অসম
অসমৰ ইতিহাস, ভূগোল, সংস্কৃতি, ব্যক্তিত্ব আৰু প্ৰকৃতি বিষয়ক প্ৰবন্ধ। · ৫,২৭৯ প্ৰবন্ধ
-
মেঘালয়
মেঘালয় (Meghalaya, मेघालय) হৈছে উত্তৰ-পূব ভাৰতৰ এখন ৰাজ্য। সংস্কৃত ভাষাত "মেঘালয়" শব্দৰ অৰ্থ হৈছে মেঘৰ আলয় (Abode of Clouds)। পূবা-পশ্চিমাকৈ ই প্ৰায় ৩০০ কিঃমিঃ আৰু বহলে প্ৰায় ১০০ কিঃমিঃ। ইয়াৰ উত্তৰে অসম আৰু দক্ষিণে বাংলাদেশ অৱস্থিত। মেঘালয়ৰ ৰাজধানী হৈছে শ্বিলং।
-
মণিপুৰ
মণিপুৰ উত্তৰ-পূব ভাৰতৰ এখন ৰাজ্য। ইয়াৰ ৰাজধানী ইম্ফাল। মণিপুৰৰ উত্তৰে নাগালেণ্ড, দক্ষিণে মিজোৰাম, পশ্চিমে অসম ৰাজ্য আৰু পূৱ দিশত ম্যানমাৰ আছে।
-
অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)
এইটো এটা দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা। অসমীয়া শব্দটোৱে নিম্নলিখিত প্ৰবন্ধবোৰ সূচাব পাৰে। অসমীয়া কবিতা অসমীয়া খবৰ অসমীয়া খাদ্যাভ্যাস অসমীয়া চলচ্চিত্ৰ অসমীয়া জাতি অসমীয়া বৰ্ণমালা অসমীয়া ব্যাকৰণ অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ অসমীয়া ভাষা অসমীয়া ভাষা আন্দোলন অসমীয়া ভাষা উন্নতি সাধিনী সভা অসমীয়া…
-
নাগালেণ্ড
নাগালেণ্ড (Nagaland) উত্তৰ-পূব ভাৰতৰ এখন ৰাজ্য। নাগালেণ্ডৰ পশ্চিমে অসম, উত্তৰলৈ অৰুণাচল প্ৰদেশ আৰু অসমৰ কিছু অংশ, পূৱে ম্যানমাৰ আৰু দক্ষিণলৈ মণিপুৰ। ৰাজ্যৰ ৰাজধানী ক’হিমা, আৰু বৃহত্তম নগৰ ডিমাপুৰ, নাগালেণ্ডৰ মাটিকালি প্ৰায় ১৬,৫৭৯ km2 আৰু ২০১১ চনৰ লোকপিয়ল মতে জনসংখ্যা ১,৯৮০,৬০২ (ঊনৈশ লাখ আশী হাজাৰ…
-
হিমালয়
হিমালয় পৰ্বতমালাক (Himalaya Mountains; বা; সংস্কৃত: দেৱনাগৰী লিপি: हिमालय), সাধাৰণতে হিমালয় বোলা হয়। সংস্কৃতৰ 'হিম' আৰু 'আলয়' - এই দুটা শব্দ মিলি 'হিমালয়' শব্দটোৰ গঠন হৈছে। ইয়াৰ অৰ্থ হৈছে 'বৰফৰ ঘৰ'। হিমালয় পৰ্বতমালা ভাৰতীয় উপদ্বীপৰ উত্তৰ দিশত অৱস্থিত।
-
শ্বিলং
