ঘৰ-শালিকা ( Common Myna, বৈজ্ঞানিক নাম: Acridotheres tristis) 'Sturnidae' পৰিয়ালৰ অন্তৰ্গত এছিয়াৰ এবিধ থলুৱা চৰাই। এই সৰ্বভক্ষী চৰাইৰ প্ৰজাতিটোৱে জনবসতিপূৰ্ণ অঞ্চলত নিজকে অভিযোজন কৰাত পাকৈত বুলি জনা যায়। ই ভাৰতীয় সংস্কৃতিত এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আহিছে। সংস্কৃত আৰু প্ৰাকৃত দুয়োবিধ ভাষাৰ সাহিত্যত ঘৰ-শালিকাৰ উল্লেখ পোৱা যায়।১২
ঘৰ-শালিকাৰ বিস্তৃতি ক্ৰমান্বয়ে এনে উচ্চ হাৰত বৃদ্ধি পাইছে যে ২০০০ চনত আই.ইউ.চি.এন.-এ ইয়াক বিশ্বৰ আটাইতকৈ দ্ৰুতগতিত সংস্থাপিত হোৱা (World's most invasive species) চৰাইৰ প্ৰজাতিসমূহৰ এটা আৰু জৈৱ-বৈচিত্ৰতা, কৃষি আৰু জনজীৱনত প্ৰভাৱ পেলাব পৰা চৰাইসমূহৰো অন্যতম বুলি স্বীকৃতি দিছে।৩
বিৱৰণ
ত Acridotheres tristis]]
ঘৰ-শালিকাৰ সহজে চিনিবপৰা গঠনগত বৈশিষ্ট্যবোৰ হৈছে মটীয়া দেহ, মূৰৰ ওপৰভাগত ক’লা অংশ আৰু চকুৰ তলত থকা নোমবিহীন হালধীয়া ৰং। ইয়াৰ ঠোঁট আৰু ঠেং উজ্জ্বল হলধীয়া হয়। ডেউকাৰ একেবাৰে বাহিৰৰ পাখিদুখন (Outer primaries)ত বগা আঁচ আছে। ঘৰ-শালিকাৰ মতা আৰু মাইকী দেখিবলৈ একে হয়।৪
উত্তৰ ভাৰতৰ ঘৰা শালিকাৰ দেহৰ ৰং দক্ষিণ ভাৰতৰ চৰাইসমূহতকৈ শেঁতা।৫৬
আকাৰ
'Ali & Ripley (2001)' অনুসৰি ঘৰ-শালিকাৰ দেহৰ বিভিন্ন অংশৰ দৈৰ্ঘ্য এনেধৰণৰ:৫
- দেহৰ দৈৰ্ঘ্য ২৩ ছে:মি:
| + | পৰিমাপ্য/লিংগ | মতা | মাইকী |
| গড় ওজন (গ্ৰাম) | ১০৯.৮ | ১২০-১৩৮ | |
| ডেউকা (মি:মি:) | ১৩৮-১৫৩ | ১৩৮-১৪৭ | |
| ঠোঁট (মি:মি:) | ২৫-৩০ | ২৫-২৮ | |
| ঠেং (মি:মি:) | ৩৪-৪২ | ৩৫-৪১ | |
| নেজ (মি:মি:) | ৮১-৯৫ | ৭৯-৯৬ |
বিতৰণ

ঘৰ-শালিকা এছিয়া মহাদেশৰ থলুৱা চৰাইৰ প্ৰজাতি। ইয়াক ইৰানৰ পৰা আৰম্ভ কৰি সমগ্ৰ দক্ষিণ এছিয়াৰ পাকিস্তান, ভাৰত, নেপাল, ভূটান, বাংলাদেশ আৰু শ্ৰীলংকা; আফগানিস্তান, কাজাখাস্তান, আৰু উজবেকিস্তান; ম্যানমাৰৰ পৰা মালয়েছিয়া, ছিংগাপুৰ, থাইলেণ্ড আৰু চীন পৰ্যন্ত দেখা পোৱা যায়।৫৭
