ৰাজ্যসভাৰ সাংসদ
৭৮ প্ৰবন্ধ
-
ইয়চেত্তিৰা প্ৰেমা কাৰিয়াপ্পা
ইয়চেত্তিৰা প্ৰেমা কাৰিয়াপ্পা এগৰাকী ভাৰতীয় ৰাজনৈতিক আৰু সমাজকৰ্মী। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এগৰাকী ৰাজনীতিবিদ,তেওঁ ভাৰতীয় সংসদৰ উচ্চ সদন ৰাজ্যসভাত কৰ্ণাটকক প্ৰতিনিধিত্ব কৰিছে৷ তেওঁ বাংগালুৰুৰ প্ৰাক্তন মেয়ৰ। তেওঁ কেন্দ্ৰীয় সমাজ কল্যাণ ব’ৰ্ডৰ অধ্যক্ষও।
-
ইলা ভাট
ইলা ৰমেশ ভাট (Ela Bhatt,৭ ছেপ্টেম্বৰ ১৯৩৩ – ২ নৱেম্বৰ ২০২২) এগৰাকী ভাৰতীয় সমবায় সংগঠক, কৰ্মী আৰু গান্ধীবাদী৷ তেওঁ ১৯৭২ চনত ভাৰতীয় স্ব-নিয়োজিত মহিলা সংস্থা (SEWA) প্ৰতিষ্ঠা কৰিছিল আৰু ১৯৭২ চনৰ পৰা ১৯৯৬ চনলৈকে ইয়াৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ তেওঁ ২০১৫ চনৰ ৭ মাৰ্চৰ পৰা ২০২২ চনৰ ১৯…
-
কল্পনা ছাইনী
কল্পনা ছাইনী (Kalpana Saini; জন্ম: ১ অক্টোবৰ ১৯৫৯) ভাৰতীয় জনতা পাৰ্টিৰ (BJP) এগৰাকী ভাৰতীয় ৰাজনীতিক। তেওঁ বৰ্তমান ৰাজ্যসভাৰ সাংসদ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ইয়াৰ পূৰ্বে তেওঁ উত্তৰাখণ্ড চৰকাৰৰ পিছপৰা আয়োগৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
ছুবুৰ পাৰ্থসাৰথি
ছুবুৰ পাৰ্থসাৰথি (জন্ম ছুবুৰ মুগাসেথচ Subur Parthasarathy; ১৯১১ – ১০ অক্টোবৰ ১৯৬৬) এগৰাকী ভাৰতীয় শিক্ষাবিদ আৰু আইন প্ৰণেতা আছিল। তেওঁ ইথিৰাজ কলেজ ফৰ ৱ’মেনৰ প্ৰথম অধ্যক্ষ আছিল আৰু ১৯৬০ চনৰ পৰা ১৯৬৬ চনলৈকে ৰাজ্যসভাৰ সাংসদ ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
জয় মালা (ৰাজনীতিক)
জয় মালা (Jay Mala (২২ আগষ্ট ১৯৫৮ – ২৬ এপ্ৰিল ২০২৩) এগৰাকী ভাৰতীয় সাংবাদিক, ৰাজনীতিবিদ, অধিবক্তা আৰু সমাজকৰ্মী। তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা আছিল৷ তেওঁ ৬০০ৰো অধিক গোচৰ দাখিল কৰিছিল আৰু প্ৰতিটোতে জয়ী হৈছিল৷ ইয়াৰে ভিতৰত ১৯৮৫ চনৰ এটা গুৰুত্বপূৰ্ণ গোচৰো আছিল য'ত তেওঁ জম্মু-কাশ্মীৰ…
-
জয়ন্তী নটৰাজন
জয়ন্তী নটৰাজন (Jayanthi Natarajan; জন্ম: ৭ জুন ১৯৫৪) এগৰাকী ভাৰতীয় উকীল আৰু ৰাজনীতিবিদ। ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে তেওঁ তিনিবাৰকৈ ৰাজ্যসভাত তামিলনাডু ৰাজ্যক প্ৰতিনিধিত্ব কৰি সংসদ সদস্য নিৰ্বাচিত হৈছে।
-
টি এন সীমা
টি এন সীমা (T. N. Seema) এগৰাকী ভাৰতীয় সমাজকৰ্মী, শিক্ষক আৰু ৰাজনীতিবিদ৷ তেওঁ ২০১০ চনৰ পৰা ২০১৬ চনলৈকে কেৰালাৰ পৰা ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ক প্ৰতিনিধিত্ব কৰি ৰাজ্যসভালৈ নিৰ্বাচিত হোৱা সাংসদ আছিল।
-
টি ৰত্না বাই
