ৰাজনীতিবিদ
২৩২ প্ৰবন্ধ
-
ৰিহন দৈমাৰী
ৰিহন দৈমাৰী এজন ভাৰতীয় ৰাজনীতিবিদ, অসমৰ প্ৰাক্তন মন্ত্ৰী আৰু অসম ৰাজ্যৰ প্ৰাক্তন সাংসদ। তেওঁৰ জন্ম ১ জানুৱাৰী, ১৯৬০ চনত অসমৰ ওদালগুৰি জিলাত হৈছিল। দৈমাৰীয়ে ২০২১ চনলৈকে বড়োলেণ্ড পিপলছ ফ্ৰণ্ট দলৰপৰা অসম বিধানসভা ৰ সদস্য আছিল। ২০১৬ চনত সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰত মন্ত্ৰী হৈছিল।
-
আগষ্টাছ
আগষ্টাছ (Imperator Caesar Divi Filius Augustus, জন্ম: ২৩ ছেপ্টেম্বৰ, খ্ৰীষ্টপূৰ্ব ৬৩ – মৃত্যু: ১৯ আগষ্ট, খ্ৰীষ্টাব্দ ১৪) আছিল ৰোমান সাম্ৰাজ্যৰ প্ৰথম সম্ৰাট।
-
আবি আহমেদ আলি
আবি আহমেদ আলি (সংক্ষেপে আবি আহমেদ অথবা আবি;জন্ম ১৫ আগষ্ট ১৯৭৬) এগৰাকী ইথিঅ'পিয়াৰ ৰাজনীতিবিদ আৰু ২ এপ্ৰিল ২০১৮ চনৰ পৰা ইথিঅ'পিয়াৰ ১৫তম প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছে। তেওঁ ইথিঅ'পিয়ান পিপল'ছ ৰেভুল্যছনেৰী ডেম'ক্ৰেটিক ফ্ৰণ্ট আৰু অৰুমু ডেম'ক্ৰেটিক পাৰ্টিৰ অধ্যক্ষৰ পদত অধিষ্ঠিত আছিল।
-
আলী খামেনেই
আলী হুছেইনী খামেনেই ( ইংৰাজী: Ali Hosseini Khamenei; জন্ম: ১৯ এপ্ৰিল ১৯৩৯ - মৃত্যু:২৮ ফেব্ৰুৱাৰী ২০২৬) এজন ইৰাণী ধৰ্মগুৰু আৰু ৰাজনীতিবিদ যিয়ে ১৯৮৯ চনৰ পৰা ২০২৬ চনৰ ২৮ ফেব্ৰুৱাৰীত মৃত্যু বা আমেৰিকান আৰু ইজৰাইলী সৈন্যৰ দ্বাৰা হত্যা পৰ্যন্ত ইৰাণৰ দ্বিতীয় সৰ্বোচ্চ নেতা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
আশ্ৰফ ঘানী
আশ্ৰফ ঘানী আহমদজাই (Ashraf Ghani, ১৯৪৯ চনৰ ১৯ মে'ত জন্ম) হ'ল আফগানিস্তানৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি। শিক্ষাত তেওঁ এজন নৃতত্ত্ববিদ। ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ পূৰ্বে ঘানী আছিল আফগানিস্তান চৰকাৰৰ বিত্তমন্ত্ৰী তথা কাবুল বিশ্ববিদ্যালয়ৰ আচাৰ্য। ১৯৯১ চনত আশ্ৰফ ঘানীয়ে বিশ্ব বেংকত কাম কৰিবলৈ আৰম্ভ কৰিছিল।
-
উমা নেহৰু
উমা নেহৰু (Uma Nehru; ৮ মাৰ্চ ১৮৮৪ – ২৮ আগষ্ট ১৯৬৩) এগৰাকী ভাৰতীয় স্বাধীনতা কৰ্মী আৰু ৰাজনীতিবিদ।
-
এম. এছ. গীল
মনোহৰ সিং গীল ( Manohar Singh Gill; ১৪ জুন ১৯৩৬ – ১৫ অক্টোবৰ ২০২৩) এজন ভাৰতীয় আমোলা, ৰাজনীতিবিদ আৰু সাহিত্যিক। ১৯৫৮ চনৰ পৰা ২০০১ চনলৈ ভাৰতৰ একাদশ মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে অৱসৰ লোৱালৈকে ভাৰতীয় প্ৰশাসনিক সেৱাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
গোল্ডা মেইৰ
গোল্ডা মেইৰ (Golda Meir; ৩ মে' ১৮৯৮ – ৮ ডিচেম্বৰ ১৯৭৮) এগৰাকী ইজৰাইলী ৰাজনীতিবিদ আছিল যি ১৯৬৯ চনৰ পৰা ১৯৭৪ চনলৈকে ইজৰাইলৰ চতুৰ্থ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
