সাগৰিকা ঘোষ (Sagarika Ghose; জন্ম: ৮ নৱেম্বৰ ১৯৬৪) হৈছে এগৰাকী ভাৰতীয় সাংসদ, সাংবাদিক, স্তম্ভলেখক আৰু লেখিকা।১২৩ ১৯৯১ চনৰ পৰা তেওঁ সাংবাদিক হিচাপে কৰ্মৰত৷ তেওঁ দ্য টাইমছ অৱ ইণ্ডিয়া, আউটলুক আৰু দ্য ইণ্ডিয়ান এক্সপ্ৰেছত কাম কৰিছে। তেওঁ বিবিচিৱৰ্ল্ডৰ প্ৰশ্নকাল ইণ্ডিয়া আৰু সংবাদগোষ্ঠী চিএনএন-আইবিএনৰ লগত জড়িত হৈছিল৷ তেওঁ চিএনএন-আইবিএনৰ উপ-সম্পাদকো আছিল। সাংবাদিকতাত কেইবাটাও বঁটা লাভ কৰা ঘোষে দুখন উপন্যাসৰ লগতে ইন্দিৰা গান্ধীৰ জীৱনী ‘Indira: India's Most Powerful Prime Minister’ লিখিছে। ২০১৪ চনৰ পৰা ২০২০ চনলৈকে তেওঁ দ্য টাইমছ অৱ ইণ্ডিয়াৰ সম্পাদনা উপদেষ্টা হিচাপে কাম কৰিছিল।৪ ২০২২ চনত তেওঁৰ দ্বাৰা লিখিত ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জীৱনী প্ৰকাশ পায়।৫
শিক্ষা
সাগৰিকা ঘোষে আৰকে পুৰমৰ দিল্লী পাব্লিক স্কুলত অধ্যয়ন কৰিছিল৷ তেওঁ দিল্লীৰ ছেইণ্ট ষ্টিফেনছ কলেজৰ পৰা ইতিহাস বিষয়ত কলাৰ স্নাতক ডিগ্ৰী অৰ্জন কৰে৷ ১৯৮৭ চনত ৰোডছ বৃত্তি লাভ কৰা সাগৰিকা ঘোষে মেগডেলেন কলেজৰ পৰা আধুনিক ইতিহাস বিষয়ত কলাৰ স্নাতক আৰু অক্সফৰ্ডৰ ছেইণ্ট এণ্টনি কলেজৰ পৰা এমফিল ডিগ্ৰী লাভ কৰিছে।৬
কৰ্মজীৱন
১৯৯১ চনৰ পৰা সাগৰিকা ঘোষে দ্য টাইমছ অৱ ইণ্ডিয়া, আউটলুক আৰু দ্য ইণ্ডিয়ান এক্সপ্ৰেছত সাংবাদিক হিচাপে কাম কৰিছে৷ তেওঁ সংবাদ নেটৱৰ্ক চিএনএন-আইবিএনৰ উপ-সম্পাদক আৰু চেনেলটোৰ প্ৰাইম টাইম এংকৰ হিচাপে জড়িত হৈছিল।৭৮৯ ২০১৪ চনৰ জুলাই মাহত ঘোষে চিএনএন-আইবিএনৰ উপ-সম্পাদক পদৰ পৰা পদত্যাগ কৰে।১০
২০০৪ চনত তেওঁ 'কুৱেশ্যন টাইম ইণ্ডিয়া' আয়োজন কৰা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হয়।১১তেওঁৰ লেখা-মেলা আৰু সংবাদ-সম্প্ৰচাৰে তেওঁৰ জনপ্ৰিয়তা বঢ়াইছে৷ ইয়াৰ লগতে সোঁপন্থী দৰ্শকৰ মাজত সমালোচনাৰো সৃষ্টি কৰিছে।১২১৩
২০১৩ চনত আম আদমি পাৰ্টিৰ অৰবিন্দ কেজৰিৱালৰ সৈতে ঘোষে টুইটাৰত কৰা সাক্ষাৎকাৰটো নিৰ্বাচনৰ পূৰ্বে এজন ভাৰতীয় ৰাজনীতিবিদে ছ’চিয়েল মিডিয়াত দিয়া প্ৰথমটো সাক্ষাৎকাৰ হিচাপে পৰিগণিত হৈছিল।১৪মুকেশ আম্বানীৰ নেতৃত্বত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডে নেটৱৰ্কটো অধিগ্ৰহণ কৰাৰ পিছত ২০১৪ চনৰ ৫ জুলাইত ঘোষে চিএনএন-আইবিএনৰ পৰা পদত্যাগ কৰে। তেওঁ সেই সময়ত চেনেলটোৰ উপ-সম্পাদক আছিল।১৫১৬
ৰাজনৈতিক জীৱন
২০২৪ চনৰ ১১ ফেব্ৰুৱাৰীত সাগৰিকা ঘোষে সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছত যোগদান কৰে৷১৭ ২০২৪ চনতে তেওঁক দলটোৰ ফালৰ পৰা ৰাজ্যসভালৈ মনোনীত কৰা হয়৷১৮
ব্যক্তিগত জীৱন
