ৰাজনীতিবিদ
২৩২ প্ৰবন্ধ
-
শমী কায়চাৰ
শমী কায়চাৰ (ইংৰাজী: Shomi Kaiser; বাংলা: শমী কায়সাব়; জন্ম: ১৫ জানুৱাৰী ১৯৭০) এগৰাকী বাংলাদেশী অভিনেত্ৰী আৰু ৰাজনৈতিক কৰ্মী। তেওঁ বৰ্তমান বিজ্ঞাপন আৰু ইভেণ্ট মেনেজমেণ্ট কোম্পানী ধাণচিৰি কমিউনিকেচনছ লিমিটেডৰ পৰিচালন সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
-
শাৰ্লেমেন
শাৰ্লেমেন ( / ˈʃɑːrləmeɪn /; ২ এপ্ৰিল ৭৪৮ – ২৮ জানুৱাৰী ৮১৪) ৭৬৮ চনৰ পৰা ফ্ৰেংকৰ ৰজা, ৭৭৪ চনৰ পৰা লম্বাৰ্ডৰ ৰজা আৰু ৮০০ চনৰ পৰা পশ্চিম আৰু মধ্য ইউৰোপৰ বেছিভাগ অঞ্চল একত্ৰিত কৰি শাসন কৰিছিল।
-
শীলা এফ্ ইৰানী
শ্বীলা এফ ইৰানী ( ইংৰাজী: Sheila F. Irani; ১২ জুন ১৯২২ – ১০ এপ্ৰিল ২০০৩) এগৰাকী ভাৰতীয় শিক্ষয়িত্ৰী, শিক্ষাবিদ আৰু মানৱতাবাদী আছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নাৰ্ছ হিচাপে স্বেচ্ছাসেৱী কাম কৰাৰ বাবে ভাইচৰয়ৰ প্ৰমাণপত্ৰ লাভ কৰে।
-
শূলমিত আলোনি
শূলমিত আলোনি (Shulamit Aloni; ২৭ ডিচেম্বৰ ১৯২৭ – ২৪ জানুৱাৰী ২০১৪) এগৰাকী ইজৰাইলী ৰাজনীতিবিদ। তেওঁ ৰাটজ্ পাৰ্টি প্ৰতিষ্ঠা কৰা, মেৰেট্জ দলৰ নেত্ৰী৷ তেওঁ ১৯৮৮ চনৰ পৰা ১৯৯০ চনলৈকে বিৰোধী দলৰ নেত্ৰী আৰু ১৯৯২ চনৰ পৰা ১৯৯৩ চনলৈকে শিক্ষা মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে।
-
শ্বাফিকা হাবিবি
শ্বাফিকা হাবিবি (Shafiqa Habibi) আফগানিস্তানৰ এগৰাকী সাংবাদিক, টেলিভিছন এংকৰ, কৰ্মী, ৰাজনীতিবিদ। মহিলা সাংবাদিকসকলক সহায় কৰাৰ বাবে কৰাৰ বাবে, আৰু ২০০৪ চনত আফগানিস্তানৰ উপ-ৰাষ্ট্ৰপতিৰ বাবে আব্দুল ৰছিদ দস্তুমৰ ৰানিং মেট হিচাপে প্ৰাৰ্থীত্ব লাভ কৰাৰ বাবে তেওঁ পৰিচিত।
-
শ্বামছুন্নহৰ মাহমুদ
শ্বামছুন্নহৰ মাহমুদ (Shamsunnahar Mahmud, প্ৰায় ১৯০৮ — ১০ এপ্ৰিল, ১৯৬৪) ২০ শতিকাৰ আৰম্ভণিৰ সময়ৰ বংগৰ এগৰাকী লেখক, ৰাজনীতিবিদ আৰু শিক্ষাবিদ আছিল। বেগম ৰকেয়াৰ নেতৃত্বত তেওঁ বংগৰ নাৰী অধিকাৰ আন্দোলনৰ এগৰাকী নেত্ৰী আছিল।
-
শ্বেহবাজ শ্বৰীফ
মিঞা মহম্মদ শ্বেহবাজ শ্বৰীফ ( Mian Muhammad Shehbaz Sharif) (জন্ম: ২৩ ছেপ্টেম্বৰ ১৯৫১) হৈছে পাকিস্তানৰ এজন ৰাজনীতিবিদ আৰু ব্যৱসায়ী। তেওঁ ২০২৪ চনৰপৰা পাকিস্তানৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ইয়াৰ পূৰ্বে তেওঁ ২০২২ চনৰপৰা ২০২৩ চনলৈও প্ৰধানমন্ত্ৰী আছিল।
-
শ্ৰীকান্ত বাৰ্মা
