অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জয়ন্তী নটৰাজন

জয়ন্তী নটৰাজন (Jayanthi Natarajan; জন্ম: ৭ জুন ১৯৫৪) এগৰাকী ভাৰতীয় উকীল আৰু ৰাজনীতিবিদ। ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে তেওঁ তিনিবাৰকৈ ৰাজ্যসভাত তামিলনাডু ৰাজ্যক প্ৰতিনিধিত্ব কৰি সংসদ সদস্য নিৰ্বাচিত হৈছে।

হালনাগাদ: ১৮ ফেব্ৰুৱাৰী ২০২৬ ১৯৭ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

জয়ন্তী নটৰাজন (Jayanthi Natarajan; জন্ম: ৭ জুন ১৯৫৪) এগৰাকী ভাৰতীয় উকীল আৰু ৰাজনীতিবিদ। ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে তেওঁ তিনিবাৰকৈ ৰাজ্যসভাত তামিলনাডু ৰাজ্যক প্ৰতিনিধিত্ব কৰি সংসদ সদস্য নিৰ্বাচিত হৈছে। ২০১১ চনৰ জুলাইৰ পৰা ২০১৩ চনৰ ডিচেম্বৰ মাহলৈকে তেওঁ বন আৰু পৰিৱেশ মন্ত্ৰী (স্বাধীন দায়িত্বত) আছিল। ২০১৩ চনৰ ২১ ডিচেম্বৰত তেওঁ পৰিৱেশ আৰু বন মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে। ২০১৫ চনৰ ৩০ জানুৱাৰীত চেন্নাইত অনুষ্ঠিত এখন সংবাদমেলত তেওঁ ঘোষণা কৰে যে তেওঁ কংগ্ৰেছ পাৰ্টিৰ পৰা পদত্যাগ কৰিব। তেওঁ আৰোপ লগাইছিল যে ৰাহুল গান্ধীৰ "নিৰ্দিষ্ট অনুৰোধ"ৰ ভিত্তিত তেওঁৰ মন্ত্ৰালয়ে ঔদ্যোগিক প্ৰকল্পসমূহক অনুমোদন দিছিল আৰু তেওঁ (গান্ধী) ২০১৪ চনৰ নিৰ্বাচনলৈ চকু ৰাখি পৰিৱেশ বান্ধৱৰ পৰা কৰ্পৰেট-বান্ধৱৰ স্থিতি লৈছে।১

প্ৰাৰম্ভিক জীৱন

জয়ন্তী নটৰাজনৰ জন্ম হৈছিল ভাৰতৰ মাদ্ৰাচত। ড° চি আৰ সুন্দৰৰাজন আৰু ৰুক্মিণী সুন্দৰৰাজন তেওঁৰ পিতৃ-মাতৃ আছিল। জয়ন্তী উল্লেখনীয় সমাজকৰ্মী সৰোজিনী বৰদপ্পনৰ ভতিজী আছিল। তেওঁৰ মাতৃৰ ফালৰ পৰা ককাক এম বখটাবৎসলম এজন বিশিষ্ট কংগ্ৰেছী ৰাজনীতিবিদ আৰু ১৯৬৩ চনৰ পৰা ১৯৬৭ চনলৈ তামিলনাডুৰ মুখ্যমন্ত্ৰী আছিল। জয়ন্তীয়ে আইনৰ শিক্ষা গ্ৰহণ কৰাৰ পূৰ্বে ইথিৰাজ কলেজ ফৰ ৱ’মেনত অধ্যয়ন কৰি মাদ্ৰাচত প্ৰেকটিচিং এডভোকেট হৈছিল। ব্যৱসায়িক অনুশীলনৰ উপৰিও সৰ্বভাৰতীয় মহিলা সন্মিলন, আৰু আইনী সাহায্য ব’ৰ্ডকে ধৰি কেইবাটাও সামাজিক সংগঠনৰ বাবেও বিনা পাৰিশ্ৰমিকত কাম কৰিছিল। ইয়াৰ উপৰিও তেওঁ মাদ্ৰাচ দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি পঢ়ুৱৈ হিচাপেও কিছু কালৰ বাবে কাম কৰিছিল।২৩

তথ্যসূত্ৰ

  1. ↑ (2015-01-30). With Attack on Rahul Gandhi, Former Minister Jayanthi Natarajan Quits Congress. Ndtv.com
  2. ↑ Natarajan, Shrimati Jayanthi
  3. ↑ Published: Friday, 27 October 2006, 17:43 [IST]. (2006-10-27). Jayanthi Natarajan bereaved – Oneindia News. News.oneindia.in

সম্পৰ্কিত শ্ৰেণী

ৰাজ্যসভাৰ সাংসদভাৰতীয় ৰাজনীতিবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জয়ন্তী নটৰাজন” প্ৰবন্ধৰ সংশোধন ৫৭৮৭৯৯ (১৮ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।