যাদুৰাম ডেকা বৰুৱা (Jaduram Deka Baruah (১৮০১-১৮৬৭) অসমৰ প্ৰথম অভিধান প্ৰণেতা।১ লখিমপুৰ জিলাত জন্ম। তেওঁ ১৮৩৯ চনত বঙলা-অসমীয়া অভিধান এখন প্ৰণয়ন কৰিছিল।২ অৱশ্যে অভিধানখন প্ৰকাশ নহ’ল। তেওঁ হাতে লিখা অভিধানখন তেতিয়াৰ গৱৰ্ণৰ জেনকিন্সক দিছিল। জেনকিন্সে সেইখন আমেৰিকান বেপ্তিষ্ট মিছনেৰী সকলক দিয়ে। অনুমান কৰা হৈছে যে, এই অভিধানখনৰ আধাৰতে মাইলচ্ ব্ৰনছনে ১৮৬৭ চনত তেওঁৰ ‘অসমিয়া-ইংৰাজী অভিধান’খন লিখে।১
জন্ম আৰু বংশ পৰিচয়
১৮০১ চনত উত্তৰ লখিমপুৰৰ ঘিলামাৰীত যাদুৰাম ডেকা বৰুৱাৰ জন্ম হয়।৩ পিতৃ কৃষ্ণদাস উত্তৰপাৰৰ বৰ বাৰভূঞাৰ লহকৰ ভূঞাৰ সন্ততি৷ সৰ্বশ্ৰান্ত হৈ যোৰহাট নগৰলৈ আহি স্বৰ্গদেউ চুদিংফাৰ আশ্ৰয় লয়৷ তেওঁ চুদিংফাৰ সমবয়সীয়া আছিল আৰু কিছুদিনৰ পাছতে ভঁৰালী বৰুৱা বিষয়বাব পায়৷৪ চন্দ্ৰকান্ত সিংহৰ দিনতে পুতেক যাদুৰামে ‘বৰ ভাণ্ডাৰ বৰুৱা’ বাব পোৱাত যাদুৰামে ‘ডেকা বৰুৱা’ও বোলা হৈছিল৷ ক্ষীণ আছিল বাবে তেওঁৰ আন এটি নাম আছিল ‘লেৰেলী ডেকা বৰুৱা’।৫ চাৰিজন ককাই-ভাইৰ ভিতৰত এওঁ আছিল বৰ-মাজু৷ যাদুৰামৰ পুত্ৰ দুজন- কৃষ্ণপ্ৰসাদ আৰু দুৰ্গাপ্ৰসাদ৷
কৰ্ম জীৱন
যোহাটত চাকৰি কৰাৰ পাছত ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহ ১৮৫৭ৰ কালত যাদুৰামে উত্তৰ লখিমপুৰৰ গৰাকীৰ বাব পালন কৰিছিল৷ ১৮৬০ চনৰ ১৫ জুনত বৰপেটালৈ গৈ তাত সদৰামিনৰ দায়িত্ব লয়৷ একে বছৰৰে ৩ নৱেম্বৰত ডিব্ৰুগড়ৰ সদৰামিন হিচাপে দায়িত্ব লয়৷ ডিব্ৰুগড় জিলাতে তেওঁৰ কৰ্ম জীৱনৰ সামৰণি পৰে। সদৰামীনৰ দায়িত্বত থকা কালত ডেকাবৰুৱাই ব্যৱহাৰ কৰা মোহৰটো আছিল— ‘মোহৰ আদালত পঞ্জাৱতি মোকাম বিশ্বনাথ মলুক য়াচাম।৬ আদম হোৱাইটে ১৮৩২ চনত তেওঁক ঘিলামাৰীত "ৰাজখোৱা" পাতিছিল আৰু কলাবাৰীত তেওঁ ৩০০ পুৰা মাটিৰ এটি গ্ৰাণ্ট পাইছিল। তেওঁ সতীদাহ প্ৰথাৰ বিৰোধিতা কৰিছিল আৰু বিধবা বিবাহৰ সমৰ্থন কৰি নিজে হিন্দু বিধৱা পুনৰ্বিবাহ আইন, ১৮৫৬ কৰিছিল। গমধৰ কোঁৱৰৰ ৰাজদ্ৰোহীতাৰ বিচাৰত বৰুৱা জুৰীৰ সদস্য আছিল।১
ভাষা চৰ্চা
