
ইটা-গুড়িয়া নাচনী চৰাই (Ferruginous Flycatcher, বৈজ্ঞানিক নাম-Muscicapa ferruginea) 'Muscicapidae' পৰিয়ালৰ এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি৷
বিৱৰণ
এই চৰাইবিধৰ দেহৰ দৈৰ্ঘ্য ১৪৫-১৫০ মি:মি:, পাখিৰ দৈৰ্ঘ্য ৬৮-৭৫ মি:মি: আৰু নেজৰ দৈৰ্ঘ্য ৪৩-৫০ মি:মি:৷ ইয়াৰ মূৰৰ ওপৰৰ অংশ (crown) আৰু কপাল ছাঁই বৰণীয়া৷ দেহৰ পিঠি অংশ মাখন বৰণীয়া৷১
বিতৰণ
এই চৰাইবিধ বাংলাদেশ, ভূটান, চীন, ইণ্ডোনেছিয়া, জাপান, লাউচ, মালয়েছিয়া, ম্যানমাৰ, নেপাল, ফিলিপাইন, ভাৰত, ছিংগাপুৰ,টাইৱান, থাইলেণ্ড আৰু ভিয়েটনাম আদি দেশত দেখিবলৈ পোৱা যায়৷
বাসস্থান
ইটা-গুড়িয়া নাচনী চৰাই সাধাৰণতে ক্ৰান্তীয় সেমেকা অৰণ্য (tropical moist montane forest)ত পোৱা যায়৷
আচৰণ
প্ৰজনন
ইটা-গুড়িয়া নাচনী চৰায়ে মে-জুন মাহত প্ৰজনন কৰে৷ ইহঁতে শেলাই, লাইকেন আদিৰে গছৰ খোৰোঙত বাহ সাজে৷ কণীবোৰৰ বৰণ পাতল সেউজীয়া হোৱা দেখা যায়৷২
তথ্যসূত্ৰ
- ↑ avis.indianbiodiversity.org/fauna-of-british-ind link|date=October 2023 |bot=InternetArchiveBot |fix-attempted=yes }}
- ↑ avis.indianbiodiversity.org/fauna-of-british-ind link|date=October 2023 |bot=InternetArchiveBot |fix-attempted=yes }}
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইটা-গুড়িয়া নাচনী চৰাই” প্ৰবন্ধৰ সংশোধন ৫৪০৭০৩ (৩০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।