শ্বিলং (Shillong) উত্তৰ-পূৱ ভাৰতৰ এটি পাহাৰীয়া কেন্দ্ৰ আৰু মেঘালয় ৰাজ্যৰ ৰাজধানী। সমুদ্ৰপৃষ্ঠৰ পৰা গড়ে ৪,৯০৮ ফুট (১,৪৯৬ মিটাৰ) উচ্চতাত অৱস্থিত শ্বিলং পূৱ খাছী পাহাৰ জিলাৰ মূল কেন্দ্ৰ। ইয়াৰ সৰ্বোচ্চ বিন্দু শ্বিলং পিকৰ উচ্চতা সমুদ্ৰপৃষ্ঠৰ পৰা ৬,৪৪৯ ফুট (১,৯৬৬ মিটাৰ)।
-
গঙ্গা নদী
গঙ্গা (गङ्गा गंगा گنگا Ganga ) ভাৰত আৰু বাংলাদেশত প্ৰবাহিত এখন আন্তঃসীমান্ত নদী। এই নদী ভাৰতীয় প্ৰজাতন্ত্ৰৰ জাতীয় নদীও। গঙ্গাৰ দৈৰ্ঘ্য 2525 কি.মি.; উৎসস্থল পশ্চিম হিমালয়ত ভাৰতৰ উত্তৰাখণ্ড ৰাজ্য। দক্ষিণ আৰু পূৰ্বে গাঙ্গেয় সমভূমি অঞ্চলৰ উপৰেদি প্ৰবাহিত হৈ গঙ্গা মিলিছে বঙ্গোপসাগৰত।
-
অসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকা
অসম বিধানসভাৰ আৰম্ভণি হোৱাৰ সময়ত ১৯৩৭ চনৰ ৭ এপ্ৰিল তাৰিখে মুঠ ১০৮টা সমষ্টি আছিল। ১৯৫৭ চনত সমষ্টিৰ সংখ্যা ১০৫ খনলৈ হ্ৰাস কৰা হৈছিল। বিধানসভা সমষ্টিৰ সংখ্যা ১৯৬২ চনত ১১৪খন আৰু ১৯৭২ চনত ১২৬ খনলৈ বৃদ্ধি কৰা হ'ল।
-
২০২১ৰ অসম বিধানসভা নিৰ্বাচন
পঞ্চদশ অসম বিধানসভাৰ নিৰ্বাচন ২০২১ চনৰ ২৭ মাৰ্চৰ পৰা ৬ এপ্ৰিললৈ ১২৬টা সমষ্টিৰ বাবে তিনিটা পৰ্যায়ত অনুষ্ঠিত হয়। ফলাফল ঘোষণা কৰা হয় ২০২১ চনৰ ২ মে' তাৰিখে। চতুৰ্দশ পঞ্চদশ অসম বিধানসভাৰৰ কাৰ্যকাল ২০২১ চনৰ ৩১ মে' তাৰিখে অন্ত পৰিব।
-
চাওফা
চাওফা (𑜋𑜰𑜫;𑜇า.Tsāo phâa; চীনা:召法;ছান:ၸဝ်ႈၾႃႉ,অৰ্থ: স্বৰ্গদেউ, স্বৰ্গৰ ৰজা) হ'ল আহোম ৰাজ্য, শান ৰাজ্য, দাঈ ৰাজ্য, থাই ৰাজ্য আৰু খামটিসকলৰ টাইবংশানুক্ৰমিক টাইশাসকসকলক সূচাই ব্যৱহাৰ কৰা ৰাজকীয় উপাধি। কেৱল টাই বংশৰ মানুহেহে এই উপাধি লাভ কৰে। অসমীয়া ভাষাত ইয়াক স্বৰ্গদেউ বুলিও কোৱা হয়।
-
ধুবুৰী
ধুবুৰী (ইং: Dhubri, Pron: ˈdʊbri) হ'ল ধুবুৰী জিলাৰ সদৰ ঠাই। ই ব্ৰহ্মপুত্ৰ আৰু গদাধৰ নৈৰ পাৰত অৱস্থিত এখন বুৰঞ্জী প্ৰসিদ্ধ নগৰ। ১৮৮৩ চনত নগৰ খনক পৌৰসভাৰ অন্তৰ্ভুক্ত কৰা হয়। ৰাজ্যৰ ৰাজধানী দিশপুৰৰ পৰা নগৰখনলৈ দুৰত্ব ২৮০ কি.মি.(১৭৪ মাইল)।
-
গোৱালপাৰা
