লাকুৱা তাপ বিদ্যুৎ কেন্দ্ৰ হৈছে অসম শক্তি উৎপাদন নিগমৰ অধীনস্থ এক গেছ ভিত্তিক তাপ বিদ্যুৎ প্ৰকল্প। ই শিৱসাগৰ নগৰৰ পৰা পূৱ দিশত প্ৰায় ৩০ কিঃ মিঃ দুৰত্বত ধোদৰ আলিৰ দাঁতিত মাইবেলা নামে ঠাইত অৱস্থিত। পূৰ্বৰ শিৱসাগৰ জিলাৰ চৰাইদেউ মহকুমাৰ অন্তৰ্গত এই কেন্দ্ৰটি বৰ্তমান নৱগঠিত চৰাইদেউ জিলা জিলাৰ অন্তৰ্গত। জিলা সদৰ সোণাৰিৰ পৰা ১০ কিঃ মিঃ পশ্চিমে অৱস্থিত। প্ৰথম অৱস্থাত এই কেন্দ্ৰটি লাকুৱা তৈল্যক্ষেত্ৰত স্থাপন কৰাৰ কথা আছিল যদিও পিছলৈ ইয়াক লাকুৱা পৰা ১৪ কিঃ মিঃ দক্ষিণে মাইবেলাত স্থাপন কৰা হ'ল কিন্তু কেন্দ্ৰটিৰ নাম লাকুৱাই ৰখা হ'ল।
বৰ্জিত তাপ পুণৰুদ্ধাৰ প্ৰকল্প (তৃতীয় পৰ্য্যায়)
বাহ্যিক সংযোগ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লাকুৱা তাপ বিদ্যুৎ কেন্দ্ৰ” প্ৰবন্ধৰ সংশোধন ১৮৪৯৯৭ (২১ নৱেম্বৰ ২০১৮)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।