আম (Mango, বৈজ্ঞানিক নাম: Mangifera indica) হৈছে 'Mangifera' গোত্ৰৰ অন্তৰ্ভুক্ত এবিধ ৰসাল ফলধৰা উদ্ভিদ। এই উদ্ভিদবিধ দক্ষিণ এছিয়াত স্থানীয়ভাৱে দেখা পোৱা যায়। আমে ভাৰতবৰ্ষ আৰু ফিলিপাইনছৰ ৰাষ্ট্ৰীয় ফল আৰু বাংলাদেশৰ ৰাষ্ট্ৰীয় বৃক্ষ (national tree) হিচাপে স্বীকৃতি পাইছে।১ Mangifera indica, সাধাৰণতে [[আম] নামেৰে জনাজাত, Anacardiaceae পৰিয়ালৰ পৃষ্ণ উদ্ভিদ ৰ এটা প্ৰজাতি। .২ ই এটা ডাঙৰ ফলৰ গছ, ১০০ ফুট। আধুনিক আম – ত দুটা সুকীয়া জিনীয় জনসংখ্যা আছে "ভাৰতীয় প্ৰকাৰ" আৰু "দক্ষিণ-পূব এছিয়ান প্ৰকাৰ"।
নামকৰণ
আমৰ ইংৰাজী নাম অৰ্থাৎ "mango" তামিল শব্দ ' māṅgai বা mankay' অথবা মালায়ালম শব্দ 'māṅga' শব্দৰ পৰা উৎপত্তি হোৱা বুলি ধাৰণা কৰা হয়।৩৪৫৬
বিৱৰণ
আম এবিধ বৃক্ষজাতীয় উদ্ভিদ। ইয়াৰ উচ্চতা প্ৰায় ৩৫-৪০ মিটাৰ পৰ্যন্ত হ'ব পাৰে। এই গছবিধ বহুদিন জীয়াই থাকে। কিছুমান আমগছ ৩০০ বছৰ পৰ্যন্ত ফল ধাৰণ কৰিব পৰা অৱস্থাতে থকাৰো তথ্য পোৱা যায়। আমগছৰ পাত চিৰসেউজীয়া, সৰল আৰু alternate হয়। এটা পাত সাধাৰণতে দীঘলে ১৫-৩৫ ছে:মি: আৰু বহলে ৬-১৬ ছে:মি: হয়। কুমলীয়া পাতৰ বৰণ কমলা-গুলপীয়া। পুৰঠ হোৱাৰ লগে লগে এই ৰং সলনি হৈ গাঢ় ৰঙা হৈ সেউজীয়া হৈ পৰে। ফুলৰ দৈৰ্ঘ্য প্ৰায় ১০-৮০ ছে:মি: হয়। আমৰ ফলৰ বৰণ আৰু আকাৰ পুৰঠ হোৱাৰ লগে লগে সলনি হয়।
লগতে চাওক
- Ensminger, Audrey H. (1995). The Concise Encyclopedia of Foods & Nutrition. CRC Press. পৃ. 651. ISBN 0-8493-4455-7
- Litz, Richard E. (editor, 2009). The Mango: Botany, Production and Uses. 2nd edition. CABI. ISBN 978-1-84593-489-7
- Susser, Allen (2001). The Great Mango Book: A Guide with Recipes. Ten Speed Press. ISBN 978-1-58008-204-4
বাহ্যিক সংযোগ
- Common Mango
- Mango
- Mango Nutrition Information from USDA SR 22 database
- Mango-related dermatitis
- Sorting Mangifera species
তথ্যসূত্ৰ
- ↑ Mango tree National Tree
- ↑ মৰ্টন. (১৯৮৭). purdue.edu/newcrop/morton/mango_ars.html আম (Mangifera indica L.). In: উষ্ণ জলবায়ুৰ ফল; নিউ ক্ৰপ ৰিচ'ৰ্চ অনলাইন প্ৰগ্ৰেম, চেণ্টাৰ ফৰ নিউ ক্ৰপছ এণ্ড প্লাণ্ট প্ৰডাক্টছ, পাৰ্ডু ইউনিভাৰ্চিটি. পৃ. 221–239
- ↑ Walter William Skeat, Notes on English etymology
- ↑ Mango at Encyclopaedia Britannica
- ↑ Mango Merriam Webster Dictionary. "Origin of mango: Portuguese manga, probably from Malayalam māṅga. First Known Use: 1582"
- ↑ Definition for mango - Oxford Dictionaries Online (World English). Oxforddictionaries.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আম” প্ৰবন্ধৰ সংশোধন ৬৩১১৯৩ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।