বিশ্বৰ বিভিন্ন দেশত ঘৰ-শালিকাক সংস্থাপন (introduce) কৰা হৈছে। উদাহৰণস্বৰূপে কানাডা, অষ্ট্ৰেলিয়া, ইজৰাইল, নিউজিলেণ্ড, হাৱাই, দক্ষিণ আফ্ৰিকা আৰু ভাৰত মহাসাগৰৰ বিভিন্ন দ্বীপসমূহ যেনে— মৰিছাছ, মালদ্বীপ, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ আৰু লাক্ষাদ্বীপ আদিত ইয়াক শেহতীয়াকৈ সংস্থাপন কৰা হৈছে।৫ ঘৰ-শালিকাৰ বিস্তৃতি শেহতীয়াকৈ এনে হাৰত বৃদ্ধি পাইছে যে ২০০০ চনত আই.ইউ.চি.এন.-এ ইয়াক আটাইতকৈ ক্ষতিকৰ সংস্থাপিত চৰাইৰ প্ৰজাতি (worst invasive species) বুলি অভিহিত কৰিছে। ৩
শ্ৰেণীবিভাজন
ঘৰ-শালিকাৰ প্ৰধানকৈ দুটা উপ-প্ৰজাতি দেখা যায়:৫
- Acridotheres tristis tristis (Linnaeus, 1758) - শ্ৰীলংকাকে ধৰি অন্যান্য অঞ্চলতো বহুলভাৱে বিস্তৃত।
- A. t. melanosternus Legge, 1879 - কেৱল শ্ৰীলংকাত দেখা পোৱা যায়।
উপ-প্ৰজাতি melanosternus-ৰ বৰণ আনটোতকৈ গাঢ় হয় আৰু ইয়াৰ আধা বগা, আধা ক’লা পাখি আৰু মুখত হালধীয়া দাগ থাকে।৫৬৮
আচৰণ
মাত

ঘৰ-শালিকাৰ মাত বিভিন্ন ধৰণৰ হ’ব পাৰে। যেনে— টোৰ্টোৰনি, চি-চিঞনি, টিক্টিকনি, কিট্কিটনি, সুহৰি আৰু গোঁজৰনি। গান গাওঁতে ই প্ৰায়ে পাখি আৰু মূৰ জোকাৰে। কোনো ভক্ষক প্ৰাণী (predator) কাষ চপা দেখিলে ই আন চৰাইবোৰক ডাঙৰকৈ মাতি সতৰ্ক কৰি দিয়ে।৯ ইয়াৰ মাতৰ বাবে বহুতো ঠাইত ঘৰ-শালিকাক সঁজাত ৰাখি মানুহে পোহে। জাক পাতি জিৰণি লোৱাৰ সময়ত নিশা শোৱাৰ আগে-আগে ইহঁতে সকলোৱে মিলি গান জুৰে।১০
প্ৰজনন
ঘৰ-শালিকাই সাধাৰণতে সমগ্ৰ জীৱন জুৰি যোৰা পাতি থাকে। ই বছৰৰ বাৰ মাহেই প্ৰজনন কৰে আৰু গছৰ খোৰোং বা বেৰৰ সুৰুঙাত বাহ সাজে।৫
এবাৰত সাধাৰণতে ৪-৬টাকৈ কণী পাৰে। ১৭-১৮ দিন উমনি দিয়ে আৰু ২২-২৪ দিনৰ ভিতৰত পোৱালিৰ পাখি ওলায়।৫ কুলি চৰায়ে কেতিয়াবা ইয়াৰ বাহত কণী পাৰে বুলি জনা যায়।১১ বাহ সাজিবলৈ ঘৰ-শালিকাই গছৰ ডালি, শিপা, জাবৰ আদি ব্যৱহাৰ কৰে।৫
খাদ্য
ঘৰ-শালিকা সৰ্বভক্ষী (omnivorous)। ই বিভিন্ন পোক-পৰুৱা, ফৰিং, কেকোঁৰা, সৰীসৃপ, সৰু স্তন্যপায়ী জন্তু, গছৰ গুটি, ফল-মূল আদি খাই জীয়াই থাকে।৫১২ ই Salmalia আৰু Erythrina আদি উদ্ভিদৰ পৰাগৰেণু বিস্তাৰতো সহায় কৰে।
