লক্ষীপুৰ হৈছে অসমৰ গোৱালপাৰা জিলা গোৱালপাৰা মহকুমাৰ এখন নগৰ১। এই নগৰখন গোৱালপাৰা জিলা কাৰ্যালয়ৰ ৪৮ কিঃমিঃ পশ্চিমত অৱস্থিত। বৰ্তমান লক্ষীপুৰ নগৰত ৪টা ৱাৰ্ড আছে। ২০১১ চনৰ লোকপিয়ল অনুসৰি লক্ষীপুৰ নগৰ সমিতিত মুঠ জনসংখ্যা ১৫,৬৩৩ যাৰ ৮,০৪৬ জন পুৰুষ আৰু ৭,৫৮৭ গৰাকী মহিলা।
জমিদাৰকালীন সময়ত লক্ষীপুৰ মেচপাৰা ইষ্টেটৰ ৰাজধানী আছিল। নগৰখনৰ উত্তৰাংশত জমিদাৰসকলৰ আবাসগৃহসমূহ আছিল। জমিদাৰ লক্ষ্মীনাৰায়ণ চৌধুৰীৰ নামেৰে ঠাইখনৰ নাম লক্ষ্মীপুৰ বা লক্ষীপুৰ হয়।
প্ৰাকৃতিক বিৱৰণ
গোৱালপাৰা জিলাৰ প্ৰাকৃতিক বিৱৰণ অনুসৰি লক্ষীপুৰ অঞ্চলটো চতুৰ্থ, পঞ্চম আৰু ষষ্ঠ গোটৰ অন্তৰ্গত। লক্ষীপুৰ অঞ্চল চাৰিওপিনে পাহাৰ ক্ষয়বিশিষ্ট টিলা আৰু চৰ অঞ্চলৰ দ্বাৰা পৰিবেষ্টিত। এটা সময়ত চৰ অঞ্চলবোৰ কৃষি ক্ষেত্ৰত বৰ উন্নত আছিল। বিশেষকৈ ধান আৰু মৰাপাটৰ বাবে।
লক্ষীপুৰ নগৰৰ মাটিকালিৰ পৰিমাণ ২ বৰ্গ মাইল। ১৯৭১ চনত চৰকাৰী ঘোষনাৰ দ্বাৰা লক্ষীপুৰ নগৰ ৰূপে স্বীকৃতি লাভ কৰে।
নগৰখনৰ পূৱে জিঞ্জিৰাম নৈ আৰু নিদানপুৰ ২য় খণ্ড, পশ্চিমে খাৰুভাজ গাঁও, উত্তৰে শিলাপানি আৰু বলমাৰি গাঁও, উত্তৰ-পশ্চিমে গাৰা নৈয়ে আবৃত ৰাখিছে, দক্ষিণে সালহানা গাঁও। লক্ষীপুৰ নগৰৰ চাৰিওফালে নৈয়ে আবৰি আছে। নগৰখনৰ পূব আৰু দক্ষিণ দিশত জিঞ্জিৰাম নদী আৰু উত্তৰ আৰু পশ্চিম দিশত গেৰা নদী প্ৰবাহিত হৈছে। লক্ষীপুৰৰ পূব দিশত থকা ভাই-ভনী পাহাৰ টিলা খুবেই জনপ্ৰিয় কিয়নো ইয়াত বহাগৰ বিহুত কেবাদিন ব্যাপী মেলা হয়।
ৰাজনীতি
লক্ষীপুৰ নগৰখন পশ্চিম গোৱালপাৰা আৰু জলেশ্বৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত। ইয়াৰ সকলো অংশ ধুবুৰী লোকসভাৰ অন্তৰ্ভুক্ত।
লক্ষীপুৰ মহকুমা
লক্ষীপুৰ মহকুমাটো ২৬ জানুয়াৰী ২০১৬ এই ৰাজ্যৰ মুখ্যমন্ত্ৰী তৰুন গগৈয়ে ঘোষণা কৰিছিল।
লক্ষীপুৰ ৰাস্তাৰে জলেশ্বৰৰ লগত সংযুক্ত আৰু নদীপথেৰে ধুবুৰীৰ লগত সংযুক্ত। এই মহকুমাৰ ওচৰত জলেশ্বৰ, চুনাৰী নামৰ কেইটামান গাঁও আছে। লক্ষীপুৰ দুটা প্ৰধান ৰাস্তাৰে জিলা সদৰ গোৱালপাৰাৰ লগত সংযুক্ত, এটি আমবাৰী হৈ, আৰু অনটি বায়দা, ৰংছাই হৈ।
