অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

বড়োলেণ্ড পিপলছ ফ্ৰণ্ট

বড়োলেণ্ড পিপলছ ফ্ৰন্ট (Bodoland Peoples Front (BPF)) (চমুকৈ বি পি এফ) ভাৰতৰ অসম ৰাজ্যৰ এটা স্বীকৃতিপ্ৰাপ্ত আঞ্চলিক ৰাজনৈতিক দল। দলটো বিশেষকৈ অসমৰ বি টি এ ডি (Bodoland Territorial Areas District) অঞ্চলত সক্ৰিয়।

হালনাগাদ: ২১ আগষ্ট ২০২৬ ১২২ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

বড়োলেণ্ড পিপলছ ফ্ৰন্ট (Bodoland Peoples Front (BPF)) (চমুকৈ বি পি এফ) ভাৰতৰ অসম ৰাজ্যৰ এটা স্বীকৃতিপ্ৰাপ্ত আঞ্চলিক ৰাজনৈতিক দল। দলটো বিশেষকৈ অসমৰ বি টি এ ডি (Bodoland Territorial Areas District) অঞ্চলত সক্ৰিয়। এই দলটো ২০০৫ চনত প্ৰতিষ্ঠিত হৈছিল আৰু হাগ্ৰামা মহিলাৰী আৰু ইমানুৱেল মুচাহাৰী ক্ৰমে সভাপতি আৰু সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হৈছিল।১ ২০০৯ চনৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনত দলটোৰ প্ৰাৰ্থী চাঞ্চুমা খুংগুৰ বিচমূতিয়াৰী কোকৰাঝাৰ সমষ্টিৰ পৰা পঞ্চদশ লোকসভালৈ নিৰ্বাচিত হৈছিল। ২০০৮ চনৰ মে' মাহত এই দলৰে বিশ্বজিৎ দৈমাৰী ৰাজ্যসভালৈ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। দ্বাদশ অসম বিধানসভাত বি পি এফ দলৰ ১০ জন বিধায়ক আছিল। এই দলটোৱে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সৈতে জোঁট গঠন কৰি বৰ্তমানৰ অসম চৰকাৰৰ শাসনভাৰ চলাই আছে। ২ ২০১১ চনৰ নিৰ্বাচনত বি পি এফৰ পৰা ১২ জন বিধায়ক অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল।

তথ্যসূত্ৰ

  1. ↑ BPF Letter head indicating date of foundation
  2. ↑ Karmakar, Rahul. (4 February 2011). Assam polls: Cong sure, test for minority party. হিন্দুস্তান টাইমছ

সম্পৰ্কিত শ্ৰেণী

ৰাজনৈতিক দলঅসমৰ ৰাজনৈতিক দল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বড়োলেণ্ড পিপলছ ফ্ৰণ্ট” প্ৰবন্ধৰ সংশোধন ৬২৯৭৮২ (২১ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।