অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আবি আহমেদ আলি

আবি আহমেদ আলি (সংক্ষেপে আবি আহমেদ অথবা আবি;জন্ম ১৫ আগষ্ট ১৯৭৬) এগৰাকী ইথিঅ'পিয়াৰ ৰাজনীতিবিদ আৰু ২ এপ্ৰিল ২০১৮ চনৰ পৰা ইথিঅ'পিয়াৰ ১৫তম প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছে। তেওঁ ইথিঅ'পিয়ান পিপল'ছ ৰেভুল্যছনেৰী ডেম'ক্ৰেটিক ফ্ৰণ্ট আৰু অৰুমু ডেম'ক্ৰেটিক পাৰ্টিৰ অধ্যক্ষৰ পদত অধিষ্ঠিত আছিল।

হালনাগাদ: ২৫ এপ্ৰিল ২০২৪ ২১৫ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

আবি আহমেদ আলি (সংক্ষেপে আবি আহমেদ অথবা আবি;জন্ম ১৫ আগষ্ট ১৯৭৬) এগৰাকী ইথিঅ'পিয়াৰ ৰাজনীতিবিদ আৰু ২ এপ্ৰিল ২০১৮ চনৰ পৰা ইথিঅ'পিয়াৰ ১৫তম প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছে।১২

তেওঁ ইথিঅ'পিয়ান পিপল'ছ ৰেভুল্যছনেৰী ডেম'ক্ৰেটিক ফ্ৰণ্ট আৰু অৰুমু ডেম'ক্ৰেটিক পাৰ্টিৰ অধ্যক্ষৰ পদত অধিষ্ঠিত আছিল।৩৪ তদুপৰি তেওঁ ইথিঅ'পিয়াৰ সাংসদ আৰু অডিপি আৰু ইপিআৰডিএফ ৰ কাৰ্যবাহী কমিটিলৈ নিৰ্বাচিত হৈছিল।

সেনাৰ ইণ্টেলিজেন্টছৰ লগত জড়িত আবি আহমেদ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হোৱাৰ পিছত ৰাজনীতি আৰু অৰ্থনৈতিক পুনৰগঠনত অহোপুৰুষাৰ্থ কৰিছিল।৫৬৭ ২০১৯ চনত আবি আহমেদৰ প্ৰচেষ্টাৰ ফলতে ইৰিথ্ৰীয়াৰ সৈতে ইথিঅ'পিয়াৰ পুৰণি যুদ্ধৰ অৱসান ঘটিল। ১৯৯৮ চনত আৰম্ভ হোৱা সীমান্তৰ যুদ্ধত দুই দেশৰ প্ৰায় ৭০ হাজাৰ মানুহ নিহত হৈছিল। ২০০০ চনত সিহঁতৰ মাজত শান্তিচুক্তি স্বাক্ষৰিত হয় যদিও উত্তেজনা মুঠেও কমা নাছিল। শান্তি আৰু আন্তৰ্জাতিক সহযোগিতা আৰু ইথিঅ'পিয়া আৰু ইৰিথ্ৰীয়াৰ দীৰ্ঘ ২০ বছৰৰ সমস্যাৰ নিবাৰণৰ বাবে তেওঁক ২০১৯ চনৰ শান্তিৰ ন'বেল বঁটা প্ৰদান কৰা হৈছে।৮

প্ৰাৰম্ভিক জীৱন

১৯৭৬ চনৰ ১৫ আগষ্ট৯ তাৰিখে ইথিঅ'পিয়াৰ অৰোমিয়া অঞ্চলৰ ঐতিহাসিক কাফ্ফা প্ৰদেশৰ (বৰ্তমান জিমা অঞ্চল) বিশাসাত তেওঁৰ জন্ম হৈছিল।১০১১ তেওঁৰ পিতৃ আহমেদ আলি অৰুমু সম্প্ৰদায়ৰ মুছলমান লোক আছিল।১২১৩ তেওঁৰ চাৰিগৰাকী পত্নীৰ ভিতৰত আবিৰ মাক তিজিটা ৱল্ডে অৰ্থডক্স খ্ৰীষ্টান আমহাৰা সম্প্ৰদায়ৰ আছিল।১৪১৫১৬১৭ আবি তেওঁৰ পিতৃৰ ১৩তম সন্তান আৰু মাতৃৰ ৬ষ্ঠ আৰু কণিষ্ঠ সন্তান।৯১৬ শৈশৱত তেওঁৰ নাম আবিয়ত অৰ্থাৎ "বিপ্লৱ" আছিল। তেওঁৰ নাম ১৯৭৪ চনত সংঘটিত ইথিঅ'পিয়াৰ ডাৰ্গ বিপ্লৱৰ পৰা লোৱা হৈছিল।৯ আবিয়ে স্থানীয় প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক আৰু পিছলৈ আগাৰু নামৰ উপচহৰৰ এখন বিদ্যালয়ত মাধ্যমিক শিক্ষা গ্ৰহণ কৰে। সৰুৰে পৰা তেওঁ পঢ়াৰ প্ৰতি বেছ আগ্ৰহী আছিল।৯

