শালিকা
৩৫ প্ৰবন্ধ
-
ফুলটোকা চৰাই
ফুলটোকা চৰাই (Scarlet-backed Flowerpecker, বৈজ্ঞানিক নাম-Dicaeum cruentatum) পেচ্চেৰিফৰমিছ বৰ্গৰ আৰু 'Dicaeidae' পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ চৰাইৰ প্ৰজাতি। এই চৰাইবিধৰ মতা আৰু মাইকী চৰাই দুটা দেখাত বেলেগ হয়। এই চৰাইবিধ দক্ষিণ আৰু পূব এছীয়াৰ বনাঞ্চল তথা উদ্যান সমূহত দেখিবলৈ পোৱা যায়।
-
বগা বালিমাহী
বগা বালিমাহী, ( White Wagtail, বৈজ্ঞানিক নাম-Motacilla alba) এটা সৰু আকাৰৰ বালিমাহী চৰাইৰ প্ৰজাতি৷ ই ঘাইকৈ ইউৰোপ, এছিয়া আৰু উত্তৰ আফ্ৰিকাত প্ৰজনন কৰে৷ বগা বালিমাহী পতংগভোজী৷ ইহঁতে প্ৰধানকৈ জলাশয় বা পানীৰ অন্যান্য উৎসৰ আশে পাশে চৰে৷
-
ৰঙা টুনি
ৰঙা টুনি (Red Avadavat বা Red Munia, বৈজ্ঞানিক নাম-Amandava amandava) এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি৷ ইয়াক সাধাৰণতে এছিয়াৰ মুকলি খেতি-পথাৰ বা ঘাঁহনি আদিত দেখা পোৱা যায়৷
-
ৰাজকোঁৱৰ (চৰাই)
ৰাজকোঁৱৰ (Black-naped Monarch, বৈজ্ঞানিক নাম-Hypothymis azurea) পেচ্চেৰিফৰামিছ বৰ্গৰ অন্তৰ্ভুক্ত এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি৷ এই চৰাইবিধৰ মতা আৰু মাইকী চৰাই দেখাত ভিন্ন হয়৷ ঠাইবিশেষে চৰাইবিধৰ দেহৰ বাহ্যিক গঠনৰো কিছু পাৰ্থক্য দেখা পোৱা যায়৷
-
ৰূপহী চমকা চৰাই
ৰূপহী চমকা চৰাই (Jerdon's Bush Chat, বৈজ্ঞানিক নাম-Saxicola jerdoni) 'Muscicapidae' পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি৷ বিখ্যাত পক্ষী নীৰিক্ষক 'Thomas C. Jerdon' ৰ স্মৰণত এই চৰাইবিধৰ ইংৰাজী নাম Jerdon's Bush Chat ৰখা হৈছে৷