ৰাজনীতিবিদ
২৩২ প্ৰবন্ধ
-
এডনা আডান ইছমাইল
এডনা আডান ইছমাইল ( Edna Adan Ismaaciil; জন্ম ৮ ছেপ্টেম্বৰ ১৯৩৭) এগৰাকী নাৰ্ছ ধাত্ৰী, কৰ্মী, আৰু ২০০৩ চনৰ পৰা ২০০৬ চনলৈকে ছোমালিলেণ্ডৰ প্ৰথম মহিলা বৈদেশিক মন্ত্ৰী আছিল। ইয়াৰ পূৰ্বে তেওঁ ছোমালিয়াৰ পৰিয়াল কল্যাণ আৰু সামাজিক উন্নয়ন মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
এণ্ড্ৰিউ মাৰ্ভেল
এণ্ড্ৰিউ মাৰ্ভেল (Andrew Marvell, 31 মাৰ্চ 1621-16 আগষ্ট 1678) এজন ইংৰাজ মেটাভিজিকেল কবি, ব্যংগলেখক আৰু ৰাজনীতিবিদ। তেখেত ১৬৫৯ চনৰ পৰা ১৬৭৮ চনৰ সময়ছোৱাত হাউচ অৱ কমন্সৰ আসনত বহিছিল। কমনৱেলথৰ সময়ছোৱাত তেওঁজন মিল্টনৰ সহকৰ্মী আৰু বন্ধু আছিল।
-
এনমেৰী গ্ৰুৱেল
এনমেৰী গ্ৰুৱেল (১৩ জুন ১৯৩৫ – ২৭ ফেব্ৰুৱাৰী ১৯৯৮) এগৰাকী ডাচ চিনেটৰ, শিক্ষাবিদ আৰু স্তম্ভলেখক আছিল। তেওঁ এগৰাকী মুকলিভাৱে লেচবিয়ান ৰাজনীতিবিদ আছিল। গ্ৰুৱেল সাধাৰণতে লেবাৰ পাৰ্টিৰ কংগ্ৰেছসমূহৰ সভানেত্ৰী আছিল। ১৯৮২ চনত তেওঁ ডি গ্ৰুৱেন আমষ্টাৰডামাৰৰ স্তম্ভলেখক হয়।
-
এবিঅ'ডান এছিয়েট
এবিঅ'ডুন এছিয়েট (Abiodun Essiet; জন্ম:-৩ জানুৱাৰী ১৯৮৬) এগৰাকী নাইজেৰিয়ান নাৰ্ছ, লিংগ কৰ্মী, সম্প্ৰদায় উন্নয়ন কৰ্মী আৰু ৰাজনীতিবিদ। বৰ্তমান তেওঁ নাইজেৰিয়াৰ ৰাষ্ট্ৰপতি বোলা টিনুবুৰ জ্যেষ্ঠ বিশেষ সহায়িকা হিচাপে সম্প্ৰদায় সংঘবদ্ধকৰণৰ দিশত কৰ্মৰত৷
-
এম চি ৰাজহ
মাইলাই চিন্না থাম্বি পিল্লাই ৰাজহ (জন্ম ১৭ জুন ১৮৮৩ – ২৩ আগষ্ট ১৯৪৩) ভাৰতীয় কেন্দ্ৰীয় ৰাজ্য তামিলনাডুৰ এজন তামিল ৰাজনীতিবিদ, শিক্ষাবিদ, সামাজিক আৰু ৰাজনৈতিক কৰ্মী আছিল। ৰাজহৰ জন্ম হৈছিল মাদ্ৰাজৰ তামিল পৰিয়ালত। স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত ৰাজনীতিত নামি অহাৰ লগতে জাষ্টিচ পাৰ্টিৰ নেতা আছিল।
-
এমানুৱেল মাক্ৰঁ
