অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ভায়োলেট আলভা

ভায়োলেট হৰি আলভা (Violet Alva; ২৪ এপ্ৰিল ১৯০৮ – ২০ নৱেম্বৰ ১৯৬৯)এগৰাকী ভাৰতীয় অধিবক্তা, সাংবাদিক, ৰাজনীতিবিদ, ৰাজ্যসভাৰ উপ-সভাপতি আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ (INC)ৰ সদস্য আছিল। তেওঁ ভাৰতৰ উচ্চ ন্যায়ালয়ৰ প্ৰথমগৰাকী মহিলা অধিবক্তা আৰু ৰাজ্যসভাৰ সভাপতিত্ব কৰা প্ৰথমগৰাকী মহিলা অধিবক্তা আছিল।

হালনাগাদ: ৩ ফেব্ৰুৱাৰী ২০২৫ ৩৮৭ শব্দ · ২ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

ভায়োলেট হৰি আলভা (Violet Alva; ২৪ এপ্ৰিল ১৯০৮ – ২০ নৱেম্বৰ ১৯৬৯)এগৰাকী ভাৰতীয় অধিবক্তা, সাংবাদিক, ৰাজনীতিবিদ, ৰাজ্যসভাৰ উপ-সভাপতি আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ (INC)ৰ সদস্য আছিল।১২৩ তেওঁ ভাৰতৰ উচ্চ ন্যায়ালয়ৰ প্ৰথমগৰাকী মহিলা অধিবক্তা আৰু ৰাজ্যসভাৰ সভাপতিত্ব কৰা প্ৰথমগৰাকী মহিলা অধিবক্তা আছিল।

প্ৰাৰম্ভিক জীৱন

১৯০৮ চনৰ ২৪ এপ্ৰিলত আহমেদাবাদত ভায়োলেট হৰি আলভাৰ জন্ম হৈছিল। নটা সন্তানৰ ভিতৰত তেওঁ অষ্টম আছিল। ভায়োলেটৰ পিতৃ ৰেভাৰেণ্ড লক্ষ্মণ হৰি চাৰ্চ অৱ ইংলেণ্ডৰ ভাৰতীয় পেষ্টৰ আছিল। ষোল্ল বছৰ বয়সত পিতৃ-মাতৃ দুয়োকে হেৰুওৱাৰ ফলত ডাঙৰ ভাই-ভনীসকলে তেওঁক বম্বেৰ ক্লেয়াৰ ৰোড কনভেণ্টত মেট্ৰিক পৰীক্ষা নিদিয়ালৈকে শিক্ষাৰ ব্যৱস্থা কৰিছিল। বম্বেৰ ছেইণ্ট জেভিয়াৰ্ছ কলেজ আৰু চৰকাৰী আইন মহাবিদ্যালয়ৰ পৰা তেওঁ স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত তেওঁ কিছুদিনৰ বাবে বম্বেৰ ভাৰতীয় মহিলা বিশ্ববিদ্যালয়ত ইংৰাজী বিষয়ৰ অধ্যাপিকা আছিল।

কৰ্মজীৱন

১৯৪৪ চনত তেওঁ ভাৰতৰ প্ৰথমগৰাকী মহিলা অধিবক্তা হিচাপে বিবেচিত হয়, যি উচ্চ ন্যায়ালয়ৰ সন্মুখত যুক্তি আগবঢ়াইছিল। ১৯৪৪ চনত আলভাই দ্য বেগম নামৰ মহিলা আলোচনী এখনো আৰম্ভ কৰে, যাৰ নাম পিছলৈ ইণ্ডিয়ান ৱমেন নামেৰে নামাকৰণ কৰা হয়। ১৯৪৬ চনৰ পৰা ১৯৪৭ চনলৈকে তেওঁ বম্বে পৌৰ নিগমৰ উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৪৭ চনত আলভাই মুম্বাইত সন্মানীয় দণ্ডাধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল; আৰু ১৯৪৮ চনৰ পৰা ১৯৫৪ চনলৈকে তেওঁ কিশোৰ আদালতৰ সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়ং ৱমেন’ছ খ্ৰীষ্টান এছ’চিয়েশ্যন, বিজনেছ এণ্ড প্ৰফেচনেল ৱমেন’ছ এছ’চিয়েশ্যন আৰু ইণ্টাৰনেশ্যনেল ফেডাৰেচন অৱ ৱমেন ল’য়াৰ্ছৰ দৰে অসংখ্য সামাজিক সংস্থাৰ সৈতে তেওঁ সক্ৰিয়ভাৱে জড়িত আছিল। ১৯৫২ চনত সৰ্বভাৰতীয় বাতৰি কাকত সম্পাদক সন্মিলনৰ স্থায়ী সমিতিলৈ নিৰ্বাচিত হোৱা তেওঁ প্ৰথমগৰাকী মহিলা।৪