সাগৰিকা ঘোষৰ পিতৃ হৈছে ভাস্কৰ ঘোষ৷ তেওঁ ভাৰতীয় প্ৰশাসনিক সেৱা ১৯৬০ বেটচৰ৷ ভাস্কৰ ঘোষ ভাৰতীয় ৰাজহুৱা টেলিভিছন নেটৱৰ্ক দূৰদৰ্শনৰ প্ৰাক্তন সঞ্চালক প্ৰধান।১১ তেওঁৰ দুগৰাকী পেহীয়েকৰ ভিতৰত আছে প্ৰাক্তন ৰাষ্ট্ৰদূত আৰু কূটনীতিবিদ অৰুন্ধতী ঘোষ আৰু ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ৰুমা পাল৷ সাগৰিকা ঘোষে ভাৰতীয় প্ৰাক্তন টেষ্ট ক্ৰিকেটাৰ দিলীপ চৰদেশাইৰ পুত্ৰ সাংবাদিক তথা বাতৰি পৰিৱেশক ৰাজদ্বীপ চৰদেশাইৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ৰাজদ্বীপ আৰু সাগৰিকাৰ দুটা সন্তান আছে৷ পুত্ৰ ড° ঈশান চৰদেশাই আৰু অধিবক্তা কন্যা তাৰিণী চৰদেশাই৷১৯
গ্ৰন্থপুঞ্জী
- The Gin Drinkers (১৯৯৮)
- Blind Faith (২০০৪)
- Indira: India's Most Powerful Prime Minister (২০১৭)
- Why I Am A Liberal: A Manifesto For Indians Who Believe in Individual Freedom (২০১৮)
- Atal Bihari Vajpayee - India’s Most Loved Prime Minister (২০২২)
তথ্যসূত্ৰ
- ↑ (6 May 2018). Strategy to breach BJP-mukt South India can't rely on Hindu card, Modi
- ↑ Sagarika Ghose
- ↑ (2024-02-12). ‘Inspired by Mamata's courage’: Journalist Sagarika Ghose as TMC names her Rajya Sabha candidate. Hindustan Times
- ↑ (28 May 2018). Chanakya's not 21st century: Misuse of power in Karnataka cannot be justified as an ancient art of politics. The Times of India
- ↑ (2022-01-01). A deep dive research into Vajpayee's life. The Sunday Guardian Live
- ↑ Sagarika Ghose. (24 March 2010). Sagarika Ghose from HarperCollins Publishers. Harpercollins.com
- ↑ Arya, Divya. (May 8, 2013). Why are Indian women being attacked on social media?. BBC News
- ↑ (5 June 2007). Interview with Sagarika Ghose. mutiny.in
- ↑ Seema Chowdhry. (8 February 2013). Airing both sides. Livemint
- ↑ (5 July 2014). Rajdeep Sardesai Resigns as Editor in Chief of CNN-IBN. Deccan Chronicle
- ↑ Som, Rituparna. (6 November 2006). Most of my critics are talentless lderly ladies: Sagarika Ghose. DNA
- ↑ Netiquette, Not Censorship. M.outlookindia.com
- ↑ (18 June 2012). India: Meet the 'Internet Hindus'. GlobalPost
- ↑ (1 November 2013). In first Twitter interview, Kejriwal says no free power if AAP wins in Delhi. IBNLive.com
- ↑ CNN-IBN editors Rajdeep Sardesai and Sagarika Ghose quit. livemint.com
- ↑ Rajdeep Sardesai and Sagarika Ghose Quit CNN-IBN. daily.bhaskar.com
- ↑ Deccan Herald. (11 February 2024). Journalist Sagarika Ghose joins TMC, to contest Rajya Sabha election
- ↑ The Hindu. (11 February 2024). Trinamool names Sagarika Ghose, Sushmita Dev, and two others for Rajya Sabha
- ↑ (10 June 2004). The referee in town. দ্য হিন্দু
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সাগৰিকা ঘোষ” প্ৰবন্ধৰ সংশোধন ৫৬৬৬৭৪ (৩০ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।