আংৰা চাহ-জনগোষ্ঠীয় জীৱনৰ পটভূমিত ৰচিত বিশ্বজ্যোতি শৰ্মাৰ এখন উল্লেখযোগ্য উপন্যাস। এই উপন্যাসখনত চাহ-জনগোষ্ঠীয় মানৱ জীৱনৰ সুখ-দুখ, হাঁহি-কান্দোন আদি সকলো দিশ প্ৰকট হোৱাৰ লগতে অতীতৰ পৰা বৰ্তমানলৈকে এই লোকসকলৰ যি ক্ৰমবিৱৰ্তন তাক সাৱলীলভাৱে উপস্থাপন কৰিছে। উপন্যাসখনৰ কাহিনীভাগ বাস্তৱ জীৱন আধাৰিত। গ্ৰন্থখনৰ প্ৰথম প্ৰকাশ হৈছিল ২০১৮ চনৰ ১২ জুলাইত। জাগৰণ সাহিত্য প্ৰকাশনে উপন্যাসখন প্ৰকাশ কৰে৷১
লেখকৰ পৰিচয়
বিশ্বজ্যোতি শৰ্মাৰ জন্ম হৈছিল ১৯৭৭ চনত তিতাবৰৰ বিবিজান অঞ্চলত। তেখেতে নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত শিক্ষা সাং কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ৰসায়ন বিজ্ঞান বিভাগৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেখেত বৰ্তমান তিতাবৰৰ প্ৰাগজ্যোতিকা একাডেমীৰ ৰসায়ন বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক আৰু লগতে তেওঁ যুৱ ঔপন্যাসিক, গল্পকাৰ আৰু নিবন্ধকাৰ। তেখেতৰ "তেজপিয়া", "কৃষ্ণচূড়াৰ ৰং"," আংৰা", "নীলকণ্ঠী" উল্লেখযোগ্য উপন্যাস। শৰ্মাই ২০১৯ চনত "নীলকণ্ঠী" উপন্যাসৰ বাবে অসম সাহিত্য সভাৰ "সিংহ পুৰুষ ৰাধাগোবিন্দ বৰুৱা সাহিত্য বঁটা" লাভ কৰে।
কাহিনীৰ সাৰাংশ
চাহ- জনগোষ্ঠীয় জীৱন-প্ৰৱাহক কেন্দ্ৰ কৰি উপন্যাসখনৰ কাহিনীভাগ আগবাঢ়িছে। উপন্যাসখনৰ মূল চৰিত্ৰ ডিবিছ হৈছে জনজাতীয় সমাজখনৰ প্ৰতিনিধি আৰু লগতে সেই সমাজখনৰ আদৰ্শ স্বৰূপ। উপন্যাসখনৰ মূল পটভূমি হৈছে তিতাবৰ অঞ্চলৰ তোমোলবাৰী চাহ -বাগিচা। চাহ- জনগোষ্ঠীৰ মানুহৰ জীৱনৰ আখ্যান অৰ্থাৎ, ঠিকাদাৰ বা চৰ্দাৰবোৰ লগ হৈ কেনেকৈ হাজাৰ- হাজাৰ বনুৱাক উৰিষ্যাৰ পৰা অসমলৈ আনিছিল তাৰ এক কৰুণ কাহিনী আগবঢ়াইছে। লগতে অসমলৈ আহি তেওঁলোকে কেনেদৰে বিভিন্ন ঘাত-প্ৰতিঘাতৰ মাজেৰে জীৱন অতিবাহিত কৰিছিল, তাৰ এক সুন্দৰ বিশ্লেষণ উপন্যাসখনত পোৱা যায়। মংগলু, নামনি, বিৰিয়া তেওঁলোকৰে সতি- সন্ততি। পগলা চাহাবৰ নিৰ্মম অত্যাচাৰ তথা শোষণ, শ্ৰমৰ উচিত মূল্য নিদিয়া, অস্পৃশ্যতাৰে ভৰা মনোভাৱ, অৰ্থাৎ উচ্চ জাতিৰ নিম্ন জাতিৰ প্ৰতি থকা ভেদাভেদ উপন্যাসখনৰ পাতে পাতে বিৰাজমান। সেই সমাজখনৰ উন্নতিৰ বাবে, শিক্ষাৰ পোহৰ বিলাবলৈ আগুৱাই আহে বিনোদ, মায়া আৰু বিৰাজৰ দৰে নৱপ্ৰজন্মৰ প্ৰতিনিধি। তেওঁলোকৰ অহোপুৰুষাৰ্থ চেষ্টাৰ বলত সমাজখনত ক্ৰমান্বয়ে শিক্ষাৰ পোহৰ পৰিবলৈ ধৰে। আনহাতে ডিবিছ হৈছে সেই সমাজখনৰ পৰা নিজৰ একান্ত চেষ্টাৰ ফলত সফলতা লাভ কৰিবলৈ সক্ষম হোৱা এজন প্ৰতিনিধি। অভাৱ- অনাটন, নিচাযুক্ত বস্তুৰ প্ৰতি জনগোষ্ঠীয় লোকৰ আসক্তি, পদে পদে 'কুলি', 'লেবাৰ' ইত্যাদি বিভূষণেৰে ইতিকিংৰ পাত্ৰ হোৱা ইত্যাদি এশ এবুৰি সমস্যাক আওকাণ কৰি দৃঢ়প্ৰতিজ্ঞ হৈ পঢ়া-শুনাত নিজকে আত্মনিয়োগ কৰি ডিবিছে জীৱনৰ যুঁজখনত নিজকে এজন সফল যোদ্ধা ৰূপে পৰিচয় দিবলৈ সক্ষম হৈছে। বিভিন্ন বাধা, লাঞ্ছনা, শোষণ আদিক অতিক্ৰম কৰি উচ্চ শিক্ষাৰে শিক্ষিত হৈ চাকৰিত আত্মনিয়োগ কৰিছে। পঢ়া-শুনাৰ সমান্তৰালভাৱে জনগোষ্ঠীৰ উন্নতিৰ হকে মাত মতা, চাহ-জনগোষ্ঠীয় সংগঠনৰ সৈতে জড়িত হৈ সমাজখনক কিছুপৰিমানে শিক্ষামূখী কৰাতো ডিবিছ জড়িত হয়।
চৰিত্ৰসমূহ
বিনোদ, বিৰাজ, মায়া, মংগলু, বিৰিচা, চামনি, ডিবিছ, ন'ট', ইন্দ্ৰানী, নৰেন, চুৰেন, শইকীয়া ছাৰ, সম্ৰাট, ৰেণু, জগত গোৱালা ইত্যাদি।
সামৰণি
বিশ্বজ্যোতি শৰ্মাৰ আংৰা উপন্যাসখন অতীতৰ পৰা বৰ্তমানলৈকে চাহ জনগোষ্ঠীয় সমাজখনৰ যি বিৱৰ্তন, তাৰ এক দলিলস্বৰূপ। চাহ জনগোষ্ঠীয় লোকসকলৰ পৰিত্যক্ত জীৱনেই গ্ৰন্থখনৰ মূল আকৰ্ষণ।২
তথ্যসূত্ৰ
- ↑ আৰ্কাইভ কপি
- ↑ আংৰা, লেখক: বিশ্বজ্যোতি শৰ্মা, প্ৰকাশক: জাগৰণ সাহিত্য প্ৰকাশন, পানবজাৰ-১
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আংৰা (গ্ৰন্থ)” প্ৰবন্ধৰ সংশোধন ৪৪৭৯৩৭ (২৪ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।