অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মেনকা পি পি বৰা

মেনকা প্ৰফুল্ল প্ৰসাদ বৰা চমুকৈ মেনকা পি পি বৰা এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী আৰু নৃত্য পৰিচালক। তেওঁ সত্ৰীয়া নৃত্য, ভাৰতনাট্যম আৰু কুচিপুড়ি নৃত্যপটীয়সী। ইয়াৰ লগতে তেওঁ কেৰালাৰ সমৰনৃত্যকলা কলৰীপায়াট্টুৰ এগৰাকী শিল্পী।

হালনাগাদ: ৭ এপ্ৰিল ২০২৬ ৩১৮ শব্দ · ২ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

মেনকা প্ৰফুল্ল প্ৰসাদ বৰা চমুকৈ মেনকা পি পি বৰা এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী আৰু নৃত্য পৰিচালক। তেওঁ সত্ৰীয়া নৃত্য, ভাৰতনাট্যম আৰু কুচিপুড়ি নৃত্যপটীয়সী। ইয়াৰ লগতে তেওঁ কেৰালাৰ সমৰনৃত্যকলা কলৰীপায়াট্টুৰ এগৰাকী শিল্পী। ভাৰতৰ শাস্ত্ৰীয় নৃত্যসমূহৰ ভিতৰত অন্যতম সত্ৰীয়া নৃত্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে মেনকা পি পি বৰা বিশেষভাৱে জনাজাত।১ তেওঁৰ মাতৃ ইন্দিৰা পি পি বৰাই ১৯৮২ চনত গুৱাহাটীত কলাভূমি নামেৰে স্থাপন কৰা সত্ৰীয়া আৰু ভাৰতনাট্যম শিক্ষানুষ্ঠানৰ লগত জড়িত আছিল। যুক্তৰাজ্যৰ লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা সংস্কৃতি আৰু গণসংযোগ বিভাগত গৱেষণা কৰি পিএইছডি লাভ কৰা মেনকাই কিংষ্টন বিশ্ববিদ্যালয়ৰ অধ্যাপনাও কৰিছিল। ২০০৯ চনত ভাৰতৰ সংগীত নাটক একাডেমীয়ে সত্ৰীয়া নৃত্যৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ওস্তাদ বিছমিল্লাহ খান যুৱ পুৰস্কাৰ প্ৰদান কৰে।২

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৭৯ চনৰ ৯ অক্টোবৰ তাৰিখে অসমৰ গুৱাহাটীত জন্ম হৈছিল। তেওঁৰ মাতৃ বিখ্যাত ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী গুৰু ইন্দিৰা পি পি বৰা আৰু পিতৃ প্ৰফুল্ল প্ৰসাদ বৰা। তেওঁ মাতৃৰ পৰাই প্ৰাৰম্ভিক পৰ্যায়ত সত্ৰীয়া নৃত্যৰ শিক্ষা গ্ৰহণ কৰিছিল। তাৰপিছত তেওঁ গুৰু ভবেন বৰা আৰু ড॰ প্ৰদীপ চলিহাৰ ওচৰত সত্ৰীয়া শিকে। তাৰপিছত তেওঁ ৰুক্মিণী দেৱী অৰুণ্ডেলৰ কলাক্ষেত্ৰলৈ ভাৰতনাট্যম শিকিবলৈ যায়। তাত তেওঁ শ্ৰী আদ্যাৰ কে. লক্ষ্মণ আৰু ধনঞ্জয়শৰ পৰা ভাৰতনাট্যমৰ শিক্ষা লাভ কৰিছিল। ইয়াৰ লগতে তেওঁ গুৰু ভেম্পতি চিন্না সত্যমৰ ওচৰত কুচিপুড়িৰ শিক্ষা গ্ৰহণ কৰে।৩ তদুপৰি তেওঁ নৃত্যনিৰ্দেশক চিত্ৰলেখাৰ ওচৰত কেৰালাৰ সমৰনৃত্যকলা কলৰীপায়াট্টুৰ শিক্ষা গ্ৰহণ কৰিছিল।৪

