ আৰু তৃতীয় ভাগ- নন্দ যশোদাৰ ঘৰুৱা কোলাহল। মাধৱদেৱৰ নাটত ঘাইকৈ শিশু কৃষ্ণ আৰু মাতৃ যশোদাৰ চৰিত্ৰই প্ৰধানভাবে ঠাই পাইছে। অৰ্জুন-ভঞ্জন নাটৰো মুখ্য চৰিত্ৰ শিশু কৃষ্ণ আৰু মাতৃ যশোদা। শিশু কৃষ্ণক অপৰিসীম বুদ্ধি, চল-চাতুৰী, ঠেহ-ভেম, উদ্ধতালি আদিৰে সাধাৰণ মানৱ শিশু ৰূপ সমাজৰ মাজত দাঙি ধৰিছে যদিও নাটখনিৰ সৰ্বত্ৰতে কৃষ্ণৰ ঐশ্বৰিক ৰূপটোৰ কথা নাট্যকাৰে সোঁৱৰাই আছে। কাহিনী, চৰিত্ৰ, সংলাপ আৰু ভগৱান কৃষ্ণৰ শিশুলীলাৰ মহত্ত্বৰে অৰ্জুন-ভঞ্জন নাটখনি মাধৱদেৱৰ এখনি পূৰ্ণাঙ্গ নাট হিচাপে স্বীকৃত হৈছে নাটখনিত সৰ্বমুঠ সাতোটা শ্লোক আছে। গীতৰ সংখ্যা আঠটা। গীতবোৰত ক্ৰমে সিন্ধুৰা, বৰাড়ি, গৌৰী, কামোদ, কানাড়া, বেলোৱাৰ, তুড়, ভাটিয়ালী আৰু কল্যাণ আদি ৰাগৰ কথা উল্লেখ আছে।২
কৃষ্ণভক্ত মাধৱদেৱে বালক কৃষ্ণৰ চল-চাতুৰিৰ মাজেৰে তেওঁৰ ঐশ্বৰিকত্ব প্ৰকাশ কৰি অৰ্জুন-ভঞ্জন নাট ৰচনা কৰিছে।
বিষয় বস্তু
নাটখনৰ বিষয় বস্তুক মূলতঃ তিনিটা প্ৰধান ভাগত ভাগ কৰা হৈছে। প্ৰথম ভাগত আছে- শিশুকৃষ্ণ আৰু মাক যশোদাৰ মাজত বিৰোধ, দ্বিতীয় ভাগত আছে- যমলাৰ্জুন ভংগ আৰু তৃতীয় ভাগত আছে- নন্দ যশোদাৰ ঘৰুৱা কোলাহল। যশোদাৰ কথাৰেই নাটকখনৰ আৰম্ভণি। এদিন যশোদাই দধি মথি থাকোঁতে শিশু কৃষ্ণই মাকৰ গাখীৰ খাবলৈ ধৰে, এনে সময়তে জুইত বহাই থোৱা গাখীৰ উতলি পৰিবলৈ ধৰাত গোপীসকলে যশোদাক চিঞৰিবলৈ ধৰে যে, গাখীৰ উতলি পৰি গৈছে, তেওঁলোকৰ আহৰি নাই। যশোদাই কৃষ্ণক কোলাৰ পৰা নমাবলৈ ধৰে কিন্তু শিশু কৃষ্ণই মাকক এৰি নিদিয়ে। শেষত মাকে মাতৃসুলভ খঙেৰে কৃষ্ণক থেকেঁচা মাৰি কোলাৰ পৰা নমাই থৈ যায়। এই কথাতে অভিমান কৰি শিশুকৃষ্ণই পটাগুটি দলিয়াই মথনি বাৰি, দৈৰ কলহ ভাঙি লণ্ড-ভণ্ড কৰে। ক্ষীৰ, লৱণু যিমান পাৰে নিজে খায় আৰু বান্দৰক খুৱাই গোটেই নষ্ট কৰে। গোটেই ঘটনাৰ বুজ লৈ যশোদাই কৃষ্ণক মাৰিবলৈ খেদি যায়। বহু সময় লৰা-ঢপৰা কৰি পিছত কৃষ্ণই নিজেই মাকক ধৰা দিয়ে। মাকে শাস্তি হিচাপে কৃষ্ণক উৰলত ৰছীৰে বান্ধিবলৈ যায় অথচ আচৰিত ভাৱে প্ৰত্যেক বাৰেই দুই আঙুল ৰছী চুটি হয়। মাকৰ অৱস্থা দেখি পিছত কৃষ্ণই নিজেই বন্ধন লয়। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত কৃষ্ণই উৰলৰে সৈতে আগুৱাই গৈ চোতালত থকা যমলাৰ্জুন গছ দুজোপাৰ ফেৰেঙনিত সোমাই গছ ৰূপী নলকুবেৰ আৰু মণিগ্ৰীৱক মুক্তি দিয়ে। বতাহ-বৰষুণ নোহোৱাকৈয়ে গছ দুজোপা উঘলি পৰাত সকলোৱে বিস্ময় মানে। দুয়োজোপা গছৰ মাজত কৃষ্ণক জীৱিত অৱস্থাত দেখি পিতাক নন্দই আনন্দেৰে কৃষ্ণক কোলাত তুলি লয়। যশোদাই কৃষ্ণক এনে নিষ্ঠুৰ ভাৱে শাস্তি দিয়া বুলি নন্দ আৰু যশোদাৰ মাজত খকাখুন্দা লাগে আৰু তাতেই নাটক খনৰ কাহিনীৰ সমাপ্তি ঘটে।৩
