ছমী আলী (উৰ্দু ভাষা: سومی علی; জন্ম ২৫ মাৰ্চ ১৯৭৬)১ এগৰাকী পাকিস্তানী-আমেৰিকান অভিনেত্ৰী, লেখিকা, চলচ্চিত্ৰ নিৰ্মাতা, মডেল আৰু সমাজকৰ্মী, যিয়ে বলিউড চলচ্চিত্ৰত কাম কৰিছে।২ তেওঁ ২০০৭ চনৰপৰা “ন' ম'ৰ টিয়েৰ্চ” নামৰ এটা অলাভজনক সংস্থা পৰিচালনা কৰি আহিছে।৩
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
আলী ১৯৭৬ চনৰ ২৫ মাৰ্চ তাৰিখে পাকিস্তানৰ সিন্ধ প্ৰদেশৰ কৰাচীত এটা সমৃদ্ধ পৰিয়ালত জন্মগ্ৰহণ কৰে।৪ তেওঁৰ মাতৃ তেহমিনা ইৰাকী বংশোদ্ভূত আৰু পিতৃ মাদাদ আলী মাদান মূলতঃ ভাৰতৰ বোম্বেৰ। ৯ বছৰ বয়সলৈকে তেওঁ কৰাচীৰ কনভেণ্ট অৱ জিজাছ এণ্ড মেৰী বিদ্যালয়ত অধ্যয়ন কৰিছিল। তাৰ পিছত তেওঁ মাতৃ আৰু ভাতৃৰ সৈতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ দক্ষিণ ফ্লোৰিডালৈ গুচি যায়।৫ এটা সাক্ষাৎকাৰত আলীয়ে প্ৰকাশ কৰে যে কৰাচীত বাস কৰাৰ সময়ছোৱাত ৫ আৰু ৯ বছৰ বয়সত তেওঁ গৃহকৰ্মচাৰীৰদ্বাৰা যৌন নিৰ্যাতনৰ চিকাৰ হৈছিল। দক্ষিণ ফ্লোৰিডালৈ গুচি যোৱাৰ পাছত ১৪ বছৰ বয়সত মিয়ামিত ১৭বছৰীয়া এজন ল’ৰাৰদ্বাৰা ধৰ্ষিত হৈছিল।৬৪ তেওঁৰ মাতৃও পাকিস্তানত গৃহ হিংসাৰ চিকাৰ হৈছিল, যি ঘটনা তেওঁ আৰু তেওঁৰ ভাতৃয়ে প্ৰত্যক্ষ কৰিব লগা হৈছিল।৪৭
বিদ্যালয় এৰি দিয়াৰ পাছত আলীয়ে পিতৃক বুজাই ১৬ বছৰ বয়সত ভাৰতৰ মুম্বাইলৈ যায়। কৈশোৰকালৰ প্ৰেৰণা তথা বলিউড অভিনেতা ছলমান খানে তেওঁক এই সিদ্ধান্ত ল’বলৈ অনুপ্ৰাণিত কৰিছিল।৪ মুম্বাইত থাকোঁতে তেওঁ মডেলিং প্ৰকল্পত জড়িত হয় আৰু হিন্দী চলচ্চিত্ৰতো অভিনয় কৰে। ১৯৯১ চনৰপৰা ১৯৯৮ চনৰ ভিতৰত তেওঁ বলিউডৰ শীৰ্ষ অভিনেতাসকলৰ সৈতে প্ৰধান নায়িকা হিচাপে দহখন চলচ্চিত্ৰত অভিনয় কৰে।১
পাছত তেওঁ ফ্লোৰিডালৈ উভতি যায় আৰু জি.ই.ডি. লাভ কৰে। তাৰ পিছত তেওঁ ফ্লোৰিডাৰ ডেভীত অৱস্থিত নোভা ছাউথইষ্টাৰ্ণ বিশ্ববিদ্যালয়ত মনোবিজ্ঞান বিষয়ত অধ্যয়ন কৰি দুবছৰৰ ভিতৰতে স্নাতক ডিগ্ৰী লাভ কৰে।