অসম
অসমৰ ইতিহাস, ভূগোল, সংস্কৃতি, ব্যক্তিত্ব আৰু প্ৰকৃতি বিষয়ক প্ৰবন্ধ। · ৫,২৭৯ প্ৰবন্ধ
-
শিৱনাথ বৰ্মন
শিৱনাথ বৰ্মন (Sivanath Barman) একাধাৰে এগৰাকী অসমীয়া অধ্যাপক, লিখক, সম্পাদক, অভিধান প্ৰণেতা আৰু অনুবাদক। তেখেত ‘জনসাধাৰণ’ বাতৰি কাকতৰ মুখ্য সম্পাদকৰূপেও সেৱা আগবঢ়াইছিল। ২০২২ বৰ্ষত তেখেতৰ জীৱনযোৰা সাহিত্যিক অৱদানৰ বাবে ‘ওজা হেমচন্দ্ৰ বৰুৱা ভাষা-সাহিত্য সাধনা বঁটা’ প্ৰদান কৰা হয়।
-
শিৱপ্ৰসাদ ঠাকুৰ
শিৱপ্ৰসাদ ঠাকুৰ (Shivaprasad Thakur) অসমৰ এজন চলচ্চিত্ৰ পৰিচালক আছিল। ১৯৮৩ চনত মুক্তিপ্ৰাপ্ত ঘৰ সংসাৰ নামৰ চলচ্চিত্ৰৰ পৰিচালনাৰ যোগেদি তেখেতে অসমীয়া চলচ্চিত্ৰ জগতত পদাৰ্পন কৰিছিল। তেখেতে মুঠতে ১০খন অসমীয়া চলচ্চিত্ৰৰ পৰিচালনা কৰিছিল।
-
হিতেশ্বৰ শইকীয়া
হিতেশ্বৰ শইকীয়া (Hiteswar Saikia, জন্ম: ১৯৩৪ – মৃত্যু: ১৯৯৬) হৈছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।
-
অসম বাণী
অসম বাণী (Asam Bani) হৈছে অসমৰ এখন সাপ্তাহিক বাতৰিকাকত। প্ৰতি শুকুৰবাৰে এই কাকত প্ৰকাশ হৈছিল। আছাম ট্ৰিবিউন কাকত গোষ্ঠীৰ দ্বাৰা এই কাকত প্ৰকাশ পায়। এসময়ত কাকতখনৰ ইন্টাৰনেট সংস্কৰণো উপলব্ধ আছিল। বৰ্তমান কাকতখন বন্ধ হৈছে। ২০২৫ চনৰ ছেপ্টেম্বৰ মাহৰ পৰা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে।
-
আহিন
আহিন অসমীয়া বৰ্ষপঞ্জীৰ ষষ্ঠ মাহ। অশ্বিনী নক্ষত্ৰৰ নামেৰে এই মাহৰ নাম আশ্বিন বা আহিন হৈছে। অসমীয়া পঞ্জিকাৰ বাৰটা মাহ, ক্ৰমে ব'হাগ, জেঠ, আহাৰ, শাওণ, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন আৰু চ'তৰ অন্যতম। আহিন মাহত ৩০ দিন থাকে। আহিন মাহত শৰৎ ঋতুৰ সমাপ্তি হৈ হেমন্ত ঋতুৰ আৰম্ভ হয়।
-
উত্তৰ-পূব সীমান্ত ৰে’লৱে
উত্তৰ-পূব সীমান্ত ৰে’লৱে’ (Northeast frontier Railway) হ’ল ৰে’লৱে’ ভাৰতীয় ৰেলৰ ষোলটা ৰেল মণ্ডলৰ (zone) আটাইতকৈ সৰু ৰেল মণ্ডল; অথচ ই আটাইতকৈ বেছি ৰাজ্যক সামৰি লৈছে।
-
জেৰিফা ৱাহিদ
জেৰিফ ৱাহিদ (Zerifa Wahid) হৈছে অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেত্ৰী।
-
শালস্তম্ভ ৰাজবংশ
