অসম
অসমৰ ইতিহাস, ভূগোল, সংস্কৃতি, ব্যক্তিত্ব আৰু প্ৰকৃতি বিষয়ক প্ৰবন্ধ। · ৫,২৭৯ প্ৰবন্ধ
-
উ
উ অসমীয়া লিপিৰ স্বৰবৰ্ণৰ পঞ্চম আখৰ। যি ধ্বনি মুখৰ কোনো অংশতে বাধা নোপোৱাকৈ উচ্চাৰিত হয়, সেয়ে স্বৰধ্বনি। 'উ'ও এটি স্বৰধ্বনি, সেয়েহে 'উ' উচ্চাৰণ কৰোঁতেও মুখৰ কোনো অংশৰে বাধা দিয়া নহয়। ব্ৰেইল্ত 'উ'-ক এনেদৰে লিখা যায়।
-
ঊ
ঊ অসমীয়া লিপিৰ স্বৰবৰ্ণৰ ষষ্ঠ আখৰ। যি ধ্বনি মুখৰ কোনো অংশতে বাধা নোপোৱাকৈ উচ্চাৰিত হয়, সেয়ে স্বৰধ্বনি। 'ঊ'ও এটি স্বৰধ্বনি, সেয়েহে 'ঊ' উচ্চাৰণ কৰোঁতেও মুখৰ কোনো অংশৰে বাধা দিয়া নহয়। ব্ৰেইল্ত 'ঊ'-ক এনেদৰে লিখা যায়।
-
ও
ও অসমীয়া লিপিৰ স্বৰবৰ্ণৰ দশম আখৰ। যি ধ্বনি মুখৰ কোনো অংশতে বাধা নোপোৱাকৈ উচ্চাৰিত হয়, সেয়ে স্বৰধ্বনি। 'ও'ও এটি স্বৰধ্বনি, সেয়েহে 'ও' উচ্চাৰণ কৰোঁতেও মুখৰ কোনো অংশৰে বাধা দিয়া নহয়। ব্ৰেইল্ত 'ও'-ক এনেদৰে লিখা যায়।
-
ঔ
ঔ অসমীয়া লিপিৰ স্বৰবৰ্ণৰ একাদশ আখৰ। যি ধ্বনি মুখৰ কোনো অংশতে বাধা নোপোৱাকৈ উচ্চাৰিত হয়, সেয়ে স্বৰধ্বনি। 'ঔ'ও এটি স্বৰধ্বনি, সেয়েহে 'ঔ' উচ্চাৰণ কৰোঁতেও মুখৰ কোনো অংশৰে বাধা দিয়া নহয়। ঔ এটা দ্বিস্বৰ, ঔ=অ+উ। ব্ৰেইল্ত 'ঔ'-ক এনেদৰে লিখা যায়।
-
ভাৰতীয় ৰে’ল
ভাৰতীয় ৰে’ল (Indian Railways, চমুকৈ IR) ভাৰত চৰকাৰৰ মালিকানাধীন আৰু ভাৰত চৰকাৰৰ ৰে’ল মন্ত্ৰণালয়ৰ দ্বাৰা পৰিচালিত এটা উদ্যোগ। ই ১,১৫,০০০ কিলোমিটাৰ ৰে’লপথ আৰু ৭,৫০০টা ষ্টেশ্যনৰে বিশ্বৰ অন্যতম বৃহৎ ৰে’ল জালিকা (networks)।
-
ভৌগোলিক স্বীকৃতি
ভৌগোলিক স্বীকৃতি (বা চমুকৈ জি আই; geographical indication) হৈছে কোনো এক সামগ্ৰীত ব্যৱহাৰ কৰা বিশেষ নাম বা চিহ্ন। এই নাম বা চিহ্ন নিৰ্দিষ্ট সামগ্ৰীবিধৰ ভৌগোলিক অৱস্থিতি বা মূল (যেনে- এখন দেশ, একোটা অঞ্চল বা চহৰ) অনুসাৰে নিৰ্ধাৰণ কৰা হয়।
-
ঋ
ঋ অসমীয়া স্বৰবৰ্ণমালাৰ সপ্তম আখৰ। 'ঋ'ৰ উচ্চাৰণ 'ৰি'ৰ দৰে। ব্ৰেইল্ত 'ঋ'-ক এনেদৰে লিখা যায়।
