মহান কনষ্টেনটাইন (ইংৰাজী ভাষা: Constantine the Great, লেটিন: Flavius Valerius Constantinus; ২৭ ফেব্ৰুৱাৰী ২৭২ – ২২ মে ৩৩৭) আছিল এজন ৰোমান সম্ৰাট, যিয়ে খ্ৰীষ্টধৰ্মৰ প্ৰতিস্থাপন আৰু কন্স্টান্টিনোপল (বৰ্তমান ইষ্টানবুল) নগৰৰ প্ৰতিষ্ঠাৰ বাবে বিখ্যাত। ১
শাসনকাল
৩০৬ চনত পিতৃ Constantius Chlorusৰ মৃত্যুৰ পাছত কনষ্টেনটাইন ৰোমান সাম্ৰাজ্যৰ সম্ৰাট হিচাপে অধিষ্ঠিত হয়। তেওঁ ৩২৪ চনত নিজৰ প্ৰতিদ্বন্দ্বী Liciniusক পৰাস্ত কৰি ৰোমান সাম্ৰাজ্যক একত্ৰিত কৰে।
খ্ৰীষ্টান ধৰ্মৰ স্বীকৃতি
৩১৩ চনত তেওঁ Edict of Milan ঘোষণা কৰি খ্ৰীষ্টান ধৰ্মক স্বীকৃতি দিয়ে আৰু খ্ৰীষ্টানসকলৰ ওপৰত অত্যাচাৰ বন্ধ কৰে।২ তেওঁৰ শাসনকালত খ্ৰীষ্টান ধৰ্ম এক ৰাজনৈতিক আৰু ধৰ্মীয় শক্তি হিচাপে দৃঢ়ভাৱে প্ৰতিষ্ঠিত হয়।
কন্স্টান্টিনোপল আৰু নৱ ৰাজধানী
তেওঁ ৩৩০ চনত Byzantium নামৰ নগৰখনক পুনৰ্নিমাণ কৰি তাৰ নাম ৰাখে Constantinople (মহান কনষ্টেনটাইনৰ নগৰ)। ই বহুদিনলৈ ৰোমান আৰু পিচু সময়ত বিজেন্টাইন সাম্ৰাজ্যৰ ৰাজধানী আছিল।৩
মৃত্যুৰ পাছত প্ৰভাৱ
৩৩৭ চনত তেওঁৰ মৃত্যু হয় আৰু তেওঁক Church of the Holy Apostlesত সমাধিস্থ কৰা হয়। খ্ৰীষ্টান গীৰ্জাই তেওঁক পৱিত্ৰ লোক (Saint Constantine) হিচাপে গণ্য কৰে। ইষ্টাৰ্ণ অৰ্থোডক্স গীৰ্জাত তেওঁক St. Constantine the Great বুলি সম্বোধন কৰা হয়।৪
তথ্যসূত্ৰ
- ↑ Constantine I. Encyclopaedia Britannica
- ↑ Constantine's conversion and the Edict of Milan. History.com
- ↑ Constantine and Constantinople. Oxford Reference
- ↑ Saint Constantine. Orthodox Church in America
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মহান কনষ্টেনটাইন” প্ৰবন্ধৰ সংশোধন ৫২৬৪৭৪ (২৩ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।