১৯৫২ চনত আলভাই ভাৰতীয় সংসদৰ উচ্চ সদন ৰাজ্যসভালৈ নিৰ্বাচিত হয়; য’ত পৰিয়াল পৰিকল্পনা, গৱেষণাৰ আওতাত থকা জীৱ-জন্তুৰ অধিকাৰ আৰু প্ৰতিৰক্ষা কৌশল বিশেষকৈ নৌসেনা খণ্ডত তেওঁ উল্লেখযোগ্য অৱদান আগবঢ়ায়। বিদেশী পুঁজিৰ সৈতে মোকাবিলা কৰাৰ সময়ত চৰকাৰক সাৱধান হ'বলৈ তেওঁ সকীয়াই দিয়ে আৰু ভাষিক ৰাষ্ট্ৰসমূহক সমৰ্থন কৰে।৫১৯৫৭ চনত দ্বিতীয়বাৰৰ বাবে ভাৰতীয় সাধাৰণ নিৰ্বাচনৰ পিছত তেওঁ গৃহ পৰিক্ৰমা বিভাগৰ উপ-ৰাজ্য মন্ত্ৰী হয়।

১৯৬২ চনত আলভা ৰাজ্যসভাৰ উপ-অধ্যক্ষ হয়, যাৰ ফলত ৰাজ্যসভাৰ ইতিহাসত ৰাজ্যসভাৰ সভাপতিত্ব কৰা তেওঁ প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হয়। ৰাজ্যসভাত একেৰাহে দুটা কাৰ্যকাল তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৬২ চনৰ ১৯ এপ্ৰিলৰ পৰা তেওঁৰ প্ৰথম কাৰ্যকাল আৰম্ভ হয় আৰু ১৯৬৬ চনৰ ২ এপ্ৰিললৈকে এই কাৰ্যকাল চলি থাকে। ১৯৬৬ চনৰ ৭ এপ্ৰিলত উপ-সভাপতিৰ পদত নিৰ্বাচিত হোৱাৰ লগে লগে তেওঁৰ দ্বিতীয় কাৰ্যকাল আৰম্ভ হয় আৰু ১৯৬৯ চনৰ ১৬ নৱেম্বৰলৈকে তেওঁ এই পদত অধিষ্ঠিত হয়।[৫৬

১৯৬৯ চনত ইন্দিৰা গান্ধীয়ে ভাৰতৰ উপ-ৰাষ্ট্ৰপতি হিচাপে তেওঁক সমৰ্থন কৰিবলৈ অস্বীকাৰ কৰাত আলভাই পদত্যাগ কৰে।

ব্যক্তিগত জীৱন

১৯৩৭ চনত ভায়োলেট হাৰীয়ে সাংবাদিক, অধিবক্তা আৰু পিছলৈ স্বাধীনতা সংগ্ৰামী আৰু সংসদ সদস্য হোৱা জোয়াচিম আলভাৰ সৈতে বিবাহপাশত আবদ্ধ হয়।৩দম্পতীটিয়ে একেলগে আইনী অনুশীলন আৰম্ভ কৰিছিল। তেওঁলোকৰ দুই পুত্ৰ নিৰঞ্জন আৰু চিত্তৰঞ্জন৷ আনহাতে মায়া হৈছে একমাত্ৰ কন্যা। ১৯৪৩ চনত ব্ৰিটিছ ভাৰতীয় কৰ্তৃপক্ষই ভায়োলেট আলভাক গ্ৰেপ্তাৰ কৰে। পাঁচ মহীয়া কেঁচুৱা পুত্ৰ চিত্তৰঞ্জনৰ সহিতে তেওঁক আৰ্থাৰ ৰোড জেলত ভৰাই থোৱা হয় আৰু তাতেই তেওঁক কাৰাগাৰত ৰখা হয়।