শিক্ষা

তেওঁ ইথিঅ'পিয়ান ৰাষ্ট্ৰীয় সুৰক্ষা বাহিনীত কৰ্মৰত অৱস্থাত ২০০১ চনত ৰাজধানী এডিছ আবাবাৰ মাইক্ৰ'লিংক তথ্য প্ৰযুক্তি মহাবিদ্যালয়ত কম্পিউটাৰ অভিযান্ত্ৰিকতাৰ স্নাতক ডিগ্ৰী লাভ কৰে।১৮

তাৰপিছত তেওঁ লণ্ডনৰ গ্ৰীনিছ বিশ্ববিদ্যালয়ৰ পৰা পৰিৱৰ্তনশীল নেতৃত্ব বিভাগৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।১৮ তদুপৰি তেওঁ ২০১৩ চনত এডিছ আবাবাৰ এশ্বলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনৰ লেডষ্টাৰ কলেজ অফ মেনেজমেণ্ট এণ্ড লিডাৰশ্বিপৰ পৰা এমবিএ সম্পন্ন কৰে।১৮

আবি ২০১৭ চনত এডিছ আবাবা বিশ্ববিদ্যালয়ৰ শান্তি আৰু সুৰক্ষা অধ্যয়নৰ পৰা পিএইচডি ডিগ্ৰী লাভ কৰে।১৯২০

ব্যক্তিগত জীৱন

তেওঁ গোণ্ডাৰ "জিনাছ তায়াচিউ" নামৰ অামহাৰা মহিলাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈ। তেওঁলোক দুয়ো ইথিঅ'পিয়াৰ সুৰক্ষা বাহিনীত কৰ্মৰত আছিল।৯১৬ তেওঁলোকৰ তিনিগৰাকী কন্যা সন্তান আৰু বৰ্তমান এজন তুলনীয়া পুত্ৰ আছে। আবি আহমেদ এগৰাকী বহুভাষী। তেওঁ ইংৰাজী, আফান অৰুমু, আমহাৰিক আৰু টিগ্ৰীনিয়া ভাষা সলসলীয়াকৈ কব পাৰে। আবি যীশুৰ বাণী আৰু গছফেল বিশ্বাসী খ্ৰীষ্টান।২১

তথ্যসূত্ৰ

  1. ↑ Prime Minister. The Federal Democratic Republic of Ethiopia’s Office of the Prime Minister
  2. ↑ (2018-04-01). Dr Abiy Ahmed sworn in as Prime Minister of Ethiopia. Fana Broadcasting
  3. ↑ (2018-03-27). EPRDF elects Abiy Ahmed chair. The Reporter
  4. ↑ (22 February 2018). Ethiopia's ODP picks new chairman in bid to produce next Prime Minister. Africa News
  5. ↑ Keane, Fergal. (3 January 2019). Ethiopia's Abiy Ahmed: The leader promising to heal a nation. BBC News
  6. ↑ (27 March 2019). Ethiopian ethnic rivalries threaten Abiy Ahmed’s reform agenda. Financial Times
  7. ↑ (7 December 2018). Ethiopia's Tigray region plans 'Respect the Constitution' rally. Africa News
  8. ↑ Busby, Mattha. (2019-10-11). Ethiopian prime minister Abiy Ahmed wins 2019 Nobel peace prize – live news. The Guardian
  9. ↑ Endeshaw, Dawit. (2018-03-31). The rise of Abiy 'Abiyot' Ahmed. The Reporter
  10. ↑ (28 March 2018). Abiy Ahmed Ali. DW.com
  11. ↑ Girma, Zelalem. (31 March 2015). Ethiopia in democratic, transformational leadership. Ethiopian Herald
  12. ↑ Sengupta, Somini. (2018-09-17). Can Ethiopia's New Leader, a Political Insider, Change It From the Inside Out?. The New York Times
  13. ↑ Endeshaw, Dawit. (31 March 2018). The rise of Abiy "Abiyot" Ahmed. The Reporter
  14. ↑ Endeshaw, Dawit. (13 March 2018). The rise of Abiy "Abiyot" Ahmed. The Reporter
  15. ↑ Boko, Hermann. (30 July 2018). Abiy Ahmed: Ethiopia's first Oromo PM spreads hope of reform. FRANCE 24
  16. ↑ (2018-04-01). Dr. Abiy Ahmed's diversity portfolio. Satenaw News
  17. ↑ (2019-01-07). The Guardian view on Ethiopia: change is welcome, but must be secured. The Guardian
  18. ↑ আৰ্কাইভ কপি. FanaBC
  19. ↑ (2015-10-12). IPSS Student named to Ethiopia's Cabinet. IPSS Addis
  20. ↑ Ahmed, Abiy. (2017-08-01). Countering Violent Extremism through Social Capital: Anecdote from Jimma, Ethiopia. Horn of Africa Bulletin. পৃ. 12–17
  21. ↑ (24 November 2018). God wants Ethiopians to prosper: The prime minister and many of his closest allies follow a fast-growing strain of Christianity. The Economist

সম্পৰ্কিত শ্ৰেণী

ৰাজনীতিবিদশান্তিৰ ন'বেল বঁটা বিজয়ীইথিঅ'পিয়াৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আবি আহমেদ আলি” প্ৰবন্ধৰ সংশোধন ৪১৯৬০০ (২৫ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।