অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

গাং শালিকা

গাং শালিকা (Bank Myna, বৈজ্ঞানিক নাম- Acridotheres ginginianus) দক্ষিণ এছিয়াত দেখা পোৱা শালিকাৰ এটা প্ৰজাতি। ই দেখাত ঘৰশালিকা ৰ দৰে প্ৰায় একেই যদিও আকাৰত সৰু। তাৰোপৰি ইয়াৰ চকুৰ তলতে হালধীয়াৰ সলনি ৰঙচুৱা বৰণ দেখা যায়। উত্তৰ আৰু কেন্দ্ৰীয় ভাৰতত ইয়াৰ জাক দেখা পোৱা যায়।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৫ ৫৩৯ শব্দ · ৩ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

গাং শালিকা (Bank Myna, বৈজ্ঞানিক নামকৰণ পদ্ধতি- Acridotheres ginginianus) দক্ষিণ এছিয়াত দেখা পোৱা শালিকাৰ এটা প্ৰজাতি। ই দেখাত ঘৰশালিকা ৰ দৰে প্ৰায় একেই যদিও আকাৰত সৰু। তাৰোপৰি ইয়াৰ চকুৰ তলতে হালধীয়াৰ সলনি ৰঙচুৱা বৰণ দেখা যায়। উত্তৰ আৰু কেন্দ্ৰীয় ভাৰতত ইয়াৰ জাক দেখা পোৱা যায়। ইয়াৰ বিতৰণ ক্ৰমান্বয়ে দক্ষিণ ভাৰতৰ দিশে বিয়পি যোৱাৰ তথ্য পোৱা গৈছে। নদীৰ পাৰত গাঁত খান্দি বৃহৎ গোটত বাহ সজাৰ বাবে ইয়াৰ ইংৰাজী নাম "Bank Myna" ৰখা হয়। .

বিৱৰণ

গাং শালিকা
গাং শালিকাছবি: J.M.Garg · CC BY-SA 3.0

গাং শালিকাৰ মূৰটো ক'লা বৰণৰ আৰু দেহৰ ৰং ডাঠ মটিয়া হয়। দেহৰ তলৰ অংশ পাতল মুগা বৰণৰ যদিও পেটৰ ফালে কিছু গুলপীয়া বৰণৰ হোৱা দেখা যায়। ইয়াৰ ডেউকা ক'লা বৰণৰ হয়। চকুৰ তলত থকা নোমবিহীন ছালৰ ৰং ইটাবৰণৰ, ঠেং হালধীয়া আৰু চকুৰ মণি ডাঠ ৰঙা হয়। গাং শালিকাৰ মতা-মাইকী উভয়ে দেখাত একে হয়।১ পোৱালী গাং শালিকাৰ মূৰ আৰু ডিঙি মুগা ৰঙৰ হোৱা দেখা যায়।২৩

গাং শালিকা ক্ৰমবিৱৰ্ত্তনৰ নিয়ম অনুসৰি ঘৰশালিকা ৰ খুবেই ওচৰ সম্পৰ্কীয়।৪

বিতৰণ

গাং শালিকাৰ বিস্তৃতি ভাৰত উপমহাদেশতে সীমিত।৫প্ৰধানকৈ থলুৱা চৰাইৰ প্ৰজাতি যদিও গাং শালিকাই খাদ্য আৰু বতৰৰ ওপৰত ভিত্তি কৰি কিছু প্ৰব্ৰজনো কৰে।৬৭ গাং শালিকাৰ প্ৰজননকাৰী কলনি অসমতো আৱিষ্কাৰ হৈছে।৮৯১০১১১২

গাং শালিকাক কুৱেইটত নতুনকৈ সংস্থাপিত (Introduce) কৰা হৈছে আৰু ইতিমধ্যেই তাৰ বনাঞ্চল সমূহত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈ উঠিছে।১৩তেনেদৰে মালদ্বীপ, টাইৱান আৰু জাপানতো গাং শালিকাৰ জাক পোৱা গৈছে।১৪১৫১৬

বাসস্থান

গাং শালিকা সাধাৰণতে মুকলি জলাশয় বা অন্য পানীৰ উৎসৰ ওচৰে পাজৰে দেখা যায়। ই খেতিপথাৰৰ মুকলি অঞ্চলতো প্ৰায়ে চৰি ফুৰা দেখা যায়। তাৰোপৰি গাং শালিকাৰ জাক নগৰীয়া অঞ্চলৰ বজাৰ সমাৰ বা ৰেল ষ্টেচনতো প্ৰায়ে দেখা পোৱা যায়।৬ মানুহৰ পেলনীয়া খাদ্য বস্তুৰ ওপৰত কম-বেছি পৰিমাণে খাদ্যৰ বাবে নিৰ্ভৰশীল।১৭

পানীৰ টেংকীত গাং শালিকাৰ এটা জাক
পানীৰ টেংকীত গাং শালিকাৰ এটা জাকছবি: J.M.Garg · CC BY-SA 3.0

