অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

প্ৰনূতন বাহল

প্ৰণূতন বাহল (জন্ম ১০ মাৰ্চ ১৯৯৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু পেছাদাৰী আইনজীৱী, যিয়ে মূলত হিন্দী চলচ্চিত্ৰত কাম কৰে। অভিনেতা মোহনীশ বাহল আৰু একতা সোহণীৰ কন্যা, বাহলে ২০১৯ চনত নোটবুক চলচ্চিত্ৰৰ জৰিয়তে অভিনয় জীৱনৰ আৰম্ভণি কৰে, যাৰ বাবে তেওঁ ফিল্মফেয়াৰ শ্ৰেষ্ঠ নবাগত অভিনেত্ৰী বঁটা লাভৰ বাবে…

হালনাগাদ: ১৪ ফেব্ৰুৱাৰী ২০২৬ ২৬৫ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

প্ৰণূতন বাহল (জন্ম ১০ মাৰ্চ ১৯৯৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু পেছাদাৰী আইনজীৱী, যিয়ে মূলত হিন্দী ভাষা চলচ্চিত্ৰত কাম কৰে। অভিনেতা মোহনীশ বাহল আৰু একতা সোহণীৰ কন্যা,১ বাহলে ২০১৯ চনত নোটবুক চলচ্চিত্ৰৰ জৰিয়তে অভিনয় জীৱনৰ আৰম্ভণি কৰে, যাৰ বাবে তেওঁ ফিল্মফেয়াৰ শ্ৰেষ্ঠ নবাগত অভিনেত্ৰী বঁটা লাভৰ বাবে মনোনীত হৈছিল। তাৰ পিছত তেওঁ হেলমেট (২০২১) আৰু অমৰ প্ৰেম কি প্ৰেম কাহানী (২০২৪) চলচ্চিত্ৰত অভিনয় কৰিছে।২

প্ৰাৰম্ভিক জীৱন আৰু পটভূমি

বাহলৰ জন্ম ১০ মাৰ্চ ১৯৯৩ তাৰিখে মুম্বাইত অভিনেতা মোহনীশ বাহল আৰু একতা সোহণীৰ ঘৰত হৈছিল।৩ তেওঁ বিখ্যাত অভিনেত্ৰী নূতন আৰু ৰাজনীশ বাহলৰ নাতিনী।৪ তেওঁ তনুজাৰ ভাতিজী, কাজল আৰু তানিশা মুখাৰ্জীৰ চাচাত বোন। তেওঁৰ মাতৃকূলীয় প্ৰপিতামহ-প্ৰপিতামহী আছিল শোভনা সমৰ্থ আৰু কুমাৰসেন সমৰ্থ, আৰু প্ৰপ্ৰপিতামহী আছিল ৰত্ন বাই।৫ তেওঁৰ দেউতাকৰ মাক বিখ্যাত অভিনেত্ৰী নূতনৰ নাম অনুসৰেই তেওঁৰ নাম প্ৰণূতন ৰখা হয়।

তেওঁ গভৰ্ণমেণ্ট ল' কলেজৰপৰা আইনৰ স্নাতক ডিগ্ৰী (বি.এল.এছ. এলএলবি) লাভ কৰে আৰু মুম্বাই বিশ্ববিদ্যালয়ৰপৰা আইন বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী (এলএলএম) লাভ কৰে। বাহল এগৰাকী পেছাদাৰী আইনজীৱী।৬৭

কেৰিয়াৰ

বাহলে এচেনচিয়েল লাইক ন' আদাৰ নামৰ চুটি চলচ্চিত্ৰত কাইৰা খান্নাৰ ভূমিকাৰে অভিনয় কৰি নিজৰ কেৰিয়াৰৰ আৰম্ভণি কৰে।৮

২০১৯ চনত তেওঁ নোটবুক চলচ্চিত্ৰত জাহীৰ ইকবালৰ বিপৰীতে অভিনয় কৰি চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে। তেওঁ কাশ্মীৰী শিক্ষিকা ফিৰদৌছ কুৱাদ্ৰীৰ চৰিত্ৰত অভিনয় কৰে।৯১০ এই অভিনয়ৰ বাবে তেওঁ স্ক্ৰিন বঁটা আৰু ফিল্মফেয়াৰ বঁটাত শ্ৰেষ্ঠ নবাগত অভিনেত্ৰী শাখাত মনোনয়ন লাভ কৰে।১১