শালস্তম্ভ বংশ সপ্তম শতিকাৰ মাজভাগত শালস্তম্ভ নামৰ ৰজা এজনে প্ৰতিষ্ঠা কৰে। তেওঁ প্ৰাগজ্যোতিষপুৰৰ পৰা ৰাজধানী তুলি নি বৰ্তমান তেজপুৰৰ ওচৰৰ হাৰুপ্পেশ্বৰ নামে ঠাইত পাতে। ড° ডম্বৰুধৰ নাথৰ মতে শালস্তম্ভ চুতীয়া জাতিৰ লোক। কিন্তু এই বংশৰ ৰজাবিলাকে নিজকে ভগদত্তৰ বংশধৰ বুলিহে পৰিচয় দিছিল।
-
হিউৱেন-চাং
হিউৱেন-চাং (Xuanzang) এজন বৌদ্ধ ধৰ্মীয় চীনা পৰিব্ৰাজক আছিল। তেখেত এজন বিশ্ববিখ্যাত তীৰ্থযাত্ৰী, যিজনে ষোল্ল বছৰ কাল ভাৰতত বৌদ্ধ ধৰ্মৰ ধৰ্মীয় গ্ৰন্থবোৰ সংস্কৃত ভাষাৰপৰা নিজৰ ভাষালৈ অনুবাদ কৰাত ব্যস্ত আছিল।
-
অসম মাধ্যমিক শিক্ষা পৰিষদ
অসম মাধ্যমিক শিক্ষা পৰিষদ (Secondary Education Board of Assam) (SEBA) অসমৰ মাধ্যমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয়সমূহক স্বীকৃতি প্ৰদান, বিদ্যালয়সমূহত উন্নত মানৰ শিক্ষাৰ নিশ্চিতকৰণ আৰু পৰীক্ষা আয়োজনৰ কৰ্তৃত্ব থকা ৰাজ্যিক পৰ্যায়ৰ এক পৰিষদ আছিল।
-
অৰুণ শৰ্মা
অৰুণ শৰ্মা (Arun Sharma, ১৯৩১-২০১৭) একাধাৰে এজন নাট্যকাৰ, ঔপন্যাসিক, প্ৰবন্ধ লিখক, কবি তথা অনাতাঁৰ শিল্পী আছিল। 'শ্ৰী নিবাৰণ ভট্টাচাৰ্য' নাটকৰ বাবে খ্যাত। অৰুণ শৰ্মাদেৱ আশীৰ্বাদৰ ৰং শীৰ্ষক উপন্যাস খনৰ বাবে ১৯৯৮ বৰ্ষত সাহিত্য অকাডেমি বঁটা আৰু ২০০৩ বৰ্ষত সংগীত নাটক অকাডেমি বঁটা লাভ কৰে।
-
কাৰ্বি ভাষা
কাৰ্বি ভাষা উত্তৰ-পূব ভাৰত আৰু উত্তৰ-পূব বাংলাদেশৰ কাৰ্বি লোকসকলে (মিকিৰ বা আৰ্লেং) কোৱা ভাষা। ই চীনা-তিব্বতীয় ভাষা পৰিয়ালৰ অন্তৰ্গত কিন্তু ইয়াৰ স্থান স্পষ্ট নহয়।
-
কোচ ৰাজবংশী ভাষা
কোচ-ৰাজবংশী বা কামতাপুৰী ভাষা হ'ল ভাৰত-আৰ্য ভাষা পৰিয়ালৰ অন্তৰ্গত ভাষা। এই ভাষা ১৫ মিলিয়নৰো অধিক মানুহে এই ভাষা ব্যৱহাৰ কৰে।
-
তুলসী
তুলসী হৈছে লেমীয়াছী (Lamiaceae) পৰিয়ালৰ এবিধ সুগন্ধী ঔষধি উদ্ভিদ। ইয়াক ভাৰত উপমহাদেশীয় অঞ্চলত থলুৱাভাৱে দেখিবলৈ পোৱা যায়। তুলসীৰ বৈজ্ঞানিক নাম হ'ল ওছিমাম তেনুইফ্লোৰাম (Ocimum tenuiflorum) বা ওছিমাম ছেংকটাম (Ocimum Sanctum)। তুলসীক ইংৰাজীত 'হোলী বেছিল' (Holy Basil) বুলি জনা যায়।
-
দিখৌ নদী
দিখৌ নদী (Dikhow River) ব্ৰহ্মপুত্ৰ নদৰ দক্ষিণ পাৰৰ এখন উপনৈ। নদীখনৰ উৎপত্তি নাগালেণ্ডত আৰু তাৰপৰা ই অসমৰ শিৱসাগৰ জিলাৰ মাজেৰে বৈ দিখৌমুখত ব্ৰহ্মপুত্ৰত মিলিছে। নদীখনৰ দৈৰ্ঘ্য প্ৰায় ২০০ কিঃমিঃ আৰু ইয়াৰ অৱবাহিকাই প্ৰায় ৪,৩৭২ বৰ্গ কিঃমিঃ অঞ্চল আগুৰি আছে।
