অৱতৰণ (Avataran) হৈছে আগন্তুক অসমীয়া ভাষাৰ এখন কল্পবিজ্ঞান চলচ্চিত্ৰ। ছবিখন টিডি ফিল্ম ষ্টুডিঅ’ প্ৰডাকশ্যন্সৰ বেনাৰত, পৰিচালক তৰুনাভ দত্তৰ পৰিচালনা আৰু প্ৰযোজনাত নিৰ্মাণাধীন হৈ আছে। ছবিখনত অভিনয় কৰিছে ৰীমা কাইফ, অনন্যা পৰাশৰ, দেৱ্যম ছিল, গোবিন্দ মালাকাৰ, ৰিম্পী দাস, সৌৰভ হাজৰিকা, প্ৰাঞ্জল শইকীয়া, পূৰ্ণিমা শইকীয়া আৰু সমীৰ ৰঞ্জনে।১২ প্ৰথমে ২০২০ চনৰ ২১ আগষ্ট তাৰিখে ছবিখনৰ মুক্তিৰ কথা আছিল যদিও ভাৰতত কভিড-১৯ মহামাৰীৰ বাবে ছবিখন মুক্তিৰ তাৰিখ পিছুৱাই দিয়া হয় ৷৩
এইখনেই প্ৰথম অসমীয়া কল্পবিজ্ঞান চলচ্চিত্ৰ।৪
অভিনয় শিল্পী
- প্ৰাঞ্জল শইকীয়া
- পূৰ্ণিমা শইকীয়া
- ৰিম্পী দাস
- সৌৰভ হাজৰিকা
- অনন্যা পৰাশ
- সমীৰ ৰঞ্জন
- গোবিন্দ মালাকাৰ
- সংগীতা পাচনি
- বিশাল পি. চলিহা
- ৰনিত ৰাজ
উৎপাদন
২০১২ চনৰ পৰাই ছবিখনৰ প্ৰডাকচন আৰু প্ৰধান চিত্ৰগ্ৰহণ কাৰ্যসূচী আৰম্ভ হয়। অসমৰ গুৱাহাটীৰ আশে-পাশে ছবিখনৰ চিত্ৰগ্ৰহণ হৈছিল।৫৬৭
বাহ্যিক সংযোগ
*
তথ্যসূত্ৰ
- ↑ Ahmed, Hussain. (18 January 2014). Avataran: An Upcoming Assamese Sci-Fi Film by Tarunabh Dutta
- ↑ (17 December 2019). "অৱতৰণ"- প্ৰথম অসমীয়া কল্পবিজ্ঞান ভিত্তিক চলচিত্ৰ
- ↑ (28 April 2020). Sci-fi film AVATARAN's slated release date of August 21 hangs in uncertainity due to pandemic.. Jollywood LIFE
- ↑ Choudhury, Aminul Zaman. (10 September 2021). 'Avataran': Assam's first sci-fi feature film gets Censor approval. EastMojo
- ↑ (19 July 2014). Avataran: Assamese Sci-Fi Film. Kothasobi.com
- ↑ The Sentinel
- ↑ (January 2020). টেকনল'জিৰে আদৰিলে নৱবৰ্ষকঃ "অৱতৰণ"-এ আকৰ্ষিত কৰিছে দৰ্শকক-
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অৱতৰণ” প্ৰবন্ধৰ সংশোধন ৫২৮৮৫৭ (৩০ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।