তাৰ পিছত তেওঁ ২০২১ চনৰ হেলমেট চলচ্চিত্ৰত অপৰ্শক্তি খুৰানাৰ বিপৰীতে অভিনয় কৰে।১২১৩ চলচ্চিত্ৰখন ভাৰতত কণ্ডম ব্যৱহাৰ সম্পৰ্কীয় সামাজিক সংকোচ দূৰ কৰাৰ প্ৰচেষ্টা কৰে। এইখন ZEE5ত মুক্তি পায়।১৪

দু’বছৰৰ বিৰতিৰ পিছত তেওঁ অমৰ প্ৰেম কি প্ৰেম কাহানী চলচ্চিত্ৰত মেণ্ডী নামৰ এগৰাকী পাঞ্জাবী ছোৱালীৰ ভূমিকাত অভিনয় কৰে। এইখন JioCinemaত মুক্তি পায়।১৫

তেওঁ আগন্তুক ইংৰাজী-হিন্দী দ্বিভাষিক সংগীতধৰ্মী প্ৰেমৰ চলচ্চিত্ৰ কোকো এণ্ড নাটত ৰাহসান নুৰৰ বিপৰীতে অভিনয় কৰিব।১৬১৭

তথ্যসূত্ৰ

  1. ↑ (22 February 2019). Notebook trailer: Zaheer Iqbal, Pranutan Bahl fall in love without ever seeing each other in this Salman Khan production. Grazia
  2. ↑ (21 September 2021). Pranutan Bahl Is A Star On The Rise- Interview. Grazia
  3. ↑ (11 March 2020). Pranutan celebrates 27th birthday with dad Mohnish Bahl and family. See pic. India Today
  4. ↑ (17 September 2021). Pranutan Bahl revisits her grandmother Nutan's timeless melody. Hindustan Times
  5. ↑ Tanuja and Kajol welcome Pranutan Bahl to Bollywood; see their messages. Mid Day
  6. ↑ Here's all you need to know about Notebook actress and Mohnish Bahl's daughter Pranutan Bahl. Mid Day
  7. ↑ (2 October 2021). In Bed With Pranutan Bahl: "I regret not meeting my grandma, Nutan". Hindustan Times
  8. ↑ VIDEO: Nutan's grand daughter Pranutan's acting debut with Tropicana ad! Proves her comedy skills too!. ABP News
  9. ↑ (June 2019). Notebook 2019 Full Movie. Amazon Prime Video
  10. ↑ (28 March 2019). Notebook' special screening: Salman Khan and family along with Bollywood stars grace the movie premiere. The Times of India. Times of India
  11. ↑ (29 March 2019). Zaheer Iqbal and Pranutan Bahl's Notebook Box Office Collection. Bollywood Hungama
  12. ↑ (20 December 2019). Helmet: Aparshakti Khurana and Pranutan Bahl play leads in Dino Morea's comedy drama. India Today
  13. ↑ (26 June 2020). 'Helmet': Here's a glimpse of love in the time of corona from the Aparshakti Khurana and Pranutan Bahl starrer. The Times of India
  14. ↑ (20 August 2021). Aparshakti Khurana, Pranutan Bahl, Abhishek Banerjee starrer Helmet to premiere on ZEE5 on September 3. Bollywood Hungama
  15. ↑ (25 September 2024). Amar Prem Ki Prem Kahani trailer out: Sunny Singh romances Aditya Seal in same-sex love story; film to stream on JioCinema from October 4. Bollywood Hungama
  16. ↑ Whittock, Jesse. (18 January 2024). Pranutan Bahl, From Famous Indian Acting Family, Pairs With Rahsaan Noor For Rom-Com 'Coco & Nut'. Deadline
  17. ↑ Pranutan Bahl to make her Hollywood debut with Coco & Nut alongside Rahsaan Noor. Filmfare

সম্পৰ্কিত শ্ৰেণী

হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰনূতন বাহল” প্ৰবন্ধৰ সংশোধন ৫৭৭৬৪২ (১৪ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।