-
নিশিতা গোস্বামী
নিশিতা গোস্বামী (Nishita Goswami) অসমীয়া চলচ্চিত্ৰৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী। ১৯৮২ চনৰ ১৯ অক্টোবৰত অসমৰ গুৱাহাটীত তেখেতৰ জন্ম হয়। তেখেতৰ মাতৃৰ নাম মলয়া গোস্বামী আৰু পিতৃৰ নাম প্ৰদীপ গোস্বামী।
-
বেংগল প্ৰেচিডেঞ্চি
বেংগল প্ৰেচিডেঞ্চি, আনুষ্ঠানিকভাৱে প্ৰেচিডেঞ্চি অৱ ফ'ৰ্ট ৱিলিয়াম আৰু পাছলৈ বেংগল প্ৰদেশ, ব্ৰিটিছ ভাৰতৰ এটি ভাগ আছিল। ভৌগোলিকভাৱে নিজৰ আটাইতকৈ প্ৰসাৰিত অৱস্থাত বেংগল প্ৰেচিডেঞ্চিত দক্ষিণ এছিয়া আৰু দক্ষিণ-পূব এছিয়াৰ বৃহৎ অঞ্চল অন্তৰ্ভুক্ত আছিল।
-
বৰপেটা লোকসভা সমষ্টি
বৰপেটা লোকসভা সমষ্টি (Barpeta Lok Sabha constituency) অসমৰ ১৪টা লোক সভা সমষ্টিৰ ভিতৰত এটা।
-
মহেন্দ্ৰ বৰা
মহেন্দ্ৰ বৰা (Mahendra Bora) (১৯২৯-১৯৯৬) এজন অসমীয়া কবি-সাহিত্যিক, প্ৰবন্ধকাৰ, শিক্ষাবিদ আৰু সমালোচক। ১৯৮৭ চনত তেখেতে অসম সাহিত্য সভাৰ পাঠশালা অধিবেশনৰ সভাপতিৰ আসন অলঙ্কৃত কৰিছিল।
-
সলিল চৌধুৰী
সলিল চৌধুৰী এজন ভাৰতীয় সংগীত পৰিচালক। তেওঁ মূলতঃ বঙালী, হিন্দী আৰু মালয়ালম চলচ্চিত্ৰত আদিকে ধৰি অন্যান্য আঞ্চলিক ভাষাৰ কথাছবি সমূহতো সংগীত পৰিচালনা কৰিছিল। ইয়াৰ বাদেও তেওঁ এজন কবি আৰু চিত্ৰনাট্যকাৰ আছিল। তেখেতৰ গুনগ্ৰাহীসকলৰ ওচৰত তেওঁ সলিলদা নামেৰে পৰিচিত আছিল।
-
হাফলং
হাফলং (Haflong)ভাৰতৰ অসমৰাজ্যৰ অন্তৰ্ভুক্ত ডিমা হাছাও জিলাৰ সদৰ ঠাই৷ অসমৰ পৰ্বতীয়া অঞ্চলসমূহৰ ভিতৰত হাফলং অন্যতম৷ "Haflau" বা "Hangkhlong" শব্দৰ পৰা হাফলং চহৰৰ নাম উদ্ভৱ হোৱা বুলি অনুমান কৰা হয়৷ ডিমাছা ভাষাত ইয়াৰ অৰ্থ হৈছে পৰুৱাৰ পৰ্বত (Ant Hill)৷ অন্যহাতে জেমি নগাসকলৰ মত অনুসৰি এই নামটো হাফলঙৰ…
-
কোচ ৰাজবংশ
অসম আৰু বংগৰ কোচ ৰাজবংশ (কোচ জনগোষ্ঠীৰ নামেৰে হোৱা) কমতা ৰাজ্যত শাসন কৰা এক শাসক গোষ্ঠী। ১৪৯৮ চনত খেন ৰাজবংশৰ পতনৰ পিছত ১৫১৫ চনত কোচ ৰাজবংশই কমতা ৰাজ্যত শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰে।
-
পুৰন্দৰ সিংহ
