গোল্ডা মেইৰ (Golda Meir; ৩ মে' ১৮৯৮ – ৮ ডিচেম্বৰ ১৯৭৮) এগৰাকী ইজৰাইলী ৰাজনীতিবিদ আছিল যি ১৯৬৯ চনৰ পৰা ১৯৭৪ চনলৈকে ইজৰাইলৰ চতুৰ্থ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।১
তেতিয়াৰ ৰাছিয়ান সাম্ৰাজ্য (বৰ্তমান ইউক্ৰেইনৰ ৰাজধানী)ৰ কিয়েভৰ এটা ইহুদী পৰিয়ালত জন্মগ্ৰহণ কৰা ২মেইৰে ১৯০৬ চনত পৰিয়ালৰ সৈতে আমেৰিকালৈ৩ প্ৰব্ৰজন কৰে। মিলৱাকি৪ ষ্টেট নৰ্মেল স্কুলৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি তেওঁ শিক্ষক হিচাপে কাম কৰে। মিলৱাকিত থকাৰ সময়ত তেওঁ লেবাৰ জায়নিষ্ট আন্দোলনক আকোৱালি লৈছিল। ১৯২১ চনত মেইৰ আৰু তেওঁৰ স্বামীয়ে মেণ্ডেৰী পেলেষ্টাইনলৈ প্ৰব্ৰজন কৰি মেৰহাভিয়াত বসতি স্থাপন কৰে আৰু পিছলৈ হিষ্টাড্ৰুটত কিবুটজৰ প্ৰতিনিধি হয়। ১৯৩৪ চনত ট্ৰেড ইউনিয়নৰ কাৰ্যবাহী সমিতিলৈ তেওঁ উন্নীত হয়। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আৰু পৰৱৰ্তী সময়ত মেইৰে ইহুদী এজেন্সীত কেইবাটাও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ১৯৪৮ চনত ইজৰাইলৰ স্বাধীনতা ঘোষণাপত্ৰত স্বাক্ষৰ কৰা মেইৰে ১৯৪৯ চনত নেচেটলৈ নিৰ্বাচিত হয় আৰু ১৯৫৬ চনলৈকে শ্ৰম মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে৷ তাৰ পিছত প্ৰধানমন্ত্ৰী ডেভিদ বেন-গুৰিয়ানে তেওঁক বৈদেশিক মন্ত্ৰী হিচাপে নিযুক্তি দিয়ে। ১৯৬৬ চনত অসুস্থতাৰ বাবে মন্ত্ৰালয়ৰ পৰা তেওঁ অৱসৰ গ্ৰহণ কৰে।
১৯৬৯ চনত লেভি এচকোলৰ মৃত্যুৰ পিছত মেইৰে প্ৰধানমন্ত্ৰীৰ ভূমিকা গ্ৰহণ কৰে। কাৰ্যকালৰ আৰম্ভণিতে তেওঁ অঞ্চলটোত শান্তিৰ দৃষ্টিভংগীক প্ৰচাৰৰ বাবে পশ্চিমীয়া নেতাসকলৰ ওচৰলৈ একাধিক কূটনৈতিক ভ্ৰমণ কৰিছিল। ১৯৭৩ চনত যোম কিপ্পুৰ যুদ্ধৰ আৰম্ভণিয়ে ইজৰাইলক অস্বস্তিকৰ কৰি তুলিছিল আৰু সেনাবাহিনীৰ আগতীয়াকৈ ভয়ংকৰ ক্ষতিসাধন কৰিছিল। ফলত জনসাধাৰণৰ ক্ষোভে মেইৰৰ সুনাম ক্ষতিগ্ৰস্ত কৰে আৰু ব্যৰ্থতাৰ সূচনা কৰে। পৰৱৰ্তী বিধানসভা নিৰ্বাচনত তেওঁৰ এলাইনমেণ্ট মিত্ৰজোঁটক সংখ্যাগৰিষ্ঠতাৰ পৰা বঞ্চিত কৰা হৈছিল৷ পিছৰ বছৰত তেওঁ পদত্যাগ কৰে আৰু তেওঁৰ পিছত প্ৰধানমন্ত্ৰী হিচাপে ইটজাক ৰবিনে শাসনত বহে। ১৯৭৮ চনত লিম্ফ'মাত আক্ৰান্ত হৈ মেইৰৰ মৃত্যু হয় আৰু তেওঁক মাউণ্ট হাৰ্জলত সমাধিস্থ কৰা হয়।
ইজৰাইলৰ বিতৰ্কিত ব্যক্তি মেইৰক ৰাষ্ট্ৰখনৰ প্ৰতিষ্ঠাপক হিচাপে 'সিংহ' নামেৰে অভিহিত কৰা হৈছে আৰু ইজৰাইলৰ ৰাজনীতিৰ "লৌহ নাৰী" বুলি অভিহিত কৰা হৈছে৷ অৱশ্যে ১৯৭৩ চনৰ যুদ্ধৰ সময়ত তেওঁৰ পদক্ষেপক বহুলভাৱে দোষাৰোপ কৰা হৈছে। ইয়াৰ উপৰিও পেলেষ্টাইনীসকলৰ প্ৰতি তেওঁৰ অৱজ্ঞামূলক বক্তব্যক বহুলভাৱে তুচ্ছজ্ঞান কৰা হৈছিল।৫ প্ৰায়বোৰ ইতিহাসবিদে বিশ্বাস কৰে যে মেইৰে প্ৰধানমন্ত্ৰীতকৈ শ্ৰম আৰু গৃহ নিৰ্মাণ মন্ত্ৰী হিচাপে অধিক সফল হৈছিল।৬
তথ্যসূত্ৰ
- ↑ Kort, Michael. (2002). The Handbook of the Middle East. Lerner Publishing Group. পৃ. 76. ISBN 9781315170688
- ↑ Golda Meir becomes Israeli Prime Minister · History Today. www.historytoday.com
- ↑ Golda Meir's American Roots. American Jewish Historical Society
- ↑ Chronology of Golda Meir
- ↑ (26 August 2023). 'Golda' biopic aims to counter notion that PM was chiefly to blame for Yom Kippur War. The Times of Israel
- ↑ Meron Medzini, "Golda Meir–A Forty Year Perspective." Israel Studies 23.1 (2018): 73-85. online
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গোল্ডা মেইৰ” প্ৰবন্ধৰ সংশোধন ৪৯৮৯৩৪ (২৮ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।