এমানুৱেল জঁ-মিশ্বেল ফ্ৰেদেৰিক মাক্ৰঁ (Emmanuel Macron,; জন্ম: ২১ ডিচেম্বৰ ১৯৭৭) হৈছে এজন ফৰাচী ৰাজনীতিবিদ যিয়ে ২০১৭ চনৰ পৰা ফ্ৰান্সৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। ২০১৬ চনত দলটো প্ৰতিষ্ঠা কৰাৰ পৰাই তেওঁ ৰ্যনেছঁছ দলৰ সদস্য হৈ আছে।
-
এলিজাবেথ প্ৰথম
এলিজাবেথ প্ৰথম ( Elizabeth I; ৭ ছেপ্তেম্বৰ ১৫৩৩ – ২৪ মাৰ্চ ১৬০৩) আছিল ইংলেণ্ড আৰু আয়াৰলেণ্ডৰ ৰাণী, যিয়ে ১৫৫৮ চনৰ পৰা ১৬০৩ চনলৈকে ৰাজত্ব কৰিছিল। তেওঁ আছিল হেনৰী অষ্টম আৰু এন্ বোলিনৰ কন্যা আৰু টিউডৰ বংশৰ শেষ শাসক।
-
কফিল উদ্দিন ছোনাৰ
কফিল উদ্দিন ছোনাৰ বাংলাদেশৰ এজন ৰাজনীতিবিদ আছিল। তেওঁ ১৯৮৮ সনত বাংলাদেশৰ জাতীয় সংসদৰ সাংসদ হিচাবে নিৰ্বাচিত হৈছিল। ২০১৯ চনৰ ২৫ অক্টোবৰত ৭৫ বয়সত তেখেতৰ মৃত্যু হৈছিল।
-
কমল খাৰাজী
ছৈয়দ কমল খাৰাজী (Sayed Kamal Kharazi) (জন্ম, ১ ডিচেম্বৰ ১৯৪৪ – মৃত্যু, ৯ এপ্ৰিল ২০২৬) আছিল এজন ইৰাণী সংস্কাৰবাদী ৰাজনীতিবিদ আৰু কূটনীতিবিদ যিয়ে ১৯৯৭ চনৰ ২০ আগষ্টৰপৰা ২০০৫ চনৰ ২৪ আগষ্টলৈকে ইৰাণৰ বৈদেশিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
কাশীনাথ য়াদৱ
কাশীনাথ য়াদৱ উত্তৰ প্ৰদেশৰ গাজীপুৰৰ এজন ভাৰতীয় লোকগায়ক তথা ৰাজনীতিবিদ, যি আহিৰ জনগোষ্ঠীৰ জনগোষ্ঠীয় ভোজপুৰী লোকশৈলী বিৰাহা গোৱাৰ বাবে বিখ্যাত। তেওঁ সমাজবাদী পাৰ্টিৰ শাসনকালত উত্তৰ প্ৰদেশ চৰকাৰৰ ৰাজ্যিক মন্ত্ৰীৰ পদত অধিষ্ঠিত হৈছিল।
-
কিম জং উন
কিম জং উন (Kim Jong Un)(১৯৮২ বা ১৯৮৩ চনৰ ৮ জানুৱাৰীত জন্ম) উত্তৰ কোৰিয়াৰ এজন ৰাজনীতিবিদ যিয়ে ২০১১ চনৰ পৰা উত্তৰ কোৰিয়াৰ সৰ্বোচ্চ নেতা আৰু ২০১২ চনৰ পৰা কোৰিয়াৰ ৱৰ্কাৰছ পাৰ্টি (ডব্লিউ পি কে)ৰ নেতা।
-
কুইন ওজা
কুইন ওজা (জন্ম ২৭ নৱেম্বৰ ১৯৫০) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ব্যৱসায়ী মহিলা। তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী সদস্যা। ওজাই ২০১৯ চনৰ পৰা ২০২৪ চনলৈ গুৱাহাটী সমষ্টি প্ৰতিনিধিত্ব কৰি লোকসভাৰ সদস্য হিচাপে সেৱা আগবঢ়ায়। ১৯৯৬ চনৰ পৰা ১৯৯৭ চনলৈকে গুৱাহাটী পৌৰ নিগম মেয়ৰ হিচাপেও তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল।