-
এ
এ অসমীয়া লিপিৰ স্বৰবৰ্ণৰ অষ্টম আখৰ। যি ধ্বনি মুখৰ কোনো অংশতে বাধা নোপোৱাকৈ উচ্চাৰিত হয়, সেয়ে স্বৰধ্বনি। 'এ'ও এটি স্বৰধ্বনি, সেয়েহে 'এ' উচ্চাৰণ কৰোঁতেও মুখৰ কোনো অংশৰে বাধা দিয়া নহয়। ব্ৰেইল্ত 'এ'-ক এনেদৰে লিখা যায়।
-
ঐ
ঐ অসমীয়া লিপিৰ স্বৰবৰ্ণৰ নৱম আখৰ। যি ধ্বনি মুখৰ কোনো অংশতে বাধা নোপোৱাকৈ উচ্চাৰিত হয়, সেয়ে স্বৰধ্বনি। 'ঊ'ও এটি স্বৰধ্বনি, সেয়েহে 'ঊ' উচ্চাৰণ কৰোঁতেও মুখৰ কোনো অংশৰে বাধা দিয়া নহয়। ঐ এটা দ্বিস্বৰ, ঐ=অ+ই। ব্ৰেইল্ত 'ঐ'-ক এনেদৰে লিখা যায়।
-
কালিকা পুৰাণ
কালিকা পুৰাণ (কালিকাপুৰাণম্) (আনুমানিক ১০ম শতিকা) এখন হিন্দু ধাৰ্মিক গ্ৰন্থ। ইয়াক ১৮ খন উপপুৰাণৰ এখন বুলি গণ্য কৰা হয়। পুৰণি কাব্যখনত ৯৮টা পঠত ৯০০০টা পৰিচ্ছেদ আছে। কালী দেৱীৰ বিভিন্ন ৰূপ যেনে "গিৰিজা", "দেৱী", "ভদ্ৰকালী", "মহামায়া" আদিৰ স্তুতি কৰা এইখন একমাত্ৰ কাব্যশৃঙ্খল।
-
অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা
অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল) প্ৰাপ্ত ছবি সমূহৰ তালিকা:
-
১৯৬২ৰ অসম বিধানসভা নিৰ্বাচন
অসম বিধানসভা নিৰ্বাচন, ১৯৬২ স্বাধীনোত্তৰ অসমৰ তৃতীয় বিধানসভা নিৰ্বাচন। এই নি্ৰ্বাচনৰ আগেআগে অসমকে ধৰি ভাৰতৰ সকলোবোৰ ৰাজ্যৰে লোকসভা আৰু বিধানসভাৰ আসনবোৰ পুনৰ্গঠন কৰা হৈছিল। ২য় বিধানসভা নিৰ্বাচনত অসমৰ বিধানসভাৰ আসন আছিল ৯৪খন আৰু ইয়াৰে ১৪খন আছিল দুজনীয়া আসন। বিধানসভাৰ মুঠ সদস্য সংখ্যা আছিল ১০৮জন।
-
অন্তহীন প্ৰেৰণাৰ উৎস লুই পেষ্টিঅ’ৰ
অন্তহীন প্ৰেৰণাৰ উৎস লুই পেষ্টিঅ’ৰ (Antahin Preranar Utsa Louis Pasteur) হৈছে হোমেন বৰগোহাঞিৰ দ্বাৰা ৰচিত ২০০১ চনৰ ডিচেম্বৰ মাহত প্ৰকাশ পোৱা এখন জীৱনী গ্ৰন্থ। ১৮২২ চনৰ ২৭ ডিচেম্বৰত জন্মগ্ৰহণ কৰা ফৰাচী ৰসায়নবিদ আৰু অণুজীৱবিদ লুই পেষ্টিঅ’ৰই কেনেকৈ বিভিন্ন আৱিষ্কাৰৰ মাধ্যমেৰে মানুহৰ জীৱন ৰক্ষা কৰিছিল।
