আকাংক্ষা অসম শিশুৰ অধিকাৰৰ ক্ষেত্ৰত অৱদান আগবঢ়োৱা স্বেচ্ছাসেৱী প্ৰতিষ্ঠান। ২০১৬ চনত পোন প্ৰথমে গুৱাহাটীৰ মিৰ্জাত কেইজনমান যুৱক-যুৱতীয়ে শিশুৰ অধিকাৰৰ বাবে কাম কৰিবলৈ স্থাপন কৰিছিল। শিশুসকলৰ লগত সংঘটিত বিভিন্ন শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ বিৰুদ্ধে প্ৰতিষ্ঠানটোৱে কাম কৰি আহিছে। শিশু শ্ৰমিক, শিশুৰ স্বাস্থ্য, আৰু শিশুৰ শিক্ষা এই প্ৰতিষ্ঠানটোৰ প্ৰথম উদ্দেশ্য।
বৰ্তমান সময়ত শিশু উত্পীড়ন শিশুসকলৰ অধিকাৰ খৰ্ব কৰাৰ আন এক ব্যাধি৷ বিশেষকৈ শিশুসকল শাৰীৰিক, মানসিক, যৌন উৎপীড়ন, অৱহেলা, শোষণ আদিৰ সন্মুখীন হ’ব লগা হয়। এই শিশুসকলৰ প্ৰাথমিক শিক্ষা, সুস্বাস্থ্য আৰু আন শিশুসকলৰ সমঅধিকাৰৰ হকে আকাংক্ষা অসমে কাম কৰি আছে।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আকাংক্ষা অসম” প্ৰবন্ধৰ সংশোধন ২৩৮২৫১ (১৩ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।