-
কৃপানাথ মল্লাহ
কৃপানাথ মল্লাহ এজন ভাৰতীয় ৰাজনীতিবিদ। তেওঁ অসমৰ কৰিমগঞ্জ লোকসভা সমষ্টিৰ পৰা সংসদ হিচাপে লোকসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।তেওঁ ভাৰতীয় জনতা পাৰ্টি ৰাজনীতি দলৰ এজন সদস্য।
-
কৃষ্ণা বসু
কৃষ্ণা বসু (Krishna Bose, ২৬ ডিচেম্বৰ ১৯৩০ – ২২ ফেব্ৰুৱাৰী ২০২০) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, শিক্ষাবিদ, লেখক আৰু সমাজকৰ্মী আছিল। পশ্চিম বংগৰ যাদৱপুৰ সমষ্টিৰ পৰা সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে তেওঁ সংসদলৈ নিৰ্বাচিত হৈছিল।
-
কেথেৰিন ওমানো
কেথেৰিন নাখাবি ওমানো (Catherine Nakhabi Omanyo; জন্ম: ৭ জুলাই ১৯৭৮) এগৰাকী কেনিয়াৰ ৰাজনীতিবিদ, শিক্ষা কৰ্মী আৰু বুচিয়া কাউণ্টিক প্ৰতিনিধিত্ব কৰা ৰাষ্ট্ৰীয় বিধানসভা (কেনিয়া)ত কাউণ্টি মহিলা প্ৰতিনিধি।
-
কোৱামে নক্ৰুমা
কোৱামে নক্ৰুমা (ইংৰাজী: Kwame Nkrumah; জন্ম: ২১ ছেপ্তেম্বৰ ১৯০৯ – মৃত্যু: ২৭ এপ্ৰিল ১৯৭২) আছিল ঘানাৰ প্ৰথমজন প্ৰধানমন্ত্ৰী (১৯৫৭–১৯৬০) আৰু প্ৰথম ৰাষ্ট্ৰপতি (১৯৬০–১৯৬৬)। তেওঁ আফ্ৰিকাৰ উপনিবেশবাদ-উত্তৰ যুগৰ অন্যতম প্ৰভাৱশালী নেতা আছিল।
-
ক্ৰীষ্টিন লাগাৰ্ড
ক্ৰীষ্টিন মেডেলিন অডেট লাগাৰ্ড ( Christine Madeleine Odette Lagarde; জন্ম ১ জানুৱাৰী ১৯৫৬) এগৰাকী ফৰাচী ৰাজনীতিবিদ আৰু অধিবক্তা যিয়ে ২০১৯ চনৰ পৰা ইউৰোপীয় কেন্দ্ৰীয় বেংকৰ সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
গৌতমী
গৌতমী তাদিমাল্লা (জন্ম ২ জুলাই ১৯৬৮) এগৰাকী ভাৰতীয় অভিনেত্ৰী, সমাজসেৱিকা, ৰাজনীতিবিদ আৰু সৰ্বভাৰতীয় আন্না দ্ৰাবিড় মুন্নেত্ৰা কাঝগমৰ উপ-প্ৰচাৰ সচিব। তেওঁ মুখ্যতঃ তামিল আৰু তেলুগু চলচ্চিত্ৰ উদ্যোগত কাম কৰিছে; লগতে মালয়ালম, হিন্দী আৰু কন্নড় ভাষাৰ চলচ্চিত্ৰতো অভিনয় কৰিছে।
-
গ্ৰেচ মেৰা মলিচা