আচৰণ

গাং শালিকাৰ ডেউকাৰ কিছুমান পাখিৰ জিলিকা সেউজীয়া বৰণো থকা দেখা যায়।
গাং শালিকাৰ ডেউকাৰ কিছুমান পাখিৰ জিলিকা সেউজীয়া বৰণো থকা দেখা যায়।ছবি: Thomas Schoch · CC BY-SA 3.0

গাং শালিকাই ডাঙৰ গোটত বাস কৰে। ইহঁতে একেলগে গছৰ ডালত জিৰণি লয় আৰু কলনি গঠন কৰি বাহ সাজে। ইহঁতে ঘৰচীয়া জন্তুৰ গাত বহে আৰু জনবসতি পূৰ্ণ অঞ্চলত বজাৰৰ অৱশিষ্ট খাদ্য বা জাৱৰৰ দ'মত খাদ্যৰ সন্ধান কৰাত পাকৈত।৬ গাং শালিকা সাধাৰণতে মুখৰ (vociferous) স্বভাৱৰ আৰু ইহঁতে বিভিন্ন ধৰণৰ মাত (croaks, screeches, whistles) উলিয়াব পাৰে।১৮

গাং শালিকাই সাধাৰণতে গুটি, পোক-পৰুৱা আৰু ফল-মূল খাই জীয়াই থাকে। ঘৰ-শালিকাৰ দৰেই ইহঁতেও কেতিয়াবা চৰি থকা জন্তুৰ গাৰ বিভিন্ন পোক আদি খাদ্য হিচাপে গ্ৰহণ কৰে। বিভিন্ন ফল-মূল যেনে আঙুৰ, Sorghum আদিৰ পকা ফল খায়। ইহঁতে খাদ্য হিচাপে গ্ৰহণ কৰা পোক-পৰুৱাৰ ভিতৰত শস্যত হোৱা বিভিন্ন কীট যেনে Achaea janataও উল্লেখযোগ্য।১৯

ভাৰতত এটা গাং শালিকা পানী খাই থকা অৱস্থাত
ভাৰতত এটা গাং শালিকা পানী খাই থকা অৱস্থাতছবি: J.M.Garg · CC BY-SA 3.0

গাং শালিকাই সাধাৰণতে এপ্ৰিলৰ পৰা জুলাই বা আগষ্ট মাহৰ ভিতৰত বাহ সাজে। ই মে-জুন মাহত কণী পাৰি পোৱালী জগায়। ই প্ৰায়ে নৈৰ পাৰত মাটিত গাত খান্দি বা মথাউৰিৰ বেৰত বাহ সাজে। কেতিয়াবা ইটাৰ দেৱালত থকা ফুটাতো গাং শালিকাই বাহ সজা দেখা যায়।২০ ই মাটি বা ফুটাত ৪-৭ ফুট দকৈ খান্দি বাহটো সাজে। বাহত বিভিন্ন ঘাঁহ-বন, পাখি আৰু কেতিয়া সাপৰ মোট ব্যৱহাৰ কৰা দেখা যায়।২১সাধাৰণতে এবাৰত প্ৰায় শেঁতা নীলা বৰণৰ চাৰিৰ পৰা পাঁচটা পোৱালী জন্মে।১ একেটা ঋতুতে ই কেতিয়াবা দুবাৰকৈ পোৱালী জগায়। কণী পৰাৰ ১৩-১৪ দিনৰ ভিতৰত কণী ফুটি পোৱালীৰ জন্ম হয়। প্ৰায় পাঁচ দিনৰ পিছত পোৱালীয়ে চকু মেলে আৰু ২১ দিনৰ ভিতৰত উৰিব পৰা হয়। এটা গৱেষণাৰ তথ্য অনুসৰি ৩৮% কণীহে উৰিব পৰা অৱস্থা পাবলৈ সক্ষম হয়। বাকীবোৰ বিভিন্ন কাৰণত মৃত্যুমুখত পৰে।২২

অন্যান্য উৎস

  • Dhindsa, MS. (1980). Bank Myna Acridotheres ginginianus (Latham): A good predator of House-Flies, Musca domestica L.. Science & Culture. পৃ. 294
  • (1943). Note on the distribution of the Bank Myna in Eastern Bengal. Jour. Bengal Nat. Hist. Soc.. পৃ. 119
  • Jior,RS; Dhindsa,Manjit S; Toor,HS. (1995). Nests and nest contents of the Bank Myna Acridotheres ginginianus'. Tigerpaper''. পৃ. 25–28
  • Khera,S; Kalsi,RS. (1986). Diurnal time budgets of the Bank Myna, Acridotheres ginginianus (Sturnidae) during prelaying, laying and incubation periods. Pavo. পৃ. 25–32
  • (1986). Waking and roosting behaviour of the Bank Myna,Acridotheres ginginianus, in Chandigarh and surrounding areas. Pavo. পৃ. 55–68
  • Parasara,UA; Parasharya,BM; Yadav,DN. (1991). Studies on the nestling food of the Bank Myna Acridotheres ginginianus (Latham). Pavo. পৃ. 37–42
  • Parasharya,BM; Dodia,JF; Mathew,KL; Yadav,DN. (1996). The role of birds in the natural regulation of Helicoverpa armigera Hubner in wheat. Pavo. পৃ. 33–38

