বনিতা সান্ধু (Banita Sandhu; জন্ম: ২২ জুন ১৯৯৭)১ এগৰাকী ৱেলছ অভিনেত্ৰী।২৩ তেওঁ ভাৰতীয় চলচ্চিত্ৰত অভিনয় কৰাৰ বাবে পৰিচিত। ২০১৮ চনত, অক্টোবৰ নামৰ হিন্দী ছবি এখনত অভিনয়েৰে তেওঁ চলচ্চিত্ৰ জগতত খোজ দিয়ে। ইয়াৰ পিছত, ২০১৯ চনত তামিল ছবি আদিত্য বৰ্মা আৰু আমেৰিকীয় কল্পবিজ্ঞান ধাৰাবাহিক পেণ্ডোৰাত তেওঁ অভিনয় কৰে।
প্ৰাৰম্ভিক জীৱন
১৯৯৭ চনৰ ২২ জুন তাৰিখে, ৱেলছৰ কেৰলিয়ন চহৰত, এটি শিখ ধৰ্মাৱলম্বী ব্ৰিটিছ পৰিয়ালত সান্ধুৱে জন্মগ্ৰহণ কৰিছিল।৪ তেওঁ ১১ বছৰ বয়সৰ পৰাই অভিনয় কৰিবলৈ আৰম্ভ কৰিছিল।৫ কিংছ কলেজত, ইংৰাজী সাহিত্যত স্নাতক ডিগ্ৰী পঢ়িবলৈ, ১৮ বছৰ বয়সতেই তেওঁ লণ্ডনলৈ গুচি গৈছিল।৩
কৰ্মজীৱন
কৰ্মজীৱনৰ আৰম্ভণিতেই সান্ধুৱে ৰিগলি কোম্পানীৰ ডাবলমিণ্ট নামৰ চ্যুইংগাম আৰু ভোডাফ'ন ভাৰতৰ বিজ্ঞাপনত এটিত অভিনয় কৰিছিল।৩৬ ২০১৮ চনত, তেওঁ অভিনেতা বৰুণ ধৱন বিপৰীতে অক্টোবৰ নামৰ হিন্দী ছবিখন এখনত অভিনয়েৰে চলচ্চিত্ৰত অভিষেক ঘটায়। ২০১৯ চনত, আমেৰিকীয় টিভি ধাৰাবাহিক পেণ্ডোৰা৭ আৰু তামিল ছবি আদিত্য বৰ্মাত তেওঁ অভিনয় কৰে।৮ পৰৱৰ্তী সময়ত, তেওঁ হিন্দী চলচ্চিত্ৰ চৰ্দাৰ উধাম৯ আৰু ব্ৰিটিছ চলচ্চিত্ৰ কবিতা এণ্ড টেৰেছাত অভিনয় কৰে।১০১১
চলচ্চিত্ৰপুঞ্জী
চলচ্চিত্ৰ
| + | বৰ্ষ | শিৰোনাম | ভূমিকা | ভাষা | টোকা |
| ২০১৮ | অক্টোবৰ | শিউলি আইয়াৰ | হিন্দী | মনোনীত – শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰীৰ শিতানত ফিল্মফেয়াৰ বঁটা | |
| ২০১৯ | আদিত্য বৰ্মা | মীৰা শ্বেট্টী | তামিল | মনোনীত – সাইমা-ৰ শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰী | |
| ইটাৰ্ণেল বিউটি | এলেক্স | ইংৰাজী | |||
| ২০২০ | কবিতা এণ্ড টেৰেছা | কবিতা | ইংৰাজী | ||
| ২০২১ | চৰ্দাৰ উধাম | ৰেশমা | হিন্দী |
দূৰদৰ্শন
| + | ||||
| বৰ্ষ | শিৰোনাম | ভূমিকা | ভাষা | টোকা |
|---|---|---|---|---|
| ২০১৯ | পেণ্ডোৰা | ডেলানি পিলাৰ | ইংৰাজী | মুখ্য ভূমিকা (চিজন ১) |
| ২০২৪ | ব্ৰিজাৰটন | সীতা মালহোত্ৰা | ইংৰাজী | গৌণ ভূমিকা (চিজন ৩) |
সংগীত ভিডিঅʼ
| + | ||||
| বৰ্ষ | শিৰোনাম | শিল্পী | ভাষা | তথ্যসূত্ৰ |
|---|---|---|---|---|
| ২০১৮ | "জিন্দ মাহী" | দিলজিৎ দোচাঞ্ঝ | পঞ্জাবী | ১২ |
| ২০২৩ | "উইথ ইউ" | এপি ঢিল্লোঁ | ১৩ |
তথ্যসূত্ৰ
- ↑ (23 June 2021). Inside Banita Sandhu 24th birthday celebration. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
- ↑ (27 March 2018). Varun Dhawan's October heroine Banita Sandhu: Everything you need to know about her. See pics. হিন্দুস্তান টাইমছ
- ↑ (30 March 2018). Banita Sandhu – the London undergrad moonlighting as a Bollywood star. The Guardian
- ↑ (21 April 2018). Banita Sandhu on October: I was so frustrated acting still for so long. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ. IANS
- ↑ (22 March 2018). Welsh star Banita Sandhu makes Bollywood debut. Itv.com. ITV plc
- ↑ (30 March 2018). Banita Sandhu: Lesser known facts about the debutante. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (9 May 2019). October actor Banita Sandhu joins in sci-fi series for Netflix Pandora, Varun Dhawan is proud of her. হিন্দুস্তান টাইমছ. Indo-Asian News Service
- ↑ (19 February 2019). Arjun Reddy's Tamil remake now titled Adithya Varma, new poster out. হিন্দুস্তান টাইমছ
- ↑ Jha, Subhash K. (19 November 2019). "Yes I'm doing Sardar Udham Singh," October actress Banita Sandhu is back in Shoojit Sircar's Udham Singh. বলিউড হাংগামা
- ↑ (22 April 2020). Lockdown Diaries: Banita Sandhu says how her lifestyle has become so sedentary during this crisis. হিন্দুস্তান টাইমছ
- ↑ (20 November 2023). Banita Sandhu to Star Opposite Adivi Sesh in 'Goodachari' Sequel 'G2'. Deadline
- ↑ (26 November 2018). Diljit Dosanjh: Thankful to Banita for being a part of Jind Mahi. The Indian Express
- ↑ (11 August 2023). With You: AP Dhillon is 'lovestruck' in new song also featuring Banita Sandhu. The Indian Express
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বনিতা সান্ধু” প্ৰবন্ধৰ সংশোধন ৫৭২৬০১ (৩০ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।