অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বনানী চৌধুৰী (অভিনেত্ৰী)

বনানী চৌধুৰী (১৯২৪ - ৫ জানুৱাৰী ১৯৯৫) বাংলা চিনেমাৰ প্ৰথমগৰাকী মুছলমান অভিনেত্ৰী। তৎকালীন সমাজত মুছলমান মহিলাক ঘৰৰ বাহিৰলৈ যোৱাৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হৈছিল। কিন্তু শত বাধা অতিক্ৰমি তেওঁ এক নজিৰ সৃষ্টি কৰিছিল আৰু পৰৱৰ্তীকালত মুছলমান অভিনেত্ৰীৰ বাবে‍ চিনামাত অভিনয় কৰাৰ পথ প্ৰশস্ত কৰি তুলি‍ছিল।

হালনাগাদ: ৭ ফেব্ৰুৱাৰী ২০২৬ ৪৮৩ শব্দ · ৩ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

বনানী চৌধুৰী (১৯২৪ - ৫ জানুৱাৰী ১৯৯৫) বাংলা চিনেমাৰ প্ৰথমগৰাকী মুছলমান অভিনেত্ৰী। তৎকালীন সমাজত মুছলমান মহিলাক ঘৰৰ বাহিৰলৈ যোৱাৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হৈছিল। কিন্তু শত বাধা অতিক্ৰমি তেওঁ এক নজিৰ সৃষ্টি কৰিছিল আৰু পৰৱৰ্তীকালত মুছলমান অভিনেত্ৰীৰ বাবে‍ চিনামাত অভিনয় কৰাৰ পথ প্ৰশস্ত কৰি তুলি‍ছিল।

প্ৰাথমিক জীৱন আৰু শিক্ষা

বনানী চৌধুৰীৰ জন্ম হৈছিল ১৯২৪ চনৰ মে’ মাহত বনগাঁৱত।১ বনানী চৌধুৰীৰ পিতৃৰ নাম আফছাৰ উদ্দিন। বনগাঁও আছিল তেওঁৰ দেউতাকৰ কৰ্মস্থলী। প্ৰকৃততে তেওঁলোকৰ পূৰ্বপুৰুষৰ ঘৰ আছিল বৃহত্তৰ যশোৰ জিলাৰ শ্ৰীপুৰ থানাৰ সোনাতনদি গাঁৱত।১ বৰ্তমান সেই গাঁও মাগুৰা জিলাত অৱস্থিত। তেওঁৰ প্ৰাৰম্ভিক শিক্ষাৰ আৰম্ভণি হৈছিল ভাৰতৰ মুৰ্ছিদাবাদ জিলাৰ সাগৰদিঘী গাঁৱৰ এখন বিদ্যালয়ত।২ কম বয়সতে তেওঁ বিবাহপাশত আৱদ্ধ হয় আৰু পাছত স্বামীৰ উৎসাহত পঢ়া-শুনা অব্যাহত ৰাখে। ১৯৪১ চনত তেওঁ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয় আৰু পৰৱৰ্তী সময়ত আই.এ আৰু তাৰ পাছত বি.এ. পৰীক্ষাত উত্তীৰ্ণ হয়।

বিবাহিত জীৱন

অষ্টম শ্ৰেণীত পঢ়ি থকাৰ সময়তে ১৯৩৬ চনত বনানী চৌধুৰী বিবাহপাশত আৱদ্ধ হয়। তেওঁৰ স্বামীৰ নাম ৰাজ্জাক চৌধুৰী। তেওঁ দুটা সন্তানৰ মাতৃ। তেওঁ চিনেমাত অভিনয় কৰাৰ ক্ষেত্ৰত তেওঁৰ স্বামীৰ অৱদান বহুখিনি। মূলতঃ স্বামীৰ উৎসাহতেই তেওঁ বোলছবৰি জগতত প্ৰৱেশ কৰিছিল।

কৰ্মজীৱন

শৈশৱৰপৰাই তেওঁৰ প্ৰতিভাৰ প্ৰমাণ পোৱা গৈছিল। গাঁও বা বিদ্যালয়ৰ বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ পুৰস্কাৰ লাভ কৰিছিল। ইয়াৰ বাহিৰেও কবিতা আবৃত্তিৰ ক্ষেত্ৰতো তেওঁৰ সুনাম আছিল। সৰুৰেপৰাই তেওঁৰ বোলছবিৰ প্ৰতি দুৰ্বলতা আছিল। বনানী চৌধুৰীৰ স্বামী আৰু তেওঁৰ দুই বন্ধু মানি‍ক বন্দ্যোপাধ্যায় আৰু চুলতান আহমেদে এই আকৰ্ষণক বাস্তৱত ৰূপায়িত কৰিলে।২ কিন্তু সেই সময়ত মুছলমান পৰিয়ালৰ ছোৱালীয়ে‍ চিনেমাত অংশগ্ৰহণ কৰাৰ কথা ভুলতো কল্পনা কৰিব পৰা নাছিল। ইমানৰ পাছতো চিনেমাত যোগ হ'ল নতুন প্ৰতিভা বনানী। বনানী হ'ল সেই নতুন প্ৰতিভাৰ পোছাকী নাম। তেওঁৰ প্ৰকৃত নাম বেগম আনোৱাৰা নাহাৰ চৌধুৰী লিলি। তেওঁ বনানী নামটো ব্যৱহাৰ কৰাৰ কাৰণ আছিল মানুহে বিশেষকৈ মুছলমান সম্প্ৰদায়ৰ মানুহে তেওঁক যাতে‍ হিন্দু ধৰ্মৰ লোক বুলি ভাবে আৰু সামাজিক বাধা যাতে তেওঁৰ ওপৰত কম হয়।