৪ তেওঁ সাংবাদিকতা আৰু তথ্যচিত্ৰ নিৰ্মাণতো আগ্ৰহী হয়। তাৰ পিছত তেওঁ মায়ামি বিশ্ববিদ্যালয়ত সম্প্ৰচাৰ সাংবাদিকতা, মনোবিজ্ঞান আৰু চলচ্চিত্ৰ নিৰ্মাণ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভৰ বাবে অধ্যয়ন কৰে। পিছলৈ তেওঁ নিউয়ৰ্ক ফিল্ম একাডেমীত অধ্যয়ন কৰি চলচ্চিত্ৰ নিৰ্মাণ, পৰিচালনা, চিত্ৰনাট্য ৰচনা আৰু সম্পাদনা বিষয়ত ডিগ্ৰী লাভ কৰে। তেওঁৰ প্ৰাৰম্ভিক প্ৰকল্পসমূহৰ ভিতৰত গৰ্ভপাত, গৃহ হিংসা আৰু কিশোৰ আত্মহত্যা বিষয়ক চুটি চলচ্চিত্ৰ অন্তৰ্ভুক্ত আছিল। পিছলৈ তেওঁ ফ্লোৰিডাৰ কানেক্টিকাট স্কুল অৱ ব্ৰডকাষ্টিংত অধ্যয়ন কৰি ২০০৪ চনত সম্প্ৰচাৰ সাংবাদিকতাৰ প্ৰমাণ-পত্ৰ লাভ কৰে।৮
কেৰিয়াৰ
আলী দক্ষিণ এছিয়াত নাৰী অধিকাৰ বিষয়ক কামৰ সৈতে জড়িত হয়। তেওঁ ধৰ্ষণ আৰু গৃহ হিংসাৰ ভুক্তভোগীসকলৰ দুখ-কষ্ট জনসাধাৰণৰ মাজত উন্মোচন কৰাৰ ক্ষেত্ৰত কাম কৰি আহিছে। আলীয়ে ধৰ্ষণৰ ভুক্তভোগী শাজিয়া খালিদ, ছোনিয়া নাজ আৰু মুখতাৰান মাইৰ বিষয়ে প্ৰবন্ধ লিখিছে। আলীৰ মতে, “মোৰ লক্ষ্য হৈছে এই সকলো নাৰীক সহায় কৰা আৰু মোৰ দেশত তথা বিশ্বজুৰি প্ৰতিজন ছোৱালী/মহিলাই শিক্ষা লাভ কৰিব পাৰে আৰু তেওঁলোকৰ মৌলিক মানৱ অধিকাৰ লাভ কৰে সেয়া নিশ্চিত কৰা।” বলিউডত কৰা তেওঁৰ চলচ্চিত্ৰসমূহৰপৰা আহৰণ হোৱা আয় আৰু তেওঁৰ আৰম্ভ কৰা টি-শাৰ্ট শৃংখলাৰ বিক্ৰীৰ আয় ২০০৭ চনত প্ৰতিষ্ঠা কৰা তেওঁৰ অলাভজনক সংস্থা “ন' ম'ৰ টিয়েৰ্চ”ৰ বাবে অনুদান সংগ্ৰহ কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল।৯ ২০১১ চনত আলীক “ন' ম'ৰ টিয়েৰ্চ” সংস্থাৰ সৈতে কৰা কামৰ বাবে আমেৰিকান ইমিগ্ৰেচন কাউন্সিলৰপৰা “আমেৰিকান হেৰিটেজ এৱাৰ্ড” প্ৰদান কৰা হয়। ১৫ এপ্ৰিল ২০১৫ চনত ৰাষ্ট্ৰপতি জৰ্জ এইচ. ডব্লিউ. বুশে তেওঁক “দ্য ডেইলী পইণ্ট অৱ লাইট এৱাৰ্ড” প্ৰদান কৰে আৰু ৰাষ্ট্ৰপতি বাৰাক ওবামাই “নেচনেল ডমেষ্টিক ভায়'লেঞ্চ মাহ – এ প্ৰক্লেমেশন”ৰ জৰিয়তে তেওঁক সন্মান জনায়। ২০১৩ চনত ছমী আলী “ল'অৰিয়েল উমেন অৱ ৱৰ্থ এৱাৰ্ড”ৰো প্ৰাপক আছিল।১০
২০২১ চনত আলী আৰু তেওঁৰ অলাভজনক সংস্থা “ন' ম'ৰ টিয়েৰ্চ”ক ডিস্কাভাৰী+ৰ তথ্যচিত্ৰ-ধাৰাবাহিক ফাইট ওৰ ফ্লাইটত প্ৰদৰ্শিত কৰা হৈছিল।১১
ব্যক্তিগত জীৱন
১৯৯১ চনৰপৰা ১৯৯৯ চনলৈকে তেওঁ চলমান খানৰ সৈতে সম্পৰ্কত আছিল।১২ ১৯৯৯ চনত তেওঁ দক্ষিণ ফ্লোৰিডালৈ উভতি যায়। ২০২৪ চনত তেওঁ প্ৰকাশ কৰে যে সম্পৰ্কটো অবিশ্বস্ততাৰ অভিযোগৰ বাবে শেষ হৈছিল।১৩
