বেগম খুৰ্ছিদ মিৰ্জা ( Begum Khurshid Mirza; ৪ মাৰ্চ ১৯১৮ – ৮ ফেব্ৰুৱাৰী ১৯৮৯), এগৰাকী পাকিস্তানী টেলিভিছন আৰু চলচ্চিত্ৰ অভিনেত্ৰী, যাৰ কৰ্মজীৱন ভাৰত বিভাজনৰ পূৰ্বৰ পৰা ১৯৮০ চনলৈকে ব্যপ্ত। তেওঁক পৰ্দাৰ নাম ৰেণুকা দেৱী বুলিও জনা যায়।১২
প্ৰাৰম্ভিক জীৱন
১৯১৮ চনৰ ৪ মাৰ্চত আলিগড়ত খুৰছিদ জাহান নামেৰে জন্মগ্ৰহণ কৰা বেগম খুৰ্ছিদ মিৰ্জাৰ পিতৃ-মাতৃ আলিগড়ৰ মহিলা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক শ্বেখ আব্দুল্লা আৰু ৱাহিদ জাহান বেগম। তেওঁৰ দেউতাক আছিল এজন উকীল আৰু দানবীৰ, যিয়ে মুছলমান মহিলাসকলৰ শিক্ষা আৰু জ্ঞান প্ৰদানত আগ্ৰহী আছিল। তেওঁৰ জ্যেষ্ঠ ভগ্নী ৰছিদ জাহান আছিল এগৰাকী বিশিষ্ট উৰ্দু ভাষাৰ সাহিত্যিক আৰু প্ৰগতিশীল লেখক আন্দোলনৰ অন্যতম প্ৰতিষ্ঠাপক সদস্যা। ১৯৩৫ চনত মিৰ্জাই এজন আৰক্ষী বিষয়া আকবৰ মিৰ্জাৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু ১৯৪৭ চনত ভাৰত বিভাজনৰ পিছত পাকিস্তানলৈ প্ৰব্ৰজন কৰে।৩ ১৯৬৩ চনত মিৰ্জাই ইংৰাজীত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি শিক্ষা সম্পূৰ্ণ কৰে।৪
কৰ্মজীৱন
খুৰশ্বিদ মিৰ্জাক ৰেণুকা দেৱী পৰ্দাৰ নামেৰে বম্বে টকীজৰ দেৱীকা ৰাণীয়ে পৰিচয় কৰাই দিছিল। লুতফুল্লাহ খানক দিয়া সাক্ষাৎকাৰত মিৰ্জাই দেৱিকা ৰাণীয়ে তেওঁৰ মৃত ভগ্নীৰ নামেৰে নামকৰণ কৰা বুলি উল্লেখ কৰিছিল।৫
তেওঁ জীৱন প্ৰভাত (১৯৩৭), ভাভী (১৯৩৮), ভক্তি (১৯৩৯), বড়ীদিদী (১৯৩৯) আৰু নয়া সংসাৰ (১৯৪১) ছবিত অভিনয় কৰে। আনহাতে বক্স অফিচত হিট ছবি চাহাৰা (১৯৪৩), গুলামী (১৯৪৫) আৰু সম্ৰাট চন্দ্ৰগুপ্ত (১৯৪৫) ছবিত মুখ্য নাৰী চৰিত্ৰ অভিনয় কৰে। তেওঁৰ কিছু ছবিত গীতো গাইছিল। ১৯৪৫ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁ চলচ্চিত্ৰ জগতৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে।৬
বাহ্যিক সংযোগ
- A Few Rare Pictures of Renuka Devi: www.flickr.com/photos/rashid_ashraf/31821508491/
তথ্যসূত্ৰ
- ↑ (29 September 2022). فلم، ریڈیو اور ٹی وی کی ممتاز اداکارہ بیگم خورشید مرزا کی برسی. ARY News
- ↑ Jaffiri, Aqeel Abbas. 'رینوکا دیوی: بیگم خورشید مرزا پاکستان ٹیلی ویژن کی 'اِکا بُوا. BBC News اردو. BBC
- ↑ Uncle Urfi: A PTV Blockbuster All Things Pakistan website, Published 15 January 2011. Retrieved 24 December 2019
- ↑ Aleaz, Bonita. (2005). A Transformation of a Begum. Economic and Political Weekly. পৃ. 5397–5399 Retrieved 24 December 2019
- ↑ Slides of Begum Khurshid Mirza's bio-data on YouTube Uploaded 10 October 2010. Retrieved 24 December 2019
- ↑ Swapna, Majumdar. Woman Extraordinaire. boloji
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বেগম খুৰ্ছিদ মিৰ্জা” প্ৰবন্ধৰ সংশোধন ৪৮৬০৫২ (৩ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।