ত পোৱালি ঘৰ-শালিকাই খাদ্য বিচাৰি থকাৰ দৃশ্য]]
বাসস্থান
ঘৰ-শালিকা প্ৰধানকৈ মুকলি কাঠনি (open woodland), খেতি-পথাৰ আৰু মানুহৰ বাসস্থানৰ আশে-পাশে দেখা পোৱা যায়। ইয়াক সাধাৰণতে অভিযোজনত পাকৈত চৰাই বুলি গণ্য কৰা হয় যদিও ছিংগাপুৰ, মালয়েছিয়া আদিত ইয়াৰ জনসংখ্যা ক্ৰমাৎ হ্ৰাস পাইছে।১৩
সংস্থাপন (Invasion)
আই.ইউ.চি.এন.-এ ঘৰ-শালিকাক বিশ্বৰ সকলোতকৈ বেয়াকৈ সংস্থাপন কৰিব পৰা চৰাইসমূহৰ তালিকাত প্ৰথম তিনিটা চৰাইৰ ভিতৰত স্থান দিছে।৩ ইয়াক দক্ষিণ-পূব এছিয়া, দক্ষিণ আফ্ৰিকা, ইজৰাইল, উত্তৰ আমেৰিকা, ইউৰোপ, অষ্ট্ৰেলিয়া, নিউজিলেণ্ড আদি বহুতো অঞ্চলত সংস্থাপন কৰা হৈছে।১৪৭
ঘৰ-শালিকাই আফ্ৰিকা, উত্তৰ আমেৰিকা, অষ্ট্ৰেলিয়া তথা নিউজিলেণ্ড আদি ঠাইত বহুতো সমস্যাৰ সৃষ্টি কৰিছে আৰু সেয়ে ইয়াক এই অঞ্চলসমূহত pest বুলি গণ্য কৰা হয়।
অষ্ট্ৰেলিয়া

অষ্ট্ৰেলিয়াত ঘৰ-শালিকা এবিধ বাহিৰৰ পৰা আহি সংস্থাপিত হোৱা চৰাইৰ প্ৰজাতি। বৰ্তমান ই অন্য থলুৱা চৰাইৰ প্ৰজাতিতকৈ অধিক বিস্তৃতি লাভ কৰিছে।১৫
পোন-প্ৰথমে ইয়াক ১৮৬৩-১৮৭২চনৰ ভিতৰত মেলবৰ্নৰ বজাৰত কীট-পতংগ কমোৱাৰ অৰ্থে ব্যৱহাৰ কৰা হৈছিল।১৬ পৰৱৰ্তী কালত ই ফৰিং আৰু অন্য কীট-পতংগৰ খাদক বা ভক্ষক (predator) হিচাপে সেইবোৰ কমোৱাৰ বাবে কুইন্সলেণ্ডত সংস্থাপিত হয়।১৬ বৰ্তমান ঘৰ-শালিকা অষ্ট্ৰলিয়াৰ ছিডনী আৰু তাৰ আশে-পাশে বহুলভাৱে বিস্তৃত হৈ আছে।১৭ ২০০৯ চনত বিভিন্ন অঞ্চলৰ মিউনিচিপাল কাউঞ্চিলে ঘৰ-শালিকাৰ দ্ৰুত বংশবৃদ্ধি কমোৱাৰ অৰ্থে ইয়াক ধৰাৰ ব্যৱস্থা কৰিছিল।১৮
দক্ষিণ আফ্ৰিকা
১৯০২ চনত ঘৰ-শালিকাৰ ঘটনাক্ৰমে দক্ষিণ আফ্ৰিকাৰ বনাঞ্চলসমূহত প্ৰৱেশ ঘটিছিল। পৰৱতী কালত ই সকলো ঠাইতে দ্ৰুতগতিত বিয়পি পৰে।১৯ ঘৰ-শালিকাক দক্ষিণ আফ্ৰিকাত স্বাভাৱিক পৰিস্থিতি-তন্ত্ৰ বিনষ্ট কৰাৰ বাবে প্ৰায়ে pest বুলি গণ্য কৰা হয় আৰু নগৰীয়া অঞ্চলত কৃষক সকলে ইয়াক প্ৰায়ে গুলীয়াই মাৰে। দক্ষিণ আফ্ৰিকাত আইনগতভাৱে সংৰক্ষিত জীৱ-জন্তুৰ মাজতো ঘৰ-শালিকাক স্থান দিয়া নহয়।
পৰিস্থিতি-তন্ত্ৰ আৰু মানুহৰ ওপৰত প্ৰভাৱ