পুৰন্দৰ সিংহ (১৮১৮–১৯, ১৮৩৩–১৮৩৮) অসমৰ আহোম ৰাজ্যৰ শেষ ৰজা আছিল। তেওঁক দুবাৰ ৰজা পতা হৈছিল। প্ৰথমবাৰ ১৮১৮ চনত চন্দ্ৰকান্ত সিংহক পদচ্যুত কৰাৰ পাছত ৰুচিনাথ বুঢ়াগোঁহাইয়ে তেওঁক ৰজা পাতিছিল। ১৮১৯ চনত মানে দ্বিতীয়বাৰ অসম আক্ৰমণ কৰি আহোম সেনাক পৰাস্ত কৰে আৰু চন্দ্ৰকান্ত সিংহক পুনৰ সিংহাসনত বহুৱায়।
-
আঘোণ
আঘোণ মাহ অসমীয়া বৰ্ষপঞ্জীৰ অষ্টম মাহ। এই মাহৰ আন এটি নাম হৈছে মাৰ্গশীৰ্ষ। মৃগশিৰা নক্ষত্ৰৰ নামেৰে এই মাহৰ নাম 'মাৰ্গশীৰ্ষ' হৈছে। এই সময়ত খেতি পথাৰ বোৰ পকা ধানেৰে শোভিত হৈ পৰে। অসমীয়া পৰম্পৰা অনুসৰি সেয়ে এই মাহ ধান চপোৱাৰ সময়।
-
আৱাহন (আলোচনী)
আৱাহন (Abahan) নগেন্দ্ৰ নাৰায়ণ চৌধুৰী আৰু ডাঃ দীননাথ শৰ্মা (আৱাহনৰ সম্পাদক)ৰ প্ৰচেষ্টাত জন্ম পোৱা এখন অধুনালুপ্ত মাহেকীয়া অসমীয়া আলোচনী। ১৯২৯ চনত ডাঃ দীননাথ শৰ্মাৰ সম্পাদনাত কলিকতাৰ পৰা আলোচনীখনৰ প্ৰথম সংখ্যা প্ৰকাশিত হয়। সম্পাদকীয়ত দীননাথ শৰ্মাই লিখিছে, "অসমত আজি নতুন যুগৰ সূচনা।
-
ইভা আচাও
ইভা আচাও এগৰাকী অসমীয়া অভিনেত্ৰী। তেখেতে পঞ্চাশ-ষাঠিৰ দশকত কেইবাখনো অসমীয়া ছবিত অভিনয় কৰিছিল।
-
কোকৰাঝাৰ লোকসভা সমষ্টি
কোকৰাঝাৰ লোকসভা সমষ্টি (Kokrajhar Lok Sabha constituency) অসমৰ ১৪টা লোক সভা সমষ্টিৰ ভিতৰত এটা। এই সমষ্টিটো অনুসূচিত জনজাতিৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত।
-
গৌৰীপুৰ
গৌৰীপুৰ (IPA: ˈgɑʊrɪˌpʊə or ˈgɔːrɪˌpʊə) (Gauripur) অসমৰ ধুবুৰী জিলাত অৱস্থিত এখন সৰু চহৰ। মূল চহৰখন গদাধৰ নৈৰ পূবপ্ৰান্তত অৱস্থিত।
-
জামুগুৰিহাট
জামুগুৰি হাট শোণিতপুৰ জিলাৰ অন্তৰ্গত জামুগুৰিহাট এখন সৰু চহৰ। জামুগুৰি হাটক নতুনকৈ চহৰ অঞ্চল বুলি পৰিকল্পনা কৰা হৈছে। ২০২২ চনৰ মাৰ্চমাহত জামুগুৰি-চতিয়া পৌৰসভাৰ প্ৰথমটো নিৰ্বাচনৰ ফলাফল ঘোষণা হৈ যায়। এই অঞ্চলটো ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ দিশে অৱস্থিত। অঞ্চলটো কলা-কৃষ্টিৰ দিশেৰে এটি চহকী অঞ্চল।
-
ধুবুৰী লোকসভা সমষ্টি
ধুবুৰী লোকসভা সমষ্টি (Dhubri Lok Sabha constituency) উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১৪টা লোকসভা সমষ্টিৰ ভিতৰত এটা অন্যতম লোকসভা সমষ্টি৷ এই সমষ্টিটো নামনি অসমৰ ১১টা বিধানসভা খণ্ডৰে গঠিত, দক্ষিণ শালমাৰা-মানকাচৰ জিলা আৰু ধুবুৰী জিলাৰ সকলো অংশ; গোৱালপাৰা জিলাৰ কিছু অংশ, বঙাইগাঁও জিলাৰ কিছু অংশ আৰু বৰপেটা…