১৯৪৬ চনত গুণময় বন্দ্যোপাধ্যায়ৰ ‘বিশ বছৰ আগে’ বোলছবিখনৰ অন‍্যতম নায়িকা তেওঁ নিৰ্বাচিত হয় কিন্ত তেওঁ প্ৰথম অভিনয় কৰা এই বোলছবিখনে ১৯৪৮ চনতহে‍ মুক্তি লাভ কৰে৷২ বনানী চৌধুৰী অভিনীত আৰু মুক্তিপ্ৰাপ্ত প্ৰথমখন বোলছবি হ'ল ‘তপোভঙ্গ’; ১৯৪৭ চনৰ ৮ ফেব্ৰুৱাৰীত বিভুতি দাস পৰিচালিত এই বোলছবিখনে মুক্তি লাভ কৰিছিল৷২

পাঁচ দশক ধৰি প্ৰায় পঞ্চাছখন বাংলা ভাষাৰ বোলছবিতে তেওঁ অভিনয় কৰিছে‍, যাৰ ভিতৰত আছে‍ ‘চট্টগ্ৰাম অস্ত্ৰাগাৰ লুণ্ঠন’ (১৯৪৯), ‘শেষেৰ কবিতা’ (১৯৫৩), ‘শাপমোচন’ (১৯৫৫), ‘কেৰী সাহেবেৰ মুন্সী’ (১৯৬১), ‘ৰাজা ৰামমোহন’ (১৯৬৫), ‘পিতাপুত্ৰ’ (১৯৬৯), ‘বনপলাশীৰ পদাবলী’ (১৯৭৩), ‘বিকেলে ভোৰেৰ ফুল’ (১৯৭৪), ‘আমি সে ও সখা’ (১৯৭৫) ইত্যাদি উল্লেখযোগ্য ছবি। ঋত্বিক ঘটকৰ ‘তিতাস একটি নদীৰ নাম’(১৯৭৩)ত তেওঁ মোড়লৰ ঘৈণীয়েকৰ চৰিত্ৰত অভিনয় কৰিছিল৷ বাংলা ভাষাৰ বোলছবিৰ সমান্তৰালকৈ‍ তেওঁ ‘কুছ নয়া’ (১৯৪৮), ‘মণিকা’ (১৯৪৯), ‘দীপক’ (১৯৫১), ‘সবজ্ বাগ’ (১৯৫১) ইত্যাদি হিন্দী বোলছবিতো অভিনয় কৰিছিল৷২

গায়িকা বনানী চৌধুৰী

গায়িকা হিচাপেও তেওঁ নিজৰ পদচি‍হ্ন থৈ গৈছে। দুখন ৰেকৰ্ডত তেওঁৰ ধ্ৰুপদী হিন্দী গীত বাণীৱদ্ধ হৈ আছে, অৱশ্য‍ে সেয়া একক কণ্ঠত নহয়। প্ৰথমখন ৰেকৰ্ড আছিল ১৯৪৮ চনৰ। য'ত বনানী চৌধুৰী আৰু নাৰ্গিছ জামালে ৰামপ্ৰসাদ বিছমিলৰ কথা আৰু পণ্ডিত ৰতন পীৰৰ সুৰত 'ঘিৰো শাওণ কো বদৰিয়া...' বাণীৱদ্ধ কৰিছিল (ৰেকৰ্ড নং: এফ টি ১২৪৯৬)। ইয়াৰ পাছত ১৯৫৩ চনত আন এখন ৰেকৰ্ডত অণি‍মা দাসগুপ্ত আৰু সতীৰ্থ শিল্পীসকলৰ সৈতে‍ প্ৰচলিত গীতৰ কথা আৰু জ্ঞান দত্তৰ সুৰত বাণীৱদ্ধ কৰিছিল ‘সবৰী কহে ৰাম আয়েংগে...’ (ৰেকৰ্ড নং: এন ৮০০৩৭)।২

মৃত্যু

১৯৯৫ চনৰ ৫ জানুৱাৰীত ঢাকাত বংগৰ এই বিখ্যাত অভিনেত্ৰীগৰাকীৰ মৃত্যু হয়৷ তেওঁক ঢাকাৰ বনানী কৱৰস্থানত সমাধিস্থ কৰা হয়।

তথ্যসূত্ৰ

  1. ↑ (০৫ জানুৱাৰি ২০২২). প্ৰথম বাঙালি মুসলিম অভিনেত্ৰী বনানী চৌধুৰী. বাংলাদেশ জাৰ্নাল
  2. ↑ চট্টোপাধ্যায়, অভীক. (০২ জুন ২০২৪). অভিনয়, গান কিংবা লেখালিখি, শিক্ষাৰ ছাপ ৰেখেছিলেন সৰ্বত্ৰ

সম্পৰ্কিত শ্ৰেণী

বঙালী চলচ্চিত্ৰৰ অভিনেত্ৰীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীগায়িকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বনানী চৌধুৰী (অভিনেত্ৰী)” প্ৰবন্ধৰ সংশোধন ৫৭৫০৪০ (৭ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।