টি ৰত্না বাই ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিনিধি আৰু তেওঁ ৰাজ্য সভাৰ সাংসদ৷ তেওঁ সদনত অন্ধ্ৰপ্ৰদেশক প্ৰতিনিধিত্ব কৰে৷ যৌতুকজনিত মৃত্যুৰ পৰা আৰম্ভ কৰি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যালৈকে নানা উদ্বেগজনক বিষয়ত তেওঁ সদনত নিজৰ অভিমত ব্যক্ত কৰি আহিছে৷ ২০০৫ চনৰ পৰা ২০০৭ চনলৈকে তেওঁ গিৰিজান সমবায় নিগমৰ অধ্যক্ষ…
-
ডোলা সেন
ডোলা সেন (Dola Sen; জন্ম: ২৬ মাৰ্চ ১৯৬৭) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ট্ৰেড ইউনিয়নৰ কৰ্মী। ২০২০ চনৰ পৰা তেওঁ ভাৰতীয় ৰাষ্ট্ৰীয় তৃণমূল ট্ৰেড ইউনিয়ন কংগ্ৰেছ (INTTUC)ৰ কেন্দ্ৰীয় সভানেত্ৰী। ১৯৯০ চনত কলকাতাৰ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা বি এছ চি (গণিত) সম্পূৰ্ণ কৰিছে।তেওঁৰ ঘৰ ৰাজাৰহাটৰ তেঘৰিয়াত।
-
তাৰাদেৱী সিদ্ধাৰ্থ
ডি.কে. তাৰাদেৱী সিদ্ধাৰ্থ (D.K. Taradevi Siddharth, জন্ম-১৯৫৩) ভাৰতৰ কৰ্ণাটকৰ এগৰাকী ৰাজনীতিবিদ। তেওঁ ৰাজ্যসভা আৰু কৰ্ণাটক বিধানসভাৰ সমান্তৰালকৈ অষ্টম আৰু দশম লোকসভাৰ সদস্য আছিল।
-
থোতা সীতাৰাম লক্ষ্মী
থোতা সীতাৰাম লক্ষ্মী ( Thota Seetharama Lakshmi; জন্ম: ১২ ছেপ্তেম্বৰ ১৯৫১) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু তেলুগু দেশম পাৰ্টিৰ সদস্য। তেওঁ ৰাজ্যসভাৰ সাংসদ ৰূপে অন্ধ্ৰপ্ৰদেশৰ প্ৰতিনিধিত্ব কৰিছিল।
-
দৰ্শনা সিং
দৰ্শনা সিং (Darshana Singh; জন্ম: ১০ জুলাই ১৯৭৪) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হিচাপে উত্তৰ প্ৰদেশৰ পৰা ভাৰতৰ সংসদৰ উচ্চ সদনৰ ৰাজ্যসভাৰ সদস্য। তেওঁ বিজেপি মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় উপ-সভানেত্ৰী পদতো অধিষ্ঠিত হৈ আছে।
-
নাজনীন ফাৰুক
নাজনিন ফাৰুক (Naznin Faruque, (১ আগষ্ট ১৯৫৪–১৭ ছেপ্টেম্বৰ ২০২০) ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সমাজকৰ্মী, ৰাজনীতিবিদ আৰু ৰাজ্যসভাৰ প্ৰাক্তন সংসদ সদস্য৷ তেওঁ অসমৰ পৰা ৰাজ্যসভাৰ সদস্য নিৰ্বাচিত হৈছিল।
-
প্ৰিয়ংকা চতুৰ্বেদী
প্ৰিয়ংকা বিক্ৰম চতুৰ্বেদী (Priyanka Vickram Chaturvedi) (জন্ম ১৯ নৱেম্বৰ ১৯৭৯) মহাৰাষ্ট্ৰৰ পৰা ৰাজ্যসভাৰ সংসদ সদস্য আৰু শিৱসেনাৰ (ইউ বি টি) উপ-নেতা হিচাপে কাৰ্যনিৰ্বাহ কৰা এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। ইয়াৰ পূৰ্বে তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য আৰু অন্যতম ৰাষ্ট্ৰীয় মুখপাত্ৰ আছিল।
-
প্ৰেমলা চাৱন
প্ৰেমলাবাই আৰু প্ৰেমালাকাকী নামেৰেও পৰিচিত প্ৰেমলা চাভান (Premala Chavan, ২ জুলাই ১৯১৮ – ৮ জুলাই ২০০৩) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ লোকসভা আৰু ৰাজ্যসভাৰ সদস্য আছিল।
