অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জয়শ্ৰী গড়কৰ

জয়শ্ৰী গড়কৰ (ইংৰাজী: Jayshree Gadkar; জন্ম: ২১ ফেব্ৰুৱাৰী ১৯৪২ – ২৯ আগষ্ট ২০০৮) আছিল এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মাৰাঠী আৰু হিন্দী ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছিল। তেওঁক মাৰাঠী চলচ্চিত্ৰৰ অন্যতম শ্ৰেষ্ঠ তাৰকা হিচাপে গণ্য কৰা হয়।

হালনাগাদ: ৩১ মাৰ্চ ২০২৬ ৩৭১ শব্দ · ২ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

জয়শ্ৰী গড়কৰ (ইংৰাজী ভাষা: Jayshree Gadkar; জন্ম: ২১ ফেব্ৰুৱাৰী ১৯৪২ – ২৯ আগষ্ট ২০০৮) আছিল এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মাৰাঠী ভাষা আৰু হিন্দী ভাষা ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছিল।১ তেওঁক মাৰাঠী চলচ্চিত্ৰৰ অন্যতম শ্ৰেষ্ঠ তাৰকা হিচাপে গণ্য কৰা হয়।২ মাৰাঠী চলচ্চিত্ৰৰ "প্ৰথম মহিলা ছুপাৰষ্টাৰ" হিচাপে অভিহিত জয়শ্ৰী গড়কৰ ছয়বাৰকৈ মহাৰাষ্ট্ৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটা, এটা ঝী চিত্ৰ গৌৰৱ জীৱনজোৰা সাধনা বঁটা আৰু ৰাসৰং ফাল্কে বঁটাকে ধৰি বিভিন্ন সন্মানৰ অধিকাৰী আছিল। ৪৫ বছৰতকৈও অধিক সময় ধৰি বিস্তৃত জয়শ্ৰীৰ কেৰিয়াৰত তেওঁ বিভিন্ন ধাৰাৰ ছবিত অভিনয় কৰিছিল। তেওঁ প্ৰায়ে শক্তিশালী ব্যক্তিত্বৰ নাৰীৰ চৰিত্ৰত অভিনয় কৰিছিল। ২০০৩ চনত জয়শ্ৰীক চলচ্চিত্ৰ জগতত মহাৰাষ্ট্ৰৰ সৰ্বোচ্চ সন্মান ভি শান্তাৰাম জীৱনজোৰা সাধনা বঁটাৰে সন্মানিত কৰা হৈছিল।৩

ব্যক্তিগত জীৱন

জয়শ্ৰীৰ জন্ম হৈছিল ভাৰতৰ কৰ্ণাটকৰ উত্তৰ কানাড়া জিলাৰ কাৰৱাৰৰ ওচৰৰ কানাসগিৰিত (সদাশিৱগড়) এক গৌড় সাৰস্বত ব্ৰাহ্মণ পৰিয়ালত।৪ তেওঁ নাট্য অভিনেতা বাল ধুৰীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল, যি ৰমানন্দ সাগৰৰ টিভি ধাৰাবাহিক ৰামায়ণত দশৰথৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে সৰ্বাধিক পৰিচিত (য’ত জয়শ্ৰীয়ে নিজেই তেওঁৰ পত্নী কৌশল্যাৰ চৰিত্ৰত অভিনয় কৰিছিল)। তেওঁ 'অশী মি জয়শ্ৰী' নামৰ এখন আত্মজীৱনীও প্ৰকাশ কৰিছিল।৫