গোৱালাপাৰা, (Pron: ) উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যত অৱস্থিত গোৱালপাৰা জিলাৰ সদৰঠাই। এই নগৰখন গুৱাহাটী মহানগৰীৰ পশ্চিমে ১৩৪ কিমি দূৰত্বত অৱস্থিত। এই নগৰখন ঐতিহাসিকভাৱে কোঁচ ৰাজবংশী সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত আছিল।
-
২০১৬ৰ অসম বিধানসভা নিৰ্বাচন
চতুৰ্দশ অসম বিধানসভাৰ নিৰ্বাচন ৪ আৰু ৫ এপ্ৰিল, ২০১৬ তাৰিখে অসমৰ মুঠ ১২৬টা বিধানসভা সমষ্টিৰ বাবে দুটাটা পৰ্যায়ত অনুষ্ঠিত হয়। ফলাফল ঘোষণা কৰা হয় ১৯ মে', ২০১৬ তাৰিখে। এই নিৰ্বাচনত ভোটদানৰ হাৰ আছিল ৮৪.৭২%।
-
তিনিচুকীয়া
তিনিচুকীয়া (Tinisukia) অসমৰ এখন মুখ্য নগৰ আৰু পৌৰসভা অঞ্চল। ই অসমৰ এক মুখ্য উদ্যোগিক নগৰ। তিনিচুকীয়া জিলাৰ সদৰ। চহৰখনৰ পুৰণি নাম বেংমৰা যি মটক ৰাজ্যৰ ৰাজধানী আছিল। তিনিচুকীয়া নামৰ উৎপত্তি চহৰখনৰ পশ্চিমত থকা তিনিকোণীয়া নামৰ তিনিটা চুক থকা পুখুৰী এটাৰ পৰা হৈছে।
-
কাছাৰ জিলা
কাছাৰ জিলা অসমৰ বৰাক উপত্যকাৰ এখন জিলা। শিলচৰ এই জিলাৰ সদৰ। কাছাৰ জিলাখন এসময়ত বৃহত্তৰ কছাৰী সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত আছিল। বাঙালী আৰু মেইতেই (মণিপুৰী) এই অঞ্চলৰ চৰকাৰী ভাষা।
-
ঢোল
ঢোল সমগ্ৰ ভাৰতীয় উপমহাদেশতে আঞ্চলিক তাৰতম্যৰ সৈতে বহুলভাৱে ব্যৱহৃত এক প্ৰকাৰৰ বাদ্যযন্ত্ৰ। ভাৰত উপমহাদেশ বিভিন্ন অঞ্চলত ঢোলৰ ব্যৱহাৰ কৰা হয় বিশেষকৈ উত্তৰ অঞ্চলৰ জম্মু, হিমাচল প্ৰদেশ, পঞ্জাব, হাৰিয়ানা, দিল্লী, কাশ্মীৰ, সিন্ধ, অসম উপত্যকা, উত্তৰাখণ্ড, পশ্চিম বংগ, ওড়িশা, গুজৰাট, মহাৰাষ্ট্ৰ, কংকন,…
-
কামৰূপ (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)
কামৰূপ ভাৰতৰ অসম ৰাজ্যৰ এখন প্ৰশাসনিক জিলা৷ ২০০৩ চনত পুৰণি কামৰূপ জিলা দুভাগত বিভক্ত হয়; বৃহত্তৰ গুৱাহাটী অঞ্চলক লৈ এখন নতুন জিলা কামৰূপ মহানগৰ জিলা গঠন কৰা হয় আৰু অন্যখনৰ নাম আগৰ কামৰূপেই থাকিল। ২০০৪ চনত কামৰূপ জিলাৰ অন্তৰ্গত ৰঙিয়া মহকুমাৰ এটা অংশ নবগঠিত বাক্সা জিলাত অন্তৰ্ভূক্ত হয়।