গ্ৰেচ মেৰা মলিচা (ইংৰাজী: Grace Mera Molisa; জন্ম: ১৭ ফেব্ৰুৱাৰী ১৯৪৬, আওবা দ্বীপ – ৪ জানুৱাৰী ২০০২, পৰ্ট ভিলা) এগৰাকী নি-ভানুৱাটুৰ ৰাজনীতিবিদ, কবি আৰু ৰাজনীতিত মহিলাৰ সমঅধিকাৰৰ বাবে যুঁজ দিয়া এগৰাকী কৰ্মী আছিল।
-
চং ৰুইঝিয়াং
চং ৰুইঝিয়াং (ইংৰাজী: Song Ruixiang; জন্ম: অক্টোবৰ ১৯৩৯) এগৰাকী চীনা ৰাজনীতিবিদ যিয়ে ১৯৮৫ চনৰপৰা ১৯৮৯ চনলৈ চিংহাইৰ ৰাজ্যপাল, ১৯৯৪ চনৰপৰা ১৯৯৮ চনলৈ চীনৰ ভূতত্ত্ব আৰু খনিজ সম্পদ মন্ত্ৰী আৰু ২০০২ চনৰপৰা ২০০৪ চনলৈ চীন ভূমিকম্প প্ৰশাসনৰ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
চান য়াট-চেন
চান য়াট-চেন (ইংৰাজী: Sun Yat-sen; জন্ম: ১২ নবেম্বৰ ১৮৬৬ – মৃত্যু: ১২ মাৰ্চ ১৯২৫) আছিল এজন চীনা ৰাজনীতিবিদ, বিপ্লৱী আৰু চিকিৎসক, যাক আধুনিক চীনৰ “পিতা” হিচাপে গণ্য কৰা হয়। তেওঁ চিং ৰাজবংশৰ চৰকাৰ উৎখাত কৰি চীনৰ প্ৰথম গণৰাজ্য প্ৰতিষ্ঠা কৰে।
-
চি দি দেশমুখ
ছাৰ চিন্তামন দ্বাৰকানাথ দেশমুখ চিআইই আইচিএছ (১৪ জানুৱাৰী ১৮৯৬ – ২ অক্টোবৰ ১৯৮২) এজন ভাৰতীয় চৰকাৰী কৰ্মচাৰী আৰু ১৯৪৩ চনত ব্ৰিটিছ ৰাজ কৰ্তৃপক্ষই ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ হিচাপে নিযুক্তি দিয়া প্ৰথমজন ভাৰতীয়।[5পিছলৈ তেওঁ কেন্দ্ৰীয় মন্ত্ৰীসভাত বিত্তমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল (১৯৫০–১৯৫৬)।
-
চি শংকৰা নায়াৰ
ছাৰ চেট্টুৰ শংকৰা নায়াৰ চি আই ই (C. Sankaran Nair: ১১ জুলাই ১৮৫৭ – ২৪ এপ্ৰিল ১৯৩৪) এজন ভাৰতীয় অধিবক্তা আৰু ন্যায়াধীশ আছিল৷ তেওঁ ১৯০৬ চনৰ পৰা ১৯০৮ চনলৈকে মাদ্ৰাজৰ এডভোকেট জেনেৰেল হিচাপে, ১৯০৮ চনৰ পৰা ১৯১৫ চনলৈকে মাদ্ৰাজৰ উচ্চ ন্যায়ালয়ত puisne ন্যায়াধীশ হিচাপে আৰু ভাইচৰয়ৰ কাৰ্যবাহী পৰিষদৰ…
-
চৈয়দ নবাব আলি চৌধুৰী
চৈয়দ নবাব আলী চৌধুৰী (সৈয়দ নওয়াব আলী চৌধুরী, ২৯ ডিচেম্বৰ ১৮৬৩ – ১৭ এপ্ৰিল ১৯২৯) আছিল পূব বংগৰ (বৰ্তমান বাংলাদেশ) টাংগাইলস্থিত ধনবাৰীৰ নবাব। তেওঁ ঢাকা বিশ্ববিদ্যালয়ৰ অন্যতম প্ৰতিষ্ঠাপক আছিল। তেওঁ সংযুক্ত বংগৰ প্ৰথম মুছলমান মন্ত্ৰী। তেওঁ শিক্ষা বিভাগৰ দায়িত্ব চম্ভালিছিল।
