অসম
অসমৰ ইতিহাস, ভূগোল, সংস্কৃতি, ব্যক্তিত্ব আৰু প্ৰকৃতি বিষয়ক প্ৰবন্ধ। · ৫,২৭৯ প্ৰবন্ধ
-
দিছপুৰ
দিছপুৰ,(Dispur) অসমৰ কামৰূপ মহানগৰ জিলাত অৱস্থিত বৃহত্তৰ গুৱাহাটী মহানগৰৰ অন্তৰ্গত এটা নগৰাঞ্চল। ১৯৭৩ চনৰ পৰাই এই অঞ্চলটো অসমৰ ৰাজধানী হিচাপে পৰিগণিত হৈ আহিছে। অসম সচিবালয় আৰু অন্যান্য গুৰুত্বপূৰ্ণ চৰকাৰী কাৰ্য্যালয়সমূহ এই অঞ্চলত অৱস্থিত।
-
নাৰায়ণপুৰ
নাৰায়ণপুৰ (Narayanpur) ভাৰতৰ উত্তৰ পূৰ্বীয় ৰাজ্য অসমৰ লখিমপুৰ জিলাৰ এটা ৰাজহ চক্ৰ। এই ৰাজহ চক্ৰৰ কেন্দ্ৰস্থল নাৰায়ণপুৰ নগৰ। নাৰায়ণপুৰ অসমৰ বিহপু্ৰীয়া বিধান সভা সমষ্টি আৰু শোণিতপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত।
-
বিষ্ণু ৰাভা বঁটা
বিষ্ণু ৰাভা বঁটা (Bishnu Rabha award) অসমীয়া সংস্কৃতিৰ পূজাৰী বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতিত আগবঢ়োৱা এক সন্মানজনক বঁটা। অসম চৰকাৰ অধীনস্থ সাংস্কৃতিক সঞ্চালকালয়ৰদ্বাৰা অসমৰ বিভিন্ন ঠাইত কেন্দ্ৰীয়ভাৱে আয়োজিত বিষ্ণু ৰাভা দিৱসত এই বঁটা অসমীয়া সংস্কৃতিলৈ আগবঢ়োৱা বিশিষ্ট অৱদান আগবঢ়োৱা বৰেণ্য…
-
ভাদ
ভাদ অসমীয়া বৰ্ষপঞ্জীৰ পঞ্চম মাহ। ই অসমীয়া পঞ্জিকাৰ বাৰটা মাহ, ক্ৰমে ব'হাগ, জেঠ, আহাৰ, শাওন, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন আৰু চ'তৰ অন্যতম। ভাদত ৩১ দিন থাকে। এই ভাদ মাহতেই দুই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি। ১ ভাদ হ'ল এই মাহৰ প্ৰথম দিন।
-
অসম কৃষি বিশ্ববিদ্যালয়
অসম কৃষি বিশ্ববিদ্যালয় (Assam Agricultural University) অসমৰ একমাত্ৰ কৃষি বিশ্ববিদ্যালয়। ১৯৬৯ চনৰ ১ এপ্ৰিলত যোৰহাটত স্থাপিত হোৱা এই বিশ্ববিদ্যালয়খনে অসমত কৃষি-শিক্ষা, গৱেষণা আৰু কৃষি সম্প্ৰসাৰণৰ হকে কাম কৰি আহিছে।
-
কাতি
কাতি অসমীয়া বৰ্ষপঞ্জীৰ সপ্তম মাহ। এই সময়ত সূৰ্যই কৰ্কট ক্ৰান্তিৰপৰা লাহে লাহেকৈ দক্ষিণলৈ গতি কৰে। কৃত্তিকা নক্ষত্ৰৰ নামেৰে এই মাহৰ নাম কাৰ্তিক বা কাতি হৈছে। অসমীয়া পঞ্জিকাৰ বাৰটা মাহ, ক্ৰমে ব'হাগ, জেঠ, আহাৰ, শাওণ, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন আৰু চ'তৰ অন্যতম। কাতি মাহত ৩০ দিন থাকে।
-
পাটকাই