-
অসমীয়া প্ৰতিদিন
অসমীয়া প্ৰতিদিন (Asomiya Pratidin) হৈছে এখন অসমীয়া দৈনিক বাতৰি কাকত। ১৯৯৫ চনত প্ৰথম প্ৰকাশ পায়। প্ৰতিষ্ঠাপক সম্পাদক অজিত কুমাৰ ভূঞা। প্ৰথম কাৰ্য্যবাহী সম্পাদক পৰাগ কুমাৰ দাস। বৰ্তমানৰ মুখ্য সম্পাদক নিত্য বৰা, মুখ্য সহযোগী সম্পাদক অচ্যুত কুমাৰ পাটোৱাৰী আৰু কাৰ্যবাহী সম্পাদক ধৈৰ্য হাজৰিকা।
-
কামৰূপ মহানগৰ জিলা
কামৰূপ মহানগৰ জিলা অসমৰ ৩৩খন জিলাৰ ভিতৰত এখন।
-
তেজপুৰ বিশ্ববিদ্যালয়
১৯৯৪ চনত তেজপুৰৰ নপামত স্থাপিত হয় তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়। বৰ্তমান বিশ্ববিদ্যালয়খনত ১৫টা বিভাগেৰে প্ৰায় ২৫০০ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰি আছে। শেহতীয়াকৈ বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যৰূপে প্ৰফেচৰ শম্ভূনাথ সিঙক নিযুক্তি দিয়া হৈছে।
-
১৯৬৭ৰ অসম বিধানসভা নিৰ্বাচন
অসম বিধানসভাৰ নিৰ্বাচন, ১৯৬৭ স্বাধীনোত্তৰ অসমৰ চতুৰ্থ বিধানসভা নিৰ্বাচন। মুঠ ১২৬থন আসনৰ বাবে এই নিৰ্বাচন অনুষ্ঠিত হৈছিল। নিৰ্বাচনৰ পূৰ্বে সমষ্টিবোৰৰ পুনৰ গঠন কৰা হৈছিল আৰু পূৰ্বৰ ১০৫টা সমষ্টিৰ পৰা ১২৬টা সমষ্টিলৈ বৃদ্ধি কৰা হৈছিল।
-
ধান
ধান হৈছে এবিধ খাদ্যশস্য। অসমৰ লগতে ভাৰত তথা প্ৰাচ্যৰ বিভিন্ন দেশত জনপ্ৰিয় ধানৰ প্ৰজাতিটো হৈছে Oryza sativa, যাক সচৰাচৰ এছিয় ধান (Asian rice আৰু চমুকৈ Rice) বোলা হয়। ধান উষ্ণ জলবায়ুত, বিশেষকৈ পূব-এছিয়াত বহুলভাৱে খেতি কৰা হয়। Rice শব্দটো তামিল ভাষাৰ আৰিছি শব্দৰপৰা অহা।
-
চাহ
চাহ (Tea) হৈছে সুগন্ধযুক্ত আৰু স্বাদবিশিষ্ট এবিধ পানীয়। গৰম পানী আৰু চাহ গছৰ পাতৰ পৰা তৈয়াৰ কৰা হয়। ব্যক্তিবিশেষৰ সোৱাদ অনুসৰি ইয়াৰ লগত আন সামগ্ৰী, যেনে: চেনি, গাখীৰ আদিও সংযোগ কৰা হয়। পানীৰ পিছতে চাহ হৈছে বিশ্বৰ আটাইটকৈ বেছি সেৱন কৰা পানীয়।
-
পিতা-পুত্ৰ (গ্ৰন্থ)