শ্ৰীকান্ত বাৰ্মা (১৯৩১ চনৰ ১৮ ছেপ্টেম্বৰ – ১৯৮৬ চনৰ ২৫ মে') ভাৰতীয় কবি আৰু ১৯৭৬ চনৰপৰা ১৯৮২ চন আৰু ১৯৮২ চনৰপৰা ১৯৮৬ চনলৈকে কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে মধ্যপ্ৰদেশৰ সংসদ সদস্য আছিল। ১৯৮৬ চনত নিউয়ৰ্কত কৰ্কট ৰোগত আক্ৰান্ত বাৰ্মাৰ মৃত্যু হয়
-
সত্যেন্দ্ৰ কুমাৰ জৈন
সত্যেন্দ্ৰ কুমাৰ জৈন দিল্লী চৰকাৰৰ এজন কেবিনেট মন্ত্ৰী তথা আম আদমী পাৰ্টিৰ এজন ৰাজনীতিবিদ।অৰবিন্দ কেজৰিৱালৰ নেতৃত্বত থকা দিল্লী চৰকাৰৰ সাতজন কেবিনেট মন্ত্ৰীৰ ভিতৰত তেওঁ অন্যতম।
-
সুবোধ ৰয়
সুবোধ ৰয় (১৯১৫ – ২৬ আগষ্ট ২০০৬) (ঝুংকু ৰয় নামেৰেও পৰিচিত) আছিল এগৰাকী ভাৰতীয় স্বাধীনতা আন্দোলনৰ প্ৰভাৱশালী, বিপ্লৱী সমাজবাদী আৰু ৰাজনীতিবিদ।
-
সুবৰ্ণা মুস্তাফা
সুবৰ্ণা মুস্তাফা (ইংৰাজী: Suborna Mustafa; জন্ম: ২ ডিচেম্বৰ ১৯৫৯) তেওঁ ২০১৯ চনৰপৰা ২০২৪ চনলৈকে সংৰক্ষিত মহিলা আসন–৪ৰপৰা প্ৰতিনিধিত্ব কৰা এজন প্ৰাক্তন জাতীয় সংসদ সদস্য। তেওঁ বাংলাদেশ আৱামী লীগ দলৰ এগৰাকী সক্ৰিয় সদস্য।
-
সুস্মিতা বাউৰী
সুস্মিতা বাউৰী (জন্ম ৫ জানুৱাৰী ১৯৭৫) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, যিয়ে কমিউনিষ্ট পাৰ্টি অৱ ইণ্ডিয়া (মাৰ্কচিষ্ট) (CPI(M))-ৰ প্ৰাৰ্থী হিচাপে পশ্চিমবঙ্গৰ বিষ্ণুপুৰ লোকসভা সমষ্টিৰ পৰা ১৪তম আৰু ১৫তম লোকসভাৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল। তেওঁ সন্ধ্যা বাউৰী আৰু নীমাই চৰণ বাউৰীৰ কন্যা।
-
সুৰজিৎ সিং বৰ্ণালা
সুৰজিৎ সিং বৰ্ণলা (জন্ম, ২১ অক্টোবৰ ১৯২৫ – মৃত্যু,১৪ জানুৱাৰী ২০১৭) এজন ভাৰতীয় ৰাজনীতিবিদ আছিল যিয়ে ১৯৮৫ চনৰপৰা ১৯৮৭ চনলৈকে পঞ্জাৱ ৰাজ্যৰ ১১সংখ্যক মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল বিভিন্ন পৰ্টফলিঅ’ গ্ৰহণ কৰা কেন্দ্ৰীয় মন্ত্ৰী হিচাপেও কাৰ্য্যনিৰ্বাহ কৰিছিল।
-
সুৰেশ চন্দ্ৰ মিশ্ৰ
সুৰেশ চন্দ্ৰ মিশ্ৰ (১৯০৩ – ৩০ মাৰ্চ ১৯৯৩), পণ্ডিত সুৰেশ চন্দ্ৰ মিশ্ৰ নামেও জনাজাত, আছিল এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু স্বাধীনতা কৰ্মী। তেখেত ১৯৫২ চনৰ পৰা ১৯৫৭ চনলৈ বিহাৰৰ মংঘীৰ সমষ্টিৰ বাবে প্ৰথম লোকসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
হোছেইন ফাতেমী
হোছেইন ফাতেমী (Hossein Fatemi) (জন্ম,১০ ফেব্ৰুৱাৰী, ১৯১৭ – ১০ নৱেম্বৰ, ১৯৫৪) এজন ইৰাণী পণ্ডিত। প্ৰধানমন্ত্ৰী মহম্মদ মোছাদ্দেগৰ ঘনিষ্ঠ সহযোগী হিচাপে তেওঁ ইৰাণৰ তেল আৰু গেছ সম্পদ ৰাষ্ট্ৰীয়কৰণৰ প্ৰস্তাৱ আগবঢ়ায়।
-
হৰিণী অমৰাছুৰীয়া