পাটকাই (𑜆𑜡𑜄𑜫 𑜀𑜩,Patkai) হৈছে ভাৰতৰ উত্তৰ-পূব অঞ্চল আৰু ম্যানমাৰৰ সীমান্তত অৱস্থিত পৰ্বতমালা। ই জৈৱ-বৈচিত্ৰৰে চহকী ঘন চিৰ সেউজীয়া বৰ্ষাৰণ্যৰে ভৰা এক অঞ্চল। কেইবাটাও জনগোষ্ঠীয়েও এই অঞ্চলত বসবাস কৰে। পাটকাই পৰ্বত অসম, অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ উপৰিও ম্যানমাৰ দেশলৈ বিস্তৃত হৈ আছে।
-
পাল ৰাজবংশ (কামৰূপ)
পাল ৰাজবংশ (Pala dynasty)ই আনুমানিক ৯৯০ খ্ৰীষ্টাব্দৰ পৰা ১১৩৮ খ্ৰীষ্টাব্দলৈ কামৰূপ ৰাজ্য ৰাজত্ব কৰিছিল। শালস্তম্ভ বংশৰ শেষ ৰজা ত্যাগ সিংহৰ সতি-সন্ততি নথকাত সেই বংশ লোপ পাইছিল। প্ৰজাসকলে ব্ৰহ্মপাল নামৰ পুৰণি নৰক বংশীয় কোঁৱৰ এজনক ৰজা মনোনীত কৰিছিল।
-
বৰ্মণ ৰাজবংশ
বৰ্মণ বংশ (Varman dynasty) খ্ৰীষ্টীয় চতুৰ্থ শতিকাৰ মাজভাগত পুষ্যবৰ্মা নামৰ ৰজা এজনে কামৰূপত প্ৰতিষ্ঠা কৰে। এই বংশই ৩৫০ খ্ৰীষ্টাব্দৰ পৰা ৬৫০ খ্ৰীষ্টাব্দলৈ কামৰূপত ৰাজত্ব কৰিছিল। এই বংশ সেই সময়ৰ গুপ্ত বংশৰ সমসাময়িক আছিল।
-
লখিমপুৰ (লোকসভা সমষ্টি)
লক্ষিমপুৰ লোকসভা সমষ্টি (Lakhimpur Lok Sabha constituency) অসমৰ ১৪টা লোক সভা সমষ্টিৰ ভিতৰত এটা।
-
সাদিন
সাদিন (Sadin) হৈছে গুৱাহাটীৰ পৰা প্ৰকাশিত অসমীয়া ভাষাৰ এখন সাপ্তাহিক বাতৰি কাকত। ১৯৮৯ চনত কাকতখন প্ৰথম প্ৰকাশ পায়। বৰ্তমানৰ সম্পাদক অনুৰাধা শৰ্মা পূজাৰী। ২০১৩ চনত সাদিনে ৰূপালী জয়ন্তী বৰ্ষ অৰ্থাৎ ২৫ বছৰত ভৰি দিয়ে। প্ৰথম মুখ্য সম্পাদক আছিল তিলক হাজৰিকা আৰু কাৰ্যবাহী সম্পাদক আছিল অজিত কুমাৰ ভূঞা।
-
হালধি
হালধি এবিধ তৃণজাতীয় গছ আৰু ইয়াৰ মৃদ্গত কাণ্ড। ইয়াৰ ৰাইজ'ম পিচিলে বা খুন্দিলে হালধীয়া ৰস ওলায়। হালধিৰ কাণ্ড কেঁচাকৈ শুকানকৈ গুৰি কৰি মছলা হিচাপে আৰু খাদ্যত ৰং দিবলৈ ব্যৱহাৰ কৰা হয়। আদা গোত্ৰৰ বহুবৰ্ষজীৱী গছজোপা ভাৰতীয় উপমহাদেশ আৰু দক্ষিণ-পূব এছিয়াৰ স্থানীয় উদ্ভিদ।
-
কৰিমগঞ্জ
কৰিমগঞ্জ অসমৰ কৰিমগঞ্জ জিলাৰ এখন নগৰ আৰু জিলা সদৰ। বাঙালী আৰু মেইতেই (মণিপুৰী) এই অঞ্চলৰ চৰকাৰী ভাষা।
-
গহপুৰ
গহপুৰ ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্য অসমৰ বিশ্বনাথ জিলাৰ পূব প্ৰান্তত অৱস্থিত এটা মহকুমা আৰু এখন ইতিহাস প্ৰসিদ্ধ নগৰ। ইয়াতেই স্বাধীনতা সংগ্ৰামী কনকলতা বৰুৱাৰ জন্ম হয় আৰু এই গহপুৰৰ ভোলাগুৰি চাহ বাগিচাতে চিত্ৰবন ষ্টুডিঅ' নিৰ্মাণ কৰি জ্যোতিপ্ৰসাদ আগৰৱালাই অসমৰ প্ৰথমখন বোলছবি জয়মতীৰ চিত্ৰগ্ৰহণ কৰিছিল।
-
দেৰগাঁও
