গলমণিকা নাচনী (Red-breasted Flycatcher, বৈজ্ঞানিক নাম-Ficedula parva) এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি। ই পেচ্চেৰিফৰমিছ বৰ্গৰ অন্তৰ্ভুক্ত চৰাই।
বিৱৰণ
প্ৰজননৰ সময়ত পূৰ্ণবয়স্ক মতা গলমণিকা নাচনী চৰাইৰ আকাৰ প্ৰায় ১১-১২ ছে: মি: হয়। ইয়াৰ পিঠি অংশ মটিয়া বৰণীয়া। তল অংশ বগা,মূৰ মুগা আৰু ডিঙি কমলা বৰণীয়া হয়। এই চৰাইবিধৰ ঠোঁট ক'লা আৰু জোঙা হয়।
অন্য সময়ত অৰ্থাৎ প্ৰজনন নকৰা কালত গলমণিকা নাচনী চৰাইৰ মূৰ মটিয়া হয় আৰু ডিঙিত কমলা বৰণ নাথাকে।
বিতৰণ
এই চৰাইবিধে উত্তৰ ইউৰোপ আৰু কেন্দ্ৰীয় এছিয়াত প্ৰজনন কৰে। শীতকালত গলমণিকা নাচনী চৰায়ে দক্ষিণ এছিয়া লৈ পৰিভ্ৰমণ কৰে।


বাসস্থান
গলমণিকা নাচণি চৰাই সাধাৰণতে পৰ্ণপাতী অৰণ্যত পানীৰ উৎসৰ আশে পাশে দেখা পোৱা যায়। ১
আচৰণ
খাদ্য
ইহঁতে ঘাইকৈ পোক-পতংগ খাই জীয়াই থাকে।
প্ৰজনন
এই চৰাইবিধে সাধাৰণতে গছৰ খোৰোঙত বাহ সাজে। এবাৰত ৪-৭ টাকৈ কণী পাৰে।
তথ্যসূত্ৰ
- ↑ Cezary Mitrus, Tim H. Sparks & Piotr Tryjanowski. (2005). First evidence of phenological change in a transcontinental migrant overwintering in the Indian sub-continent: the Red-breasted Flycatcher Ficedula parva. Ornis Fennica. পৃ. 13–19
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গলমণিকা নাচনী” প্ৰবন্ধৰ সংশোধন ৫৪০৬৯৮ (৩০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।