লখিমী বৰুৱা হৈছে অসমৰ প্ৰথম আৰু একমাত্ৰ মহিলা সমবায় বেংক কনকলতা মহিলা বেংকৰ প্ৰতিষ্ঠাপক। তেওঁ ১৯৯৮ চনৰ ২২ মে তাৰিখে সমবায় সমিতি আইন-১৯৪৯ৰ অধীনত স্বাধীনতা সংগ্ৰামী শ্বহীদ কনকলতা বৰুৱাৰ নামেৰে নামাংকিত কৰি মহিলা নগৰীয়া সমবায় বেংক লিমিটেডৰ স্থাপনা কৰিছিল। পাছলৈ ২০০০ চনৰ ১৬ ফেব্ৰুৱাৰী তাৰিখে ভাৰতৰ ৰিজাৰ্ভ বেংকে বেংকিং ব্যৱসায় আৰম্ভ কৰিবলৈ এই বেংকক লাইচেঞ্চ প্ৰদান কৰে।১ তেওঁক ভাৰত চৰকাৰে ২০২১ চনত চতুৰ্থ সৰ্বোচ্চ অসামৰিক সম্মান পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে।২
জন্ম আৰু প্ৰাৰম্ভিক জীৱন
লখিমী বৰুৱাৰ জন্ম হৈছিল যোৰহাট জিলাৰ এখন সৰু গাঁৱত। আৰ্থিক সমস্যাৰ বাবে ১৯৬৯ চনত তেওঁ কলেজীয়া শিক্ষা আধাতে সামৰিব লগা হৈছিল। ১৯৭৩ চনত তেওঁৰ বিয়া হয়। বিয়াৰ পাছত তেওঁ আধৰুৱা শিক্ষা সমাপ্ত কৰাৰ উদ্দেশ্যে আকৌ পঢ়া শুনাত লাগে আৰু ১৯৮০ চনত গ্ৰেজুৱেচন সম্পূৰ্ণ কৰে। ইয়াৰ পাছত তেওঁ এটা বেংকত চাকৰি কৰিবলৈ লয়।
কৰ্ম জীৱন
বিয়াৰ পাছত গ্ৰেজুৱেচন সম্পূৰ্ণ কৰি বেংকত চাকৰি কৰি থকা সময়ত তেওঁ উপলব্ধি কৰিছিল যে শিক্ষা দীক্ষা নথকা মহিলা সকলৰ পইচা সাচি ৰখাৰ অভ্যাস নাই কাৰণ তেওঁলোকৰ বিত্তীয় শিক্ষাৰ অভাৱ। সেইবাবে ১৯৮৩ চনত লখিমী বৰুৱাই যোৰহাটৰ দক্ষিণ সৰ্বাইবন্ধা অঞ্চলত এখন মহিলা সমিতি গঠন কৰিছিল যাৰ জৰিয়তে তেওঁ আৰ্থিকভাবে পিছপৰা মহিলা সকলক লগত লৈ তেওঁলোকৰ বাবে কাম কৰিছিল। বহুবছৰ ধৰি বেংকত কাম কৰাৰ পাছত ১৯৯০ চনত তেওঁ মহিলা সমবায় বেংক আৰম্ভ কৰাৰ চিন্তা চৰ্চা কৰিছিল। অৱশেষত ১৯৯৮ চনত ৮.৪৬ লাখ টকা মূলধন হিচাপে লৈ ১৯৯৮ চনৰ ২২ মে তাৰিখে সমবায় সমিতি আইন-১৯৪৯ৰ অধীনত তেওঁ শ্বহীদ কনকলতা বৰুৱাৰ নামেৰে নামকৰণ কৰি কনকলতা মহিলা আৰবান কোঅপাৰেটিভ বেংক গঠন কৰিবলৈ সক্ষম হয়৩ কনকলতা মহিলা কোঅপাৰেটিভ বেংক হৈছে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো মহিলা সমবায় বেংক। এই বেংকৰ প্ৰত্যেক গৰাকী বিষয়া কৰ্মচাৰীয়েই নাৰী। এই সমবায় বেংকৰ মূল উদ্দেশ্য হৈছে মহিলা সৱলীকৰণ আৰু সমবায় বেংকিংৰ মাধ্যমেৰে দুৰ্বল শ্ৰেণীৰ মহিলা সদস্যা সকলক বিত্তীয় শিক্ষাপ্ৰদান কৰা।
বঁটা আৰু সন্মান
গ্ৰহণ কৰাৰ মুহূৰ্তত লখিমী বৰুৱা]]
২০১৬ চনৰ মাৰ্চ মাহত, আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱসত ভাৰত চৰকাৰৰ মহিলা আৰু শিশু কল্যাণ মন্ত্ৰ্যালয়ৰ তৰফৰ পৰা কনকলতা মহিলা আৰবান কোঅপাৰেটিভ বেংক লৈ নাৰী সৱলীকৰণৰ দিশত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰাৰ বাবে নাৰী শক্তি বঁটা প্ৰদান কৰা হয়। লখিমী বৰুৱাই বেংকৰ হৈ পূৰ্বৰ ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ পৰা নতুন দিল্লীত দেৱী অহল্যাবাই হোলকাৰ বঁটা গ্ৰহণ কৰে।৪ তেওঁক ভাৰত চৰকাৰে ২০২১ চনত সমাজসেৱা ক্ষেত্ৰত চতুৰ্থ সৰ্বোচ্চ অসামৰিক সম্মান পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে।২
তথ্যসূত্ৰ
- ↑ You can bank on this lady. Deccan Herald
- ↑ (25 January 2021). Padma Awards: 2021. Ministry of Home Affairs (India). পৃ. 2–5
- ↑ Konoklota Mahila Urban Co-operative Bank Limited. My Gov
- ↑ Meet Lakhimi Baruah, who is empowering women in Assam through her all-women bank. Your Story
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লখিমী বৰুৱা” প্ৰবন্ধৰ সংশোধন ৩৪৩৮০০ (২ ফেব্ৰুৱাৰী ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।