-
ফাংনন কন্যাক
এছ ফাংনন কন্যাক এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ভাৰতীয় জনতা পাৰ্টি, নাগালেণ্ড গোটৰ মহিলা মৰ্চাৰ সভাপতি। ২০২২ চনৰ মাৰ্চ মাহত, তেওঁ নাগালেণ্ডৰ পৰা ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱা প্ৰথম গৰাকী মহিলা হিচাপে পৰিগণিত হয়।
-
ফুলৰেণু গুহ
ফুলৰেণু গুহ ( Phulrenu Guha; জন্ম:দত্ত; ১৩ আগষ্ট ১৯১১-২৮ জুলাই ২০০৬) এগৰাকী ভাৰতীয় জাতীয় কংগ্ৰেছৰ কৰ্মী, শিক্ষাবিদ আৰু ৰাজনীতিবিদ আছিল। ১৯৬৪ চনৰ এপ্ৰিলৰ পৰা ১৯৭০ চনৰ এপ্ৰিললৈকে পশ্চিম বংগৰ পৰা ভাৰতীয় সংসদৰ উচ্চ সদন ৰাজ্যসভাৰ সদস্য আছিল।
-
ফৌজিয়া খান
ফৌজিয়া খান'জাতীয়তাবাদী কংগ্ৰেছ দল-শাৰদচন্দ্ৰ পাৱাৰৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ মহাৰাষ্ট্ৰৰ পৰা ভাৰতীয় সংসদৰ উচ্চ সদনত ৰাজ্যসভাৰ সদস্য হিচাপে প্ৰতিনিধিত্ব কৰিছে।তেওঁ জাতীয়তাবাদী মহিলা কংগ্ৰেছ (এনচিপিৰ মহিলা শাখা)ৰ ৰাষ্ট্ৰীয় সভানেত্ৰী, আৰু ভাৰতৰ মহাৰাষ্ট্ৰ চৰকাৰৰ প্ৰাক্তন ৰাজ্যমন্ত্ৰী।
-
বিজয়লক্ষ্মী সাধো
ড° বিজয়লক্ষ্মী সাধো ( Dr Vijaylaxmi Sadho; জন্ম: ১৩ নৱেম্বৰ ১৯৫৫) এগৰাকী ভাৰতীয় সমাজকৰ্মী, ৰাজনীতিবিদ আৰু মধ্যপ্ৰদেশৰ পৰা নিৰ্বাচিত হোৱা এগৰাকী প্ৰাক্তন ৰাজ্যসভাৰ সাংসদ। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য আছিল। মধ্যপ্ৰদেশ বিধান সভাত সাধোৱে মহেশ্বৰ বিধানসভাক প্ৰতিনিধিত্ব কৰে।
-
বিদ্যাৱতী চতুৰ্বেদী
বিদ্যাৱতী চতুৰ্বেদী (Vidyawati Chaturvedi, ১৯২৬–২০০৯) মধ্যপ্ৰদেশ ৰাজ্যৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য৷ ১৯৫৭ চনৰ সাধাৰণ নিৰ্বাচনত জয়ী হৈ অবিভক্ত মধ্যপ্ৰদেশ বিধানসভাৰ লাউণ্ডি বিধানসভা সমষ্টিক তেওঁ প্ৰতিনিধিত্ব কৰিছিল।
-
বিপ্লৱী ঠাকুৰ
বিপ্লৱী ঠাকুৰ (Viplove Thakur; জন্ম: ৪ অক্টোবৰ ১৯৪৩) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেত্ৰীগৰাকীয়ে ভাৰতৰ ৰাজ্য সভাৰ সদস্য হিচাপে কাম কৰিছিল। ঠাকুৰে ২০০৬ চনৰ এপ্ৰিল মাহৰ পৰা সংসদৰ উচ্চ সদনত হিমাচল প্ৰদেশক প্ৰতিনিধিত্ব কৰিছে।
-
বিমলা কাশ্যপ সুদ
বিমলা কাশ্যপ সুদ (Bimla Kashyap Sood,জন্ম ২৬ ফেব্ৰুৱাৰী ১৯৪২) ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী হিচাপে ভাৰতৰ হিমাচল প্ৰদেশৰ পৰা নিৰ্বাচিত হোৱা এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, সমাজকৰ্মী আৰু সংসদ (ৰাজ্য সভা)ৰ সদস্য।
-
বেদৱতী বুঢ়াগোহাঁই
বেদৱতী বুঢ়াগোহাঁই আছিল এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে ভাৰতৰ সংসদৰ উচ্চ সদনত ৰাজ্যসভাত অসমক প্ৰতিনিধিত্ব কৰিছিল৷