দেৰগাঁও(Dergaon) (IPA: ˈdɜːˌgɑ̃ʊ)উজনি অসমৰ গোলাঘাট জিলাত অৱস্থিত এখন ঐতিহাসিক ঠাই। হেমকোষ প্ৰণেতা ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা, জ্ঞানপীঠ বঁটাপ্ৰাপ্ত কবি নীলমণি ফুকন, গল্প সম্ৰাট চৈয়দ আব্দুল মালিক, প্ৰফুল্ল চন্দ্ৰ বৰা, নগেন ঠাকুৰ, নৃত্যাচাৰ্য যতীন গোস্বামীকে আদি কৰি অসমীয়া সমাজ-সংস্কৃতিৰ জগতখনত…
-
বসন্ত ঋতু
বসন্ত ঋতু (Spring) ছয় ঋতুৰ শেষ ঋতু। ফাগুন মাহৰ শেষ ভাগৰ পৰা আৰম্ভ হৈ সম্পূৰ্ণ চ'ত আৰু ব'হাগ মাহৰ প্ৰায় শেষলৈকে বসন্ত কাল অনুভূত হয়। গ্ৰীষ্ম মণ্ডলটো সূৰ্যৰ সমুখলৈ ঢাল খোৱা বাবে গ্ৰীষ্মমণ্ডলৰ ঠাই সমূহত এই সময়ত উত্তাপ লাহে লাহে বৃদ্ধি হয় আৰু দুই এজাক পাতলীয়াৰ পৰা মজলীয়া ধৰণৰ বৰষুণ হয়।
-
৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)
৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ (National Highway 37, চমুকৈ NH 37) এটা ভাৰতৰ অন্তৰ্গত ৰাষ্ট্ৰীয় ঘাইপথ যিটোৱে অসম ৰাজ্যৰ বহুকেইখন জিলাৰ মাজেৰে অতিক্ৰম কৰিছে। পথটোৰ মুঠ দৈৰ্ঘ্য হৈছে ৬৮০ কিলোমিটাৰ।
-
অসমৰ ৰাজ্যপালসকলৰ তালিকা
ভাৰতবৰ্ষৰ ৰাজ্য একোখনৰ ৰাজ্যপালজন হৈছে ৰাষ্ট্ৰপতিৰ প্ৰতিনিধি আৰু লগতে ৰাজ্যখনৰ সাংবিধানিক মুৰব্বী। ৰাষ্ট্ৰপতিয়ে ৰাজ্যপালক ৫ বছৰৰ বাবে নিযুক্তি দিয়ে। অসমৰ বৰ্তমানৰ ৰাজ্যপাল হৈছে লক্ষ্মণ আচাৰ্য। ২০২৪ চনৰ ৩০ জুলাই তাৰিখে তেওঁ ২৮ সংখ্যক অসমৰ ৰাজ্যপাল হিচাপে কাৰ্যভাৰ আৰম্ভ কৰে।
-
কুকুৰা
কুকুৰা (Chicken) এক প্ৰকাৰৰ পোহনীয়া চৰাই, বনকুকুৰাৰ এক উপ-প্ৰজাতি। এবিধ সাধাৰণ আৰু বিশ্বব্যাপি পোহনীয়া প্ৰাণী হিচাপে ২০০৩ চনত কুকুৰাৰ জনসংখ্যা আছিল প্ৰায় ২৪০ কোটি, পৃথিৱীৰ অন্য যিকোনো প্ৰজাতিৰ চৰাইতকৈ কুকুৰাৰ সংখ্যা সৰ্বাধিক। মানুহে খাদ্য হিচাপে কুকুৰাৰ মাংস আৰু কণী দুয়োটাই ভক্ষণ কৰে।
-
বড়োলেণ্ড পিপলছ ফ্ৰণ্ট
বড়োলেণ্ড পিপলছ ফ্ৰন্ট (Bodoland Peoples Front (BPF)) (চমুকৈ বি পি এফ) ভাৰতৰ অসম ৰাজ্যৰ এটা স্বীকৃতিপ্ৰাপ্ত আঞ্চলিক ৰাজনৈতিক দল। দলটো বিশেষকৈ অসমৰ বি টি এ ডি (Bodoland Territorial Areas District) অঞ্চলত সক্ৰিয়।
-
বিমলা প্ৰসাদ চলিহা
বিমলা প্ৰসাদ চলিহা (Bimala Prasad Chaliha, জন্ম:১৯১২ – মৃত্যু: ১৯৭১) হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন নেতা আৰু অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী। ১৯৭১ চনত তেওঁক পদ্মবিভূষণ বঁটাৰে সন্মানিত কৰা হৈছিল।