জ্যোতিৰ্ময়ী শিকদাৰ
জ্যোতিৰ্ময়ী ছিকদাৰ (Jyotirmoyee Sikdar; জন্ম: ১১ ডিচেম্বৰ ১৯৬৯) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু প্ৰাক্তন ক্ৰীড়াবিদ। চতুৰ্দশ লোকসভাত কৃষ্ণনগৰ সমষ্টিৰ পৰা ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ সাংসদ সদস্য হিচাপে তেখেতে কাৰ্যনিৰ্বাহ কৰিছিল৷ ২০০৯ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত তৃণমূল কংগ্ৰেছৰ…
-
তৈমুৰ লং
তৈমুৰ লং (ইংৰাজী: Timur the Lame, তুৰ্কী: Tamerlane; জন্ম: ৯ এপ্ৰিল ১৩৩৬ – মৃত্যু: ১৭ ফেব্ৰুৱাৰী ১৪০৫) আছিল বিশাল তুৰ্ক-মোঙ্গল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক আৰু এজন নৃশংস সামৰিক বীৰ।
-
দিলীপ কুমাৰ পাল
দিলীপ কুমাৰ পাল এজন ভাৰতীয় ৰাজনীতিবিদ। তেওঁৰ জন্ম ১৯৫৬ চনৰ ১৯ মাৰ্চত অসমৰ কাছাৰ জিলাৰ শিলচৰত হৈছিল। তেওঁ শিলচৰ বিধান সভা সমষ্টিৰপৰা ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হিচাপে দুবাৰকৈ বিধানসভালৈ নিৰ্বাচিত হয়। তেওঁ ২০২০-২১ চনত নিজ বিজেপি দলৰ ভিতৰত কিছু বিতৰ্কৰ বাবে দল ত্যাগ কৰিছিল।
-
নিত্যানন্দ ৰাই
নিত্যানন্দ ৰাই (জন্ম ১ জানুৱাৰী ১৯৬৬) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু বৰ্তমান ভাৰত চৰকাৰৰ গৃহ পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী। ২০১৪ আৰু ২০১৯ চনৰ সাধাৰণ নিৰ্বাচনত উজিয়াৰপুৰৰপৰা ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হয়।
-
নেপাল নাগ
নেপাল নাগ বা নেপালচন্দ্ৰ নাগ ( Nepal Nag) ভাৰতৰ বৃটিছ বিৰোধী স্বাধীনতা আন্দোলনৰ এক ব্যক্তিত্ব, অগ্নিযুগৰ বিপ্লৱী আৰু কমিউনিষ্ট কৰ্মী আছিল। তেওঁৰ জন্ম ১৯০৫ চনৰ ১৯ ছেপ্তেম্বৰ আৰু মৃত্যু ১৯৭৮ চনৰ ৫ অক্টোবৰ।
-
পুষ্পাবেন মেহতা
পুষ্পাবেন মেহতা নামেৰে পৰিচিতপুষ্পা জনাৰ্দনৰাই মেহতা, (২১ মাৰ্চ ১৯০৫ ― ২ এপ্ৰিল ১৯৮৮), ভাৰতৰ গুজৰাটৰ এগৰাকী সমাজকৰ্মী আৰু ৰাজনীতিবিদ আছিল। তেওঁ আহমেদাবাদ আৰু সৌৰাষ্ট্ৰ অঞ্চলৰ কেইবাটাও মহিলা আৰু শিশু কল্যাণ সংস্থা প্ৰতিষ্ঠা কৰি নেতৃত্ব দিছিল।
-
ফ্ৰেংকলিন ডি ৰুজভেল্ট
ফ্ৰেংকলিন ডেলানো ৰুজভেল্ট (জন্ম:- ৩০ জানুৱাৰী,১৮৮২ – মৃত্যু:-১২ এপ্ৰিল,১৯৪৫) তেওঁক চমুকৈ এফডিআৰ(FDR) বুলিও জনা যায়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৩২ তম ৰাষ্ট্ৰপতি আছিল। ১৯৩৩ চনৰ পৰা ১৯৪৫ চনলৈকে তেওঁৰ মৃত্যু পৰ্যন্ত সেৱা আগবঢ়াইছিল।
-
বিজয় মালাকাৰ
