ইলা ৰমেশ ভাট (Ela Bhatt,৭ ছেপ্টেম্বৰ ১৯৩৩ – ২ নৱেম্বৰ ২০২২) এগৰাকী ভাৰতীয় সমবায় সংগঠক, কৰ্মী আৰু গান্ধীবাদী৷১ তেওঁ ১৯৭২ চনত ভাৰতীয় স্ব-নিয়োজিত মহিলা সংস্থা (SEWA) প্ৰতিষ্ঠা কৰিছিল আৰু ১৯৭২ চনৰ পৰা ১৯৯৬ চনলৈকে ইয়াৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ তেওঁ ২০১৫ চনৰ ৭ মাৰ্চৰ পৰা ২০২২ চনৰ ১৯ অক্টোবৰলৈ গুজৰাট বিদ্যাপীঠৰ উপাধাক্ষ্য আছিল।২ তেওঁ এগৰাকী প্ৰশিক্ষিত অধিবক্তা৷ তেওঁ আন্তৰ্জাতিক শ্ৰমিক, সমবায়, মহিলা আৰু ক্ষুদ্ৰ বিত্তীয় আন্দোলনৰ অংশ আছিল আৰু কেইবাটাও ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল৷ যাৰ ভিতৰত "ঘৰুৱা উৎপাদকসকলক তেওঁলোকৰ কল্যাণ আৰু আত্মসন্মানৰ বাবে সংগঠিত হোৱাত সহায় কৰা"ৰ বাবে ৰমন মেগছেছে বঁটা (১৯৭৭), ৰাইট জীৱিকা বঁটা (১৯৮৪) আৰু পদ্মভূষণ (১৯৮৬) আদি বঁটা প্ৰধান।৩
প্ৰাথমিক জীৱন আৰু কৰ্মজীৱন
ইলা ভাটে ভাৰতৰ আহমেদাবাদত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃ সুমন্তৰাই ভাট এগৰাকী সফল অধিবক্তা আছিল, আনহাতে তেওঁৰ মাতৃ ভানালিলা ব্যাস নাৰী আন্দোলনত সক্ৰিয় আছিল৷ তেওঁ সৰ্বভাৰতীয় মহিলা সন্মিলনৰ সম্পাদিকাও হৈ আছিল, যিখন সন্মিলন পাছলৈ কমলাদেৱী চট্টোপাধ্যায়ে প্ৰতিষ্ঠা কৰিছিল। তেওঁ তিনিগৰাকী ভগ্নীৰ মধ্যম সন্তান৷ তেওঁ শৈশৱ গুজৰাটৰ চুৰাটত কটায়৷ ১৯৪০ চনৰ পৰা ১৯৪৮ চনলৈকে সাৰ্বজনিক গাৰ্লছ হাইস্কুলত পঢ়িছিল। ১৯৫২ চনত চুৰাটৰ কলেজ (দক্ষিণ গুজৰাট বিশ্ববিদ্যালয়)ত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত আহমেদাবাদৰ এল এ শ্বাহ আইন মহাবিদ্যালয়ত ভৰ্তি হয়। ১৯৫৪ চনত হিন্দু আইন বিষয়ত কৰা কামৰ বাবে আইন বিষয়ত তেওঁ ডিগ্ৰী আৰু সোণৰ পদক লাভ কৰে।৪
ভাটে মুম্বাইৰ এছএনডিটি নামেৰে বেছি পৰিচিত এছএনডিটি মহিলা বিশ্ববিদ্যালয়ত ইংৰাজী শিক্ষকতাৰ কাম আৰম্ভ কৰিছিল। ১৯৫৫ চনত তেওঁ আহমেদাবাদত ভাৰতৰ বস্ত্ৰ শ্ৰমিকৰ বাবে আটাইতকৈ পুৰণি ইউনিয়ন টেক্সটাইল লেবাৰ এছ’চিয়েশ্যন (টিএলএ)ৰ আইনী বিভাগত যোগদান কৰে।৫ ১৯৫৬ চনত ইলা ভাটে ৰমেশ ভাটৰ সৈতে বিবাহপাশত আবদ্ধ হয়। গুজৰাট চৰকাৰৰ সৈতে কিছুদিন কাম কৰাৰ পিছত ১৯৬৮ চনত টিএলএয়ে ইয়াৰ মহিলা শাখাৰ মুৰব্বী হ’বলৈ ইলা ভাটক অনুৰোধ কৰে৷ ইলা ভাট ইজৰাইললৈ যায় আৰু টেল আভিভৰ আফ্ৰিকান এছিয়ান ইনষ্টিটিউট অৱ লেবাৰ এণ্ড কোঅপাৰেটিভত তিনিমাহ অধ্যয়ন কৰে৷ তেওঁ ১৯৭১ চনত ইণ্টাৰনেশ্যনেল ডিপ্লমা অৱ লেবাৰ এণ্ড কোঅপাৰেটিভছ লাভ কৰে৷ টি এল এৰ তেতিয়াৰ সভাপতি অৰবিন্দ বুকৰ সহযোগত তেওঁ স্বনিয়োজিত মহিলাসকলক টি এলএৰ মহিলা শাখাৰ তত্বাৱধানত এক সংঘ হিচাপে সংগঠিত কৰাৰ দায়িত্ব লয়। তাৰ পিছত ১৯৭২ চনত বুকক সভানেত্ৰী হিচাপে লৈ স্ব-নিয়োজিত মহিলা সংস্থা (SEWA) স্থাপন কৰা হয় আৰু ১৯৭২ চনৰ পৰা ১৯৯৬ চনলৈকে তেওঁ ইয়াৰ সাধাৰণ সম্পাদিকা হিচাপে কাৰ্যনিৰ্বাহ কৰে।
ব্যক্তিগত জীৱন
১৯৫৬ চনত ইলা ভাটে ৰমেশ ভাটৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু তেওঁলোকৰ আমিময়ী (জন্ম ১৯৫৮) আৰু মিহিৰ (জন্ম ১৯৫৯) নামৰ দুটা সন্তান জন্ম হয়।৪ তেওঁলোক পৰিয়ালৰ সৈতে গুজৰাটৰ আহমেদাবাদত বাস কৰিছিল।
মৃত্যু
২০২২ চনৰ ২ নৱেম্বৰত ৮৯ বছৰ বয়সত ইলা ভাটৰ মৃত্যু হয়।৬
তথ্যসূত্ৰ
- ↑ Duncan, Natricia. (27 June 2014). Empowering Indian women through employment. The Guardian
- ↑ Chancellors of Gujarat Vidyapith. Gujarat Vidyapith
- ↑ (2015). Padma Awards. Ministry of Home Affairs, Government of India
- ↑ Awardees Biography. Ramon Magsaysay Award Foundation
- ↑ Ela Bhatt · Biography & Facts · Britannica. www.britannica.com
- ↑ (2 November 2022). SEWA founder Elaben Bhatt passes away. Desh Gujarat
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইলা ভাট” প্ৰবন্ধৰ সংশোধন ৬২৮৬৭২ (১৮ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।