অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বিবেকা বাবাজী

বিবেকা বাবাজী (২৭ মে’ ১৯৭৩ – ২৫ জুন ২০১০) এগৰাকী মৰিছাছৰ অভিনেত্ৰী, ম’ডেল আৰু সৌন্দৰ্য্য প্ৰতিযোগিতা বিজয়ী আছিল। তেওঁ মিছ মৰিছাছ ৱাৰ্ল্ড ১৯৯৩ আৰু মিছ মৰিছাছ ইউনিভাৰ্ছ ১৯৯৪ খিতাপ লাভ কৰিছিল।

হালনাগাদ: ১৯ এপ্ৰিল ২০২৫ ২০৪ শব্দ · ১ মিনিট সংগৃহীত ৯০
সংশোধনৰ পৰামৰ্শ

বিবেকা বাবাজী (২৭ মে’ ১৯৭৩ – ২৫ জুন ২০১০) এগৰাকী মৰিছাছৰ অভিনেত্ৰী, ম’ডেল আৰু সৌন্দৰ্য্য প্ৰতিযোগিতা বিজয়ী আছিল। তেওঁ মিছ মৰিছাছ ৱাৰ্ল্ড ১৯৯৩ আৰু মিছ মৰিছাছ ইউনিভাৰ্ছ ১৯৯৪ খিতাপ লাভ কৰিছিল।১২ তেওঁ ১৯৯০ চনৰ দশকত কামসূত্ৰ কণ্ডমৰ বিজ্ঞাপনসমূহৰ বাবে জনপ্ৰিয় আছিল৩ আৰু ১৯৯৪ চনৰ মানিলা চলচ্চিত্ৰ উৎসৱ কেলেংকাৰীৰ সৈতে জড়িত আছিল।৪

প্ৰাৰম্ভিক জীৱন

বিবেকা বাবাজী ১৯৭৩ চনৰ ২৭ মে’ তাৰিখে প'ৰ্ট লুইচ, মৰিছাছত জন্মগ্ৰহণ কৰে। তেওঁৰ মাতৃ মাৰাঠী ভাষা আছিল আৰু হাইদৰাবাদ, ভাৰতত জন্ম গ্ৰহণ কৰিছিল। ১৯৯০ চনৰ দশকৰ মধ্যভাগত বাবাজী ভাৰতলৈ গুচি আহিছিল।

সৌন্দৰ্য্য প্ৰতিযোগিতা

বিবেকা বাবাজীয়ে ১৯৯৩ চনত দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হোৱা মিছ ৱাৰ্ল্ডত আৰু ১৯৯৪ চনত ফিলিপাইনত অনুষ্ঠিত হোৱা মিছ ইউনিভাৰ্ছত অংশগ্ৰহণ কৰিছিল। তেওঁ মানিলা চলচ্চিত্ৰ উৎসৱ ১৯৯৪ত সহ-উপস্থাপক আছিল, য'ত এক কেলেংকাৰীৰ অংশ হিচাপে ভুল বিজয়ীৰ নাম ঘোষণা কৰিছিল।৫

কৰ্মজীৱন

বাবাজীয়ে ভাৰতত কামসূত্ৰ কণ্ডমৰ বিজ্ঞাপনযোগে জনপ্ৰিয়তা লাভ কৰিছিল। তেওঁ দালেৰ মেহেন্দীৰ "বুম বুম", হৰভজন মানৰ "হায় মেৰী বিল্ল'" আৰু এবেৰ "ফিৰ ছে" গীতৰ ভিডিঅ’ত অভিনয় কৰিছিল। ২০১০ চনত তেওঁ নিজৰ অনুষ্ঠান পৰিচালনা সংস্থা "VIBGYOR ENT" আৰম্ভ কৰিছিল।

মৃত্যু

২০১০ চনৰ ২৫ জুন, বিবেকা বাবাজীক তেওঁৰ বান্দ্ৰা, মুম্বাইৰ বাসগৃহত পংখাৰ সৈতে ওলমি থকা অৱস্থাত মৃত পোৱা যায়। আৰক্ষীৰ অনুসন্ধান অনুসৰি তেওঁ আত্মহত্যা কৰিছিল। তেওঁৰ দিনলিপিত লিখা আছিল, "you killed me, Gautam Vohra,"৬ আৰু কিছু বাতৰি উৎসৰ মতে, তেওঁ তেওঁৰ প্ৰেমিক গৌতম ভোৰাৰ পৰা পৃথক হোৱা বাবে বিষাদগ্ৰস্ত হৈছিল।৭

চলচ্চিত্ৰ

বছৰচলচ্চিত্ৰচৰিত্ৰভাষামন্তব্য
2002য়ে কেয়ছী মোহব্বতপ্ৰিয়া ঠাক্ৰালহিন্দীবলিউড অভিষেক

তথ্যসূত্ৰ

  1. ↑ List of Former Miss Mauritius World. Miss Mauritius Organisation
  2. ↑ List of Former Miss Mauritius Universe. Miss Mauritius Organisation
  3. ↑ (2010-06-27). Rare Kamasutra Condom Ad. ইউটিউব
  4. ↑ Requintina, Robert R. (26 June 2010). Supermodel-actress Viveka Babajee hangs self in India. Manila Bulletin
  5. ↑ Lo, Ricky. (29 June 2010). FUNFARE: Miss Mauritius: I'm also a victim. The Philippine Star
  6. ↑ A nightmare birthday for Gautam Vohra
  7. ↑ "Facebook messages provide new leads in Viveka case", 13 August 2010, NDTV

সম্পৰ্কিত শ্ৰেণী

মৰিছাছঅভিনেত্ৰীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীমডেল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিবেকা বাবাজী” প্ৰবন্ধৰ সংশোধন ৫০৩৯২৪ (১৯ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।