-
আত্ম দীপো ভৱ
আত্ম দীপো ভৱ (Aatmo Dipu Bhaba) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ সংকলন। ইয়াত মুঠ ২০ টা প্ৰবন্ধ আছে। এইখন এখন অৱশ্য পঠনীয় গ্ৰন্থ। ১৯৯৬ চনৰ ডিচেম্বৰ মাহত গ্ৰন্থখনৰ প্ৰথম সংস্কৰণ প্ৰকাশ হয়। প্ৰকাশনগোষ্ঠী হৈছে ষ্টুডেণ্ট ষ্ট'ৰচ।
-
গুণাভিৰাম বৰুৱা
গুণাভিৰাম বৰুৱা (১৮৩৪-১৮৯৪) এগৰাকী অসমীয়া সাহিত্যিক, নাট্যকাৰ, প্ৰবন্ধকাৰ, বুৰঞ্জীবিদ আৰু সমাজ সংস্কাৰক। তেখেতক ঊনবিংশ শতিকাৰ আধুনিক অসমীয়া সাহিত্যৰ এগৰাকী পথ-প্ৰদৰ্শক ৰূপে গণ্য কৰা হয়। অসমীয়া নাটকৰ আধুনিক ধাৰা প্ৰকৃততে তেওঁৰ "ৰাম নৱমী" (১৮৫৭)ৰ পৰাই আৰম্ভ হয়।
-
মোৰ প্ৰিয় মানুহ ছক্ৰেটিছ
মোৰ প্ৰিয় মানুহ ছক্ৰেটিছ (Mor Priyo Manuh Socrates) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন জীৱনী গ্ৰন্থ। এই প্ৰবন্ধ সংকলনখন ২০০১ চনত প্ৰথম প্ৰকাশ পায়।
-
উচ্চাকাংক্ষা
উচ্চাকাংক্ষা (Ussakansya) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ সংকলন। এই উচ্চাকাংক্ষা প্ৰবন্ধ সংকলনখন ১৯৯৯ চনৰ নৱেম্বৰ মাহত প্ৰথম প্ৰকাশ কৰে ষ্টুডেণ্টচ্ ষ্ট’ৰচ্ প্ৰকাশনে।
-
নৰকাসুৰ
ভাগৱত পুৰাণত উল্লেখ থকা মতে নৰকাসুৰ বা নৰক ভূমি (ভূদেৱী) আৰু বৰাহৰ (বিষ্ণুৰ তৃতীয় অৱতাৰ) পুত্ৰ। বিদেহৰ (উত্তৰ বিহাৰ) ৰজা জনকে তেওঁক ডাঙৰ-দীঘল কৰিছিল। বাণাসুৰৰ প্ৰভাৱত তেওঁ অত্যাচাৰী হৈ পৰিছিল। তেওঁ শেষ দানৱ ৰজা ঘটকাসুৰক সিংহাসনচ্যুত কৰি প্ৰাগজ্যোতিষ ৰাজ্য স্থাপন কৰিছিল।
-
মুনীন বৰকটকী বঁটা
প্ৰতিশ্ৰুতিসম্পন্ন তৰুণ লেখক-লেখিকাৰ অসমীয়া ভাষা আৰু সাহিত্যলৈ বিশেষ অৱদান বুলি পৰিগণিত হোৱা সৃষ্টিধৰ্মী বা সমালোচনামূলক গ্ৰন্থ/পাণ্ডুলিপিৰ বাবে প্ৰতি বছৰে মুনীন বৰকটকী বঁটা প্ৰদান কৰা হয়৷ চল্লিশ বছৰ বা তাৰ তলৰ লেখক-লেখিকাকহে এই বঁটাৰ বাবে যোগ্য বুলি ধৰা হয়৷ মুনীন বৰকটকী স্মাৰক ন্যাসৰ দ্বাৰা…
