লংকেশ্বৰ দেৱালয় ( Lankeshwar Temple) কামৰূপ জিলাত অৱস্থিত অসমৰ অন্যতম এক শিৱ উপাসনাৰ থলী। গুৱাহাটী মহানগৰীৰ জালুকবাৰীৰ পৰা প্ৰায় ৫ কিল’মিটাৰ পশ্চিমত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে মন্দিৰটোৰ অৱস্থিতি। জালুকবাৰী পাহাৰত অৱস্থিত মন্দিৰটোৰ নামেৰেই ঠাইখনৰ নামো লংকেশ্বৰ হৈছে। মূল শিৱ মন্দিৰৰ লগতে এটি গণেশ মন্দিৰ আৰু শনি মন্দিৰ আছে। মন্দিৰৰ প্ৰৱেশ তোৰণৰ গাতে লাগি আছে গণেশ মন্দিৰটো। তাৰ পৰা কিছু ওপৰত শনি মন্দিৰ আৰু টিলাৰ একেবাৰে শিখৰত শিৱ মন্দিৰ। পশ্চিম গুৱাহাটী, পাণ্ডু, পলাশবাৰী, ছয়গাঁও আদি ঠাইৰ লোক আহি দৈনিক মন্দিৰটোত পূজা অৰ্চনা কৰেহি। তদুপৰি মহা শিৱৰাত্ৰি আৰু গণেশ চতুৰ্থী মহা ধুমধামেৰে মন্দিৰ প্ৰাঙ্গনত উদযাপন কৰা হয়। শিৱ ৰাত্ৰিৰ দিনা লংকেশ্বৰ মন্দিৰত বিশাল মেলা বহে।১
মন্দিৰ বিজড়িত প্ৰবাদ
লংকেশ্বৰ মন্দিৰৰ লগত জড়িত যথেষ্ট সংখ্যক কিংবদন্তি অঞ্চলটোৰ ৰাইজৰ মাজত প্ৰচলিত। প্ৰবাদ অনুসৰি মহাদেৱে এই অঞ্চলটোত নিজ বেশ ধৰি ৰাতি বিচৰণ কৰি চুৰি আদি অপকাৰ্যৰ পৰা ৰাইজক ৰক্ষা কৰি আহিছিল। এই কথাত দুষ্ট লোকৰ কাৰ্যত ব্যাঘাত জন্মাত তেওঁৰ গাত মদ ধালি দিয়াত মহাদেৱে শৈল ৰূপ ধাৰণ কৰে। মূল শিৱ মন্দিৰত এই শৈল ৰূপী শিৱৰে পূজা-অৰ্চনা কৰা হয়। লংকেশ্বৰ শিলৰ পৰিধি প্ৰায় আঢ়ৈকুৰি হাত আৰু উচ্চতা প্ৰায় কুৰি হাত। এই শিলৰ ওচৰতে নাৱৰ আকৃতিৰ অন্য এক ডাঙৰ শিল আৰু শিৱৰ ভাং খুন্দা খুবলি বুলি কথিত আন এটি শিল আছে। পাহাৰ শিখৰত এই শিলক আধাৰ কৰি মূল মন্দিৰটো সুন্দৰকৈ গঢ়ি তোলা হৈছে। তাৰ লগতে গনেশ মন্দিৰত গনেশ দেৱতাৰ মূৰ্তিৰ লগতে তেওঁৰ পত্নী বুদ্ধি সিদ্ধিৰ মূৰ্তি স্থাপন কৰা হৈছে। শনি মন্দিৰত শনি দেৱতাৰ মূৰ্তিৰ লগতে মন্দিৰৰ চৌদিশৰ বেৰত নৱ গ্ৰহৰ মূৰ্তি খোদিত কৰা আছে/আজাৰাৰ মানুহ বোৰ ওৱ পুজা ক্ওৰিব আহে,।২
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লংকেশ্বৰ দেৱালয়” প্ৰবন্ধৰ সংশোধন ৬৩৬০১০ (১৭ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।