চৰকাৰী চাকৰিতে ব্যস্ত নাথাকি তেওঁ সাহিত্য চৰ্চাও কৰিছিল আৰু ‘সমাচাৰ চন্দ্ৰিকা’, ‘সমাচাৰ দৰ্পণ’ আদি বাংলা কাকতত প্ৰৱন্ধ লিখিছিল। সেই সময়ত অসমীয়া ভাষা প্ৰতিষ্ঠাৰ বাবে তেওঁ আনন্দৰাম ঢেকিয়াল ফুকনৰ লগ লাগি বৃটিছ চৰকাৰৰ বিৰোধিতা কৰিছিল৷ ঢেকিয়াল ফুকনে লিখা অসমীয়া ল’ৰাৰ মিত্ৰ কিতাপখন ছপাবলৈ ডেকাবৰুৱাই অৰ্থ-সাহায্য দিছিল৷৪
১৮৩৯ চনত যাদুৰাম ডেকা বৰুৱাই তেওঁৰ হাতে লিখা ‘অসমীয়া-বাংলা’ (কোনো কোনোৰ মতে ‘বাংলা-অসমীয়া’) অভিধানখন জেনকিন্স চাহাবক দিছিল। জেনকিন্সে তাকে শিৱসাগৰৰ আমেৰিকান বেপ্টিষ্ট মিছনক দিছিল। ১৮৬৭ চনত যাদুৰাম বৰুৱাৰ বৰ্ণ বিন্যাসৰ ৰীতিকে অনুসৰণ কৰি মাইলচ্ ব্ৰনছনে ১৪০০০ শব্দৰে ‘অসমিয়া-ইংৰাজী অভিধান’ ৰচনা কৰে৷ ব্ৰনছনে তেওঁৰ অভিধানৰ পাতনিত উল্লেখ কৰিছে -“The system of Orthography adopted in this work, is that of Joduram Borua, a learned Assamese Pundit, which it is believed much better corresponds with the actual pronunciation of the people than any other system met with.’’৭
১৮৬৯ চনত শিৱসাগৰত তেওঁৰ মৃত্যু ঘটে।
তথ্যসূত্ৰ
- ↑ শিৱনাথ বৰ্মন. (১৯৯২). অসমীয়া জীৱনী অভিধান. ছ'ফিয়া পাব্লিছাৰ্ছ
- ↑ SMITA BHATTACHARYYA. (১৩ এপ্ৰিল ২০১৪). Lexicon on 9 NE languages. telegraphindia
- ↑ সম্পাদনা-শান্তনু কৌশিক বৰুৱা. (2014). পৃ. ২২৫
- ↑ শৰ্মা, পবনাথ. (২০০৪). পাৰ্ৱতিপ্ৰসাদ বৰুৱাৰ কৃতি আৰু কৃতিত্ব. অসম সাহিত্য সভা. পৃ. ১
- ↑ নেওগ, ডিম্বেশ্বৰ. (১৯৯৩). নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী. শুৱনী প্ৰকাশ. পৃ. ২৯২-৯৩
- ↑ গোস্বামী, গকুল. (15 Mar 2012). লিপিবদ্ধ ‘অসম-অসমীয়া’ শব্দৰ উদ্ভৱৰ সন্ধানত. নীলা চৰাই
- ↑ Bronson, Miles. (1867). অসমিয়া আৰু ইংৰাজি অভিধান. American baptist mission press. পৃ. V
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যাদুৰাম ডেকা বৰুৱা” প্ৰবন্ধৰ সংশোধন ৬০২৬৬৪ (২৫ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।