স্থানীয় চৰাইৰ প্ৰতি ভাবুকি
ঘৰ-শালিকাই সাধাৰণতে গছৰ খোৰোং বা অন্য সুৰুঙাত বাহ সাজে।২০ ই খুবেই আগ্ৰাসী (extremely aggressive) স্বভাৱৰ হোৱা বাবে ঘৰ-শালিকাৰ মতা চৰাইটোৱে ০.৮৩ হেক্টৰ পৰ্যন্ত এলেকাত নিজৰ প্ৰভুত্ব বিস্তাৰ কৰি লয় আৰু অন্য কোনো স্থানীয় চৰাইৰ প্ৰজাতিক এনে এলেকাৰ ভিতৰত বাহ সাজিবলৈ নিদিয়ে। ফলত স্থানীয় চৰাইৰ প্ৰয়োজন পূৰাৱ পৰাকৈ বাহ সজা ঠাইৰ অভাৱ হয়।২১ তদুপৰি এই মনোভাৱৰ হোৱা বাবে ঘৰ-শালিকাই কেতিয়াবা স্থানীয় চৰাইৰ পুৰণি বাহ সজা স্থানো অধিকাৰ কৰি লয়।
খেতিত ভাবুকি
ঘৰ-শালিকাই প্ৰধানকৈ পোক-পৰুৱা, ফল-মূল আৰু মানুহৰ পেলনীয়া বস্তু আদি খাই জীয়াই থাকে। ২২ ফলত ইয়াৰ সংখ্যা বৃদ্ধি হোৱাৱ লগে লগে খাদ্য বস্তুও অধিক বিনষ্ট হ’বলৈ ধৰে। ২৩
সংস্কৃতিত
বৈদিক যুগত ভাৰতত সংস্কৃত আৰু প্ৰকৃত দুয়োটা ভাষাৰ সাহিত্যতে "সাৰিকা ('saarika') নামেৰে ঘৰ-শালিকাৰ উল্লেখ পোৱা যায়।২৪ সংস্কৃত সাহিত্যত শালিকাক বহুতো নামেৰে অভিহিত কৰা দেখা যায় যেনে, কলহপ্ৰিয় ('kalahapriya') অৰ্থৎ যি কাজিয়া কৰি ভাল পায়, চিত্ৰনেত্ৰ (chitranetra) অৰ্থাৎ সুন্দৰ চকু, 'পীতনেত্ৰ (peetanetra) অৰ্থাৎ হালধীয়া চকু আৰু 'পীতপাদ' ('peetapaad') অৰ্থাৎ যাৰ ঠেং হালধীয়া ইত্যাদি।২৫
লগতে চাওক
- Feare, Chris. (1999). Starlings and Mynas. Princeton University Press. ISBN 0-7136-3961-X
- Grimmett, Inskipp and Inskipp, Birds of India ISBN 0-691-04910-6
- Pell, A.S. & Tidemann, C.R. (1997) "The impact of two exotic hollow-nesting birds on two native parrots in savannah and woodland in eastern Australia", Biological Conservation, 79, 145-153. A study showing native birds being excluded from up to 80% of nesting sites in Canberra, Australia.
বাহ্যিক সংযোগ
- Common Myna videos, photos & sounds on the Internet Bird Collection
- (Indian Myna =) Common Myna - Species text in The Atlas of Southern African Birds.
