বিমলা কাশ্যপ সুদ (Bimla Kashyap Sood,জন্ম ২৬ ফেব্ৰুৱাৰী ১৯৪২) ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী হিচাপে ভাৰতৰ হিমাচল প্ৰদেশৰ পৰা নিৰ্বাচিত হোৱা এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, সমাজকৰ্মী আৰু সংসদ (ৰাজ্য সভা)ৰ সদস্য।
প্ৰাথমিক জীৱন আৰু শিক্ষা
ভাৰতৰ হিমাচল প্ৰদেশৰ সোলন জিলাৰ চৈল গাঁৱত বিমলা কাশ্যপে জন্মগ্ৰহণ কৰিছিল। তেওঁ পঞ্জাৱ বিশ্ববিদ্যালয়, পঞ্জাৱৰ পৰা কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰিছে। ১৯৬২ চনৰ ১১ জুনত শ্ৰৱণ কাশ্যপ সূদৰ সৈতে তেওঁৰ বিবাহ হয়। তেওঁলোকৰ এজন পুত্ৰ আৰু দুগৰাকী কন্যা আছে।১
কৰ্মজীৱন
নবৈৰ দশকত কাশ্যপ সুদে এটা বেচৰকাৰী সংস্থা "লোটাছ ৱেলফেয়াৰ ছ'চাইটি"ৰ জৰিয়তে হিমাচল প্ৰদেশত সাক্ষৰতা অভিযানত সক্ৰিয়ভাৱে জড়িত হৈ পৰিছিল। ১৯৯৯ চনত তেওঁ "মানৱী" প্ৰতিষ্ঠা কৰে, যিটো এন.জি.অ. পৰিয়ালৰ পৰামৰ্শ আৰু মহিলাৰ কল্যাণৰ লক্ষ্যৰে স্থাপন কৰা হৈছিল৷ ১৯৯৮–২০০৩ চনৰ ভিতৰত তেওঁ চিমলাৰ পৌৰ নিগমত কাউন্সিলাৰ পদত অধিষ্ঠিত হৈছিল৷ তেওঁ "হিমাচল প্ৰদেশ ৰাজ্যিক সমবায় বেংক", "হিমাচল প্ৰদেশ ৰাজ্যিক হস্তশিল্প আৰু হস্ততাঁত নিগম লিমিটেড"ৰ সঞ্চালক। ইয়াৰ উপৰি "মহিলা বিকাশ নিগম", ছিমলাৰ পৰিচালক।১
২০১০ চনৰ এপ্ৰিল মাহত তেওঁ ৰাজ্যসভালৈ নিৰ্বাচিত হয়। ২তেওঁ মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ৰ পৰামৰ্শদাতা সমিতি, জলসম্পদ সমিতি আৰু পৰিবহণ, পৰ্যটন আৰু সংস্কৃতি সমিতিৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।১
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিমলা কাশ্যপ সুদ” প্ৰবন্ধৰ সংশোধন ৪৮৫২৭৮ (২ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।