বিজয় মালাকাৰ এজন ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ২০১৬ অসম বিধানসভাৰ নিৰ্বাচনৰ(২০১৯ চনৰ উপ-নিৰ্বাচনত) ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হিচাপে ৰাতাবাৰী বিধান সভা সমষ্টিৰপৰা অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল।
-
বৃন্দা কাৰাট
বৃন্দা কাৰাট ( Brinda Karat; জন্ম: ১৭ অক্টোবৰ ১৯৪৭) এগৰাকী ভাৰতীয় মাৰ্ক্সবাদী ৰাজনীতিবিদ আৰু ২০০৫ চনৰ ১১ এপ্ৰিলৰ পৰা ২০১১ চনলৈকে পশ্চিম বংগক প্ৰতিনিধিত্ব কৰা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ। তেওঁ ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ সদস্য। ২০০৫ চনত তেওঁ চিপিআই(এম) পলিটব্যুৰোৰ প্ৰথম মহিলা সদস্য।
-
বেগম আবিদা আহমেদ
বেগম আবিদা আহমেদ (Begum Abida Ahmed,১৭ জুলাই ১৯২৩ – ৭ ডিচেম্বৰ ২০০৩) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, শিল্পী, আৰু সমাজ কৰ্মী৷ তেওঁ ১৯৭৪ চনৰ পৰা ১৯৭৭ চনলৈ ভাৰতৰ প্ৰথম মহিলা হিচাপে আৰু পিছলৈ লোকসভাত সাংসদ সদস্য হিচাপে উত্তৰ প্ৰদেশৰ বাৰেলী সংসদীয় সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল৷ আবিদা আহমেদ ভাৰতৰ পঞ্চম…
-
ভূপেন্দ্ৰ নাথ বসু
ভূপেন্দ্ৰ নাথ বসু (Bhupendra Nath Bose; ১৩ জানুৱাৰী ১৮৫৯ - ১৩ ছেপ্টেম্বৰ ১৯২৪) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ১৯১৪ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি আছিল।
-
মহান কনষ্টেনটাইন
মহান কনষ্টেনটাইন (ইংৰাজী: Constantine the Great, লেটিন: Flavius Valerius Constantinus; ২৭ ফেব্ৰুৱাৰী ২৭২ – ২২ মে ৩৩৭) আছিল এজন ৰোমান সম্ৰাট, যিয়ে খ্ৰীষ্টান ধৰ্মৰ প্ৰতিস্থাপন আৰু কন্স্টান্টিনোপল (বৰ্তমান ইষ্টানবুল) নগৰৰ প্ৰতিষ্ঠাৰ বাবে বিখ্যাত।
-
মহান চাইৰাচ
মহান চাইৰাছ (کوروش بزرگ Kūrosh-e Bozorg, Κῦρος ὁ Μέγας Kŷros ho Mégas; খ্ৰীঃ পূৰ্ব ৬০০ বা ৫৭৬ – খ্ৰীঃ পূৰ্ব ৫৩০) আছিল আকেমেনিদ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা, যিয়ে ইতিহাসত প্ৰথম বৃহৎ পাৰ্ছিয়ান সাম্ৰাজ্য গঠন কৰিছিল। তেওঁক সাধাৰণতে "মানৱাধিকাৰৰ প্ৰথম চেম্পিয়ন" বুলি গণ্য কৰা হয়।
-
মিহিৰ কান্তি সোম
মিহিৰ কান্তি সোম অসমৰ এজন ৰাজনীতিবিদ। তেওঁ ২০১৬ চনৰ অসম বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী হিচাপে উদাৰবন্দ বিধান সভা সমষ্টিৰপৰা নিৰ্বাচিত হৈছে।তেওঁ বৰ্তমান কুম্ভীৰগ্ৰামত বাস কৰে। তেওঁৰ পিতৃ অঞ্চলটোৰ এজন সুপৰিচিত সমাজকৰ্মী আছিল।
-
যশৱন্ত সিনহা