পিতা-পুত্ৰ হৈছে হোমেন বৰগোহাঞি ৰচিত এখন আত্মজীৱনীমূলক উপন্যাস। লেখকে তেওঁৰ বয়সৰ স্তৰে স্তৰে দেখা তেওঁৰ গাঁওখনৰ মানুহৰ জীৱন আৰু গাঁৱৰ সমাজখনৰ পৰিৱৰ্তনৰ ছবিখন উপন্যাসখনৰ জৰিয়তে দাঙি ধৰিছে। নীলাচল কাকতৰ সম্পাদক হৈ থকা সময়ত লেখকে উপন্যাসখনৰ লিখা কাম আৰম্ভ কৰে।
-
অসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকা
এইখন তালিকা ভাৰতবৰ্ষৰ অন্তৰ্ভুক্ত ৰাজ্য অসমৰ প্ৰাক্তন আৰু বৰ্তমান কাৰ্যৰত মুখ্যমন্ত্ৰীসকলৰ কাৰ্যকালৰ আৰম্ভণি, কাৰ্যকাল সমাপ্তি, দলভিত্তিত প্ৰস্তুত কৰি তৈয়াৰ কৰা হৈছে।
-
নৰনাৰায়ণ
মহাৰাজ নৰনাৰায়ণ অবিভক্ত কোচ ৰাজ্য কমতাপুৰৰ তৃতীয় আৰু অন্তিম ৰজা আছিল। তেওঁৰ আগৰজন ৰজা আছিল দেউতাক বিশ্বসিংহ। নৰনাৰায়ণৰ শাসনকালত কোচ ৰাজ্যই ইয়াৰ ৰাজনৈতিক আৰু সাংস্কৃতিক ক্ষেত্ৰৰ উচ্চ শিখৰত আৰোহণ কৰিছিল। তেওঁ নাৰায়ণী নামেৰে এবিধ ৰূপৰ মুদ্ৰাৰ প্ৰচলন আৰম্ভ কৰাইছিল।
-
অ
অ(IPA:ɔ) অসমীয়া লিপিৰ স্বৰবৰ্ণৰ প্ৰথম আখৰ। যি ধ্বনি মুখৰ কোনো অংশতে বাধা নোপোৱাকৈ উচ্চাৰিত হয়, সেয়ে স্বৰধ্বনি। 'অ'ও এটি স্বৰধ্বনি, সেয়েহে 'অ' উচ্চাৰণ কৰোতেও মুখৰ কোনো অংশৰে বাধা দিয়া নহয়। ব্ৰেইল্ত 'অ'-ক এনেদৰে লিখা যায়।
-
আ
আ (IPA:a) অসমীয়া লিপিৰ স্বৰবৰ্ণৰ দ্বিতীয় আখৰ। যি ধ্বনি মুখৰ কোনো অংশতে বাধা নোপোৱাকৈ উচ্চাৰিত হয়, সেয়ে স্বৰধ্বনি। 'আ'ও এটি স্বৰধ্বনি, সেয়েহে 'আ' উচ্চাৰণ কৰোতেও মুখৰ কোনো অংশৰে বাধা দিয়া নহয়। ব্ৰেইল্ত 'আ'-ক এনেদৰে লিখা যায়।
-
ই
ই অসমীয়া লিপিৰ স্বৰবৰ্ণৰ তৃতীয় আখৰ। যি ধ্বনি মুখৰ কোনো অংশতে বাধা নোপোৱাকৈ উচ্চাৰিত হয়, সেয়ে স্বৰধ্বনি। 'ই'ও এটি স্বৰধ্বনি, সেয়েহে 'ই' উচ্চাৰণ কৰোঁতেও মুখৰ কোনো অংশৰে বাধা দিয়া নহয়। ব্ৰেইল্ত 'ই'-ক এনেদৰে লিখা যায়।
-
ঈ
ঈ অসমীয়া লিপিৰ স্বৰবৰ্ণৰ চতুৰ্থ আখৰ। যি ধ্বনি মুখৰ কোনো অংশতে বাধা নোপোৱাকৈ উচ্চাৰিত হয়, সেয়ে স্বৰধ্বনি। 'ঈ'ও এটি স্বৰধ্বনি, সেয়েহে 'ঈ' উচ্চাৰণ কৰোঁতেও মুখৰ কোনো অংশৰে বাধা দিয়া নহয়। ব্ৰেইল্ত 'ঈ'-ক এনেদৰে লিখা যায়।