তথ্যসূত্ৰ

  1. ↑ Whistler, Hugh. (1949). http://www.archive.org/stream/popularhandbooko033226mbp#page/n248/mode/1up. Gurney and Jackson, London. পৃ. 205–206
  2. ↑ Baker, E C S. (1926). The Fauna of British India, Including Ceylon and Burma. Birds. Volume 3. Taylor and Francis, London. পৃ. 55–56
  3. ↑ Oates, EW. (1889). The Fauna of British India, Including Ceylon and Burma. Birds. Volume 1. Taylor and Francis, London. পৃ. 538–539
  4. ↑ Zuccon, D., Pasquet, E. & Ericson, P. G. P. (2008). Phylogenetic relationships among Palearctic–Oriental starlings and mynas (genera Sturnus and Acridotheres: Sturnidae). Zoologica Scripta. পৃ. 469– 481
  5. ↑ Akhter N; Khan AA; Babar M; Riaz M; Imtiaz A; Khaliq I. (2011). Evaluation of the genetic structure of the urban dwelling species of Bank Myna (Acridotheres ginginianus) using random amplified polymorphic DNA (RAPD) analysis. African Journal of Biotechnology. পৃ. 6342–6347
  6. ↑ Ali, Salim. (1986). Handbook of the Birds of India and Pakistan. Oxford University Press. পৃ. 181–182
  7. ↑ Choudhury,A. (1997). New eastern limit of distribution of the Bank myna. Newsletter for Birdwatchers. পৃ. 27–28
  8. ↑ Barooah, D. (1993). Nesting colony of Bank Myna in Panidihing. Newsletter for Birdwatchers. পৃ. 53
  9. ↑ Jayakar,SD; Werner,L; Werner,Susan. (1967). The arrival of the Bank Myna in Bhubaneshwar. Newsletter for Birdwatchers. পৃ. 9
  10. ↑ Sankar,KJNG. (1975). Occurrence of Bank Myna Acridotheres ginginianus (Latham) in Visakhapatnam (A.P.). J. Bombay Nat. Hist. Soc.. পৃ. 857–858
  11. ↑ Ambedkar, VC. (1976). The Bank Myna (Acridotheres ginginianus) in Bombay. J. Bombay Nat. Hist. Soc.. পৃ. 217
  12. ↑ Abdulali,Humayun; Ali,Salim. (1953). The Pied Myna and Bank Myna as birds of Bombay and Salsette. J. Bombay Nat. Hist. Soc.. পৃ. 736–737
  13. ↑ Gregory, G. Al-Nasrallah, K. (2001). The establishment of Bank Mynah Acridotheres ginginianus as a breeding species in Kuwait. Sandgrouse. পৃ. 134–138
  14. ↑ Lin, Ruey-Shing. (2001). The Occurrence, Distribution and Relative Abundance of Exotic Starlings and Mynas in Taiwan. 特有生物研究. পৃ. 13–23
  15. ↑ Eguchi, Kazuhiro and Hitoha E. Amano. (2004). Invasive Birds in Japan. Global Environment Research. পৃ. 29–39
  16. ↑ Anderson, R C & M Baldock. (2001). New records of birds from the Maldives, with notes on other species. Forktail. পৃ. 67–73
  17. ↑ Ripley,S Dillon. (1983). Habits of the Bank Myna Acridotheres ginginianus.. J. Bombay Nat. Hist. Soc.. পৃ. 219
  18. ↑ Rasmussen PC & JC Anderton. (2005). Birds of South Asia. The Ripley Guide. Volume 2. Smithsonian Institution & Lynx Edicions. পৃ. 584
  19. ↑ Bhargava, RN. (1981). The Bank Myna Acridotheres ginginianus and King Crow Dicrurus adsimilis preying upon the Cricket Acheta (Orthopters: Gryllidae). Newsletter for Birdwatchers. পৃ. 18–19
  20. ↑ Lamba,BS. (1981). A queer nesting site of Bank Myna, Acridotheres ginginianus'. J. Bombay Nat. Hist. Soc.''. পৃ. 605–606
  21. ↑ Hume, AO. (1889). The nests and eggs of Indian birds. Volume 1. R H Porter, London. পৃ. 381–383
  22. ↑ Simwat,GS; Sidhu,AS. (1974). Developmental period and feeding habits of Bank Myna, Acridotheres ginginianus (latham) in Punjab. J. Bombay Nat. Hist. Soc.. পৃ. 305–308

সম্পৰ্কিত শ্ৰেণী

শালিকাঅসমৰ চৰাই

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গাং শালিকা” প্ৰবন্ধৰ সংশোধন ৫৪০৬৯৭ (৩০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।