হৰিণী নিৰেকা অমৰাছুৰীয়া (জন্ম ৬ মাৰ্চ ১৯৭০)(Harini Nireka Amarasuriya) এগৰাকী শ্ৰীলংকান সমাজবিজ্ঞানী, শিক্ষাবিদ, কৰ্মী আৰু ৰাজনীতিবিদ যি ২০২৪ চনৰ পৰা শ্ৰীলংকাৰ ১৬ সংখ্যক প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
-
ৰবীনা খান
ৰবীনা খান (Rabina Khan; জন্ম ১৫ ছেপ্টেম্বৰ ১৯৭২) এগৰাকী বাংলাদেশী মূলৰ ব্ৰিটিছ লেখিকা, ৰাজনীতিবিদ, চেডৱেলৰ প্ৰাক্তন কাউন্সিলাৰ আৰু টাৱাৰ হেমলেটচ্ কাউন্সিলৰ হাউচিঙৰ কেবিনেট সদস্য। লগতে তেওঁ এগৰাকী সমাজকৰ্মী আৰু ‘আয়েচাচ্ ৰেইনব’ৰ’ লেখিকা।
-
ৰুথ ক্লুচেন
ৰুথ চিকাৰিং ক্লুচেন (Ruth Clusen; ১১ জুন, ১৯২২ – ১৪ মাৰ্চ, ২০০৫) এগৰাকী আমেৰিকান সংৰক্ষণবাদী, ৰাজনীতিবিদ, নাগৰিক অধিকাৰ কৰ্মী আৰু চৰকাৰী বিষয়া আছিল। লীগ অৱ ৱমেন ভোটাৰৰ সভানেত্ৰী হিচাপে কাম কৰাৰ বাবে, জিমি কাৰ্টাৰ আৰু জেৰাল্ড ফৰ্ডৰ মাজত হোৱা বিতৰ্কৰ আয়োজন কৰাৰ বাবে আৰু ৰাষ্ট্ৰপতি জিমি কাৰ্টাৰৰ…
-
ৰেখা শৰ্মা
ৰেখা শৰ্মা ভাৰতৰ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ প্ৰাক্তন অধ্যক্ষ। ৰেখা শৰ্মাই ২০২৪ চনৰ ১০ ডিচেম্বৰত হাৰিয়ানাৰ পৰা বিজেপি প্ৰাৰ্থী হিচাপে উপ-নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰিছিল আৰু ২০২৪ চনৰ ১৩ ডিচেম্বৰত মনোনয়ন প্ৰত্যাহাৰৰ সময়সীমা শেষ হোৱাৰ পিছত ৰাজ্যসভাত বিৰোধীভাৱে নিৰ্বাচিত হোৱা বুলি ঘোষণা কৰিছিল য’ত…
-
ৰেজা পাহলৱী
ৰেজা পাহলাৱী ( Reza Pahlavi) ( জন্ম: ৩১ অক্টোবৰ ১৯৬০) এজন ইৰাণৰ ৰাজনৈতিক ব্যক্তি আৰু ইৰাণৰ পাহলৱী বংশৰ ইৰাণৰ সিংহাসনৰ উত্তৰাধিকাৰী ৰাজপুত্ৰ। ইৰাণৰ শেষৰজন শ্বাহ মহম্মদ ৰেজা পাহলৱী আৰু তেওঁৰ পত্নী সম্ৰাজ্ঞী ফাৰহৰ ডাঙৰ পুত্ৰ। বৰ্তমান তেওঁ বিৰোধী হিচাপে আমেৰিকাত নিৰ্বাসিত হৈ আছে।
-
ৰেহমা গুলিয়ে
ৰেহমা বিন্ত গুলিয়ে, ৰহমা মহম্মদ গুলিয়ে বুলিও জনা যায়, ছোমালিয়াৰ ফেডাৰেল চৰকাৰৰ এগৰাকী ৰাজনীতিবিদ আৰু কৰ্মী। তেওঁ হিৰ্ছাবেল ৰাজ্যৰ মহিলা আৰু মানৱ অধিকাৰ মন্ত্ৰী, আৰু ডেগোডিয়া বংশৰ পৰা নিৰ্বাচিত হোৱা বৰ্তমানলৈ প্ৰথমগৰাকী ছোমালিয়ান সাংসদ। গুলিয়েৰ জন্ম হৈছিল কেনিয়াৰ মাণ্ডেৰাত।
-
ৰোজা লাক্সেমবাৰ্গ
ৰোজা লাক্সেমবাৰ্গ (ইংৰাজী: Rosa Luxemburg; জন্ম: ৫ মাৰ্চ ১৮৭১ – মৃত্যু: ১৫ জানুৱাৰী ১৯১৯) এজনী প’লিশ-জাৰ্মান মাৰ্ক্সবাদী দাৰ্শনিক, অৰ্থনীতিবিদ, ৰাজনীতিক, আৰু বিপ্লৱী আছিল। তেওঁ ২০শ শতিকাৰ আৰম্ভণিৰ জাৰ্মান আৰু ইউৰোপীয় সমাজবাদী আন্দোলনত এক মুখ্য চৰিত্ৰ আছিল।