কেৰিয়াৰ

তেওঁ শিশু নৃত্যশিল্পী হিচাপে কেৰিয়াৰ আৰম্ভ কৰিছিল। চলচ্চিত্ৰত তেওঁ এগৰাকী তামাচা নৃত্যশিল্পী হিচাপে প্ৰৱেশ কৰিছিল। তেওঁৰ প্ৰথম চৰিত্ৰটো আছিল ১৯৫৫ চনত ভি শান্তাৰামৰ ঝনক ঝনক পায়েল বাজেত এগৰাকী দলীয় নৃত্যশিল্পীৰ, য’ত সন্ধ্যা শান্তাৰামে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। পিছলৈ সুপৰিচিত মাৰাঠী চলচ্চিত্ৰ পৰিচালক দিনকৰ ডি পাটিলে তেওঁৰ মাৰাঠী ছবি দিছত তছা নছতত ৰাজা গোসাৱীৰ বিপৰীতে নৃত্যৰ সৈতে এটা সৰু চৰিত্ৰত জয়শ্ৰীক অভিনয় কৰাইছিল। ইয়াৰ পিছতে তামাচা ভিত্তিক ছবি সাংত্যে ঐকা মুক্তি পায়, যিখন ছবিত তেওঁ প্ৰথমবাৰৰ বাবে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। ই তেওঁক খ্যাতি আৰু স্বীকৃতি লাভ কৰাত সহায় কৰিছিল আৰু তেওঁ নায়িকাৰ চৰিত্ৰ কৰিবলৈ আৰম্ভ কৰিছিল। শেষলৈ তেওঁ মাৰাঠী চলচ্চিত্ৰ উদ্যোগৰ ইতিহাসত অন্যতম সফল আৰু জনপ্ৰিয় নায়িকা হৈ পৰিছিল।

চাৰি দশক ধৰি জয়শ্ৰীয়ে প্ৰায় ২৫০খন ছবিত অভিনয় কৰিছিল। তেওঁৰ চলচ্চিত্ৰসমূহ বৈচিত্ৰ্যমজ় আছিল আৰু ইয়াত সামাজিক আৰু প্ৰেমৰ কাহিনীৰ উপৰি তামাচা কাহিনীৰ লগতে পৌৰাণিক কাহিনীৰ এক চহকী ভাণ্ডাৰ আছিল। পৰৱৰ্তী বছৰবোৰত জয়শ্ৰীয়ে চলচ্চিত্ৰ পৰিচালনাৰফালে মুখ কৰে। তেওঁৰ পৰিচালনামূলক কামৰ ভিতৰত আছে ছাচৰ মাহেৰ আৰু অশী আছাৱী ছাছু। ৰমানন্দ সাগৰৰ টিভি ধাৰাবাহিক ৰামায়ণতো তেওঁ তেওঁৰ স্বামী বাল ধুৰীৰ (যিয়ে দশৰথৰ চৰিত্ৰত অভিনয় কৰিছিল) সৈতে কৌশল্যাৰ (ৰামৰ মাতৃ) চৰিত্ৰত অভিনয় কৰিছিল। তেওঁৰ ঘৰখন ৰামায়ণৰ পোছাক পিন্ধা দুয়োৰে ফটোৰে সজাই থোৱা আছে। ১৯৮৬ চনত তেওঁৰ আত্মজীৱনী 'অশী মি জয়শ্ৰী' প্ৰকাশ পায়।৬

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (1978). Indian Films
  2. ↑ K. Moti Gokulsing; Wimal Dissanayake. (17 April 2013). Routledge Handbook of Indian Cinemas. Routledge. পৃ. 134–. ISBN 978-1-136-77291-7
  3. ↑ Isak Mujawar. (1969). Maharashtra: birthplace of Indian film industry. Chief Information Officer, Maharashtra Information Centre
  4. ↑ B. N. Sri Sathyan. (1985). Karnataka State Gazetteer: Uttara Kannada. Director of Print., Stationery and Publications at the Government Press
  5. ↑ (1987). Indian Literature. Sähitya Akademi
  6. ↑ Gadkar Jayshree. (1986). Ashi Me Jayshree. Rohan, Pune

সম্পৰ্কিত শ্ৰেণী

হিন্দী টেলিভিছনৰ অভিনেত্ৰীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীমাৰাঠী চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জয়শ্ৰী গড়কৰ” প্ৰবন্ধৰ সংশোধন ৫৯৮৪৩৮ (৩১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।