অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সন্দীপ দীক্ষিত

সন্দীপ দীক্ষিত (জন্ম ১৫ আগষ্ট ১৯৬৪) এজন ভাৰতীয় ৰাজনীতিবিদ, উন্নয়ন পৰিচালক আৰু শিক্ষাবিদ। তেওঁ দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শীলা দীক্ষিতৰ পুত্ৰ। তেওঁ ভাৰতৰ ১৫সংখ্যক লোকসভাৰ সদস্য আছিল। তেওঁ দিল্লীৰ পূব দিল্লী সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ (INC) ৰাজনৈতিক দলৰ সদস্য।

হালনাগাদ: ২৪ ছেপ্তেম্বৰ ২০২৬ ১৬৬ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

সন্দীপ দীক্ষিত (জন্ম ১৫ আগষ্ট ১৯৬৪) এজন ভাৰতীয় ৰাজনীতিবিদ, উন্নয়ন পৰিচালক আৰু শিক্ষাবিদ। তেওঁ দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শীলা দীক্ষিতৰ পুত্ৰ। তেওঁ ভাৰতৰ ১৫সংখ্যক লোকসভাৰ সদস্য আছিল।১ তেওঁ দিল্লীৰ পূব দিল্লী সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ (INC) ৰাজনৈতিক দলৰ সদস্য।২

প্ৰাথমিক জীৱন

সন্দীপ দীক্ষিতৰ জন্ম হৈছিল দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শীলা দীক্ষিত আৰু উত্তৰ প্ৰদেশৰ কেডাৰৰ আই এ এছ বিষয়া বিনোদ দীক্ষিত ৩ৰ ঘৰত।

সন্দীপে ছেইণ্ট ষ্টিফেন্স কলেজৰপৰা ইতিহাসত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে আৰু ১৯৮৯ চনত ইনষ্টিটিউট অৱ ৰুৰেল মেনেজমেণ্ট, আনন্দ (আই আৰ এম এ)ত গ্ৰাম্য ব্যৱস্থাপনাত স্নাতকোত্তৰ ডিপ্লমা লাভ কৰে।৪

কেৰিয়াৰ

সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰাৰ পূৰ্বে সন্দীপ দীক্ষিত সমাজ উন্নয়ন গোট সংকেত তথ্য আৰু গৱেষণা সংস্থা প্ৰাইভেট লিমিটেডৰ নেতৃত্ব দিছিল। লিমিটেডে ১৯৯৬ চনত বিশ্বৰ প্ৰথমটো উপ-ৰাষ্ট্ৰীয় মানৱ উন্নয়ন প্ৰতিৱেদনৰ পথ-প্ৰদৰ্শক আছিল।৫৬ তেওঁ শনিপাটৰ অ' পি জিণ্ডাল গ্ল'বেল ইউনিভাৰ্চিটিত অধ্যাপক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।৭

২০১৯ চনৰ জুন মাহত তেওঁ ভাৰতীয় সেনা প্ৰধান জেনেৰেল বিপিন ৰাৱটৰ আচৰণক "ৰাস্তাত গুণ্ডা"ৰ সৈতে তুলনা কৰি বিতৰ্কৰ সূচনা কৰিছিল আৰু পিছত টুইটাৰৰ জৰিয়তে ক্ষমা বিচাৰিছিল।৮

ব্যক্তিগত জীৱন

তেওঁৰ বিবাহ মোনা দীক্ষিতৰ সৈতে।৩ তেওঁলোকৰ এগৰাকী কন্যা সন্তান আছে।৩

তথ্যসূত্ৰ

  1. ↑ Sahgal, Priya. (2009-05-07). The Rahul offensive. India Today
  2. ↑ Datta, Saikat. (2009-06-01). Inner Courtyard. Outlookindia.com
  3. ↑ Shri Sandeep Dikshit. india.gov.in
  4. ↑ (2 May 2009). Sandeep Dixit. India Today
  5. ↑ (2023-11-29). Sandeep Dikshit - CSR Health Impact Awards
  6. ↑ Livemint. (2024-04-01). Delhi CM Arvind Kejriwal's ED custody extended till April 15 in excise case. mint
  7. ↑ Professor Sandeep Dikshit ·. jgu.edu.in
  8. ↑ (2017-06-11). Former Congress MP Sandeep Dikshit calls Army chief 'sadak ka goonda', apologises later. The Times of India

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় ব্যক্তিৰাজনীতিবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সন্দীপ দীক্ষিত” প্ৰবন্ধৰ সংশোধন ৬৩৭৮০৪ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।