- Indian Myna Control Handbook
- Common Myna video on Wild Sri Lanka
- ANU Indian Common Myna page about Mynas as an invasive species in Australia and what can be done to control them
তথ্যসূত্ৰ
- ↑ myna. CollinsDictionary.com. Collins English Dictionary - Complete & Unabridged 11th Edition. Retrieved October 06, 2012
- ↑ New Oxford American Dictionary
- ↑ Lowe S., Browne M., Boudjelas S. and de Poorter M. (2000). 100 of the World’s Worst Invasive Alien Species. A selection from the Global Invasive Species Database. The Invasive Species Specialist Group (ISSG), a specialist group of the Species Survival Commission (SSC) of the World Conservation Union (IUCN), Auckland
- ↑ Rasmussen, PC & JC Anderton. (2005). Birds of South Asia: The Ripley Guide. Vol 2. Smithsonian Institution & Lynx Edicions. পৃ. 584
- ↑ Ali, Salim. (2001). Handbook of the Birds of India and Pakistan, Volume 5. Oxford University Press. পৃ. 278. ISBN 0-19-565938-4
- ↑ Rasmussen, Pamela C. (2005). Birds of South Asia - The Ripley Guide (volume 2). Smithsonian Institution, Washington & Lynx edicions, Barcelona. পৃ. 683. ISBN 84-87334-66-0
- ↑ Common Myna
- ↑ Pande, Satish. (2009). Latin names of Indian birds explained. Bombay Natural History Society and Oxford University Press. পৃ. 506. ISBN 978-0-19-806625-5
- ↑ Griffin, Andrea S. (2008). Social learning in Indian mynahs, Acridotheres tristis: the role of distress calls.. Animal Behaviour. পৃ. 79–89
- ↑ Mahabal, Anil; Vaidya, V.G. (1989). Diurnal rhythms and seasonal changes in the roosting behaviour of Indian Myna Acridotheres tristis (Linnaeus). Proceedings of Indian Academy of Sciences (Animal Science). Indian Academy of Sciences, Bangalore. পৃ. 199–209
- ↑ Choudhury A. (1998). Common Myna feeding a fledgling koel. Journal of the Bombay Natural History Society. পৃ. 115
- ↑ Mathew, DN; Narendran, TC; Zacharias, VJ. (1978). A comparative study of the feeding habits of certain species of Indian birds affecting agriculture. J. Bombay Nat. Hist. Soc.. পৃ. 1178–1197
- ↑ Ubiquitous Javan Myna. Bird Ecology Study Group, Nature Society (Singapore). Besgroup.blogspot.com
- ↑ Wilme, Lucienne. (1996). Composition and characteristics of bird communities in Madagascar. Biogéographie de Madagascar. পৃ. 349–362
- ↑ ABC Wildwatch. Abc.net.au
- ↑ Hone, J. (1978). Introduction and Spread of the Common Myna in New South Wales. Emu. Royal Australasian Ornithologists Union. পৃ. 227
- ↑ Martin, W.K. (1996). The Current and Potential Distribution of the Common Myna Acridotheres tristis in Australia. Emu. Royal Australasian Ornithologists Union. পৃ. 169–170
- ↑ Vikki, By. (2009-05-12). Councils assessing backyard traps to catch Indian Mynah birds | thetelegraph.com.au. Dailytelegraph.com.au
- ↑ Derick S. Peacock, Berndt J. van Rensburg and Mark P. Robertson. (2007). The distribution and spread of the invasive alien Common Myna, Acridotheres tristis L. (Aves: Sturnidae), in southern Africa. South African Journal of Science. পৃ. 465–473
- ↑ Bomford 2002, p.34
- ↑ Pell 1997, p.148
- ↑ Pell 1997, p.147
- ↑ Bomford 2002, p.30
- ↑ Pande, Dr Suruchi. (2007). Some reflections on birds in Sanskrit literature. (A Thesis submitted for the degree of Vidyavachaspati (PhD) (Sanskrit) awarded from Shri Balmukund Lohiya Centre of Sanskrit and Indological Studies, Tilak Maharashtra Vidyapeeth, Pune)
- ↑ Dave, K. N. (2005). Birds in Sanskrit Literature. Motilal Banarsidass Private Ltd. পৃ. 516. ISBN 81-208-1842-3
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঘৰ-শালিকা” প্ৰবন্ধৰ সংশোধন ৫৪০৬৬৯ (৩০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।