নগৰটো বিকাশৰ পৰ্যায়ত আছে আৰু লক্ষীপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ দ্বাৰা প্ৰাথমিক চিকিৎসাৰ সুবিধা দি আছে। প্ৰাচীনতম স্কুলবিলাকৰ ভিতৰত এটি লক্ষীপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়। বিদ্যালয়টো নগৰৰ কেন্দ্ৰস্থলত অৱস্থিত। ব্ৰিটিছ যুগৰ শিক্ষা প্ৰদান কৰি আহিছে। এই নগৰৰ আশেপাশে বহুত কেইটা বেচৰকাৰী স্কুল আৰু চৰকাৰী স্কুল আছে। লক্ষীপুৰ কলেজ নগৰৰ একমাত্ৰ কলেজ।
লক্ষীপুৰৰ থানাটো ১৯১১ চনৰ পৰা এই নগৰৰ আশেপাশে শান্তি বজাই ৰাখিবলৈ তদাৰকি কৰি আহিছে।
নগৰ সমিতি আৰু ৱাৰ্ড
১৯৭১ চনত চৰকাৰী ঘোষোনাৰ দ্বাৰা লক্ষীপুৰ নগৰ ৰূপে স্বীকৃতি লাভ কৰে। নগৰ সমিতিৰ প্ৰথম সভাপতি আছিল মনীন্দ্ৰ নাৰায়ণ চৌধুৰী। তেতিয়াৰ পৰা প্ৰথমতে ও পৰৱৰ্তী সময়ত ৫ বছৰৰ মূৰে মূৰে নিৰ্বাচনৰ দ্বাৰা নগৰ সমিতি গঠন হৈ আছে।
লক্ষীপুৰ নগৰখন ৪টা ৱৰ্ডত বিভক্ত:
১ নং ৱাৰ্ডৰ অন্তৰ্গত ঠাইবোৰ হ'ল - আমবাৰী, মানাসপাৰা, ফলিমাৰী, গাডলাৰ পাম, ফেতেটাৰী, শান্তিপুৰ।
২ নং ৱাৰ্ডৰ অন্তৰ্গত ঠাইবোৰ হ'ল - ৰাজবাৰী, বামুণপাৰা, পালপাৰা, মিলন নগৰ, কলেজ নগৰ, মিস্ত্ৰীপাৰৰ কিছু অংশ।
৩ নং ৱাৰ্ডৰ অন্তৰ্গত ঠাইবোৰ হ'ল - বজাৰ, হালুৱাপাৰা, নতুন বজাৰ, ইটাখুলি, আমোলাপট্টি, নিদানপুৰৰ কিছু অংশ।
৪ নং ৱাৰ্ডৰ অন্তৰ্গত ঠাইবোৰ হ'ল - হাতীপাৰা, হীৰাপাৰা, বকুলতলা, বৰকন্দাজপাৰা, মাঋিপাৰা, খাকিলামাৰি, হাজংপাৰা আদি।
অনুষ্ঠান প্ৰতিষ্ঠান
প্ৰাক স্বাধীনতা কালৰে পৰা লক্ষীপুৰত বহুত অনুষ্ঠান প্ৰতিষ্ঠান স্থাপন হৈ আছে।
লক্ষীপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়: ভাৰত স্বাধীন হোৱাৰ ১২ বছৰ পূৰ্বে লক্ষীপুুৰৰ মাজমজিয়াত ঐতিহ্যমণ্ডিত লক্ষীপুৰ হায়াৰ চেকেণ্ডাৰী স্থাপন কৰা হয়। বৃহত্তম অঞ্চলত শিক্ষাৰ পোহৰ বিলোৱাৰ ক্ষেত্ৰত এই শিক্ষা প্ৰতিষ্ঠানটোৱে অগ্ৰণী ভূমিকা পালন কৰি আহিছে।
ৰামকৃষ্ণ আশ্ৰম শিক্ষানুষ্ঠান: ১৯৭০ চনত লক্ষীপুৰত ৰামকৃষ্ণ আশ্ৰম গঢ়ি তোলা হয়। ইয়াৰ পিছৰ বছৰতে এই আশ্ৰমৰ আদৰ্শত কিছু শিক্ষানুষ্ঠান গঢ়ি তোলা হয়। ১৯৭১ চনত ৰামকৃষ্ণ আশ্ৰম এল, পি, স্কুল, ৰামকৃষ্ণ এম, ই, স্কুল (১৭৭৬) আৰু পিছত ৰামকৃষ্ণ আশ্ৰমৰ হাইস্কুলো স্থাপন কৰা হয়।