তেওঁ ভাতখাণ্ডে সংগীত মহাবিদ্যালয়ৰ পৰা ভাৰতীয় শাস্ত্ৰীয় সংগীতত ডিপ্লোমা লাভ কৰিছিল। তেওঁ মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ষ্টেলা মাৰিয়াছ কলেজৰ পৰা ইংৰাজী সাহিত্যত প্ৰথম শ্ৰেণীত স্নাতক ডিগ্ৰী লাভ কৰিছিল। যুক্তৰাজ্যৰ লণ্ডন বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত গোল্ডস্মিথ কলেজৰ পৰা পৰিৱৰ্তনশীল গণসংযোগ আৰু গোলকীয় মেডিয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। একে কলেজৰ পৰা তেওঁ সংস্কৃতি আৰু গণসংযোগ বিভাগত গৱেষণা কৰি পিএইছডি লাভ কৰে। তেওঁ মুম্বাইৰ নালন্দা নৃত্য গৱেষণা কেন্দ্ৰত ভাৰতীয় কলাতো ডিপ্লোমা লাভ কৰিছিল।৩

কৰ্মজীৱন

মেনকা পি পি বৰা ২০০৮ চনৰ পৰা ২০০৯ চনলৈ কিংষ্টন বিশ্ববিদ্যালয়ত নৃত্যৰ অধ্যাপিকা। ইয়াৰ লগতে তেওঁ মাতৃয়ে প্ৰতিষ্ঠা কৰা কলাভূমিত এগৰাকী নৃত্যশিল্পী আৰু নিৰ্দেশক হিচাপে জড়িত। তেওঁৰ বিশ্বৰ বিভিন্ন ঠাইত নৃত্য প্ৰদৰ্শন কৰিছে। তেওঁ নৃত্য প্ৰদৰ্শন কৰা উল্লেখযোগ্য উৎসৱসমূহ হ'ল: নৃত্য প্ৰভা উৎসৱ, খাজুৰাহো উৎসৱ, নৃত্যাঞ্জলী, সংগীত নাটক একাডেমীৰ স্বৰ্ণ উৎসৱ ইত্যাদি। ইয়াৰ লগতে বিভিন্ন বিখ্যাত অনুষ্ঠান যেনে এনচিপিএ, দৰ্পন একাডেমী, কলাক্ষেত্ৰ ফাউণ্ডেচন, কৃষ্ণ গুণ সভা, নাৰদ গুণ সভা, ভাৰত কলাঞ্জলী আদিত নৃত্য প্ৰদৰ্শন কৰিছে। তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰ, যুক্তৰাজ্য, ফ্ৰান্স, অষ্ট্ৰেলিয়া আদি দেশত নৃত্য প্ৰদৰ্শন কৰাৰ সুযোগ লাভ কৰিছে।৩৫

বঁটা আৰু সন্মান

মেনকা পি পি বৰায়ে বহুতো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে। তেওঁ আৰ্ট ইণ্ডিয়াৰ পৰা শ্ৰেষ্ঠ শিল্পী বঁটা লাভ কৰিছে। আমেৰিকাৰ ৱাছিংটনত অৱস্থিত দূতাবাসে তেওঁক ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ সন্মানীয় বঁটা প্ৰদান কৰিছিল। ২০০৯ চনত ভাৰতৰ সংগীত নাটক একাডেমীয়ে সত্ৰীয়া নৃত্যৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ওস্তাদ বিছমিল্লাহ খান যুৱ পুৰস্কাৰ প্ৰদান কৰে।৩ তেওঁ ২০১০ চনত সংগীত শ্ৰেণীত অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ উইংগেট জলপানি লাভ কৰিছিল।৬

তথ্যসূত্ৰ

  1. ↑ Menaka PP Bora: Avant-Garde Diva. newindianexpress.com
  2. ↑ Recipients of USTAD BISMILLAH KHAN YUVA PURASKAR 2009. narthaki.com
  3. ↑ Meneka P P Bora. sangeetnatak.gov.in
  4. ↑ Dance like a Sattriya woman. hindustantimes.com
  5. ↑ Double achievements for Menaka PP Bora. bfe.org.uk
  6. ↑ OUTSIDE DANCE: ACADEMIA. kalabhumiindia.com

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমীয়া নৃত্যশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেনকা পি পি বৰা” প্ৰবন্ধৰ সংশোধন ৬০০১২৩ (৭ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।