চৰিত্ৰ
অৰ্জুন ভঞ্জন নাটক খনত মাধৱদেৱে বহুকেইটা মুখ্য-গৌণ চৰিত্ৰৰ সংযোগ ঘটাইছে। ইয়াৰে মুখ্য চৰিত্ৰ কেইটা হৈছে- কৃষ্ণ, যশোদা, নন্দ। ইয়াৰোপৰি গৌণ চৰিত্ৰত আছে ৰোহিনী, গোৱাল-গোৱালী, কুৱেৰৰ পুত্ৰ নলকুৱেৰ আৰু মণিগ্ৰীৱ। নাটকখনৰ চৰিত্ৰ নিৰ্দিষ্ট নহয়। প্ৰয়োজনত গোৱাল-গোৱালীৰ সংখ্যা বঢ়াব বা কমাব পৰা যায়।
নাট্যকাৰৰ চমু পৰিচয়
মূল প্ৰবন্ধ: মাধৱদেৱ
মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ (১৪৮৯-১৫৯৬) অসমৰ মহাপুৰুষীয়া ধৰ্ম বা একশৰণ নাম ধৰ্ম প্ৰৱৰ্তনৰ এজন মূল হোতা আছিল। তেওঁ মহাপুৰুষ শংকৰদেৱৰ প্ৰধান শিষ্য আছিল৪। তেওঁৰ গুৰু ভক্তিৰ বাবে তেওঁক বিশেষ ভাৱে জনা যায় আৰু তেওঁক শংকৰদেৱৰ প্ৰকৃত উত্তৰাধিকৰী হিচাপে গণ্য কৰা হয়। মাধৱদেৱ বৈৰাগী আছিল কিন্তু জীৱন বিমুখী নাছিল। জীৱনৰ প্ৰতি তেওঁৰ আছিল আস্থা আৰু গোটেই জীৱনটো গভীৰ জ্ঞানান্বেষণেৰে উপভোগ কৰিব বিচাৰিছিল। মাধৱদেৱে বিষয়-বাসনাৰ প্ৰতি উৎসাহ নেদেখুৱাইছিল যদিও নিজৰ প্ৰতিজন শিষ্যকে খেতি-বাতি বা ব্যৱসায়-বাণিজ্যৰে স্বাৱলম্বী হবলৈ কৈছিল। পাছলৈ নিজেও কোচ ৰজাৰ অনুগ্ৰহত থাকি সাহিত্য আৰু ধৰ্ম চৰ্চা কৰিছিল। নামঘোষা আৰু ভক্তি ৰত্নাৱলী মাধৱদেৱৰ অনুপম সৃষ্টি৪। তেওঁৰ আন আন ৰচনাসমূহ হ'ল:
আখ্যানমূলক ৰচনা: আদিকাণ্ড ৰামায়ণ, ৰাজসূয় কাব্য।
তত্ত্বমূলক ৰচনা: নাম মালিকা, ভক্তি ৰত্নাৱলী, জন্ম ৰহস্য।
নাটক: অৰ্জুন ভঞ্জন, চোৰ ধৰা, পিম্পৰা গুচোৱা, ভূমি লেটোৱা, ভোজন বিহাৰ আদি।
ইয়াৰ উপৰি তেওঁ কেইবা কুৰি গীত ৰচনা কৰে যিবোৰক বৰগীত বুলি কোৱা হয়।৫ তেওঁৰ ৰচনাৰাজিত সহজ-সৰল ঘৰুৱা ভাৱ আৰু ঘৰুৱা শব্দৰ ব্যৱহাৰ পোৱা যায়। কৃষ্ণ মাহাত্ম্য প্ৰকাশ কৰাই তেওঁৰ ৰচনাৰাজিৰ প্ৰধান বিষয়।
তথ্যসূত্ৰ
- ↑ yathā taror māla-niṣecanena tṛpyanti tat-skandha-bhujopaśākhāḥ। prāṇopahārāc ca yathendriyāṇāṃ tathaiva sarvārhaṇam acyutejyā॥Neog 1980, পৃ. 110
- ↑ ড° মঞ্জু গোস্বামী. (চেপ্তেম্বৰ, ২০২৪). মাধৱদেৱৰ নাট অৰ্জুন-ভঞ্জন. KKHSOU
- ↑ পূৰ্ণচন্দ্ৰ গোস্বামী. শ্ৰীশ্ৰী মাধৱদেৱৰ কাব্যামৃত. জ্যোতি প্ৰকাশ, গোলাঘাট
- ↑ Mahapurush Srimanta Madhabdeva | Srimanta Madhabdeva | Mahapurush Madhabdeva | Madhabdeva | Sri Sri Madhabdeva | History of Madhabdeva. Assaminfo.com
- ↑ Encyclopaedia of Indian Literature: A-Devo - Google Books. Books.google.co.in
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অৰ্জুন ভঞ্জন” প্ৰবন্ধৰ সংশোধন ৫১৯৭৬৯ (২১ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।