-
ছাত্তাৰ খান
ছাত্তাৰ খান (২০ অক্টোবৰ, ১৮৬৬ – ১৭ নৱেম্বৰ, ১৯১৪), যাক সন্মানীয়ভাৱে চৰ্দাৰ-এ মিল্লী (অৰ্থাৎ ৰাষ্ট্ৰীয় অধিনায়ক) উপাধিৰে জনা যায়, আছিল ইৰানী সাংবিধানিক বিপ্লৱৰ এজন গুৰুত্বপূৰ্ণ ব্যক্তি আৰু ইৰানী লোকসকলৰ দ্বাৰা এজন জাতীয় বীৰ হিচাপে গণ্য কৰা হয়।
-
ছালাহুদ্দিন আয়ুবী
ছালাদিন বা ছালাহ আল-দিন আল-আয়ুবী বুলিও কোৱা হয়। ছিৰিয়া আৰু ইজিপ্তৰ চুলতান আছিল।তেখেতৰ জন্ম হৈছিল ১১৩৭-১১৩৮ খ্ৰীষ্টাব্দত বৰ্তমানৰ ইৰাকৰ টিক্ৰিটত। তেওঁক মুছলমানসকলৰ এজন গুৰুত্বপূৰ্ণ ৰাজনৈতিক আৰু সামৰিক নেতা হিচাপে গণ্য কৰা হয় ৷ আয়ুবী বংশৰ প্ৰতিষ্ঠাপক আৰু ১১৭৪ চনৰ পৰা ১১৯৩ চনলৈকে শাসন কৰিছিল।
-
ছিমন বলিভাৰ
ছিমন বলিভাৰ (সম্পূৰ্ণ নাম: ছিমন জোচে এণ্টনিঅ' দে লা ছাণ্টিচিমা ট্ৰিনিদাদ বলিভাৰ ৱাই পেলাচিঅ'ছ) (২৪ জুলাই ১৭৮৩ – ১৭ ডিচেম্বৰ ১৮৩০) আছিল এজন ভেনিজুৱেলাৰ ৰাষ্ট্ৰনেতা আৰু সামৰিক বিষয়া যিয়ে বৰ্তমান কলম্বিয়া, ভেনিজুৱেলা, ইকুৱেডৰ, পেৰু, পানামা আৰু বলিভিয়া দেশসমূহক স্পেনিছ সাম্ৰাজ্যৰ পৰা স্বাধীনতা লাভৰ…
-
ছিমোনা বোনাফে
ছিমোনা বোনাফে (জন্ম ২৪ জুন ১৯৭৩) ইটালীৰ এগৰাকী ৰাজনীতিবিদ আৰু সাংবাদিক যিয়ে দেশখনৰ চেম্বাৰ অৱ ডেপুটিজৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
-
ছুলেইমান প্ৰথম
ছুলেইমান প্ৰথম (ইংৰাজী: Suleiman the Magnificent; তুৰ্কী: Kanuni Sultan Süleyman), (জন্ম: ৬ নবেম্বৰ ১৪৯৪ – মৃত্যু: ৬ ছেপ্টেম্বৰ ১৫৬৬) আছিল অট’মান সাম্ৰাজ্যৰ ১০ম আৰু আটাইতকৈ দীৰ্ঘকাল শাসন কৰা সম্ৰাট। তেওঁ ১৫২০ চনৰ পৰা ১৫৬৬ চনলৈকে ৪৬ বছৰৰো অধিক সময় অট’মান সাম্ৰাজ্য শাসন কৰিছিল।
-
ছেলিনা বানু
ছেলিনা বানু (ইংৰাজী: Selina Banu; জন্ম: ১২ অক্টোবৰ ১৯২৬ – মৃত্যু: ২৬ জানুৱাৰী ১৯৮৩) এগৰাকী বাংলাদেশী ৰাজনীতিবিদ, সমাজকৰ্মী আৰু নাৰীবাদী আছিল।