-
মৰিগাঁও
মৰিগাঁও নগৰ মৰিগাঁও জিলাৰ সদৰ ঠাই। মৰিগাঁও নগৰ 26.379 উত্তৰ অক্ষাংশ আৰু 92.341 পুৱ দ্ৰাঘিমাংশত অৱস্থিত। মৰিগাঁও নগৰখনত বৰ্তমান ১০ ওৱাৰ্ড আছে।
-
যোৰহাট লোকসভা সমষ্টি
যোৰহাট লোক সভা সমষ্টি অসমৰ ১৪টা লোক সভা সমষ্টিৰ ভিতৰত এটা।
-
অসমীয়া জাতি
অসমীয়া জাতি হৈছে অসমীয়া ভাষাৰ সৈতে জড়িত এক সামাজিক-জাতিগত ভাষিক জনগোষ্ঠীৰ সমুহ। বেছিভাগ অসমীয়াই ব্ৰহ্মপুত্ৰ উপত্যকাত বাস কৰে, য'ত তেওঁলোকৰ জনসংখ্যা প্ৰায় ৫৬%। অসমীয়া শব্দটো প্ৰচলন হোৱাৰ আগতে অসমৰ বাসিন্দাক বুজাবলৈও ইয়াক ব্যৱহাৰ কৰা হয়।
-
আম
আম (Mango, বৈজ্ঞানিক নাম: Mangifera indica) হৈছে 'Mangifera' গোত্ৰৰ অন্তৰ্ভুক্ত এবিধ ৰসাল ফলধৰা উদ্ভিদ। এই উদ্ভিদবিধ দক্ষিণ এছিয়াত স্থানীয়ভাৱে দেখা পোৱা যায়। আমে ভাৰতবৰ্ষ আৰু ফিলিপাইনছৰ ৰাষ্ট্ৰীয় ফল আৰু বাংলাদেশৰ ৰাষ্ট্ৰীয় বৃক্ষ (national tree) হিচাপে স্বীকৃতি পাইছে।
-
আহাৰ (মাহ)
আহাৰ অসমীয়া বৰ্ষপঞ্জীৰ তৃতীয় মাহ। ই অসমীয়া পঞ্জিকাৰ বাৰটা মাহ, ক্ৰমে ব'হাগ, জেঠ, আহাৰ, শাওণ, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন আৰু চ'তৰ অন্যতম। আহাৰত ৩১ দিন থাকে। ১আহাৰ হ'ল এই মাহৰ প্ৰথম দিন।
-
গুৱাহাটী লোকসভা সমষ্টি
গুৱাহাটী লোকসভা সমষ্টি (Gauhati Lok Sabha constituency) অসমৰ ১৪টা লোক সভা সমষ্টিৰ ভিতৰত এটা।
-
ছিলঠীয়া ভাষা
ছিলঠীয়া (ꠍꠤꠟꠐꠤ (ছিলটি), সিলেটি) বা ছিলেটি ভাষা বাংলাদেশৰ উত্তৰ-পূৰ্বাঞ্চলত অৱস্থিত ছিলঠ বিভাগ; অসমৰ হোজাই জিলা আৰু বৰাক উপত্যকা; আৰু ত্ৰিপুৰাৰ কিছু অংশত প্ৰচলিত ভাষা।
-
ডিম্বেশ্বৰ নেওগ
ডিম্বেশ্বৰ নেওগ (Dimbeswar Neog) (১৮৯৯ -১৯৬৬) অসমৰ এগৰাকী প্ৰসিদ্ধ কবি, প্ৰবন্ধকাৰ, ঔপন্যাসিক, ভাষা সাহিত্যৰ গৱেষক, নাট্যকাৰ, সমালোচক আৰু শিক্ষক আছিল। মূলতঃ অসমীয়া ভাষাত সাহিত্য ৰচনা বাদেও তেখেতে ইংৰাজী ভাষাতো গ্ৰন্থ ৰচনা কৰি থৈ গৈছে।
-
প্ৰস্তুতি পৰাশৰ
প্ৰস্তুতি পৰাশৰ (Prastuti Porasor) অসমীয়া চলচ্চিত্ৰ জগত, দূৰদৰ্শন আৰু ভ্ৰাম্যমাণ থিয়েটাৰৰ উল্লেখযোগ্য অভিনেত্ৰী তেওঁ অসমীয়া ভাষাৰ কেইবাখনো বোলছবিত অভিনয় কৰিছে। ২০০১-০২ বৰ্ষত প্ৰস্তুতি পৰাশৰে গুণ গুণ গানে গানে বোলছবিখনৰ বাবে ৰাজ্যিক চলচ্চিত্ৰ বঁটা, ২০০৪ৰ শ্ৰেষ্ঠা অভিনেত্ৰীৰ বঁটা লাভ কৰিছিল।