লক্ষীপুৰ মহাবিদ্যালয়: লক্ষীপুৰ মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাৰ প্ৰাথমিক কুচ-কাৱাজ আৰম্ভ হৈছিল ১৯৬৮ তে। অৱশ্যে ১৯৮১ত হে ইয়াক প্ৰতিষ্ঠানিক ৰূপ দিয়া হয়। বৰ্তমানৰ বৰদলৈ হলত ইয়াৰ প্ৰাৰম্ভিক পাঠদান চলিছিল। পৰৱৰ্তী সময়ত বৰ্তমানৰ ঠাইত ইয়াক স্থানান্তৰ কৰা হয়।
ইয়াৰোপৰি লক্ষীপুৰত বহুতো চৰকাৰী শিক্ষানুষ্ঠান আছে। এইবোৰ হ'ল - হীৰাপাৰা এল, পি, স্কুল (১৯৭৬), শিশুজ্যোতি প্ৰাথমিক বিদ্যালয় (১৯৭৫), সবিতা প্ৰাথমিক বিদ্যালয় (১৯৭৬), ফলিমাৰী এল, পি, স্কুল (১৯৮৩), ফলিমাৰী হাই স্কুল (১৯৭১) আৰু গাৰ্লছ এম, ই, স্কুল (বৰ্তমান লক্ষীপুৰ টাউন স্কুল)
ব্যক্তিগত খণ্ডৰ শিক্ষা প্ৰতিষ্ঠান: ১৯৯০ চনত লক্ষীপুৰত পোন প্ৰথমবাৰৰ বাবে ব্যক্তিগত খণ্ডৰ বিদ্যালয় স্থাপন কৰা হয়। এই শিক্ষা প্ৰতিষ্ঠানখন হ‛ল - ৱেলকিন ইংলিছ স্কুল। ইয়াৰ পিছত বহুত ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠান গঢ়ি উঠিছে। এইবোৰ হ'ল - বিশ্বজ্যোতি জাতীয় বিদ্যালয়, শংকৰদেৱ শিশু বিদ্যা নিকেতন, লক্ষীপুৰ ইংলিছ স্কুল, এন, এন, চি জাতীয় বিদ্যালয়, বহুমুখী আদৰ্শ জাতীয় বিদ্যালয় আদি।
প্ৰধান ভাষা
লক্ষীপুৰত প্ৰধানকৈ অসমীয়া, বঙালী, ৰাভা আৰু বড়ো ভাষা অধিক জনপ্ৰিয়। ইয়াৰ উপৰিও লক্ষীপুৰৰ স্থানীয় ভাষা অলপ বেলেগ। ইয়াৰে কিছুমান মানুহে 'অসমীয়া-গোৱালপাৰীয়া' মিহলি থকা এটি ভাষাত কথা পাতে, আৰু এই ভাষাটোক কিছুমানে 'লক্ষীপুৰীয়া' ভাষা আৰু কিছুমানে 'উজানী' বা দেশী বুলি কয়। লক্ষীপুৰত বসবাস কৰা বেছিভাগ মুছলমান লোকসকলে কথা-বতৰত মইমনিসঙীয়া ভাষাৰ প্ৰয়োগ কৰে, স্থানীয় লোকে এই ভাষাটোক 'ভাটীয়া' ভাষা বুলি কয়। ইয়াৰ উপৰিও গোৱালপাৰাৰ নিজা ভাষা গোৱালপৰীয়া, যিটো নামনি অসমত অধিক জনপ্ৰিয়।
তথ্যসূত্ৰ
- ↑ Goalpara District: Home. goalpara.gov.in
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লক্ষীপুৰ, গোৱালপাৰা” প্ৰবন্ধৰ সংশোধন ৩৬৫০৮৪ (৯ মে’ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।