-
ইটানগৰ
ইটানগৰ (Itanagar ) হৈছে ভাৰতবৰ্ষৰ ৰাজ্য অৰুণাচল প্ৰদেশৰ ৰাজধানী। ই হিমালয়ৰ নামনি অংশত অৱস্থিত। অৰুণাচলৰ ৰাজধানী হিচাপে সমগ্ৰ ভাৰতৰ লগত বিমান আৰু পথৰ দ্বাৰা ইটানগৰলৈ পৰিবহণৰ সু-ব্যৱস্থা আছে। গুৱাহাটীৰপৰা নাহৰলগুন (ইটানগৰ)লৈ নিয়মীয়াকৈ হেলিকপ্তাৰ চলাচল কৰে।
-
চ'ত
চ'ত অসমীয়া বৰ্ষপঞ্জীৰ অন্তিম মাহ। ই অসমীয়া পঞ্জিকাৰ বাৰটা মাহ, ক্ৰমে ব'হাগ, জেঠ, আহাৰ, শাওণ, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, আৰু ফাগুনৰ অন্যতম। বহাগত ৩০ দিন থাকে। ১ চ'ত হ'ল এই মাহৰ প্ৰথম দিন। এই মাহৰ অন্তত অসমীয়া নববৰ্ষৰ আৰম্ভ হয়।
-
চেতনা দাস
চেতনা দাস (Chetana Das, জন্ম: ৪ নৱেম্বৰ, ১৯৫৪) হৈছে অসমৰ এগৰাকী অভিনেত্ৰী। ১৯৭০ আৰু ১৯৮০ দশকত তেওঁ অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেত্ৰী আছিল। তেওঁ পূৰ্বৰ অসমৰ (বৰ্তমানৰ মেঘালয়) শ্বিলঙত জন্মগ্ৰহণ কৰিছিল।
-
সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা
সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা (All India United Democratic Front বা AIUDF) ভাৰতৰ এক ৰাজনৈতিক দল। উত্তৰ-পূৰ্বাঞ্চলৰ অসমত এই দলৰ উৎপত্তি হৈছিল। মৌলানা বদৰুদ্দিন আজমল এই দলৰ মুখ্য নেতা।
-
১৯৫৭ৰ অসম বিধানসভা নিৰ্বাচন
অসম বিধানসভা নিৰ্বাচন, ১৯৫৭ স্বাধীনোত্তৰ অসমৰ ২য় বিধানসভা নিৰ্বাচন। ২৫-২-১৯৫৭ তাৰিখে অসম বিধানসভাৰ ৯৪টা সমষ্টিৰ আটাইকেইটাতে মুঠ ১০৮জন বিধায়ক বাচনি কৰিবলৈ এই নিৰ্বাচন অনুষ্ঠিত হৈছিল। এই ৯৪টা বিধানসভা সমষ্টিৰ ১৪টা আছিল দুজনীয়া সদস্যৰ সমষ্টি আৰু আনকেইটা আছিল এজনীয়া সদস্যৰ।
-
বানপানী
বানপানী (flood) হ'ল সাধাৰণ পৰিস্থিতিত শুকান হৈ থকা পৃথিৱীৰ স্থলভাগ জলমগ্ন হোৱা অৱস্থা। সাধাৰণতে কোনো হ্ৰদ বা নদীৰ পানী বাঢ়ি ওফন্দি বানপানীৰ সৃষ্টি কৰে। অত্যধিক বৰষুণ, বৰফ গলা আদি কাৰণতো বানপানী হয়। বোৱতী পানীয়ে গছ-গছনি, ঘৰ, জীৱ-জন্তু আদি উটুৱাই নিয়ে। ই বৰ্তমান যুগৰ এটা ভয়ংকৰ প্ৰাকৃতিক দূৰ্যোগ।