চলচ্চিত্ৰ তালিকা
- কৃষণ অৱতাৰ (১৯৯৩), ছোনিয়া ৰাৱতৰ চৰিত্ৰত
- অন্থ (১৯৯৪), প্ৰিয়াৰ চৰিত্ৰত
- য়াৰ গদ্দাৰ (১৯৯৪), শশীৰ চৰিত্ৰত
- তীসৰা কৌন? (১৯৯৪), প্ৰিয়ংকাৰ চৰিত্ৰত
- আও প্যাৰ কৰে (১৯৯৪), ছনু ৰাইৰ চৰিত্ৰত
- আন্দোলন (১৯৯৫), অনিতাৰ চৰিত্ৰত
- মাফিয়া (১৯৯৬), কিৰণ পাৱাৰৰ চৰিত্ৰত
- চুপ (১৯৯৭), আশা নাৰঙৰ চৰিত্ৰত
তথ্যসূত্ৰ
- ↑ Singh, Prashant (30 April 2012) Salman helps Somy Ali's charity foundation. Hindustan Times
- ↑ Rege, Harshada. EXCLUSIVE INTERVIEW: Somy Ali: I was always a misfit in the film industry. The Times of India
- ↑ No More Tears Project | We're working every day to assist victims of domestic violence and human trafficking. Nmtproject.org
- ↑ (26 January 2019). Somy Ali is a One-Woman Army
- ↑ Somy Ali:: Biography
- ↑ (11 January 2019). PeepingMoon Exclusive: I was sexually abused at the age of 5 and 9; was raped at 14 - Somy Ali. peepingmoon.com/
- ↑ (2 November 2017). Somy Ali: Empowering Victims of Abuse
- ↑ Journalist and Model – Official Website. Somy Ali
- ↑ (28 September 2010). Somy Ali helps domestic violence victims – Robbs Celebrity OOPs Free Celebrity News. Robbscelebrityoopsfree.com
- ↑ Landry, Julie. (15 May 2011). Somy Ali honored for helping immigrant women – Plantation. Miami Herald
- ↑ (17 March 2022). Somy Ali Illustrates the Horrors of Sex Trafficking and Abuse in 'Fight or Flight' (EXCLUSIVE)
- ↑ (4 April 2011). Sallu's ex Somy Ali finally speaks up. Hindustan Times
- ↑ (5 November 2024). Somy Ali claims her relationship with Salman Khan ended due to his infidelity, abuse. Indian Express
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছমী আলী” প্ৰবন্ধৰ সংশোধন ৫৯৪৪২৬ (২৬ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।