নিত্যানন্দ ৰাই (জন্ম ১ জানুৱাৰী ১৯৬৬)১ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু বৰ্তমান ভাৰত চৰকাৰৰ গৃহ পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী।২ ২০১৪ আৰু ২০১৯ চনৰ সাধাৰণ নিৰ্বাচনত উজিয়াৰপুৰৰপৰা ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হয়। ২০০০ চনৰপৰা (২০০০, ফেব্ৰুৱাৰী-২০০৫, অক্টোবৰ- ২০০৫ আৰু ২০১০) সংসদৰ বাবে নিৰ্বাচিত নোহোৱালৈকে তেওঁ হাজীপুৰ সমষ্টিক বিহাৰ বিধানসভাত বিজয়ী নিৰ্বাচনত অবিৰতভাৱে প্ৰতিনিধিত্ব কৰিছিল।৩৪
প্ৰাথমিক জীৱন আৰু শিক্ষা
১৯৬৬ চনৰ ১ জানুৱাৰীত তেওঁ জন্মগ্ৰহণ কৰে। নিত্যানন্দ ৰাই যাদৱ জাতিৰ পৰিয়ালৰ।৫ এজন কৃষকৰ পুত্ৰ ৰাই ১৯৮১ চনৰপৰা সংঘ পৰিয়ালৰ সৈতে জড়িত হৈ আছে, সেই বছৰতে এবিভিপিত ছাত্ৰ কৰ্মী হিচাপে যোগদান কৰে।৬ ৰায়ে আন্তঃজাতীয় বিবাহ কৰিছে।৭ তেওঁ বিহাৰ বিশ্ববিদ্যালয়ৰপৰা বি এ (অনাৰ্ছ) ডিগ্ৰী লাভ কৰিছে।৮
কেৰিয়াৰ
২০১৯ চনৰ ২৩ মে'ত ৰায় গৃহ পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী হয়।৯ কলেজৰ এবিভিপি ইউনিটৰপৰাই ৰাজনীতিত প্ৰৱেশ কৰিছিল ৰায়ে। তেওঁৰ কলেজত ছাত্ৰ সন্থাৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল। ২০০০ চনৰ বিহাৰ বিধানসভা নিৰ্বাচনত ৰায়ে টিকট পাই হাজীপুৰৰপৰা জয়ী হৈছিল। একেৰাহে চাৰিবাৰকৈ এই আসনত জয়লাভ কৰে। ২০১৪ চনৰ সাধাৰণ নিৰ্বাচনত ৰায়ে চুবুৰীয়া জিলাখনৰপৰা সংসদীয় নিৰ্বাচনৰ টিকট লাভ কৰিছিল কাৰণ তেওঁৰ গৃহ সমষ্টি অনুসূচিত জাতিৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত আসন। নিৰ্বাচনত জয়ী হৈ উজিয়াৰপুৰৰপৰা সংসদ সদস্য হয়। ২০১৫ চনৰ বিহাৰ বিধান সভা নিৰ্বাচনত বিজেপিয়ে তেওঁক যাদৱ১ প্ৰাৰ্থী হিচাপে প্ৰচাৰৰ চেষ্টা কৰি হ্ৰাস পোৱা আৰজেডি ভোটাৰক প্ৰলোভিত কৰিবলৈ চেষ্টা কৰে। তেওঁক বিজেপি বিহাৰৰ সভাপতি হিচাপে নিযুক্তি দিয়া হয় আৰু ২০১৯ চনৰ নিৰ্বাচনৰ পিছত দ্বিতীয় মোডী মন্ত্ৰ্যালয়ত তেওঁক ৰাজ্যিক গৃহমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হয়।
তথ্যসূত্ৰ
- ↑ Singh, Santosh. (2020-10-13). The rise and rise of Nityanand Rai. The Indian Express
- ↑ Members: Lok Sabha
- ↑ Nityanand Rai. National Portal of India
- ↑ Amarnath, Tewary. (21 November 2017). Bihar BJP chief Nityanand Rai feels 'sorry' for his controversial comment. The Hindu
- ↑ (25 August 2022). Deputy CM Tejashwi is 'fake Yadav', Nityanand Rai is 'real', says Bihar BJP. Business Standard
- ↑ (12 October 2020). The rise and rise of Nityanand Rai
- ↑ Ujiarpur grapples with new caste equations - Delimitation changes constituency's constitution, not its share of problems. The Telegraph
- ↑ Nityanand Rai(Bharatiya Janata Party(BJP)):Constituency- UJIARPUR(BIHAR) - Affidavit Information of Candidate. www.myneta.info
- ↑ (31 May 2019). PM Modi allocates portfolios. Full list of new ministers. Live Mint
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিত্যানন্দ ৰাই” প্ৰবন্ধৰ সংশোধন ৬৩৪৩৪৬ (৫ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।