অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ভূপেন্দ্ৰ নাথ বসু

ভূপেন্দ্ৰ নাথ বসু (Bhupendra Nath Bose; ১৩ জানুৱাৰী ১৮৫৯ - ১৩ ছেপ্টেম্বৰ ১৯২৪) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ১৯১৪ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি আছিল।

হালনাগাদ: ৩ অক্টোবৰ ২০২১ ১১৪ শব্দ · ১ মিনিট সংগৃহীত ৬৪
সংশোধনৰ পৰামৰ্শ

ভূপেন্দ্ৰ নাথ বসু (Bhupendra Nath Bose; ১৩ জানুৱাৰী ১৮৫৯ - ১৩ ছেপ্টেম্বৰ ১৯২৪) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ১৯১৪ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি আছিল।

প্ৰাৰম্ভিক জীৱন

ভূপেন্দ্ৰনাথ বসু ১৮৫৯ চনত পশ্চিমবঙ্গৰ খানাকুলৰ ৰাধানগৰ গাঁৱত জন্মগ্ৰহণ কৰিছিল। তেওঁ ১৮৭৫ চনত খানাকুলৰ কৃষ্ণনগৰ স্কুলত ভৰ্তি হয়। তাৰপিছত তেওঁ ১৮৮০ চনত কলকতাৰ প্ৰেচিডেন্সি কলেজৰ পৰা স্নাতক ডিগ্ৰী অৰ্জন কৰে। তেওঁ ১৮৮১ চনত স্নাতকোত্তৰ ডিগ্ৰী আৰু ১৮৮৩ চনত আইনৰ ডিগ্ৰী সম্পূৰ্ণ কৰে। তেওঁ আইন প্ৰতিষ্ঠান বি.এন. বসু এণ্ড কোম্পানী প্ৰতিষ্ঠা কৰিছিল, যাৰ কাৰ্যালয় বৰ্তমান কলকতাৰ টেম্পল চেম্বাৰত অৱস্থিত।

কৰ্মজীৱন

ভূপেন্দ্ৰনাথ বসু ১৯০৪ চনৰ পৰা ১৯১০ চনলৈকে বেঙ্গল বিধানমণ্ডলীৰ সদস্য আছিল। সেই সময়তে তেওঁ জাতীয়তাবাদী আন্দোলনৰ সৈতে জড়িত হৈ পৰিছিল। ১৯০৫ চনত তেওঁ ময়মনসিংহত অনুষ্ঠিত হোৱা বেঙ্গল প্ৰাদেশিক সন্মিলনৰ সভাপতিত্ব গ্ৰহণ কৰিছিল।

সম্পৰ্কিত শ্ৰেণী

ৰাজনীতিবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভূপেন্দ্ৰ নাথ বসু” প্ৰবন্ধৰ সংশোধন ৩০২৭৭৫ (৩ অক্টোবৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।