-
চাঁওতালি ভাষা
চাঁওতালি বা সাঁওতালি, চাঁওতালী, সান্থালী ভাষা হ'ল অষ্ট্ৰো-এছীয় ভাষাপৰিবাৰৰ চাঁওতালি উপপৰিবাৰৰ এটি ভাষা। হো আৰু মুণ্ডাৰী ভাষাৰ লগত ইয়াৰ মিল আছে। ২০০১ চনৰ লোকপিয়ল অনুসৰি ভাৰতত প্ৰায় ৫৯ লাখ ৪০ হাজাৰ চাঁওতালিভাষী মানুহে বসবাস কৰে।
-
চুহুন্মুং
চুহুংমুং বা চাওফা চ্যু-হুন-মুং বা স্বৰ্গনাৰায়ণ আহোম ৰাজ্যৰ চতুৰ্দশ স্বৰ্গদেউ। চুপিম্ফা (১৪৯৩-১৪৯৭ খ্ৰীঃ)ৰ মৃত্যুৰ পাছতে ১৪৯৭ খ্ৰীঃত তেওঁৰ পুতেক চুহুন্মুং আহোম ৰাজপাটত উঠে। দিহিঙ্গীয়া ফৈদৰ কোঁৱৰসকলৰ ভিতৰত এওঁকে সৰ্বশ্ৰেষ্ঠ বুলি কোৱা হয়। তেওঁক দিহিঙ্গীয়া ৰজা বা ওপৰজনা দিহিঙ্গীয়া ৰজাও বোলে।
-
দৈনিক অসম
দৈনিক অসম (Dainik Asam) হৈছে অসমৰ এখন পুৰণি অসমীয়া বাতৰি কাকত। কাকতখন প্ৰথম প্ৰকাশ হয় ১৯৬৫ চনৰ ৪ আগষ্টত। স্বৰ্গীয় ৰাধাগোবিন্দ বৰুৱাৰ একান্ত প্ৰচেষ্টাৰ ফলত এই বাতৰি কাকতৰ জন্ম হয়। গুৱাহাটী আৰু ডিব্ৰুগড়ৰ পৰা কাকতখন প্ৰকাশিত হয়। দ্যা আছাম ট্ৰিবিউন পাব্লিচাৰ্ছ হৈছে কাকতখনৰ প্ৰকাশক।
-
ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)
ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী) (Communist Party of India (Marxist) CPI(M), সংক্ষেপত: চিপিআই(এম)) হৈছে ভাৰতৰ এক কমিউনিষ্ট ৰাজনৈতিক দল। সদস্য আৰু নিৰ্বাচনী আসনৰফালৰপৰা ই ভাৰতৰ আটাইতকৈ ডাঙৰ কমিউনিষ্ট দল, আৰু ভাৰতৰ ছয়টা ৰাষ্ট্ৰীয় দলৰ ভিতৰত অন্যতম।
-
ডিমাপুৰ
ডিমাপুৰ (/diməˈpʊər/) হৈছে ভাৰতৰ নাগালেণ্ড ৰাজ্যৰ সৰ্ববৃহৎ চহৰ আৰু পৌৰসভা। ২০২৪ চনলৈকে চহৰখনৰ পৌৰসভাৰ জনসংখ্যা আছিল ১৭২,০০০। চহৰখন নাগালেণ্ডৰ মুখ্য প্ৰৱেশদ্বাৰ আৰু বাণিজ্যিক কেন্দ্ৰ। চহৰখন নাগালেণ্ডৰ মুখ্য প্ৰৱেশদ্বাৰ আৰু বাণিজ্যিক কেন্দ্ৰ।