যশৱন্ত সিনহা (Yashwant Sinha; জন্ম ৬ নৱেম্বৰ ১৯৩৭) এজন ভাৰতীয় প্ৰশাসক আৰু ৰাজনীতিবিদ। প্ৰধানমন্ত্ৰী চন্দ্ৰ শেখৰৰ অধীনত ১৯৯০ চনৰ পৰা ১৯৯১ চনলৈ আৰু পুনৰ ১৯৯৮ চনৰ মাৰ্চ মাহৰ পৰা ২০০২ চনৰ জুলাই মাহলৈকে প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ অধীনত তেওঁ বিত্তমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
যোছেফ ষ্টালিন
যোছেফ ষ্টালিন (জৰ্জিয়ান: იოსებ სტალინი; জন্ম: ১৮ ডিচেম্বৰ ১৮৭৮ – মৃত্যু: ৫ মাৰ্চ ১৯৫৩) আছিল ছোভিয়েট ইউনিয়নৰ প্ৰধান নেতা আৰু কমিউনিষ্ট ৰাজনীতিবিদ। তেওঁ লেনিনৰ পাছত ছোভিয়েট ইউনিয়নৰ নেতা হৈ উঠি ১৯২০–৫০ দশকত ছোভিয়েট কৌশল আৰু নীতিসমূহৰ পৰিচালনা কৰিছিল।
-
লোটে শ্বেৰিং
লোটে শ্বেৰিং (Lotay Tshering), জন্ম ১০ মে' ১৯৬৯) হৈছে ভূটানৰ এগৰাকী ৰাজনীতিবিদ আৰু চিকিৎসক৷ তেখেত ভূটানৰ বৰ্তমান প্ৰধান মন্ত্ৰী ৷ ২০১৮ চনৰ ৭ নৱেম্বৰৰ পৰা তেখেতে দায়িত্ব চম্ভালি আছে৷ ২০১৮ চনৰ ১৪ মে'ৰ পৰা তেখেত ড্ৰুক ন্যামৰূপ শোগপাৰ অধ্যক্ষৰ পদো অলংকৃত কৰি আছে৷
-
শিৰীন শাৰমিন চৌধুৰী
ড॰ শিৰীন শাৰমিন চৌধুৰী (Shirin Sharmin Chaudhury; জন্ম: ৬ অক্টোবৰ ১৯৬৬) এগৰাকী বাংলাদেশী ৰাজনীতিবিদ। ২০১৩ চনৰ ৩০ এপ্ৰিলত তেওঁ ৯ম জাতীয় সংসদৰ অধ্যক্ষ পদত অধিষ্ঠিত হয় আৰু বাংলাদেশৰ ইতিহাসত জাতীয় সংসদৰ প্ৰথম গৰাকী মহিলা অধ্যক্ষ হিচাপে নিৰ্বাচিত হয়।
-
শৈলবালা দাস
শৈলবালা দাস (Sailabala Das, ২৫ মাৰ্চ ১৮৭৫ – ২৯ এপ্ৰিল ১৯৬৮) এগৰাকী সমাজকৰ্মী আৰু ৰাজনীতিবিদ আছিল। ওড়িশাৰ পৰা ইংলেণ্ডলৈ উচ্চ শিক্ষাৰ বাবে যোৱা তেওঁ প্ৰথমগৰাকী মহিলা।
-
সন্দীপ দীক্ষিত
সন্দীপ দীক্ষিত (জন্ম ১৫ আগষ্ট ১৯৬৪) এজন ভাৰতীয় ৰাজনীতিবিদ, উন্নয়ন পৰিচালক আৰু শিক্ষাবিদ। তেওঁ দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শীলা দীক্ষিতৰ পুত্ৰ। তেওঁ ভাৰতৰ ১৫সংখ্যক লোকসভাৰ সদস্য আছিল। তেওঁ দিল্লীৰ পূব দিল্লী সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ (INC) ৰাজনৈতিক দলৰ সদস্য।
-
সাগৰিকা ঘোষ
সাগৰিকা ঘোষ (Sagarika Ghose; জন্ম: ৮ নৱেম্বৰ ১৯৬৪) হৈছে এগৰাকী ভাৰতীয় সাংসদ, সাংবাদিক, স্তম্ভলেখক আৰু লেখিকা। ১৯৯১ চনৰ পৰা তেওঁ সাংবাদিক হিচাপে কৰ্মৰত৷ তেওঁ দ্য টাইমছ অৱ ইণ্ডিয়া, আউটলুক আৰু দ্য ইণ্ডিয়ান এক্সপ্ৰেছত কাম কৰিছে।
-
সুআন মানুৱেল ছাণ্ট'ছ কাল্ডে'ৰ'ন
সুআন মানুৱেল ছাণ্ট'ছ কাল্ডে'ৰ'ন (Juan Manuel Santos Calderón) (;জন্ম: ১০ আগষ্ট, ১৯৫১) কলম্বিয়াৰ বৰ্তমান তথা ৩২তম ৰাষ্ট্ৰপতি। তেওঁ ২০১৬ চনত বাবে শান্তিৰ নোবেল বঁটা লাভ কৰে। তেওঁ এজন বিখ্যাত অৰ্থনীতিবিদ আৰু সাংবাদিক।