-
ভায়োলেট আলভা
ভায়োলেট হৰি আলভা (Violet Alva; ২৪ এপ্ৰিল ১৯০৮ – ২০ নৱেম্বৰ ১৯৬৯)এগৰাকী ভাৰতীয় অধিবক্তা, সাংবাদিক, ৰাজনীতিবিদ, ৰাজ্যসভাৰ উপ-সভাপতি আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ (INC)ৰ সদস্য আছিল। তেওঁ ভাৰতৰ উচ্চ ন্যায়ালয়ৰ প্ৰথমগৰাকী মহিলা অধিবক্তা আৰু ৰাজ্যসভাৰ সভাপতিত্ব কৰা প্ৰথমগৰাকী মহিলা অধিবক্তা আছিল।
-
মিশা ভাৰতী
মিশা ভাৰতী (Misha Bharti, জন্ম-২২ মে' ১৯৭৬) বিহাৰ ৰাজ্যৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ লালু প্ৰসাদ আৰু ৰাবৰি দেৱীৰ কন্যা। ২০১৬ চনৰ জুন মাহত তেওঁ ৰাজ্যসভাৰ দ্বিবাৰ্ষিক নিৰ্বাচনৰ বাবে দলৰ পৰা মনোনীত হৈছিল আৰু বিহাৰৰ পৰা ৰাম জেঠমালানীৰ সৈতে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছিল।
-
মৌচম নূৰ
মৌচম বেনজিৰ নূৰ ( Mausam Noor ) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ যিয়ে পশ্চিম বংগৰ পৰা ভাৰতৰ উচ্চ সদন ৰাজ্যসভাৰ সদস্য আৰু পশ্চিম বংগ মহিলা আয়োগৰ উপাধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০০৯ চনৰ পৰা ২০১৯ চনলৈকে মালদা জিলা তৃণমূল কংগ্ৰেছৰ সভানেত্ৰী আৰু মালদহ উত্তৰ লোকসভা সমষ্টিৰ সাংসদ আছিল।
-
যমুনা দেৱী
যমুনা দেৱী (Jamuna Devi, ১৯২৯ চনৰ ১৯ নৱেম্বৰ – ২০১০ চনৰ ২৪ ছেপ্টেম্বৰ) মধ্যপ্ৰদেশৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এগৰাকী নেত্ৰী আছিল। মধ্যপ্ৰদেশ বিধানসভাৰ তেওঁ সদস্য আছিল৷ লগতে তেওঁ বিৰোধীৰ নেত্ৰী আৰু ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
যশৱন্ত সিং
যশৱন্ত সিং (; ৩ জানুৱাৰী ১৯৩৮ – ২৭ ছেপ্টেম্বৰ ২০২০) আছিল ভাৰতীয় সেনাৰ এজন বিষয়া আৰু কেন্দ্ৰীয় চৰকাৰৰ এজন কেবিনেট মন্ত্ৰী। তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি) অন্যতম প্ৰতিষ্ঠাপক সদস্য আছিল আৰু ভাৰতৰ আটাইতকৈ দীঘলীয়া সময়লৈকে কাৰ্যনিৰ্বাহ কৰা সাংসদসকলৰ ভিতৰত এজন আছিল।
-
লক্ষ্মী এন মেনন
লক্ষ্মী এন মেনন ( Lakshmi N. Menon; ২৯ মাৰ্চ ১৮৯৯ – ৩০ নৱেম্বৰ ১৯৯৪) এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী আৰু ৰাজনীতিবিদ আছিল। ১৯৬২ চনৰ পৰা ১৯৬৬ চনলৈকে তেওঁ ৰাজ্যিক মন্ত্ৰী আছিল।
-
লীলা দামোদৰ মেনন
লীলা দামোদৰ মেনন ( Leela Damodara Menon; ৪ জানুৱাৰী ১৯২৩ – ১০ অক্টোবৰ ১৯৯৫) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ সংসদৰ সদস্য আছিল; ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে ভাৰতৰ সংসদৰ উচ্চ সদন ৰাজ্যসভাত কেৰালাক প্ৰতিনিধিত্ব কৰিছিল।