মৃত্যু

ৰাজ্যসভাৰ উপ-সভাপতি পদৰ পৰা পদত্যাগ কৰাৰ পাঁচ দিনৰ পাছত ১৯৬৯ চনৰ ২০ নৱেম্বৰৰ পুৱা ৭:৪৫ বজাত (IST) নতুন দিল্লীৰ বাসগৃহত মস্তিষ্কৰ ৰক্তক্ষৰণৰ ফলত তেওঁৰ মৃত্যু হয়।১ আলভাৰ মৃত্যুৰ পিছত সেইদিনা তেওঁৰ প্ৰতি সন্মানৰ চিন স্বৰূপে সংসদৰ দুয়োটা সদন কিছু সময়ৰ বাবে স্থগিত ৰখা হৈছিল। প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে তেওঁক “ৰাষ্ট্ৰীয় কাৰ্যৰ প্ৰতি এগৰাকী সহৃদয়ৱান আৰু নিষ্ঠাবান কৰ্মী” বুলি অভিহিত কৰে যিয়ে মহিলাসকলে অনুসৰণ কৰিব পৰাকৈ এটা পথৰ জন্ম দিছিল। তেওঁ লগতে কয় যে আলভাৰ ৰাজ্যসভাৰ উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত তেওঁ কোমল যদিও দৃঢ় আছিল। ৰাজ্যসভাৰ অধ্যক্ষ গোপাল স্বৰূপ পাঠকে ভাৰত ত্যাগ আন্দোলনত আলভাৰ অংশগ্ৰহণৰ কথা মনত পেলাই অনুভৱ কৰে যে তেওঁ “মৰ্যাদা আৰু নিৰপেক্ষতাৰ পৰম্পৰা” এৰি থৈ গৈছে। তেতিয়া ভাৰতীয় জনসংঘৰ নেত্ৰী অটল বিহাৰী বাজপেয়ীয়ে আন্দোলনৰ সময়ত নিজৰ পাঁচ মহীয়া কেঁচুৱাটোক জেলত কঢ়িয়াই নিয়াৰ কথা মনত পেলাইছিল আৰু অনুভৱ কৰিছিল যে তেওঁৰ লগত কংগ্ৰেছে ন্যায্য ব্যৱহাৰ কৰা নাছিল। ৰাজনৈতিক নেতাসকল যেনে-এৰা চেঝিয়ান, এ কে গোপালন আৰু নিৰ্মল চন্দ্ৰ চেটাৰ্জীয়েও আলভাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনায়।১

২০০৭ চনত ইতিহাসৰ প্ৰথম সংসদীয় দম্পতী জোৱাচিম আৰু ভায়োলেট আলভাৰ প্ৰতিকৃতি সংসদত উন্মোচন কৰা হয়।৪ ২০০৮ চনত ভায়োলেটৰ জন্ম শতবাৰ্ষিকী বছৰত ভাৰত চৰকাৰে দম্পতীৰ স্মৃতিত এখন ডাকটিকট ৰাজহুৱা কৰে।৬৭

তথ্যসূত্ৰ

  1. ↑ (20 November 1969). Violet Alva dead. The Indian Express. পৃ. 1, 6
  2. ↑ Former Deputy Chairmen of the Rajya Sabha. ৰাজ্যসভা Official website
  3. ↑ Violet Alva. veethi.com
  4. ↑ StreeShakti – The Parallel Force. www.streeshakti.com
  5. ↑ Rajya Sabha Members Biographical Sketches 1952 – 2003:A. Rajya Sabha website
  6. ↑ Biographical Sketches of Deputy Chairmen Rajya Sabha. ৰাজ্যসভা website
  7. ↑ Smt. Margaret Alva,: Bio-sketch. Parliament of India website

সম্পৰ্কিত শ্ৰেণী

অধিবক্তাসাংবাদিকৰাজ্যসভাৰ সাংসদগুজৰাটৰ ব্যক্তিৰাজনীতিবিদমহিলা ৰাজনীতিবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভায়োলেট আলভা” প্ৰবন্ধৰ সংশোধন ৪৬৮৭৮৮ (৩ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।