অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

লক্ষীপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়

লক্ষীপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় (Lakhipur Higher Secondary School)খন ১৯৩৫ চনৰ মাৰ্চ মাহত জমিদাৰ ভোলানাথ চৌধুৰী, ৰায়চাহাব আৰু যতীন্দ্ৰ নাৰায়ণ চৌধুৰীৰ উদ্যোগত আৰু মেচপাৰা জমিদাৰৰ সহায়ত ৭ম শ্ৰেণীৰ পাঠদানৰ আৰম্ভণিৰ জৰিয়তে শুভাৰম্ভ কৰা হৈছিল।

হালনাগাদ: ১৭ ফেব্ৰুৱাৰী ২০২৩ ১৫৮ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

লক্ষীপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় (Lakhipur Higher Secondary School)খন ১৯৩৫ চনৰ মাৰ্চ মাহত জমিদাৰ ভোলানাথ চৌধুৰী, ৰায়চাহাব আৰু যতীন্দ্ৰ নাৰায়ণ চৌধুৰীৰ উদ্যোগত আৰু মেচপাৰা জমিদাৰৰ সহায়ত ৭ম শ্ৰেণীৰ পাঠদানৰ আৰম্ভণিৰ জৰিয়তে শুভাৰম্ভ কৰা হৈছিল।১ এই বিদ্যালয়খন অসমৰ গোৱালপাৰা জিলাৰ লক্ষীপুৰ উন্নয়ন খণ্ডৰ ২ নং ৱাৰ্ডৰ অন্তৰ্গত ৰাজবাৰীত অৱস্থিত। বিদ্যালয়খনত বৰ্তমান ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে পাঠদান দিয়া হয়। অসমীয়া ভাষা হৈছে এই বিদ্যালয়খনৰ নিৰ্দেশনাৰ মাধ্যম। এই বিদ্যালয়ত একাডেমিক অধিবেশন এপ্ৰিল মাহৰ পৰা আৰম্ভ হয়।২

শ্ৰেণীকক্ষ আৰু সুবিধাসমূহ

বৰ্তমান ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণী লৈ শাখা বিভক্ত কৰি মুঠ ১৪টা শ্ৰেণীকোঠা আছে। এটা অধ্যক্ষ কোঠাৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী সকলৰ বাবে জিৰণি কোঠা আছে।

সহ-পাঠ্যক্ৰমিক ক্ৰিয়াকলাপবোৰৰ বাবে পৃথকে দুটা কক্ষ আছে। বিদ্যালয়ত পকা সীমা প্ৰাচীৰৰ লগতে বিদ্যুতৰ সু-ব্যৱস্থা আৰু নিয়মিত পানী যোগানৰ বাবে কাৰ্যক্ষম পানীৰ কল আছে। স্কুলত ল’ৰা আৰু ছোৱালীৰ বাবে পৃথক শৌচালয় আছে। বিদ্যালয়ত এখন খেল পথাৰ আৰু এটা গ্ৰন্থাগাৰ আছে। গ্ৰন্থাগাৰত বৰ্তমানলৈ মজুত থকা গ্ৰন্থৰ সংখ্যা ৪৫৬ টা। বিদ্যালয়ত পাঠদান আৰু শিক্ষাৰ উদ্দেশ্যত ১২টাকৈ কম্পিউটাৰ আৰু এটা কম্পিউটাৰ সংযোগী শৈক্ষিক পৰীক্ষাগাৰ আছে।২ ইয়াৰ উপৰিও আইটি ৰুমত ২৫খন লেপটপও আছে, এইবোৰ কেৱল আইটি বিষয় লোৱা ছাত্ৰ ছাত্ৰীৰ বাবে।৩

তথ্যসূত্ৰ

  1. ↑ মহাৰাজত জয়ন্তী বৰ্ষৰ স্মৃতিগ্ৰন্ত (২০১২-১৩) ৰ পৰা
  2. ↑ About LAKHIPUR H.S. SCHOOL. School.org.in
  3. ↑ পাপৰি ২০১৯

সম্পৰ্কিত শ্ৰেণী

অসমৰ বিদ্যালয়সমূহগোৱালপাৰা জিলাৰ শৈক্ষিক প্ৰতিষ্ঠান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লক্ষীপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৩৪৫৯১১ (১৭ ফেব্ৰুৱাৰী ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।